পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গ্ৰহণ কৰাৰ সাহস মোৰ আছে। এতিয়া তোমাৰ দাগেৰে জীৱনৰ ছবি আঁকিম মই।

 চিলিয়ন ডিঅন’ৰ গানটো শুনিবলৈ মন গ’ল। মবাইলত চাৰ্চ কৰি ডাউনলোড কৰি ফুল ভলিউমত বজাই দিলোঁ।

 Mmmmm.....Mmmmm..
 I get wings to fly
 Oh, oh.....
 I'm alive...... Yeah
 When you call on me
 When I hear your breathe
 I get wings to fly
 I feel that I'm alive
 When you look at me
 I can touch the sky
 I know that I'm alive....
 I'm alive, I'm alive....

 সদায় বিষাদময় গানৰ স’তে অভ্যস্ত ‘মই’জনীৰ এনে আচৰণত হতবাক হৈ পৰিছে ইকবালো। মিচিকিয়াই ৰৈছে মাজে মাজে সি। বিমুগ্ধ নয়নে চাই ৰৈছে আৰু কৈ উঠিছে—“কালি সাগৰৰ দৰে বিশাল হ'ব বিচৰাজনী আজি পাহাৰী জুৰিটিৰ দৰে চঞ্চলা-চপলা। হোৱাট এ চেঞ্জ’

 একো কোৱাৰ প্ৰয়োজনবোধ নকৰিলোঁ। গান গাইছোঁ, খিৰিকীৰ গ্লাছ খুলি দিছোঁ, চুলি উৰিছে, শাৰীৰ আঁচল উৰিছে, মই উৰিছোঁ। এবাৰত চিঞৰি উঠিছোঁ—’ইকবাল গাড়ী ৰখাওক’। গাড়ীৰ সন্মুখত হৰিণী এজনী দেখি দৌৰি গ’লোঁ। তাইক কোলাত লৈ ৰাস্তাৰ কাষলৈ লৈ আহিলোঁ। পৃথিৱীখনত হঠাতে ইমান সম্ভাৰ ক’ৰ পৰা আহিল? বুঢ়াপাহাৰৰ ওচৰত ৰৈ হাত মেলি দিলো আকাশলৈ। পকেটত হাতখন ভৰাই ইকবাল কাষ চাপি আহিল।

 ‘আপোনাক এই ৰূপত দেখি মোৰ সঁচাকৈ বৰ ভাল লাগিছে। সেইকাৰণেই মাজে মাজে এনে ধৰণৰ অৱসৰবোৰ বৰ জৰুৰী। আমি আকৌ আহিম দেই ম্যাডাম।

 শুনিছানে নৈঋত.... আমি আকৌ আহিম। বুঢ়াপাহাৰৰ ওপৰৰ পৰা তললৈ মই যেন ৰিঙিয়াই চিঞৰিম—‘আমি আকৌ আহিম নৈঋত... আমি আকৌ আহিম।

 ‘When you look at me
 I can touch the sky
 I know that I'm alive
 You've set my heart on fire
 Filled me with love
 Made me a woman on clouds
 I couldn't get much higher
 My spirit takes flight
 Cause I am alive.........'

 গানটো গুণগুণাই গুণগুণাই কেতিয়া ডিব্ৰুগড় পালোঁহি ক’বই নোৱাৰিলোঁ। গেটৰ ওচৰ পাওঁতেহে সম্বিত ঘূৰি আহিল। ইকবালক বিদায় দি দৰ্জাৰ লক খুলি ৰূমলৈ সোমাই আহিলোঁ। টেবুল আৰু ডায়েৰীখনলৈ কেৰাহিকৈও নাচালোঁ। দাপোণখনে হাত বাউলি মাতি আনিলে। ডিঙিটোত হাত ফুৰালোঁ। দাগ এটাত হাতখন ৰৈ