পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেই পানীবোৰো ভাপ হৈ উৰি যায়। এনেকৈয়ে নিৰুদ্বেগ হৈ পৰিছোঁ। দুখত কাতৰ নহ’বলৈ শিকিছোঁ৷ দুখবোৰ শুষ্ক নৈখনত কৰ্ফাল খাই পৰি ৰৈছে। মৰমৰ বান তুমিয়ে আনিছিলা, নদীখন ভৰাইছিলা মৰমেৰে। নাজানো ক’ত কেতিয়া কেনেকৈ ভুল হৈ মৰমবোৰ চকুপানী হৈ পৰিল। এতিয়া জেঠৰ ৰ’দত ছিৰাল ফাট দিয়া চকুপানীৰ নদী। তথাপি যে কিবা এটা নাই নাই। পাই হেৰুওৱাৰ ভাবনাই মনটোৰ শূন্যতাখিনি পূৰাবলৈ অহৰহ চেষ্টা কৰি আছে। তোমাকো একো প্ৰশ্ন নকৰোঁ, ভগৱানকো কৰা নাই। যি বাটেৰে বাট বুলি তোমাৰ ওচৰত থিয় হৈছিলোঁ, সেই বাটেৰেই মোৰ ওভতনি যাত্ৰা। সোণাৰুজোপাই চকুলো উলিয়াইছে, জৱাজোপায়ো, আকাশখনো ভাগি পৰিছে, মৌমাখিজাকো নিশ্চুপ হৈ পৰিছে, পখিলাজাকেও নিতাল মাৰিছে। জোনাকী পৰুৱাইও পোহৰ বিলাব বিচৰা নাই আৰু জোনবাইজনীয়েও কান্দি পেলাইছে। আৰু এই সকলোবোৰকে আকৌ লগ পোৱাৰ কথা দি মই গুচি যাবলৈ ওলাইছোঁ। সকলোবোৰকে বিদায় জনালোঁ, মাথোঁ তুমি নাই। এই ‘নাই’ ভাবে মোক প্ৰশ্ন কৰে কেতিয়াবা। উত্তৰবিহীন বহু প্ৰশ্ন। থাকিমনো কেনেকৈ এই প্ৰেমৰ পৃথিৱীত বুলি সোধে মোক। মই কৈ পেলাওঁ—কতনো অপ্ৰেম দেখিলা সখা? কোঁচ ভৰাই ইমান ফুল বুটলোঁ, কাৰ অপ্ৰেমত সখা? অপ্ৰেম নাছিল কেতিয়াও। প্ৰেমতে ওভতনি যাত্ৰা। প্ৰেমেই সঞ্জীৱনী পৰশ ঢালিছে ক্ষত-বিক্ষত হৃদয়ত। বুকুৰ পলসত জী উঠা অতবোৰ হা-হুমুনিয়াহৰ সাৰ পানী জানো প্ৰেমেই যোগোৱা নাই? কতনো অপ্ৰেম দেখিলা সখা? হয়তো মোৰ ভাবনাই তোমাক চুব নোৱাৰিলে। মই বিচাৰিছিলোঁ হিয়া, তুমি হয়তো দেহা। অপ্ৰেম নাছিল কেতিয়াও। মই চকুৰে অনুভৱ কৰোঁ তোমাৰ ওঁঠৰ ভাজ আৰু তুমি হয়তো ওঁঠেৰে অনুভৱ কৰিব বিচৰা মোৰ দেহাৰ ভাঁজ। সেই কাৰণেই ওভতনি যাত্ৰা। অপ্ৰেম নাছিল তেতিয়াও।’

 মনটোক সঁজাত বন্দী কৰিম। বহুত সহিলোঁ ইয়াৰ অতপালি। মনৰ ফৰিংজনীক ভৰিত বান্ধি এচুকত পেলাই থ’ম। জীৱনৰ বহু মূল্যৱান সময়ত ই মোক তাতা-থৈয়া-থৈয়াকৈ নচুৱালে। বাস্তৱমুখী হ’ম মই। জীৱনৰ প্ৰত্যাহ্বানবোৰ হাত পাতি ল’ম। মোৰ সন্মুখত এটি দীঘল ৰাস্তা। এমুঠি জীৱনমুখী প্ৰতিশ্ৰুতিৰে এজাক উদ্বিগ্ন ল’ৰা-ছোৱালীৰ মানসিক ভেঁটি সুস্থিৰ কৰাৰ দায়বদ্ধতাত বন্দী মই।

 বিদায় বেলাৰ শেষ চিঠি তোমালৈ। এতিয়াৰে পৰা মই পিছফালৰ দুৱাৰখনত তলা লগাম। সন্মুখৰ খোলা দুৱাৰখনেৰেই অৰণ্যাক অগা-দেৱা কৰিবলৈ শিকাম। ইকবালে লাগেজবোৰ গাড়ীত ভৰাই ল’লে। অৰণ্যাক সন্ধ্যাই কোলাত লৈ গাড়ীত বহি ল’লে। ময়ো তিনিকোঠলিয়াৰ পৰা ওলাই আহিলোঁ৷ আকৌ সোমাই গ’লোঁ। বস্তুবোৰ একেই থাকিল। ৰূমকেইটাও একেই থাকিল। প্ৰতিটো উশাহত তোমাৰ গোন্ধ আৰু প্ৰতিটো নিশ্বাসত তোমাৰ হুমুনিয়াহ ভাঁহি আহি কান্দোনৰ ৰূপ ল’লে৷ মই তোমাক বৰ ভাল পাইছিলো নৈঋত। শেষবাৰৰ বাৰে যদি বগা গোলাপ এপাহি লৈ মোৰ কাষত থিয় দিলাহেঁতেন। চকুলোৰ ঢলটো নামি আহিল। কান্দিলোঁ মই... শেষবাৰৰ বাবে হেঁপাহ পলুৱাই কান্দি ল’লোঁ। এই ঘৰ, এই মাটিৰ গোন্ধ এৰি যামগৈ। সুখী হোৱাৰ মুখা পিন্ধি মোৰ অকলশৰীয়া জীৱন নাট চলাই নিয়াৰ প্ৰয়াসেৰেই মোৰ এই নতুন যাত্ৰা। যাওঁগৈ নৈঋত। বিদায় বুলি ক’বলৈ কলম থমকিছে। শব্দৰ স’তে খেলা খেলবোৰত বিচাৰিলে মোক পাবা। তোমাৰ সমগ্ৰ জগত জিনিব নোৱাৰিলেও তোমাৰ মনৰ চকুৰ নিগাজি ঠাই টুকুৰাত মোক বিচাৰি চাবা নৈঋত। তাতেই থাকিম মই.... তাতেই থাকিম মই, তোমাৰ হৈ... ভালে থাকা........।

—তোমাৰ ছায়া

□□

 এইখিনিতে ছায়াৰ চিঠিবোৰ শেষ হৈছে। ছায়া নামৰ খেয়ালী ছোৱালীজনীয়ে নৈঋত নামৰ বিবাহিত পুৰুষৰ স’তে এক আৱেগিক সম্পৰ্ক গঢ়ি তোলে। সময়ৰ পাকচক্ৰত পৰি নৈঋতে নিজৰ ভুল বুজি ছায়াৰ জীৱনৰ পৰা আঁতৰি যায়। খেয়ালী ছায়া আৰু আৱেগিক হৈ পৰে, তাইৰ ভাষাত—‘মই যেতিয়া ৰঙা গোলাপেৰে নিজক