পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিলা।

 ‘কিয়? কিয় নিজকে শাস্তি দিব লাগে? নহ’ব। নালাগে উপবাস খাটিবলৈ’– মই আপত্তি কৰি কৈ উঠিছিলোঁ।

 নৰজিল মোৰ আপত্তি। জন্মদিনৰ দিনা লগ পাওঁ তোমাক। তোমাৰ শুকান মুখৰ মাজৰ চকুৰ উজ্বলতাত আৱেগ আৰু মৰম একাকাৰ হৈ মোৰ চকুহালি মেঘালী হৈ পৰে। বছৰে বছৰে একেই পট। কেনেকৈ বুজাওঁ তোমাক মই, ভালপোৱাৰ প্ৰমাণ দিবলৈ মোক এইবোৰ একোৰে প্ৰয়োজন নাই। মই জুখিব নাজানো নেকি প্ৰেম? তোমাৰ ছয় ফুট উচ্চতাতকৈ হাজাৰ ফুট উচ্চ মোৰ প্ৰেম, তোমাৰ দুচকুৰ ৰক্তিমতাতকৈ ৰক্তিম মোৰ হৃদয়ৰ কোঁঠ। তোমাৰ প্ৰেমেৰে জীপাল মোৰ বুকুৰ দুণৰি, বুজিব পৰাকৈ ইমান চহকী জানো তুমি?

 ফৰিংজনীয়ে দেও দি দি নাচিয়েই আছে। তোমাৰ সংগৰে সংলগ্ন লগনবোৰেৰে মোৰ ওঁঠলৈ, মোৰ চকুলৈ আনি দিয়ে এটা মিঠা হাঁহি। ফৰিংজনীয়ে কঢ়িয়াই অনা হাঁহি। হাঁহিবোৰ ওঁঠতে লাহে লাহে মাৰ যায়। তাইৰ উৎপাতত চকুৱে দুখ পায়। দুচকু ভাঁহি আহে। চকুপানী এটোপাল টেবুলত পৰে। মই সুধিলোঁ চকুলো টোপালক, ‘কিয় ওলাই আহ বাৰে বাৰে?’ চকুপানীজনীয়ে উত্তৰ দিলে—‘তোমাৰ চকুত যে সাঁচি থৈছা প্ৰিয়জনৰ ছবি, মোৰ স্থানেইবা ক’ত?’ এইবাৰ তোমাৰ ছবিখন সামৰি ললোঁ। ফৰিংজনীৰ ভৰিত সূতা এডাল বান্ধি দি এচুকত পেলাই থ’লোঁ। দুৱাৰখন বন্ধ কৰি ওলাই আহিলোঁ। হৃদয়ৰ দুৱাৰখন।

 বহুত কাম আছে মোৰ। কলমটো তুলি ল’লোঁ। এতিয়া মোৰ এটাই লক্ষ্য। হুমুনিয়াহবোৰ শব্দলৈ আৰু শব্দবোৰ ভাষালৈ আৰু ভাষাবোৰ হাজাৰজনৰ হৃদয়লৈ.....।

-তোমাৰ ছায়া

❑❑

(২০)

নৈঋত তোমালৈ বুলি..

 মেঘালী গ’লগৈ। দুযোৰ অঞ্জনাভি মেঘেৰে আমি ইজনীয়ে-সিজনীক বিদায় দিলো। যোৱা ৰাতিলৈকে অভিমান তাইৰ। তাই বুজিব নোৱৰা অলেখ প্ৰশ্নৰে, মোক বুজাব নোৱৰা অলেখ উত্তৰেৰে তাই হাৰ মানিছিল অৱশেষত।

 ‘তাৰমানে তই চিংগল হৈ থকাৰ সিদ্ধান্ত লৈছ?’– খু-দুৱনি মাৰ নিয়াবলৈ মেঘালীয়ে সুধিছিল।

 ‘এতিয়াতো একো ভবা নাই। এইটো মোৰ কঠোৰ সিদ্ধান্ত নহয়। পাছত দেখা যাব’– মই ক’লোঁ।

 ‘টাইম ইজ দ্য মেডিচিন টু হীল দ্যা পেইন। কিন্তু তোৰ সাতাইশ বছৰ হ’লেই। মাৰ কথা এবাৰলৈ চিন্তা কৰ। তেওঁতো একেবাৰে অকলশৰীয়া। তোক লৈ এটা সপোন তেঁৱো দেখে। দায়িত্ব পালনৰ অজুহাত। মোক কৈ থাকে তোক বুজাবলৈ।’– মেঘালীৰ বুজনি।

 ‘এহ, মাৰ কথা নক’বি আৰু মেঘালী। মা নিজেই তেনেকুৱা আছিল। দেউতা ঢুকোৱাৰ পাছত মায়েতো এতিয়ালৈকে নিজৰ কথা কেতিয়াও নাভাবিলে। কলেজৰ অধ্যাপিকা আছিল মা। বহুত সুযোগ পাইছিল। তথাপি মায়ে পুৱা-গধূলি ধূপকাঠিডাল জ্বলাই সদায় দেউতাৰ ফটোখনৰ স’তে কথা পাতে। মোৰতো কিবা এটা আশা আছে, নৈঋতক কেতিয়াবা দেখিম, কথা পাতিম। মাৰ কি আশা আছিল ক’? জাননে মাৰ তেজ যে মোৰ গাত, সেই কাৰণে ময়ো এনেকুৱাই হ'লোঁ নেকি? আৰু কি জান? মাজে মাজে অকলে থাকিবলৈ মন যায় অ’। নিজকে বুজি পোৱা যায়। আমিতো ইমান দিন নিজকে চিনি নাপালোঁ। নৈঋত সম্পৰ্কীয় ঘটনাপ্ৰবাহে মোৰ জীৱনৰ সুঁতি সলাব বুলি মইতো অন্ততঃ কেতিয়াও ভবা নাছিলোঁ। ধেমালি-ধেমালিকৈ আৰম্ভ কৰা সম্পৰ্ক আছিল’— মোৰ স্বীকাৰোক্তি।