পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দাগ। কি হৈছিল সঠিককৈ তাইও ক’ব নোৱাৰে। দাগখিনিৰ মাজতেই যেন তাইৰ সমস্ত আত্মবিশ্বাস হেৰাই হৈছে। বুজাব লাগিব তাইক, সাহসী হ’বলৈ শিকাব লাগিব, জীৱনৰ প্ৰত্যাহ্বানবোৰ পাৰ হ’ব পৰাকৈ সাহসী হ’বলৈ শিকাব লাগিব। সুন্দৰ ভৱিষ্যত এটাই তাইক টানি আছিল। অঞ্চলটোৰ ভিতৰতে মেধাৱী নাম এটাৰে পৰিচিত আছিল তাই। এইটো ঘটনা তাইৰ জীৱনৰ হয়তো প্ৰথমটো উজুটি। মানুহ কেতিয়াবা শাৰীৰিকভাৱে অপদস্থ হয়, কেতিয়াবা মানসিকভাৱেও হয়। নিজৰ ওচৰত নিজে সৰু হ’ব পাৰি কিন্তু সকলোৰে ওচৰত সৰু হ’বলৈ পালে কিমান কষ্ট হয়, মোতকৈ ভালকৈ কোনে বুজি পাব? আনৰ ওচৰত সৰু নহওঁ বুলিয়েই ঔদ্ধতাৰে নিজক সজাওঁ, বেপেৰুৱা স্বভাৱেৰে নিজক আৱৰোঁ। কিন্তু বিন্দুটো সেই কলমটোতে, সেই ডায়েৰীখনতে, সেই টেবুলখনতে স্তব্ধ হৈ পৰে।

 মেডিকেল টেষ্টকেইটা কৰালোঁ। ৰিপৰ্ট চাই ডাক্তৰে প্ৰথমেই ক’লে—“কি হে ছায়া, হিম’গ্লবিণ ইমান কম, খোৱা-বোৱা নকৰা নেকি?’’ তাৰ পাছত ক’লে—ভালকৈ খাব লাগিব, নহ’লে দিগদাৰ হ'ব। ইউ আৰ গয়িং টু বি ম্যাডাৰ। কংগ্ৰেচুলেশন ইয়ং বয়”, ইকবাললৈ চাই ডাক্তৰে কৈ উঠিল।

 ভলভলীয়া ডাক্তৰজনৰ হাঁহিত হাঁহি মিলাই ভিতৰত এজাক মৌৰ ভুনভুননিত দৌৰি আহি নিজৰ ৱাৰ্ড পালোঁহি৷ কেনেকৈ চম্ভালোঁ মই? কেনেকৈ চম্ভালোঁ নিজকে? সময়ৰ কঠিনতাখিনি সুখৰ নে দুখৰ সেইটোকে ধৰিব পৰা নাই। চকু দুটা মুদি দিলোঁ। প্ৰথমবাৰৰ বাৰে দুয়োটা চকুৰে দুটা বেলেগ বেলেগ দৃশ্য দেখিলোঁ। সন্মুখত দুটা ৰাস্তা— এটা মসৃণ, আনটো খলাবমা। মসৃণ ৰাস্তাটোৰ সিমূৰত একো দেখা পোৱা নাযায়, আকাশসম শূন্যতা। আৰু খলাবমা ৰাস্তাটোৰ সিমূৰত এজোনাক আকাশৰ তলত এজাক পখিলাৰ মাজত উমলি থকা এটি দেৱশিশু। আসঃ..আৰু ভাবিব নোৱাৰি। সিদ্ধান্ত লৈ ল’লোঁ। মই যাম... মই যাম, সেই খলাবমা ৰাস্তাটোকেই বাচি ল’ম মই। এই প্ৰথমবাৰৰ বাবে যাত্ৰাটোতকৈ লক্ষ্যটো বেছি গুৰুত্বপূৰ্ণ হৈ মোৰ চকুত ধৰা দিলে।

