পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ স্বগতোক্তি॥

 কলম হাতত লোৱা নাছিলোঁ কোনোদিনেই। শব্দবোৰে ভিতৰত গুজৰি-গুমৰি থাকিলেও উলিয়াই আনিবলৈ পৰিৱেশ, সময় আৰু তীব্ৰ আকাংক্ষাৰ অভাৱ বাৰুকৈয়ে আছিল। জীৱনত পোৱা-নোপোৱাৰ অংকৰ বাহিৰে বেলেগ অংকলৈ চকু দিয়া নাছিলোঁ। বস্তুবাদী পৃথিৱীত খাপ খোৱাৰ অহৰহ প্ৰচেষ্টাত ব্ৰতী আছিল জীৱনৰ অলেখ মূল্যৱান সময়। আশা-নিৰাশাৰ দোমোজাত, প্ৰাপ্তি-অপ্ৰাপ্তিৰ তুলাচনীত জীৱনটো জুখি থাকোঁতে কেতিয়াবা ভাব হৈছিল মই যদি গান গাব জানিলোঁহেঁতেন নতুবা মই যদি আঁকিব পাৰিলোহেঁতেন, মই যদি নাচিব জানিলোহেঁতেন, মই যদি.....

 জীৱনৰ এটা কেঁকুৰি... ২০১৫ চনৰ বিশ চেপ্তেম্বৰ। স্কুলৰ সহপাঠী ঝংকাৰে দূৰে দূৰে থকা আমাৰ স্কুলীয়া বন্ধুবৰ্গক লৈ এটা হোৱাটচ-এপ গ্ৰুপ খুলিছিল। দহ-পোন্ধৰ বছৰৰ মূৰত যেন কৈশোৰহে ঘূৰাই পাইছিলোঁ। পুৰণি এলবাম উলিয়াইছিলোঁ, পুৰণা ডায়েৰী খুচৰিছিলোঁ। এখন এখনকৈ মেল খাইছিল মোৰ স্কুলীয়া জীৱনৰ কলমৰ শব্দৰ ভাণ্ডাৰসমূহ। হয়, স্কুলত থাকোঁতে লিখা অজস্ৰ কবিতাৰে মোৰ ডায়েৰীৰ পাত ভৰি আছিল। নিজকে কেতিয়া হেৰুৱাই পেলালোঁ মই — তেনে এটা দুখবোধে বুকুত বাহ সাজিলে। মই যে মোৰ হৈ নাথাকিলোঁ ইমানদিনে, কোনটো গলিত যে হেৰুৱাই থৈ আহিলোঁ মোৰ হেঁপাহৰ অনুভৱখিনিক! আহত হ’লোঁ কেনোবাখিনিত। নিজৰ অস্তিত্ব হেৰুৱাই পেলোৱা এগৰাকী নাৰী হোৱাৰ দুখবোধে মোৰ শিতানত ছটফটালে কেবাৰাতিও। কিবাকিবি পাবলগা আছিল, নাপালোঁ। কিবাকিবি ক’বলগা আছিল নক’লোঁ। কিবাকিবি দিব লগা আছিল, নিদিলোঁ। এনেকৈয়ে শেষ হৈ যাম মই? এনেকৈয়ে শেষ হৈ যাব নেকি মোৰ পৃথিৱীখন?

 ছবি আঁকিবলৈ তুলিকা বিচাৰিলোঁ, তুলিকাডালে কলমটো আঙুলিয়াই দিলে। গান গাবলৈ গীটাৰ বিচাৰিলোঁ, গীটাৰখনে কলমৰ ৰূপ ল'লে। নাচিবলৈ জুনুকা বিচাৰিলোঁ, জুনুকাবোৰ শব্দ হৈ কাণত বাজিল। কলমটো সংগত কৰিলোঁ। ভাষাবোৰ সজাই ল’লোঁ, শব্দবোৰক ৰং দিলোঁ। কিন্তু পঢ়িব কোনে? ‘অসমীয়াত কথা-বতৰা’ নামৰ ফেচবুকৰ গ্ৰুপটিত পোষ্ট কৰাৰ কথা ভাবিলোঁ। এজনে পঢ়িলে...দুজনে পঢ়িলে, উৎসাহ দিলে। তাতোকৈ ডাঙৰ কথা, মোৰ কাষৰ মানুহখিনিৰ বিভিন্ন পৰামৰ্শমূলক উদগণি। মাননীয়া পূৰৱী কোঁৱৰ বাইদেৱে ক’লে— ‘সৃষ্টিবোৰ মৰহিবলৈ নিদিবা।’ শ্ৰদ্ধাৰ লক্ষীনন্দন গগৈ ছাৰে ক’লে— ‘পাৰবীন, সময় নোহোৱাৰ অজুহাতত কলমটো স্থবিৰ হ’বলৈ নিদিবা।’ মাননীয়া সংগীতা বৰুৱা বাইদেৱে ক’লে—‘লিখি যোৱা।’

