পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সেই যে ফাগুন ওভতাৰ নিশা তুমি আহিছিলা হৃদয়খন লঠঙা শিমলুত এৰি থৈ, বৰষুণ আছিল সেইদিনা। সেইদিনাই হিচাপৰ অমিল হৈছিল আমাৰ। তুমি আহিছিলা জেতুকাবুলীয়া কপালৰ সপোন নেওচি, তিনি বছৰীয়া ভালপোৱাৰ দাবীৰে এনিশা কটাওঁ বুলি। সুখবোৰ হাতৰ ফাকেৰে সৰকাই তুমি আহিছিলা আকাশ ভাঙি পৰাৰ দিনা।
 নৈঋত, ইমান আধুনিকা আছিলোঁ নেকি মই? ইমান আধুনিক আছিল নেকি আমাৰ সম্পৰ্ক? ইমান মিছা আছিল নেকি সেই সম্পৰ্কৰ ভেটি যিহৰ ওপৰত সগৰ্বে থিয় দি আছিল মোৰ নাৰীত্ব, মোৰ অহংকাৰ?
 এটা কঠিন প্ৰশ্ন এৰি তুমি গুচি গৈছিলা। বাহিৰত তেতিয়া বাউলী প্ৰকৃতি। নৈঋত, মই বাৰু নিজৰ ওচৰতে ঠগ খালোঁ নেকি?
 এতিয়া চাৰি বজাত মই বিচনাত থাকোঁ, নীলৰঙী ট্ৰেকচ্যুটযোৰ এতিয়া এলাগী। ধুনীয়াজনী হৈ থকাৰ সপোনত ধূসৰতা। অহংকাৰশূন্য পৃথিৱী। মই যে এতিয়া অহল্যা। এচটা শিল মাথোঁ। তথাপি অপেক্ষাৰতা। যুগ- যুগান্তৰৰ.... জন্ম-জন্মান্তৰৰ।

—তোমাৰ ছায়া।


⸺⸺

(২)

নৈঋত তোমালৈ বুলি....
 এম.বি.এৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিলোঁ নেকি মই? ভাৰ্ছিটি সপ্তাহ বাৰুকৈয়ে লাগিছিল। নৈঋত, তোমাক সেইদিনাই লগ পাইছিলোঁ। ইংৰাজী সাহিত্যৰ অধ্যাপক তুমি। ভাৰ্ছিটি সপ্তাহৰ সাংস্কৃতিক বিভাগৰ দায়িত্বতো আছিলা আৰু আমি আছিলোঁ জাকি মাৰি উৰি ফুৰা ৰাংঢালী পখিলী, সমাজৰ দায়িত্ববোধৰ বাহিৰৰ এখন জগত। জীনচ্-কূৰ্তি পৰিহিতা আমাক তুমি সুধিছিলা—
 ‘কোন ডিপাৰ্টমেণ্টৰহে তোমালোক? কালচাৰেল প্ৰগ্ৰেমত কৃষ্টিগত সাজ-পাৰ পিন্ধি আহিবা। এই গেট আপ নচলিব সেইদিনা।’
 তোমাৰ চকুযুৰিলৈ চাই ৰৈছিলোঁ। তেজাল উদ্দীপ্ততাৰে তিৰবিৰাই থকা চকুযোৰ। কালচাৰেল প্ৰগ্ৰেমত উপস্থিত থকাৰ একো প্লেন তেতিয়ালৈকে নাছিল যদিও তোমাৰ কথাষাৰ বাৰুকৈয়ে শিপাইছিল। লগৰ মেঘালীক কলোঁ—
 ‘কল্পতৰুৰ পৰা আহোঁগৈ ব’ল।’
 ‘হঠাৎ কল্পতৰু? কি কিনগৈ?— মেঘালী আচৰিত।
 ‘কাপোৰ এযোৰ চাই আহোঁ বল।’
 মনত আছেনে নৈঋত, সেই সাংস্কৃতিক সন্ধ্যা নিয়ন লাইটৰ মাজত হালধীয়া কাপোৰযোৰেৰে মই তৰা হৈ ৰৈ থাকোঁতে তুমি মোলৈ চাই ৰৈছিলা। সেই মুহূৰ্তটো.. বুকুৰে সৰকি যোৱা সেই মুহূৰ্তটো মোৰ তিনিবছৰীয়া এলবামৰ প্ৰথম ছবি। আজি আকৌ লুটিয়াই চাইছোঁ এবাৰ। তোমাৰ বাৰু মনত আছেনে নৈঋত?
 আকৌ এটা উজাগৰী ৰাতি...। যোৱা ৰাতি, বৰষুণৰ ৰাতি। তোমাৰ চকুত হয়তো হেঁপাহৰ টোপনি। অভিমানৰ সেই নিশাটিত তুমি মোৰ ওচৰৰ পৰা আঁতৰি অহাৰ পাছত, মই নিজকে চম্ভালিব নোৱাৰাৰ সময়তে তোমাৰ নাম্বাৰটো ডায়েল কৰিছিলোঁ, নাজানা চাগৈ তুমি! পাছদিনাও মই তোমাৰ ডিপাৰ্টমেণ্টৰ সন্মুখত গাড়ীখন ৰখাই বহুত দেৰি ৰৈ আছিলোঁ, জানোছা তোমাক দেখা পাওঁ। এই যেন তুমি ওলাই আহি ক'বা— ‘ছায়া আগবাঢ়া, মই গাড়ীখন ঘৰত থৈ আহোঁ’ বুলি। অভিমানৰ আউল ভাঙিলাই যেনিবা এবাৰ, তাতনো কি ক্ষতি হ'লহেঁতেন তোমাৰ? মই যে তোমাৰ