‘হয় নেকি? গুড দেন। শুন এতিয়া। মোৰ বিয়া। তোৰ ওচৰলৈ গৈ আছোঁ। বহুত দিন লগ পোৱা নাই। অলপ ঘূৰিম, ফুৰিম, মস্তি কৰিম। সেই হোষ্টেল লাইফৰ দৰে’— মেঘালীয়ে ক'লে।
মোৰ ওঁঠেৰে এটা হাঁহি বিৰিঙি উঠিল। তাইৰ সংগত যে গোলাপী হৈ উঠিব মোৰ তিনিকোঠলিয়া ফ্লেট, ভালদৰেই আভাস পালোঁ মই।
এটা দুঃস্বপ্নৰ পাছত কঢ়িয়াই অনা সুখবৰটোৰ আমেজত বহুত দেৰি বহি ৰলোঁ। ধেৎতেৰি কাৰ লগত বিয়া হ’ব তাইৰ, সোধাই নহ’ল যে নৈঋত? পলক নামৰ সেই মেধাবী মাৰোৱাৰী ল’ৰাটোৰ লগত নে বাৰু? সিতো এতিয়া বিদেশত। তাৰমানে তায়ো যাবগৈ। মনটো গধুৰ হৈ পৰিল। খুব বছা বছা মানুহৰ ওচৰতহে মই নিজকে উদঙাব পাৰোঁ। তোমাক পোৱাৰ পাছত যে মোক বেলেগ কাৰো প্ৰয়োজনেই হোৱা নাছিল। সম্পৰ্কবোৰে এটা এটাকৈ লগ এৰিছে। বৰ অকলশৰীয়া যেন লাগিল নিজকে। নিজৰ ভিতৰতে এনেকৈ কুৰুকি কুৰুকি সোমাই গৈ থাকিলে মই দেখোন নিজকে চিনি নোপোৱা হৈ যাম।
আকৌ তোমালৈ মনত পৰিল, তুমি যে এদিন কৈছিলা—
‘নিজক লৈ ইমান ব্যস্ত নাথাকিবা। কষ্ট হ’ব। বাহিৰলৈ ওলাই আহিবা। মানুহৰ মাজত থাকিবা।’
ভিৰৰ মাজত অকলে কেনেকৈ থাকেঁ নৈঋত, সেইটো যে নিশিকালা তুমি। এৰি দিয়া হুমুনিয়াহবোৰে য’ত- ত’ত খুন্দা খাই মোলৈকে ঘূৰি আহে। তীব্ৰ অভিমানত নাকৰ পাহি ফুলি আহিল। বুকুত এটা মেটমৰা দুখৰ বোজা, দুখবোৰে ঠেলাঠেলি কৰি ওলাই আহিব খোজোঁতে জোঁট-পোট লাগি কৰ্ফাল খাই পৰে। দুখে আকৌ দুখ পায়। এনেকৈ দুখৰ দুখ নাযায় নুপুৱায়।
তোমাক লগ নোপোৱা বহুদিনেই হ’ল। চকুযোৰ মুদি সপোনটোলৈ মনত পেলালোঁ। এখন কঁহুৱা বৰণৰ মুখ। গালখন চুই চাবলৈ মন গ’ল। চেভিং ক্ৰীমৰ গোন্ধটো নাকত লাগিলহি। তোমাৰ চাৱনিৰ অত্যাচাৰত তোমাৰ চকুযোৰত হাত বোলাই পতা দুখন জপাই দিলোঁ। আলফুলে। নীৰৱে। সপোনতে...৷
-তোমাৰ ছায়া
□□
(১৩)
নৈঋত তোমালৈ বুলি....
গাড়ীখন লৈ অন্যমনস্কতাৰে ঘূৰি ফুৰোঁতে হঠাতে চিনাকি গাড়ী এখনৰ চিনাকি নাম্বাৰটো মনত পৰিল। হয়নে বাৰু নাম্বাৰটো? এইটো বাৰু তোমাৰ গাড়ীৰ নাম্বাৰ নহয়নে? ভাবিবলৈ সময় নাছিল। ব্ৰেক মাৰি দিলোঁ। জোৰেৰে। নামি আহিলোঁ। বিচাৰি ফুৰিছোঁ। হয় নৈঋত... তুমি তাতেই আছিল। মোৰ প্ৰিয় ব্লেক ছাৰ্ট, ব্লু জিনচেৰে সেয়া তুমিয়েই আছিল৷ মই ৰৈ থাকিব নোৱাৰিলোঁ নৈঋত। কিমান দিনৰ মূৰত যে তোমাক দেখিলোঁ। দৌৰি গলোঁ। তুমি অলপ অপ্ৰস্তুত হ’লা নেকি বাৰু? লগত কোনোবা আছিল যে। মই ৰ’ব নোৱাৰিলোঁ নৈঋত। ক্ষমা কৰিা মোক নৈঋত। মই নিজকে নিয়ন্ত্ৰণ কৰাব নোৱাৰিলোঁ৷ তোমাৰ লগত কথা আছে বুলি ক'বলৈ, মোক লগ কৰা বুলি আব্দাৰ তুলিবলৈ মই তোমাৰ যোগ্যতাৰ সীমাত আছিলোঁ নে নাই মই নাজানিলোঁ। মোক দেখি তুমি অলপ নিৰুৎসাহ হ’লা নেকি বাৰু?
গহীন মাতেৰে তুমি সুধিলা—
“ছায়া ভালে আছা নে?’
মই জোৰ কৰি ক’লো— ‘সেইবোৰ পাছত। প্ৰথমে মোক লগ কৰা। এতিয়াই।’
তুমি নস্যাৎ কৰি ক’লা— ‘নহয়। এতিয়াতো নোৱাৰিম। বহুত কাম আছে।’
মই পুনৰবাৰ জোৰ কৰি ক’লো— ‘প্লিজ নৈঋত, মাথোঁ দহ মিনিটৰ বাবে। বেছি সময় নলওঁ তোমাৰ।’