পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নহ’ল। নামটো জনা হ’লেও। মানপত্ৰখিনিলৈ চকু গ’ল। তাইৰ সমূহ পুৰস্কাৰ মোৰ ওচৰতে আছে। ৰাতি দুই বজাত বিছনাৰ পৰা উঠি বহিলোঁ। মানপত্ৰ এখন উলিয়াই ল’লোঁ। ‘অৰণ্যা’ বুলি লিখা আছে। আৰু একো লিখা নাই। আৰু একো জনাৰ উপায় নাই। গোটেই কেইখনতে ‘অৰণ্যা’ বুলিয়েই লিখা আছে। অবুজ হৈ উঠা মনটোক বুজাইছোঁ—‘কাইলৈ লগ কৰি ল’বি নৈঋত... এতিয়া অলপ শুই যা। ৰাতিপুৱাই ক্লাছ আছে। এনেই তোৰ হাৰ্টৰ সমস্যা, অলপ টোপনি নগ’লে গা বেয়া হ’ব। গা বেয়া হলে কোনে চাব তোক? কোনোৱেতো নাথাকে তোৰ লগত।’

 মনটোক বুজনি দি বিছনাত পৰিলোঁ। ইফালে বাগৰিলেও তাই, সিফালে বাগৰিলেও তাই, চুব খুজিলেই নাই। সীমাহীন শূন্যতাত তাই ওপঙি ৰৈছে। হাত দুখন মেলি দিছোঁ, কণমাণি হাত দুখন মেলি দৌৰি আহি কোলাত বহি ৰৈছে। ডিঙিত সাৱটি মাৰি ধৰি কৈছে ‘পাপা আই লাভ য়ু।’

 চক খাই সাৰ পাই গ’লোঁ। চিলমিলকৈ টোপনি আহিছিল। সপোনতো তাই সোমাই আছিল। দূৰৈৰ পৰা পুৱা চাৰি বজাৰ সংকেত বাজি উঠিল। নিয়ৰলৈ মনত পৰিল। আগতে কণমাণি হাত দুখনে মোৰ ডিঙিত সাৱট মাৰি শুই থাকে। এতিয়া সি বহুত ডাঙৰ হ’ল। হোষ্টেলত অকলে থাকিব পৰাকৈ ডাঙৰ হ’ল সি। নিয়ৰ আৰু মোৰ সম্পৰ্কটো পিতা-পুত্ৰতকৈ বন্ধুৰ বুলি ক’লেহে সঠিক কোৱা হ'ব। তাৰ যিকোনো সমস্যাৰ সমাধান মই, তাৰ প্ৰতিটো কথাৰ শ্ৰোতা মই। এটাই ল’ৰা মোৰ আৰু মই তাৰ একেধাৰে পিতৃ, মাতৃ, বন্ধু। তাৰ ভাষাত ফ্ৰেণ্ড, ফিলছফাৰ, গাইড।

 বাহিৰলৈ পঢ়িবলৈ যোৱাৰ দিনা সি সৰু ল’ৰা এটাৰ দৰে উচুপিছিল। ‘তোমাৰ গা বেয়া হ'লে কোনে চাব, ডাক্তৰ আংকলক কোনে ফোন কৰি মাতি আনিব’— বুলি তাৰ উচুপনি। সদায় ৰাতিপুৱা ছয় বজাত আৰু ৰাতি দহ বজাত তাক ফোন কৰাটো বাধ্যতামূলক। অলপ ইফাল-সিফাল হলেই সি মুখ ফুলাই দিয়ে। মোৰ সৰু পৃথিৱীখন সিয়েই জুৰি আছে। তাৰ কথা মনলৈ অহাৰ লগে লগে প্ৰশান্তিৰ হাঁহি এটা বিৰিঙি উঠিল। কিমান দিননো হৈছিল সি জন্ম হোৱা, সৌ সিদিনালৈকে মোৰ বুকুৰ ওপৰত ভৰি দি, কেতিয়াবা ডিঙিত সাৱটি সি শুই আছিল। তাৰ কণমানি দেহটোৱে মোৰ শৰীৰৰ স্পৰ্শ নাপালে বিছনাতে খেপিয়াই থাকে। ওচৰৰ থানাখনৰ পৰা পুৱা ছয় বজাৰ সংকেত ভাহি আহিল। নিয়ৰক ফোন কৰাৰ কথা আছিল। কিবা কিবি ভাবি থাকোঁতে পাহৰিয়ে গৈছিলোঁ। ফোনটো দাঙি ল’লো।

 নাম্বাৰটো ডায়েল কৰাৰ লগে লগে সিপাৰৰ পৰা উদ্বিগ্ন মাত,—‘পাপা, ইমান ফোন কৰি আছোঁ, ফোন উঠোৱা নাই তুমি।’

 “অহ বাবা... ফোনটো চাইলেন্ট কৰি থোৱা আছিল, পাহৰিয়েই গৈছিলোঁ—মই ক’লো।

 ‘পাপা মই যে চিন্তাত থাকোঁ তুমি বুজি নোপোৱা কিয়? এনেকুৱা কৰিলে পঢ়া-শুনা বাদ দি ঘৰলৈ যামগৈ মই।’—তাৰ অভিমান মিশ্ৰিত কথা।

 নিয়ৰৰ ল’ৰামতীয়া কথাবোৰে মোক হঁহুৱাই পেলায়। বাহিৰৰ জগতখনৰ আও-ভাও বুজি নোপোৱা ল’ৰাটোক এৰি থৈ আহোঁতে বুকুত এক গভীৰ বেদনা অনুভৱ কৰিছিলোঁ। সি বাৰু নিজৰ কামবোৰ নিজে কৰিব জানেনে? কিমান দিনলৈকে সি জোতাৰ ফিটাডালেই মাৰিব নাজানিছিল। কিমান দিনলৈকে সি মাছৰ কাঁইট বাছি খাব জনা নাছিল। আৰু এতিয়া হোষ্টেলত সি সকলো কাম অকলে অকলে কৰিব লাগে। বৰ আতোলতোলকৈ তুলিছোঁ তাক, মাকৰ অভাৱ অনুভৱ হ’ব নিদিয়াকৈ। মোৰ বাস্তৱৰ ৰুঢ়তাই তাক চুব নোৱাৰাকৈ ডাঙৰ কৰি আনিছোঁ মই। সেই কাৰণেই সি কষ্ট পোৱা বুলি শুনিলে বুকুখন বিষাই যায়। পিতৃ মই। পিতৃত্ব মোৰ গৌৰৱ। একমাত্ৰ সন্তানৰ মাজতে পৃথিৱীখন বিচাৰি পোৱা পিতৃ মই।

 কিন্তু.....

 কিন্তু কালি ছোৱালীজনী দেখাৰ পৰা ভিতৰখনত কোনোবাই যেন ডাঙৰ শিল এছটাহে বহুৱাই দিলে। নাই আৰু নোৱাৰি। তাইক লগ কৰিবলৈ যাম এবাৰ মই। নিজে যাম। ক’ৰবাত দেখিছোঁ তাইক। ক’ত দেখিছিলোঁ আৰু কিয় মোৰ মনত এনেকৈ সাঁচ বহুৱাকৈ দেখিছিলোঁ তাকে চাবলৈকে মই তাইৰ ওচৰলৈ যাম।