পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোমাই গ’ল। ওলাই আহিবলৈ নিবিচাৰিলে গানটো। জুনুকাটোৱে বাহিৰৰ পৰা ৰৈ মাতি থাকিল। গানটো ওলাই নাহিল। দুৱাৰ বন্ধ কৰি সোমাই ল’লে সুৰটো। ওলাই নাহিল সুৰটো। ওলাই আহিল মাথোঁ এটা হুমুনিয়াহ। সঁচাকৈয়ে লগ পাম নেকি তোমাক এবাৰলৈ? ইকবালো অকলশৰীয়া হৈ ৰ’ল। ইকবাল আজিকালি গুৱাহাটীলৈ টেন্সফাৰ হ’ল। কিবা এটা ভাবি তালৈ ফোন লগালোঁ। ডিব্ৰুগড়ত ভৰি দিয়াৰ মন মোৰ। এবাৰ মনটোৱে আবদাৰ তুলিলে মনাব নোৱাৰাকৈ ঠেন-এঠেন কৰিয়েই থাকে। সময়ৰ হালোৱা এছাৰিৰে কোবাই কোবাইও চিধা কৰিব নোৱাৰা মন মোৰ। যাম এবাৰ মই তোমাৰ ওচৰলৈ। অৰণ্যাক তোমাৰ ওচৰত থিয় কৰাম। অৰণ্যাক কম মই, সাহসেৰে কম মই সমগ্ৰ পৃথিৱীক, চোৱা চোৱা, যাৰ নামত মোৰ কপালৰ শাখা-সেন্দুৰ, সেইজন যে তুমিয়েই। যাম মই এবাৰ সোণাৰু আৰু নাহৰৰ সংগমথলীলৈ।

 সন্ধ্যা, ইকবাল আৰু নিয়ৰ তিনিওকে বেলেগ বেলেগে ফোন কৰি সময় উলিয়াই ডিব্ৰুগড়লৈ যোৱাৰ কথা বেকত কৰিলোঁ। যাম মই এবাৰ সেই মন্দিৰটোলৈ, কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ সংগমত যত বেলেগ হৈছিল ভালপোৱাৰ বীজ। লহপহকৈ কাঢ়ি ৰোৱা সেই প্ৰেমৰ গছজোপাৰ শিপাই যোৱা বুকুখন চাবলৈকে মই তালৈ যাম এবাৰলৈ।

 সন্ধ্যা সাতবজাত দিল্লীৰ পৰা ৰাওনা হৈ ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰ পালোঁহি, তেতিয়া কিংখাপৰ কাপোৰযোৰেৰে ন-কইনাজনী হৈ যেন জোনজনী ওলাই আহিছে। পূৰ্ণযৌৱনা নাৰীৰ ভৰ বুকুত বান্ধি আকাশে তৰাফুলৰ চানেকি বাছিছে। ৰাস্তাটো জীপাল, যেন চিপচিপ বৰষুণেৰে সিক্ত। বুকুত অযুত ভাবনাৰ লহৰ। বুকুৱেদি উজাইছে হেঁপাহৰ স্মৃতি, আকৌ ভটিয়াইছে, আকৌ উজাইছে। বহুত দিনৰ মূৰত এৰি থৈ যোৱা চহৰৰ সুবাস। ইয়াৰ মাটিৰ গোন্ধই যেতিয়াই তেতিয়াই মোৰ পদূলি বিয়পায়। সেই গোন্ধটোৰ লগতে কিমান দিনৰ যে সহবাস মোৰ একমাত্ৰ অৰণ্যাৰ কথা চিন্তা কৰিয়েই মই এই চহৰৰ পৰা মেলানি মাগিছিলোঁ। অভিমানবোৰ যেন এতিয়াও টোপাটোপে সৰিছে মোৰ প্ৰিয় চহৰৰ বিষন্ন সন্ধ্যাৰ কোলাত। সুমথিৰা যেন জোনজনীয়েও পাতলাব পৰা নাই প্ৰিয় চহৰৰ দুখ।

 গোটেই ৰাতিটোৱেই বাহিৰত বহি ৰ’লোঁ। অৰণ্যা শুলে। নিয়ৰক ঘৰত থৈ আহিলোঁ। ইকবাল তাৰ পুৰণি বন্ধুৰ ঘৰত থাকিল। সন্ধ্যা নিজৰ ঘৰত ৰৈ দিলে। মই ৰৈ গ’লোঁ চহৰৰ উপকণ্ঠ অঞ্চলৰ এই আৱৰ্তভৱনত। আপোন চহৰৰ শৰতৰ আকাশৰ এই মুগ্ধতা হলহলকৈ পান কৰিও পূৰাব পৰা নাই মনৰ তৃষ্ণা। পুৱাতে উঠি মন্দিৰলৈ গলোঁ। আত্মবিশ্বাসেৰে টলমল মোৰ মুখনি। দুখবোৰ কৰ্পূৰৰ দৰে উৰি গ’ল যেন হঠাতে। সকলো মান- অভিমান ত্যাগ কৰি মই ওলাইছোঁ তোমাৰ ঘৰৰ নঙলামুখলৈ। মোৰ অহমিকাবোধ জীৱনৰ কোনোবাটো বিন্দুত কেতিয়াবাই এৰি আহিলোঁ। নিয়ৰক ফোন কৰিলোঁ। নিয়ৰে তুমি ঘৰত নথকাৰ বতৰা দিলে। ৰাজহুৱা কাম এটাত মাজুলীত আছাগৈ হেনো। ওঁঠৰ ফাকেৰে হাঁহি এটি বিৰিঙি উঠিল। জীৱনটোলৈ বিদ্ৰুপৰ হাঁহি এটা এৰি দিলোঁ— তই আৰু কিমান নচুৱাবি মোক তোৰ তালে তালে? অৰণ্যাক লৈ তোমাৰ ঘৰ পালোঁহি। তোমাৰ ৰূমত সোমায়েই মই আচৰিত হৈ গ’লোঁ। মোৰ কিতাপ আৰু মোৰ ফটোৰে তুমি বিশ বছৰীয়া ল’ৰাটোৰ দৰেই ঘৰ সজাইছা। নিয়ৰৰ সন্মুখত মোৰ লাজ লাগিল। তাৰ চকুলৈ চাব নোৱাৰিলোঁ।

 তোমাৰ বেডৰূমলৈ সোমাই গ’লোঁ। বিছনাখনৰ শিতানৰ দেৱালত কোনোবা পটু শিল্পীৰ হাতৰ পৰশত ফুটি উঠা এজোপা বৃক্ষত আশ্ৰয় লোৱা অলেখ বিহংগ। কাষৰ দেৱাললৈ চকু দিলোঁ। হতবাক হোৱাৰ পাল। চাৰিখন ফটো ফ্ৰেমত বান্ধি থোৱা আছিল। এখন তোমাৰ, এখন মোৰ, এখন নিয়ৰৰ আৰু এখন অৰণ্যাৰ। তাৰ মানে? কথাটো প্ৰশ্নবোধক চিন এটা হৈ মূৰত পাকঘূৰণি খালে বহুত দেৰি। নৈঋত, তুমি কেনেকৈ জানিলা অৰণ্যাই বহন কৰা তেজৰ খবৰ?

—ছায়া

(৫৬)

নৈঋত তোমালৈ বুলি.....