‘বৰুৱা চাৰৰ ঘৰৰ পৰা আহিম বুলি ভাবিছোঁ’ মােৰ মুখলৈ নােচোৱাকৈ মেঘালীৰ উত্তৰ।
‘কোন বৰুৱা ছাৰ অ?'— মই আকৌ সুধিলোঁ।
‘ইউনিভাৰছিটিৰ নৈঋত বৰুৱা ছাৰৰ কথা কৈছোঁ অ।’
হাতুৰী এটাই বুকুখনত ধামকৈ মাৰি দিয়া কোবটো চম্ভালি কোনােমতে ক’লাে— ‘কেলেই যাৱনাে ছাৰৰ ঘৰলৈ?’
‘আৰে বিয়ালৈ মাতিবলৈ আক’– মেঘালীয়ে খাই থকাৰ পৰাই ক’লে।
‘হ'ব বাৰু, অফিচৰ পৰা সােনকালে আহিবলৈ চেষ্টা কৰিম। সেপটো ঢুকি কোনােমতে ক’লে।
নৈঋত, সেই যে মেঘালীয়ে ৰাতিপুৱাই মােৰ হৃদয়খন হাহাকাৰৰ ঢৌৰে উখল-মাখল কৰি পঠিয়াইছিল, গােটেই দিনটো কোনাে কামতে মন বহা নাছিল মােৰ। তােমাৰ ওচৰলৈ যাম নে নাযাম একো সিদ্ধান্ত ল'ব পৰা নাছিলোঁ। তােমাক যে কথা দিয়া আছিল, কেতিয়াও তােমাৰ ঘৰৰ ওচৰত, পৰিয়ালৰ মাজত থিয় নিদিওঁ বুলি, কি কৰোঁ মই?
গােলাপৰ পাহি কেইপাহ যেন এপাহ এপাহকৈ ছিঙি ছিঙি আওৰাম, যাম, নাযাম....যাম, নাযাম....।
যাম...যামেইতাে। বাস্তৱৰ পৰা পলাম কিয়? যাম মই। মুখামুখি হ'ম এবাৰ। আজি এবছৰে তুমি মােক উপহাৰ দিয়া উজাগৰী নিশাবােৰৰ হিচাপ দিবলৈকে তােমাক এবাৰ লগ পােৱাটো অতি জৰুৰী।
হয় নৈঋত, তােমাৰ পদূলিত ভৰি দিম মই। বাঁহীসুৰীয়া ৰাতিয়েও যে আকোৱালি লয় সৰাপাতৰ আৰ্তনাদ, তাকে বুজাবলৈ তােমাৰ পদূলিত ভৰি দিম মই।
অফিচৰ পৰা সােনকালেই আহিলোঁ। লেপটপটো টেবুলখনলৈ দলিয়াই দি মেঘালীক চিঞৰিলোঁ—
‘মেঘালী সােনকালে ৰেডি হ, ক’ত যাব লগা আছে ব’ল।’
বাথৰূমত সােমাই বহুত দেৰি শ্বাৱাৰৰ তলত নিজকে এৰি দিলোঁ। ভিতৰৰ বিবেকৰূপী ছায়াজনী ওলাই আহি তিৰস্কাৰেৰে ওপচাই দিলে মােৰ আৱেগ ভৰা মন। ইমান দিনৰ মূৰত এয়া কি জেদে মূৰত কিটকিটালেহি, কিয় লগ পাব লাগে তােমাক? এয়াতাে সুখৰ মিলন নহয়। মনৰ মাজত কঢ়িয়াই ফুৰা কেইটামান ‘কিয়’ৰ উত্তৰ হয়তাে পাব পাৰোঁ, কিন্তু কি লাভ হ'ব? গৈ গৈ আকৌ সেই বিপৰীতমুখী সমান্তৰাল যাত্রা, লগ পােৱাৰ সম্ভাৱনাৰ ঘৰত এটা ডাঙৰ শূণ্য৷
—তােমাৰ ছায়া
□□
(১৬)
নৈঋত তােমালৈ বুলি....
- মেৰা কুছ চামান তুমহাৰে পাচ পৰা হে
- ঔ ছাৱন কে কুছ ভিগে ভিগে দিন ৰখে হে।
- ঔৰ মেৰে এক খত মে লিপতি ৰাত পৰি হে।
- ঔ ৰাত বুঝা দো
- মেৰা ঔহ চামান লওটা দো।
তােমাৰ পদূলিত যেতিয়া ভৰি দিছিলোঁ, তেতিয়া অজান শংকাত বুকুখন কঁপি উঠিছিল। ভিতৰত যেন বাৰিষাৰ পােনাৰ উজান, পুঠি মাছৰ খলখলনি। মােক দেখি কেনে প্রতিক্রিয়া হ'ব বাৰু তােমাৰ? সেউজৰঙী ঘৰটো পােৱাৰ আগতেই গাড়ীখন ৰখাই দিলোঁ।