পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিশ্বাস আছে কাৰণেই কাকো আমনি কৰিবও বিচৰা নাই মই। মই ভালদৰেই থাকিম মা। তুমি চিন্তা নকৰিবা মা।’

 জীৱনত এটা কেঁকুৰিৰ দৰকাৰ বুলি কৈছিল ইকবালে। কিন্তু ইমান সোনকালে কেঁকুৰিটো পাম বুলি আৰু সলনি হৈ যাব মোৰ যাত্ৰাপথ, এবাৰলৈকো ভবা নাছিলোঁ মই। জানানে নৈঋত, তুমি গুচি যোৱাৰ পাছত অস্থিৰ মনটোক দমাবলৈ হাতত কলম তুলি লৈছিলোঁ, গল্প লিখিছিলোঁ, কবিতা লিখিছিলোঁ, নিজে এটি এটি কাহিনীৰ চৰিত্ৰ সৃষ্টি কৰিছিলোঁ। এতিয়া যে মই নিজেই এটা গল্পৰ চৰিত্ৰ হ’বলৈ ওলাইছোঁ, খেয়ালেই নাছিল মোৰ।

 গৰ্ভৰ ভ্ৰূণটো কলা কলাকৈ বাঢ়ি আহিছে। সমানে বাঢ়িছে মনৰ উচপিচনি। এই যুদ্ধত মই জয়ী হৈছোঁ সঁচা, কিন্তু মোৰ জয়ে তোমাক বাৰুকৈ বিচলিত কৰিব নেকি! তোমাক খবৰ দিয়া উচিত আছিল নেকি? পিছ মুহূৰ্ততে মনটোৱে প্ৰতিবাদ কৰি কৈ উঠে। না...তুমিতো একেবাৰে প্ৰস্তুত নাছিলা এনে এটি সিদ্ধান্তৰ বাবে। তেনেস্থলত তোমাক আমনি কৰাটো সমীচীন নহ’ব।

 ইকবালে উকীলৰ সতে কথা পাতিছে। মোৰ আহিবলগা সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত আইনী প্ৰক্ৰিয়াটো মজবুত কৰাটো অতি দৰকাৰ। নিম্ন আদালতে নাকচ কৰিছে। দেউতাকৰ নাম লাগিবই হেনো। অন্ততঃ দেউতাকৰ পৰা লিখিত কিবা আনক’– নিম্ন আদালতৰ পৰামৰ্শ। মোৰ একাকী অভিভাৱকত্বত দেউতাকৰ একো আপত্তি নাই বুলি তোমাৰ পৰা লিখিত বিবৃতি আনিব লাগে। মই পোনছাটেই না কৰিলোঁ। যিটো সন্তানক তোমাৰ ইচ্ছাৰ বিৰুদ্ধে মোৰ মাজত লালন-পালন কৰিছোঁ, সেই সন্তানক তোমাৰ সহানুভূতিৰ পৰশৰ দৰকাৰ নাই। মোৰ অকলশৰীয়া ৰণত মই অকলে যুঁজিম। আহিব লগাটিৰ ভৱিষ্যৎ সুস্থিৰ কৰাৰ স্বাৰ্থত উচ্চ ন্যায়ালয় পালোঁগৈ। তাতো একেই কথা, মোৰ অভিভাৱকত্বত দেউতাকৰ ফালৰ পৰা একো আপত্তি নাই বুলি এটা চহী লাগে হেনো। মই তোমাক এই সন্তানৰ অস্তিত্বৰ বিষয়ে জনাবলৈকে প্ৰস্তুত নহওঁ, তেনেস্থলত তোমাৰ চহী, তোমাৰ অনুকম্পা? উসঃ অসম্ভৱ। মনত ক্ষোভ এটাই জন্ম লৈছে। পুৰুষ প্ৰধান সমাজ আমাৰ। আইনো ইয়াৰ ঊৰ্ধত নহয়।

