পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জানানে নৈঋত, সেইদিনাই মই মোৰ কপালখনত এপাহি ৰক্তজবা আঁকি লৈছিলোঁ। চূড়ান্ত বলিয়ালি আছিল, নহয়নে নৈঋত? অপৰিণীতা যে মইঙ্গ পৃথিৱীলৈ প্ৰশ্ন কিছুমান দলি মাৰি মই সিদিনাৰে পৰা সেইটো ৰূপেই গ্ৰহণ কৰি আহিছোঁ। ক’বলৈ যে কোনো নাছিল। নিয়মৰ শিকলিডাল যে ভৰিত কোনেও বান্ধি নিদিলে। ভিডিও কলত দেখা পাই মায়ে এদিন সুধিছিল।

‘মা এইটো ফেশ্যনত মোক ভাল লাগে বুলি কৈছে সৱে। তুমি বেয়া পাইছা নেকি দেখাত?'—মই উত্তৰ দিছিলোঁ।
ফোনটো কাটি দিছিলোঁ। মই মাক ক'ব নোৱাৰিলো চিটিপনি এছাৰিৰে মনটো শাসন নকৰিলাই যেতিয়া মা,মইনো কেনেকৈ শাসন কৰোঁ এই দুৰ্বল সময়ছোৱাত।
আজি তোমাক লগ নোপোৱা দুমাহ হ’ল। নিদ্ৰাহীনতাৰ দুমাহ, দুখৰ স'তে সহবাস কৰাৰ দুমাহ, অভিমানৰ দুমাহ, হতাশাৰ দুমাহ। তাৰ মাজতো ফুলি আছিল খেয়ালী মনৰ এপাহি ৰক্তজবা আৰু কেইটামান প্ৰশ্নবোধক চিন। নৈঋত জানানে তুমি, তথাপিও মই মূৰ দোৱাই খোজ কাঢ়িবলৈ নিশিকিলোঁ। তোমাৰ মৰমেৰে বলীয়ান মোৰ শৰীৰ মন। সেইবাবেই ৰাতিপুৱাই কপালত, ওঁঠত তোমাৰ কলিজাৰ ৰং সানি, চকুত কাজল, গাত নীলা কূৰ্তিটো বা আঁচলেৰে মেৰিয়াই লোৱা সোণাৰু ৰূপী সাজযোৰৰ মাজত মূৰ তুলি পৃথিৱীৰ প্ৰশ্নবোৰ এটা এটাকৈ ওফৰাই যাওঁ৷ মোৰ মনোবল ক’ত হাৰি যায় জানানে? কফি হাউচৰ সেই ল'ৰাটোৰ চকুত মোৰ মনোবল একেবাৰে ভাঙি যায় নৈঋত। বৰ অসহায় অসহায় লাগে তেতিয়া।
তুমি যদি এবাৰ আহি সুধিলাহেঁতেন মই কেনেকৈ আছোঁ, এবাৰ যদি আহি মোকলাই দিলাহেঁতেন বন্ধকী হৃদয়। হাৰি যাওঁ মাজে মাজে। মুখত প্ৰসাধনৰ প্ৰলেপ লেপি, গাত তোমাৰ প্ৰিয় পোছাক পিন্ধি বাহিৰত যিমানেই সুখী নহওঁ কিয়, মইতো মইয়েই, ভিতৰখন শূন্য আকাশৰ দৰে, বালিৰ ঘৰৰ দৰে, সৰি পৰা তাচপাতৰ দৰে...।
উজাই অহা বুকুৰ বিষটোৱে বৰকৈ আমনি কৰিছে। প্ৰিয় পুৰুষৰ মাজত সপোনৰ ৰাজকুমাৰ বিচাৰি হাহাকাৰ কৰি উঠে বুকুখন। সেইযোৰ চকুত যে পলৰীয়া চাৱনি বৰ অসহ্যকৰ, বৰ অসহ্যকৰ।

-তোমাৰ ছায়া

⸻⸻

(8)

নৈঋত তোমালৈ বুলি....

ছফুটীয়া ঋজু দেহাটিলৈ বৰ হেঁপাহ জাগে কেতিয়াবা। এই যেন দৌৰ মাৰি বুকুত সোমামগৈ, ভুকুৱাই ভুকুৱাই সুধিম কলৈ গৈছিলা?... কিয় গৈছিলা?... আহিবা এবাৰ।.... চাই যাবাহি কেনেকৈ উকুলি-মুকুলিকৈ নিচুকাওঁ মোৰ অবুজ হৃদয়। বহুত কথা যে ক’বলৈ থাকি গ'ল, বহুত কথা সুধিবলৈও থাকি গ'ল।
ফাইনেল পৰীক্ষাৰ কেইদিনমান আগৰ কথা। তোমাক লগ পোৱা দ্বিতীয়টো দিন। অফ পিৰিয়ডত লাইব্ৰেৰী খুচৰি থকাৰ সময়তে তুমি সোমাই আহিছিলা। মোক দেখি আচৰিত হৈছিলা নেকি তুমি? সুধিছিলা মোক
‘ছায়া দেখোন। কি কিতাপ লৈছা?’
তোমাৰ মুখত নিজৰ নামটো শুনি বৰ ভাল লাগিছিল মোৰ। নিজৰ বিভাগৰ জাক জাক ল'ৰা ছোৱালীৰ মাজতো তুমি মোৰ নামটো যে পাহৰি যোৱা নাছিলা! তুমি সুধিছিলা মোক— ‘দেওবাৰে ফ্ৰী আছা নেকি' বুলি।
পৰিৱেশ দিৱসৰ কাৰণে এটা চিত্ৰাংকন প্ৰতিযোগিতা পাতিবলৈ লৈছা। মই উপস্থিত থাকিব পাৰিম নেকি সুধিছিলা। কিবা এক বুজাব নোৱৰা সন্মোহনেহে টানিছিল যেন। পাছদিনা জমা দিবলগা মোৰ প্ৰজেক্টটোৰ কথা