 ইফালে ইকবাল। ইকবালৰ প্ৰতিক্ৰিয়া জনাৰ ইচ্ছা গৈছে যদিও থমকি ৰৈছোঁ। ঘিণ কৰিব নেকি মোক বাৰু? গাৰ লগত ছৰ দৰে লাগি থকাৰ পাছতো মই তাক একোৱে ক’ব নোৱাৰিলোঁ। কিছুমান কথা দুজনৰ মাজতেই আবদ্ধ হৈ থাকে নৈঋত। কেনেকৈ বুজাওঁ মই, তোমাৰ আৰু মোৰ এই সংযোগ হৈছে মোৰ জীৱনৰ ইচ্ছা-অনিচ্ছাৰ সন্ধিক্ষণত সময়ৰ বোৱতী সোঁতত এৰি দিয়া এটি সিদ্ধান্তৰ ফল মাথোঁ।

 ইকবাল সোমাই আহিল ৰূমলৈ। মৌন হৈ। তথাপি অস্থিৰ যেন। আহত হোৱাটো স্বাভাৱিক। তথাপি মই মনটোক পতিয়ন নিয়াইছোঁ এই বুলিয়ে যে, মই তাক আগতেই ইংগিত দিছিলোঁ। কৈছিলো এদিন তাক যে—‘বেলেগৰ অনুভৱ বুকুত লৈ মই আপোনাৰ স’তে অভিনয় নকৰাৰ সিদ্ধান্তক আপুনি বোধকৰোঁ অসন্মান নজনাব। বুজি পাব সি। হঠাতে মৌনতা ভাঙি সি কৈ উঠিল—“কি কৰিম বুলি ভাবিছে ম্যাডাম? ডাক্তৰে এতিয়াও এয়া সাধাৰণ কথাৰ দৰেই আচৰণ কৰিছে। আমাক স্বামী-স্ত্ৰী বুলিয়েই ভাবি লৈছে।’

 ‘অহ, সেই ভুলটো ভাঙি দিম মই ইকবাল। আপুনি চিন্তা নকৰিব। আপোনাক মোৰ এই ঘটনাৰ লগত জড়িত নকৰে।

 সি ইচ-আচ কৰি উঠিল—‘তেনেকৈ সমস্যা সমাধান নহয় ম্যাডাম, সন্তানৰ দেউতাকক বিচাৰিলে আপুনি কি কৰিব? কি বুলি ক’ব আপুনি? বহুত জটিলতা আছে।’

 ‘একোকে নকওঁ মই ইকবাল। মই থাকোঁতে মোৰ সন্তানৰ দেউতাকৰ স’তে তেওঁলোকৰ কি কাৰবাৰ আছে? মই আছোঁ, যি জটিলতা আহে মই সমাধান কৰিম।’

 ‘আৱেগিক নহ’ব আপুনি। বহুত আইনী জটিলতা আছে। আইনক কি উত্তৰ দিব?’– ইকবালে বুজাইছে মোক।

 তীব্ৰ বিক্ষোভত মই চিঞৰি উঠিলোঁ— ‘কিয়.. কিয়.. কিয়? মোৰ গৰ্ভৰ সন্তানটো জন্ম দিওঁতে কিহৰ আইন ইকবাল? এয়া প্ৰকৃতিৰ নিয়ম। এয়া মোৰ সিদ্ধান্ত। মই কিয় কাৰোবাৰ ওচৰত জবাবদিহি হ’ম?’

 ‘কুল ডাউন ম্যাডাম, কুল ডাউন। মই আপোনাৰ সাহসক শ্ৰদ্ধা জনাইছোঁ। কিন্তু আপুনি যি পথলৈ আগুৱাই যাব বিচাৰিছে, সেই পথত বহুত জটিলতা আছে। শুনিবলৈ বেয়া লাগিলেও এয়াই সত্য। আপুনি পিতৃৰ পৰিচয় লুকুৱাই থ’ব নোৱাৰে। আপুনি আপোনাৰ পৰিয়ালক কি বুলি ক’ব, আপুনি সমাজত কি উত্তৰ দিব?’