পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাথাকিল হয়তো। ছায়াৰ শিৰৰ সেন্দুৰণে সেয়াই প্ৰমাণ কৰে। ‘পাপা নাই মোৰ’— কথাষাৰৰ লগত নজহা- নপমা যেন লাগে সেন্দুৰৰ টিপটো। কথাবোৰ যিমানেই ভাবিছোঁ, সিমানেই পাক লাগি গৈছে। সময়ে মানুহক কেনেকৈ যে পৰিৱৰ্তন কৰে। যেতিয়া ছায়াই মোক ফোনৰ ওপৰত ফোন কৰিছিল, তেতিয়া ফোনটো মই চাইলেন্ট মুডত থৈ দিছিলোঁ। আৰু আজি তাই ইমান চাইলেন্ট হৈ পৰিল যে মই তাইৰ ফোন নম্বৰ বিচাৰিবলৈকো সাহস কৰিব পৰা নাই। বুকুখনত অবুজ বেদনা এটা অনুভৱ কৰিলোঁ।

 পণ্ডিচেৰী টাউনৰ পৰা অৰবিন্দ আশ্ৰমলৈ সোমাই যোৱা ৰাস্তাটোত কিবা এক উত্তেজনাত বুকুখন আকৌ এবাৰৰ বাবে কঁপি উঠিল। ছায়াই মোক দেখিলে কি আচৰণ কৰিব সেয়াও নাজানো। তাইৰ উজ্বল বাহ্যিকতাৰ আঁৰৰ মানুহজনী কিমান সংবেদনশীল হৈ আছে সেয়াও নাজানো। মাথোঁ জানো, অৰণ্যাৰ মাজত দেখা পোৱা ছায়াৰ কায়াটোৱেই মোক ইয়ালৈ টানি আনিছে।

 আশ্ৰমৰ পৰিৱেশটোৱে মোক টানি আনিলে। পিতপিত-পাতপাতকৈ চকুৰে য’লৈকে-ত’লৈকে পঠিয়াই দিছে। হ’লেও গম পাইছে৷ ইয়াত এনেকৈ ছায়াক বিচাৰি ফুৰাটো বাতুলতাৰ বাদে একো নহয়। মিউজিয়ামটো চাই থাকোঁতে অৰণ্যাৰ নিচিনা কণমাণি এজনীয়ে দৌৰাদৌৰি কৰি আছিল। ডিঙি মেলি মেলি চাৰিওফালে চাই চাই আগবাঢ়ি গ’লোঁ। সাগৰৰ পাৰে পাৰে খোজকাঢ়ি খোজকাঢ়ি আগবাঢ়ি গ’লোঁ। ড্ৰাইভাৰজনে কৈছিল—“ছাৰ ৰক বীচ্চত বহি চাব অলপ৷ জীৱনৰ বহু সমস্যাৰ সমাধান তাতে পাব।’

 ছায়াক নেদেখিলোঁ কোনোেফালে। নিজৰ মূৰ্খামি দেখি নিজৰ হাঁহি উঠিল। দুখ লগা নাই তথাপিতো। ছায়া হেনো ইয়ালৈ আহি থাকে। ইয়াৰ নৈসৰ্গিক সৌন্দৰ্যৰ প্ৰেমত মইয়ে পৰি গৈছোঁ। ৰৈ যাওঁ নেকি ইয়াতে? চৰাই এজনীয়ে সিঁয়াৰি থৈ গ’ল— “থাক থাক ইয়াতে নৈঋত.., তই ৰৈ দে তই ইয়াতে, ছায়াও আহিব কোনোবাদিনা। বহিবি সৌ টুকুৰা শিলত। সাগৰীয় ঢৌৱে অহৰহ চুমিও শিলৰ নীৰৱতা ভংগ কৰিব পৰা নাই, তেনেস্থলত তই কেনেকৈ ভাবিলি তই এবাৰতে ছায়াৰ নীৰৱতা ভংগ কৰিব পাৰিম বুলি। চা তই সৌ ক’লা শিলকেইটুকুৰালৈ চা, অহৰহ ধুই নিয়াৰ পাছতো সিহঁতৰ বেদনা দূৰ হোৱা নাই, তোৰ বেদনা কি এবাৰতে নিকা হৈ যাব?

