মজিয়াত বিচাৰ ভিক্ষা কৰিম। মই যদি শুদ্ধ হয়, তুমি এবাৰ হলেও উভতি চাবা মোক, মোৰ দৃঢ়বিশ্বাস। ভিৰৰ মাজত যেতিয়া অকলশৰীয়া হ’বা, মোলৈ মনত পৰিব তোমাৰ। স্বাৰ্থপৰৰ দৰে অতি আশাৰে সেই দিনটোলৈ বাট চাই আছোঁ। একো অভিমান নাথাকিব মোৰ। আঁকোৱালি ল’ম তোমাক, দূৰ কৰিম তোমাৰ নিঃসংগতাক, খুপি খুপি খোজ কাঢ়িম তোমাৰ হৃদয়খনিত, খুপি খুপি মৰমবোৰ দুহাতেৰে বুটলি ল’ম, তোমাৰ মৰমৰ ৰঙবোৰ শিৰত বোলাই ল’ম, তোমাৰ চকুৰ অলংকাৰেৰে সজ্জিত হৈ তোমাৰ কাষে কাষে দেও দি ফুৰিম।
আশাহত হৈও আশাত বন্দী মই। মোৰ শব্দবোৰত তুমি দুৰ্বল অনুভৱ কৰা কাৰণেই যে আক্ৰমণ কৰিছিলা মোৰ বুজিবলৈ বাকী নাই। মোক জীয়াই তোলাৰ বাবে, মোক শুদ্ধ পথত আগুৱাই নিয়াৰ বাবে মোক এটা নিচাৰ দৰকাৰ হৈ পৰিছিল নৈঋত। অশান্ত মন শান্ত কৰিবলৈ এলজোলাম টেবলেটবোৰ গোটাই লৈছিলোঁ। শব্দৰ এলজোলাম আছিল সেয়া নৈঋত। চকুপানীৰে গিলিছিলোঁ সেই এলজোলাম। আজিলৈকে গিলি আছোঁ প্ৰেম আৰু অভিমান মিহলি সেই শব্দৰূপী এলজোলাম। মোক অবাটৰ পৰা বাটলৈ টানি অনা এলজোলাম টেবলেট। ব্ৰহ্মপুত্ৰৰ পাৰত ৰৈ থাকোঁতে শিলছটাই উপহাৰ দিয়া এলজোলাম টেবলেটবোৰ। নদীয়েও জানিছিল... বুজিছিল। বুকুত আশ্ৰয় নিদি সেয়ে ঘূৰাই পঠিয়াইছিল শিলছটাৰ ওচৰলৈ। জানানে নৈঋত, মই জী উঠিছিলোঁ সেয়ে। জী উঠিম বাৰে বাৰে।
—তোমাৰ ছায়া
❏❏
(৩০)
নৈঋত তোমালৈ বুলি....
“মোক এনেকৈ বাউলী নকৰা হলেওতো হ’লহেঁতেন
লগ পোৱাৰ বাসনাই উচুপি নুঠিলহেঁতেন ওৰে নিশা
সুখবোৰ তোমালৈকে ছটিয়াওঁতে ছটিয়াওঁতে
দুখৰ ভৰত কোঙা হৈ ৰোৱা হৃদয়
হাজাৰ কবিতায়ো মোলৈ বৰষুণ কঢ়িয়াই নানে
নেদেখুৱায় ৰামধেনুৰ ছবি......
মোৰ দুখবোৰ এলাগী
প্ৰেমেইতো কঢ়িয়ায় দুখৰ ঠিকনা
ধোঁৱাৰ কুণ্ডলীত উৰি যোৱা ঠিকনা
ঘূৰি ঘূৰি মোলৈকে আহে
আস...
আগেয়ে যদি জানিলোহেঁতেন বিৰহত ইমান কষ্ট
ৰাধা হ'বলৈ আগবাঢ়ি নাহিলোহেঁতেন তেতিয়াই..”
গজলটো মালকোচ ৰাগেৰে আৰম্ভ কৰা হৈছে। গাই থাকোঁতে দুযোৰ চকুৱে বৰ দিগদাৰ কৰে। এযোৰ তোমাৰ আৰু আনযোৰ ইকবালৰ। ছাৰে কৈছে যিমান পাৰি অনুভৱ ঢালি দিয়া। মই চকুযোৰ মুদি ভাবো— ‘তোমাৰ নামতে মোৰ অতবোৰ কবিতা। তোমাৰ সান্নিধ্যৰ মধুৰতাৰে সিক্ত মোৰ কাব্যানুভূতি।’