 ‘শব্দৰ এজোলামবোৰ:নৈঋতলৈ বুলি’ তেনে এক হেঁপাহৰে ফলশ্ৰুতি। এক নিটোল প্ৰেম কাহিনীৰ সমাপ্তিৰে কাহিনীটোৰ আৰম্ভণি। য’ত এটা সম্পৰ্কৰ মৃত্যু ঘটিছিল, তাত এটা কাহিনীৰ জন্ম হৈছিল। বুকুত আতোলতোলকৈ ৰোপণ কৰা হৈছিল শব্দৰ বীজ। শব্দৰে পাহৰিছিল তাইৰ বেথা। প্ৰত্যেক অনুভৱী নাৰীৰে অন্তৰত এগৰাকী ছায়া সোমাই আছে। মোৰ এই কাহিনীটো সেইসকল নাৰীলৈ উৎসৰ্গিত যিসকলে প্ৰেমৰ মহত্ব বুজি পায়, প্ৰেমৰ দলিচাখন মসৃণ নহয় বুলি জনাৰ পাছতো তাত খোজ পেলায় আৰু সজীৱ কৰি ৰাখে বুকুৰ ভিতৰৰ কঁইটীয়া গোলাপবোৰ।

 কেৱল খোৱা-পিন্ধাৰ চিন্তা কৰিবলৈ আমি কোনো অবোধ জীৱ নহয়; কেৱল ধন-সম্পদৰ চিন্তা কৰিবলৈ আমি ধনকুবেৰো নহয় বা কেৱল প্ৰয়োজনীয় কামবোৰ কৰিবলৈ আমি ৰবট নহয়। আমাৰ এখন হৃদয় আছে, হৃদয়ৰ টান আছে। মন গ’লে দিনটোৰ চৌবিশ ঘণ্টাৰ চৌবিশ ঘণ্টাই কাম কৰিব পৰাকৈ আমাৰ মনৰ জোৰ আছে আৰু মন নগ’লে দিনটোৰ চৌবিশ ঘণ্টাই শুই বহি কটাব পৰাকৈ আমাৰ মনৰ আহম্মক স্থিতিও আছে। মন আৰু মগজু একাকাৰ কৰিব পাৰিলেহে সৰলৰৈখিক হয় সৃষ্টিৰ কাৰককোৰ।

 ‘শব্দৰ এজোলামবোৰ:নৈঋতলৈ বুলি’— এই যাত্ৰাৰ কালছোৱাত মোৰ পৰিয়ালৰ, কৰ্মস্থলীৰ আৰু মোৰ বন্ধুবৰ্গৰ উৎসাহ-

 বাণী সদায়েই মনত থাকিব। বিশেষ কৃতজ্ঞতাৰ চিনস্বৰূপে প্ৰকাশৰ দায়িত্ব মূৰ পাতি লোৱা টেক্‌নো এড পাব্লিকেচনৰ স্বত্ত্বাধিকাৰী নৱজ্যোতি দেৱ চৌধুৰী, দাদাপ্ৰতিম অগ্ৰজ ৰিংকুমণি কলিতা, আজিজ হাজৰিকা আৰু ইঞ্জিনিয়াৰ জাকিৰ হুছেইন দাদা, শ্ৰদ্ধাৰ শিক্ষাগুৰু প্লাৱন কাকতি ছাৰ আৰু ৰূপাঞ্জলি নাথ মেডামলৈ, সততে কৰি অহা ভুলবোৰ আঙুলিয়াই দিয়া বাবে প্ৰশান্ত কুমাৰ দত্ত আৰু দ্বিপম দিহিঙ্গীয়া ডাঙৰীয়ালৈ এই ছেগতে শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভাতৃপ্ৰতিম সহকৰ্মী বিশ্বজিৎ গগৈ, যি প্ৰথমৰে পৰাই প্ৰতিটো খণ্ড চালি-জাৰি চাই সমালোচনামূলক উপদেশ