 ছায়াক যি বাটত এৰি মই গুচি আহিলোঁ, আকৌ সেই বাটলৈকে ওভতি আহিছোঁ। ছায়াৰ শান্তিৰ পথত ভৰি দি মনটো বহুত মুকলি যেন লাগিছে। এতিয়ালৈকে লগ পোৱা নাই যদিও এনেকুৱা লাগিছে যেন ছায়া মোৰ নিচেই কাষত। কোনোবাই কৈছিল এখন দুৱাৰ বন্ধ হ’লে আন এখন দুৱাৰ খোল খাই যায়। এইবাৰলৈ ছায়াক লগ নাপালেও ছায়াৰ প্ৰিয় ঠাইখন মই জানি লৈছোঁ। কেতিয়াবা লগ পাম তোমাক, এইবাৰলৈ নহ’লেও পাছৰবাৰ, হয়তো পাছৰবাৰ.....।

 উত্ৰাৱল হৈ ঘূৰি ফুৰিছোঁ তোমাকে বিচাৰি। হাঁহিছা? হাঁহিলেও আক্ষেপ নাই, তুমি হাঁহিলা বুলিয়েই মই মনৰ আবদাৰ নুশুনিম কিয়? তুমিওতো বিচাৰি ফুৰা। তুমিও আহা ইয়ালৈ। তোমাৰ আৰু মোৰ প্ৰয়োজন বেলেগ হলেও লক্ষ্য একেটাই। মনৰ দাবী। হয় নে নহয় ছায়া?

 ওলাই আহিলোঁ। প্ৰাচীন মন্দিৰ এটা দেখি সোমাই গ’লোঁ। মানাকোলি বিজয়া নগৰ মন্দিৰ। ডিব্ৰুগড়ৰ সেই মন্দিৰৰ গলিটোলৈ মনত পৰিল। আমি প্ৰায়েই সেই গলিটোত বহিছিলোঁগৈ। ছায়াৰ ওচৰৰ পৰা আঁতৰি অহাৰ পাছত যিমানবাৰেই তালৈ গৈছিলোঁ, সিমানবাৰেই বগা ৰঙৰ আইটেনখন তাত ৰখাই থোৱা পাইছিলোঁ। পৰিস্থিতিৰ পৰা পলোৱাৰ দিন আছিল সেইবোৰ। মন্দিৰটোত সোমায়েই গভীৰ উপলব্ধিৰে মনটো ভৰি পৰিল। জীৱনৰ কোনো এক বিন্দুত আমি মনটোক কোনোবা শক্তিৰ ওচৰত এৰি দিওঁ। মোৰ বাবে ভগৱানো তেনে এক শক্তি। মানসিক শক্তিক ঐশ্বৰিক শক্তিৰে একাকাৰ কৰাৰ দুবাৰ প্ৰচেষ্টাৰে মন্দিৰৰ ঘণ্টাটো বজাই দিলোঁ। হাতত নিৰ্মালি, কপালত চন্দন। প্ৰেমত পৰিলোঁ ভক্তিৰ। সাগৰীয় বতাহে মনটো জুৰ পেলাই দিলে। ওচৰতে থকা ৰে’ল ষ্টেচনটোলৈ খোজ দিলোঁ। মন্দিৰৰ ঘণ্টা ধ্বনি তেতিয়াও কাণত বাজি আছিল। বৰ আশাৰে আহিছিলোঁ। আশাহত হৈ অলপ আহত হ’লো। মনটোৱে বুজাইছে— ইমান সোনকালে নিৰাশ হলে কেনেকৈ হ’ব নৈঋত? তই দেখোন ইমান ওচৰতে পায়ো নিজকে ছায়াৰ পৰা নিলগাই ৰাখিছিলি। তেতিয়া লেকামডাল তোৰ হাততেতো আছিল। আজি লেকামডাল ভগৱানে হাতত তুলি লৈছে। ভগৱানেই যি কৰে ভালেই কৰে। ধৈৰ্য ধৰ। জীৱনৰ