পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এদিন হঠাতে দেখি গলা মোক। আচলতে সেই কালৰাতিটোৰ পাছৰে পৰা আমাৰ লগালগি হোৱা নাছিল। কফি হাউচৰ আছুতীয়া টেবুলখনত তোমাৰ নিৰ্জীৱ দেহাটো এৰি দিয়াৰ পাছতে তীব্ৰবেগত আহি বগা ‘আই-টেন’ গাড়ীখন ৰৈছিলহি। গাড়ীখনৰ পৰা নামি অহা ছায়াজনীৰ মুখলৈ চাই পঠিয়াইছিলা তুমি। কি দেখিছিল তুমি? মুখত হয়তো সামান্য প্ৰসাধন কিন্তু চকুত কাজলৰ অত্যাচাৰ। মোৰ গহীন ৰূপত তুমি নীৰৱ হৈ পৰিল। মুখ ফুটাব নোৱাৰি বিবেকৰ অনলত দগ্ধ হ’লা মাথোঁ। কফি হাউচৰ পৰা তুমি বাৰলৈ পোনালা। এঢোক এঢোককৈ পান কৰিলা দুখৰীয়া স্মৃতিবোৰ, সেই হাঁহিৰ টুকুৰাবোৰ, কাজলৰ শীতল আঁখিনি, সেই সময়ৰ উচ্ছলতাখিনি, কাতৰতাখিনি...।

 তাৰ পাছৰে পৰা গধূলিৰ এই সময়কণ তোমাৰ বাবে বিশেষ সময় হৈ পৰিছিল। মই নজনাকৈ তুমি কফি হাউচত বহিছিল। মই অহা বাটত চকু থৈছিল। এনে এটা দিনতে মোৰ কপালৰ সেন্দুৰণে তোমাক ভিতৰি ভিতৰি অস্থিৰ কৰি তুলিলে৷ কেতিয়া, কাৰ লগত, ইত্যাদি হাজাৰ প্ৰশ্নই তোমাক জুমুৰি ধৰিলে। এয়াইতো বিচাৰিছিলা তুমি নৈঋত, মোৰ এটা সৰলৰৈখিক জীৱন হওক বুলিয়েই আঁতৰি গৈছিলা, তেন্তে মোৰ কপালৰ ৰংখিনিত তুমি কিয় আহত হৈছিলা? ৰঙাখিনিয়ে তোমাক উপলুঙা কৰিছিল। ৰঙৰ মাজত ডুবি থকা মোৰ অৱয়ৱটোৱে তোমাক ৰঙীন কৰি তুলিলেও মোৰ সেওঁতাৰ সেন্দুৰ, মোৰ চকুৰ কাজল, মোৰ উজ্বল কাপোৰৰ মাজত তোমাৰ অস্তিত্বহীনতাই তোমাক কষ্ট দিছিল। বিষালি সময়বোৰ অধিক বিষময় কৰিবলৈকে কফি হাউচৰ পৰা বাৰলৈ খোজ লৈছিলা, মোৰ অজানিতে, হয়তো নিজৰেই অজানিতে।

 পৃষ্ঠাবোৰ শেষ হ’ল নৈঋত। লুটিয়াই ল'লোঁ পুনৰবাৰ। আকৌ পঢ়িলোঁ এফালৰ পৰা। কিছু বুজিলোঁ, কিছু অনুভৱ কৰিলোঁ।

 * * * *

 বাৰে বাৰে পঢ়িলোঁ। কিছু বুজিলোঁ, কিছু অনুভৱ কৰিলোঁ। সেই কালৰাত্ৰিৰ ভুল অংকটো পিছলৈ শুদ্ধ কৰিব পৰা নগ’ল। বিয়োগ চিনটোৱে বিপৰীতমুখী যাত্ৰাটোৰ মাজৰ দূৰত্ব বঢ়াই গ’ল মাথোঁ। আৰু নৈঋত? তোমাক সেন্দুৰৰ কথা কিনো কম? ৰাধাকৃষ্ণ মন্দিৰৰ সেই বৃদ্ধ পুৰোহিতজনক সুধিবাচোন নৈঋত। তেওঁ জানে... তেওঁ জানে, তেওঁ পাহৰিব নোৱাৰাকৈ জানে, কাক স্বামী বৰণ কৰি মোৰ কপালত মই নিজে সেন্দুৰ আঁকি লৈছিলোঁ। তোমাকেই যে বৰণ কৰিছিলোঁ মনে-প্ৰাণে, তোমাৰ নামৰ সেন্দুৰ লৈছিলোঁ প্ৰতি পুৱা পৃথিৱীৰ ওচৰত ফেশ্যনৰ নাম লৈ মই যে কপালত আঁকি লৈছিলোঁ তোমাৰ নামৰ ৰক্তজবা

 পাহি, সেই কথা যে তোমাৰ অজ্ঞাতেই থাকি যাব নৈঋত...।

—ছায়া□□