পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ক্লাছ দুটা আছে। তাৰ পাছত দুটা অফ্‌ পিৰিয়ড। সেই তেতিয়াই তাইৰ ওচৰলৈ মানে, ইকবালৰ ওচৰলৈ যাম। সিদ্ধান্ত এটা ল’ব পাৰি মনটো ফৰকাল যেন লাগিল।

 ইকবালৰ ঠিকনা সুধি সুধি যেতিয়া ইকবালৰ ঘৰ ওলাইছিলোঁগৈ, ইকবাল তেতিয়া ঘৰত নাছিল। মোৰ তালৈ যোৱাৰ সময়টো সঠিক হোৱা নাছিল। মনৰ উত্তেজনা দমাব নোৱাৰি মই গুচি আহিলোঁ। সি অফিচলৈ ওলাই গ’ল বুলি মানুহ এগৰাকীয়ে জনালে। কি কৰিম কি নকৰিম বুলি ইফালে-সিফালে চালোঁ। গাড়ীৰ ভিতৰত অৰণ্যা নামৰ শিশুটিৰ পুৰস্কাৰসমূহ। তাইৰ কথাকে মানুহগৰাকীক সোধোঁ বুলি ভাবোঁতেই মৌসনা কণ্ঠেৰে কণমাণি দৌৰি আহিল, মাত লগালে,—“হাই আংকল”।

 আসঃ বুকু ভৰি গ’ল মোৰ। এইষাৰ মাত যেন অতি চিনাকি মাত, গোটেই ৰাতি মোৰ টোপনি হৰি নিয়া মৌ-মিঠা মাত।

 মুখলৈ এমোকোৰা হাঁহি আনি তাইক সুধিলো—‘হেল্ল’ হাউ আৰ য়ু?’

 ‘আই এম ফাইন, থেংকিউ। মই তোমাক চিনি পাইছোঁ।’— কণমানিৰ মাত।

 ‘হয় নেকি? কেনেকৈ চিনি পাইছা?’— মই কৌতূহল দমাব নোৱাৰিলোঁ।

 ‘কালি মই গান গাই থাকোঁতে তুমি ইমান হাততালি বজাইছিলা’—কণমাণিৰ উত্তৰ।

 ‘তুমি প্ৰাইজ পাইছিলা, নানিলা কিয়?’— মই সুধিলোঁ।

 ‘ইকবাল আংকলৰ দেৰি হৈ গ'ল যে গুচি আহিলোঁ’— কণমাণিয়ে ক'লে।

 ‘তোমাৰ প্ৰাইজবোৰ মই লৈ আহিছোঁ নহয়’—মই ক’লো।

 ‘মই তোমাৰ পৰা ল’ব নোৱাৰিম নহয়’— তাই ক’লে।

 ‘কিয় নোৱাৰিবা?'— মই সুধিলোঁ।

 ‘মায়ে কৈছে

 ষ্ট্ৰেঞ্জাৰৰ পৰা একো নল’বলৈ’—তাই ক’লে।

 ‘মইতো তোমাৰ ষ্ট্ৰেঞ্জাৰ নহয়,— মই ক’লোঁ।

 ‘তোমাৰ নামটোকে দেখোন মই নাজানো’—তাই ক’লে।

 ‘অহ স্মাৰ্ট গাৰ্ল, মাই নেম ইজ মিষ্টাৰ নৈঋত বৰুৱা’—মই ক’লোঁ।

 ‘ঠিক আছে, মই তোমাক আজিৰ পৰা নৈঋত আংকল বুলি মাতিম। মাই মাম্মা ইজ কলিং মি নাও। ৱেইট হা আংকল?’

 কণমাণিয়ে কাণত ফোন লগাই অনৰ্গল কথা পাতি গ’ল—‘হেল্লো মাম্মা, ফাইন মাম্মা, খাম মাম্মা, ইকবাল আংকল অফিচলৈ গ’ল মাম্মা। মাম্মা শুনানা মই যে এতিয়া নৈঋত আংকলৰ লগত কথা পাতি আছোঁ। ষ্টেঞ্জাৰ নহয় মাম্মা। ভাল হয় মাম্মা। আণ্টি আছে মাম্মা। ড’ণ্ট ৱৰী মাম্মা। আই এম য়ৰ স্মাৰ্ট গাৰ্ল। তুমি কথা পাতি লোৱা মাম্মা। কণমাণিয়ে মোৰ হাতত ফোনটো তুলি দিলে৷

 সিফালৰ পৰা ফোনটো কাটি দিলে। তাইৰ মাকে ফোন কৰিছিল। আজিকালিৰ ল’ৰা-ছোৱালী ভীষণ স্মাৰ্ট। তাই মাকক চিন্তা কৰিব নালাগে বুলিও ক’ব পৰা হ'ল। তাই আণ্টি বুলি মতা কেয়াৰটেকাৰ গৰাকীয়ে চাহ একাপ দি থৈ গ’ল। কণমানিয়ে মোৰ কোলাত বহি ললে। অকণমানি হাত দুখনেৰে মোৰ ডিঙিত সাৱট মাৰি ধৰি ক’লে—‘তোমাক মোৰ বৰ ভাল লাগিছে আংকল। মাম্মাজনীয়ে এনেই চিন্তা কৰি থাকে।’

 ’হয়তো, তোমাৰ মাম্মাই এনেই চিন্তা কৰিছে। তোমাৰ পাপাৰ নাম কি বেটা?’— মই সুধিলোঁ তাইক।

 ‘পাপা নাই নহয় মোৰ।’— তাই কৈ উঠিল।

 “অহ চ’ চৰী, তোমাৰ কোন আছে বেটা?’— মোৰ দুখ লাগি গ’ল।

 “মামা, মই, ইকবাল আংকল, সন্ধ্যা মাহী, এয়া আণ্টি আৰু আইতা৷’— তাই কৈ গ’ল।

 “সব আছে দেখোন তোমাৰ। তোমাৰ মাম্মাৰ নামটো কি বেটা?’— কৌতুহল ৰখাব নোৱাৰি মই সুধি পেলালোঁ।