শব্দৰ এলজোলামবোৰ নৈঋতলৈ বুলি
ছায়াৰ চিঠিৰে....
নৈঋত তোমালৈ বুলি...
মনত পৰেনে নৈঋত, ন-বজালৈ শুই নুঠা ছোৱালীজনী, এক ফাৰ্লং বাট খোজকাঢ়ি বেয়া পোৱা
ছোৱালীজনীক তুমি যে এদিন এটা প্ৰস্তাৱ দিছিলা—
‘ব’লা.. তোমাৰ কাৰণে ট্ৰেকচুট এযোৰ কিনো।’
‘কিয়?'— বিস্ফাৰিত মোৰ দুনয়ন।
‘কিয় মানে? জগিং কৰিবা।'— তুমি কৈছিলা।
‘মই অভাচাইজ্ড নেকি?’— মোৰ মৃদু আপত্তি।
‘নহয়। কিন্তু এতিয়াৰ পৰাই মেইনটেইন কৰিলেহে ধুনীয়াজনী হৈ থাকিবা।’ — তোমাৰ বুজনি।
‘সেইটো বাৰু ঠিক, কিন্তু ৰাতিপুৱা শুই উঠিম কেনেকৈ? আৰু জগিং?' নোৱাৰিম দেই।’— মই আকৌ
আপত্তি দৰ্শালোঁ।
‘চোৱা, মই কিবা এটা ভাবি ক'লোঁ, তুমি নামানিলে উপায় নাই। ৰাতিপুৱা চাৰি বজাতে তোমাক লগ পাম।
গোটেই চহৰখন দৌৰিম, দিনটোলৈ সতেজতা। মন নাযায় তোমাৰ?'– অভিমান মিশ্ৰিত তোমাৰ অনুৰোধ।
মন যায়। কিয়নো নাযায়?
প্ৰতিনিয়ত তোমাৰ ওচৰতে যে থাকিবলৈ মন যোৱা সময় আছিল সেয়া! প্ৰিয়পুৰুষ মোৰ জীৱনৰ।
প্ৰিয়জনৰ দাবীত বিদূৰ মোৰ পুৱাৰ চিকুণ টোপনি৷ চাৰি বজাতে নীলৰঙী ট্ৰেকচুট পিন্ধি ওলাই যাওঁ দিনটোৰ
সতেজতা আনিবলৈ। পুৱাৰ ৰ'দজাক আৰু কাষত মনৰ মানুহ— দুয়োটাৰ উমাল হেঁপাহেৰে দিনটোলৈ বন্দী হৈ
থাকোঁ মই। মনত আছেনে তোমাৰ নৈঋত?
এই যে মনৰ মাজত এটা গান গুণগুণাই থাকোঁ, কবিতা কবিতা যেন সময়বোৰত সোমাই থকা দাপোণখনৰ
সলাজতা, দিনটোৰ কৰ্মব্যস্ততা সামৰি কঢ়িয়াই ফুৰা চিনাকি ঠিকনা, তাতেই মই সুখী আছিলোঁ৷ বৰ সুখী আছিল
মোৰ সৰু পৃথিৱীখন। একো আবদাৰ নোহোৱা মৰমৰ বুলনি। হেঁপাহৰ উক্মুকনিত ধৰফৰাই ৰোৱা নিশাটো...
তোমাৰ এটা ফোনকল বা মেছেজত পাৰ কৰি দিয়া সমগ্ৰ নিশাটো। সাৰে থাকোঁ প্ৰায়ে। তোমাৰ মৌন ওঁঠৰ
ভাষাত কেতিয়াবা ৰাতিটো উজাগৰে কটাই চাৰি বজাতে দৌৰো বাটৰ ভাঁজে ভাঁজে। মনত পৰেনে তোমাৰ?
কি সাজে শুৱাব মোক বুলি সোণাৰুৰ হালধীয়া, কেতিয়াবা আকাশৰ নীলাখিনি মেৰিয়াই ওলাই যাওঁ
দিনটোলৈ৷ আকৌ তোমাৰ ওচৰলৈকে। তোমাৰ সংগৰে বৰ অহংকাৰী হৈ উঠিছিল মোৰ হৃদয়ৰ মণিকোঠ। চাহ
গছৰ মাজে মাজে, কেতিয়াবা নাহৰৰ ছাঁত, কেতিয়াবা কফি হাউচত বিদায় লৈ গুচি আহোঁ নিজৰ ক্ষুদ্ৰ
পৃথিৱীখনলৈ ৰাতিটোৰ স’তে কথা পাতিবলৈ। একো দাবী নাছিল জানানে মোৰ? কপালখন ৰঙা কৰোঁ বুলি
অভিমানৰ আবদাৰ তুলি এদিনেই তোমাৰ কাষত থিয় হৈছিলোঁ, তোমাৰ নিৰুপায়তাত ধৰ্ ফৰাই উঠিছিল মোৰ
নাৰী মন। তোমাৰ জীৱনলৈ অনাধিকাৰ প্ৰৱেশৰ বাসনা এৰি দিছিলোঁ সেইদিনাই। তুমি যে বিবাহিত! ফাগুনৰ
শিমলুজোপাৰ ছাঁতে ৰৈ আকাশত জুইফুল চোৱাৰ দিনাই তোমাৰ স’তে হৃদয়ৰ বিনিময়। হিচাপৰ অমিল নাছিল
তেতিয়াও। বৰষুণৰ নূপুৰ বাজে, ৰ'দৰ ফুল ফুলে, বতাহত সুগন্ধি বিয়পে। সেই বাটৰ ভাঁজে ভাঁজে দৌৰি দৌৰি
পাৰ হয় পুঁৱতি সময়বোৰ। অফিচলৈ গাড়ীত পাপনৰ প্ৰিয় গানৰ তালে তালে কালৈকো কেৰেপ নকৰাকৈ ঘণ্টাত
এশ-এশ বিশ কিলোমিটাৰ গতিবেগত চলি থাকে মোৰ মনৰ চকা। তোমাৰ মৃদু ভৰ্ৎসনাত কেতিয়াবা তীব্ৰ বিষাদৰ
গান, দুখৰ উজাগৰী ৰাতি, পিছদিনা পুৱাই নিলাজী বনৰ দৰে নীলৰঙী ট্ৰেকচ্যুটৰ মাজত বাটৰ ভাঁজে ভাঁজে ঘূৰি
ফুৰা মোৰ ভূ-মণ্ডল। হিচাপৰ অমিল তেতিয়াও নাছিল জানানে?