পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মোৰ মনৰ দৃঢ়তা দেখি সন্ধ্যা অলপ নিয়ন্ত্ৰণলৈ আহিছে। ‘কি সহায় কৰিম কওক ম্যাডাম। মই আপোনাৰ কাষত থাকিম সদায়।’ মনলৈ জোৰ আনি যেন তাই কৈ উঠিল।

 ‘ইকবালৰ কিবা এটা কৰা। সি বৰ অকলশৰীয়া। তাক অকলে নেৰিবা।’– মই তাইৰ অনুৰোধ ভিক্ষা কৰিলোঁ।

 “ইকবাল ছাৰ মোৰ বাৰে ভগৱান। তেওঁৰ বাবে মই জীৱনটোও দি দিব পাৰিম মেড্যাম।’

 টিভিত অৰণ্যাই গান গাইছে। দৰ্শকৰ জাউৰি জাউৰি হাত চাপৰিৰ মাজত মোৰ আঠ বছৰীয়া অৰণ্যাই গান গাই আছে। ভাল গাইছে তাই। মনত পৰিল, তাই গৰ্ভত থাকোঁতেই মোৰ জীৱনৰ প্ৰথমটো গানৰ এলবাম উলিয়াইছিলোঁ। সেইটো আছিল ইকবাল আৰু মোৰ গজল এলবাম। বিচাৰকসকলে অৰণ্যাক ভূয়সী প্ৰশংসা কৰিছে। নিয়ৰে অৰণ্যাক দাঙি লৈছে, হয়, অৰণ্যা শীৰ্ষ তিনি স্থানলৈ উত্তীৰ্ণ হৈছে।

 গ্ৰেণ্ড ফাইনেল প্ৰতিযোগিতাখনত লাইভ শ্ব’ হ’ব। হয়, সেই শ্ব’খন দিল্লীতে হ’ব কাৰণে অলপ চিন্তা কমিছে। নিয়ৰে তাইৰ লগত অনবৰতে লাগি থাকে। স্নাতক প্ৰথম বাৰ্ষিকৰ ল’ৰাটোৱে নিজৰ পঢ়াশুনাৰ কথা পাহৰি তাইৰ লগতে ঘূৰি ফুৰিছে। মৃদু ধমক দিওঁ কেতিয়াবা। সি কয়—‘মা মই পঢ়া-শুনা চলাই আছোঁ ভালদৰে। আপুনি চিন্তা নকৰিব।’

 সকলোৱে কয় দেখোন, চিন্তা নকৰিব বুলি। ভালপোৱা মানুহৰ মৰমেৰে জীৱনটো ওপচাই ৰাখিছে। গাটো হঠাতে আকৌ দুৰ্বল লাগি গ’ল। বিছনাখনত পৰি গ’লোঁ। গ্লেণ্ড ফাইনেলৰ লাইভ শ্ব’টো আৰম্ভ হৈছে। মোৰ অৰণ্যাই গান গাইছে, মই যাব পৰা নাই, দেহাই নাটানে মোক। সন্ধ্যাৰ বাহিৰে কাকোৱেই জানিবলৈ দিয়া নাই মোৰ মন আৰু শৰীৰৰ মাজৰ শীতল যুদ্ধখনৰ কথা।

 সন্ধ্যাক ক’লোঁ মই—‘সন্ধ্যা, উকিলজনক মাতিব লাগিছিল।’

 সন্ধ্যাই ক’লে—‘কাইলৈ মাতি দিম ম্যাডাম।’

 সন্ধ্যাক ক’লোঁ মই, চকু দান কেন্দ্ৰৰ লগত যোগাযোগ কৰিব লাগিছিল। অন্ধ বিদ্যালয়ৰ স্বত্বাধীকাৰী অন্ধ দম্পত্তিহালক মোৰ চকুযোৰ দান কৰাৰ সিদ্ধান্ত লৈছোঁ।’

 তাই উচুপি উঠিল, কান্দিলে, “এতিয়া এইবোৰ কথা নুলিয়াব ম্যাডাম। টিভিলৈ চাওক, অৰণ্যাই কিমান হাঁহি হাঁহি গান গাই আছে।’

 অৰণ্যাৰ গানত মুগ্ধ হৈ কোনোবা চেলিব্ৰেটী এজনে তাইৰ মাক-দেউতাকক বিচাৰিলে। মই অলপ আহত হ’লোঁ। মই এদিনো তাইৰ প্ৰগ্ৰেমটোত উপস্থিত থাকিব নোৱাৰিলোঁ। চকুযোৰ বিৰিঙি উঠিল, নয়নভৰি চাই ৰ’লোঁ। তাৰ পাছত সন্ধ্যাক ক’লো—“সন্ধ্যা মোক লৈ যাবানে অৰণ্যাৰ কাষলৈ?”

 সন্ধ্যা আচৰিত হ’ল। সুধিলে—“এতিয়াই যাব নে আপুনি?”

 মই ক’লো—“ও, এতিয়াই”।

 সন্ধ্যাই সুধিলে— ‘পাবগৈ নে অনুষ্ঠানটো?’

 মই ক’লো— ‘পামগৈ। এতিয়া ন বাজিছে। বাৰ বজাত আগত শেষ নহয়।’

 সন্ধ্যাই ড্ৰাইভাৰ মাতিলে। মই আলমাৰীৰ পৰা কাপোৰ এযোৰ উলিয়ালোঁ। হালধীয়া গুণা কৰা কিংখাপৰ কাপোৰযোৰ মেৰিয়াই ল’লোঁ। কাজল, লিপিষ্টিক, অসমীয়া গহনাৰে জিলিকি উঠিলোঁ। দাপোণলৈ চাব নোৱাৰিলোঁ। লাজ লাগিল। গাড়ীত বহিলোঁ। সন্ধ্যাও বহিল। ড্ৰাইভাৰজনে ফুলস্পীডত গাড়ী দৌৰাইছে। অৰণ্যাৰ গানৰ অনুষ্ঠানটো শেষ হোৱাৰ আগতেই তাইৰ আগত থিয় হ’বলৈ লাগে। এই সময়ত মোৰ শৰীৰতকৈ মনৰ জোৰ বহুত বেছি।

 গাড়ীৰ পৰা নামি যেতিয়া মঞ্চত উঠি অৰণ্যাৰ কাষত থিয় হৈছিলোঁগৈ, নিয়ৰে বিস্ময়ত নে আবেগত অভিভূত হৈ পৰিছিল। হাত জোকাৰি জোকাৰি সি অভিবাদন জনালে।

 দৰ্শকসকলো উল্লসিত হৈ পৰিল। মোক দেখি তেওঁলোকে দেউতাকক বিচাৰিবলৈ আৰম্ভ কৰিলে। নিয়ৰৰ চকুতো কৌতুকপূৰ্ণ হাঁহি।