 ইকবালে অৱশ্যে সাহস দিছে—‘এই অৱস্থাত আপুনি টেনচন নলব। মই আছোঁ, মই আছোঁ।’ মই আছোঁ বুলি সদায়েই কয় সি। হয় নৈঋত, সি আছে কাৰণে, মোৰ খলা-বমা ৰাস্তাটোত পোহৰৰ অভাৱ হোৱা নাই। কিন্তু নৈঋত, ইকবাল নথকা হ’লেও মই খলাবমা ৰাস্তাটো পাৰ হলোহেঁতেন।

 আৰু সন্ধ্যা? ঘটনাৰ পাকঘূৰণিত তাই মোৰ ওচৰলৈ গৈছিল। তাইৰ দুৰ্ঘটনাটোৰ পাছত তাই গাঁৱলৈ যাবলৈ একেবাৰে মন কৰা নাছিল। তাইৰ ভুল নোহোৱাকৈ তাইৰ ফালে বদনামৰ আঙুলি উঠিব, সেই শংকাই তাইক ঘৰবিমুখী কৰি তুলিছিল। মোৰ লগত থাকি যোৱাৰ কথা ব্যক্ত কৰিছিল। তাইৰ ভৱিষ্যতৰ এটা দায়িত্ব মইও লৈ ল’লোঁ। ‘তোমাৰ এটা সংস্থাপন নোহোৱালৈকে মোৰ লগতে থাকা সন্ধ্যা’ — বুলি ব্যক্ত কৰিলোঁ তাইৰ আগত। তেজ মঙহৰ সম্বন্ধ নহ’লেও ইহঁত মোৰ আপোনতকৈ আপোন।

 কথাবোৰ জটিল হৈ গৈছিল। মুষ্টিমেয় কেইজনমান মানুহৰ ওচৰতে মোৰ সমস্যাটো আলোচনা কৰা হৈছিল। কোনেও মোৰ মনৰ পক্ষত থিয় দিব বিচৰা নাছিল। অলপ বিচলিত হৈছিলোঁ, তেনে এক সময়তে উচ্চতম ন্যায়ালয়ে মোৰ পক্ষত ৰায় দিছিল—‘দেউতাকৰ ফালৰ পৰা কোনো আপত্তি নুঠালৈকে অকলশৰীয়া মাতৃক অভিভাৱকত্ব প্ৰদান কৰা হ’ব।’ মুখলৈ এতিয়াহে অলপ পানী আহিছে জানানে নৈঋত? ডিব্ৰুগড়ৰ পৰা আঁতৰি যোৱাটো মংগলজনক হ’ব বুলি বিবেচনা কৰিলোঁ। মোৰ সন্তানৰ শৈশৱ কালছোৱা পানীৰ দৰে নিৰ্মল হোৱাৰ স্বাৰ্থতে মোৰ এই সিদ্ধান্ত। সকলো কলুষতাৰ পৰা মুক্ত কৰি ৰাখিম বুলিয়ে মই বদলিৰ বাবে মুখ্য কাৰ্যালয়ৰ লগত যোগাযোগ কৰিলোঁ। অতি সোনকালেই সেইটোও মঞ্জুৰ হ’ল। কাৰণ একেটা অফিচত মোৰ ইতিমধ্যে পাঁচ বছৰ পাৰ হৈছিল। মাতৃত্বকালীন ছুটি শেষ হোৱাৰ পাছতে মই নতুন দিল্লীৰ আৰ কে পুৰমস্থিত মুখ্য কাৰ্যালয়ত যোগদান কৰিব লাগিব।

 ডিব্ৰুগড় এৰি যোৱাৰ মন নাছিল, একেবাৰে মন নাছিল। ইয়াৰ নাহৰজোপা, সোণাৰুৱা ৰাস্তাটি কৃষ্ণচূড়াৰ তলৰ বেঞ্চখন, ভৰা ব্ৰহ্মপুত্ৰৰ আৰ্তনাদ, বগীবিল ঘাটৰ উচুপনি— এই সকলোবোৰ এৰি যোৱাৰ প্ৰস্তুতি চলালোঁ। তোমাৰ ঘৰটোৰ আগেৰে পাৰ হৈ আহোঁতে বুকুত সদায় পোক এটাই কিট-কিটাই উঠে। ক’ৰবাত তোমাক দেখা