পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যমজ কন্যা—এজনী অভিমানী আৰু আনজনী আকুল। সুৰ, তাল, লয়ত নাচি উঠা ’মই’জনীৰ জুনুকাযোৰ ছিগাৰ পৰাই অভিমানীজনীৰ ঠেহ কি চাবা। তোমাৰ মাত শুনি সাজি-কাচি ওলাই আহিছে আকুলতাজনীও। কেঁচুৱাৰ দৰেই আকুল তাই। এই যেন এগালমান প্ৰশ্নৰে তোমাক থকাসৰকা কৰিব, আবদাৰ কৰি উঠিব—‘আহা এতিয়াই আহা মোৰ ওচৰলৈ'।

 অভিমান আৰু আকুলতাৰ দবিয়া-দবিত নিৰ্বাক হৈ ৰৈছিল মোৰ ওঁঠযুৰিও। ক’বলৈ একোৱেই নাছিল জানো মোৰ? কিমান যে কথা সুধিবলৈ আছিল। ইকবালে সোধা প্ৰশ্নটোক যেন তোমালৈ ছটিয়াই দিম— ‘কি প্ৰেমত বিশ্বাসী তুমি নৈঋত?’ দেহাটিয়ে থেৰো-গেৰো কৰা কাৰণেই হৃদয়খন শিমলুৰ ফেৰেঙণিত ওলোমাই থৈ আহিলা, এয়া কেনে ন্যায় আছিল নৈঋত? মই জানো... মই জানো নৈঋত, শৰীৰে প্ৰেমৰ পূৰ্ণতা আনে, কিন্তু পূৰ্ণতাৰ নিচাত ডুবিব পৰাকৈ মোৰ মানসিক প্ৰস্তুতিকণলৈকো ৰবলৈ সময় নাছিল নে তোমাৰ?

 না.. একোৱেই ক’ব নোৱাৰিলোঁ মই। ওঁঠযুৰিৰ মৌনতাৰ ভিৰত প্ৰশ্নবোৰ উৰি উৰি ওলাই যাবলৈ বাট বিচাৰি নাপাই আকৌ অন্তগহনত থূপ খালেহি। অভিমানী এটি প্ৰশ্নই লীন যাব নিবিচাৰিলে, ৰুক্ষ স্বৰেৰে যেন তাই ওলাই গ’ল মোৰ সুখৰ পৰা— ‘তোমাৰ ব্যক্তিগত বা সামাজিক জীৱনত মই একো দাগ নাসানো নৈঋত, মোৰ সৃষ্টিক লৈ তুমি নিশ্চিন্ত থাকা’৷

 ‘লগ পাম তোমাক’—কৈছিলা তুমি।

 ‘কিয় লগ পাব লাগে মোক?’— অভিমানীৰ ওলোটা পশ্ন।

 ‘ইমান দিন মূৰত মোৰ মাতটো শুনি ভাল লাগিছে নে তোমাৰ?’— আৱেগ ঢাকিবলৈ তুমিও যে অক্ষম হৈ পৰিছা, বুজিছিলোঁ মই।

 ‘হুহ??... বুলি মুখ ঘূৰাই দিছিলোঁ। ফোনৰ সিপাৰত তুমি। ইপাৰত মোৰ বলিয়ালি, অভিমানৰ বলিয়ালি, আকুলতাৰ বলিয়ালি। অভিমানীজনীৰ ৰ’বলৈ সময় নাছিল, ফোনটো কাটি দিলে তাই। বৰ দেমাকী তাইৰ। আধৰুৱা কথাৰ মাজত ফোনটো কাটি দিলে তাই। আগৰ দৰেই আকৌ ডায়েল কৰিবলৈ লওঁতেই মনত পৰিল এয়াতো সেই সময় নহয়, নহয় সেই সময় যে ফোনটো কাটি যোৱাৰ লগে লগে ৰিডায়েল কৰি আকৌ কথা পাতিম। পাঁচ বছৰত সলনি হৈছে সকলো। সলনি নহ’ল মাথোঁ মোৰ অবুজন মনটো।

 নৈঋত, তোমাৰ পৰাও দ্বিতীয়টো কল আশা কৰি লাভ নাই। আধৰুৱা সম্পৰ্ক, আধৰুৱা প্ৰশ্ন, আধৰুৱা উত্তৰ, এই সৰোঁ সৰোঁকৈ থকা বিন্দি এটাৰ আধৰুৱা আশা-নিৰাশাৰ দোমোজাত পৰি ৰ’লোঁ মই। নিজলৈকে পুতৌ জন্মিল। অভিমানীজনীয়ে তালফাল লগাই আছে। কিয় ৰাধা হ’বলৈ আগবাঢ়িছিলি?’ আকুলতাজনীৰ নিঃসহায় স্বীকাৰোক্তি— ‘তেৱেঁইতো মোক বিচাৰিছিল, তেৱেঁই মোৰ কাষলৈ আহিছিল। মই ভালপাই পেলালোঁ, কি কৰোঁ মই? ভালপোৱাই অংক কৰিব নাজানে। নাজানে কাৰণেই ভুল হৈ যায় সদায়।’

 উচুপি উঠিলোঁ। চকুপানীবোৰে আজি আকৌ বানৰ ৰূপ লৈছে। ইকবাললৈ ফোন কৰিলোঁ। ফোনতো কান্দিয়েই থাকিলোঁ। সিও বুজি উঠিল কোনোবা এটা বিন্দুত দুখৰ লগনটো স্তব্ধ হৈ পৰিছে। সি সুধিলে বাৰে বাৰে—‘মোক যদি ভাল বন্ধু বুলি ভাবিছে, কওক কি হৈছে আপোনাৰ। আপোনাৰ চকুত চকুলো শোভা নাপায়। নাকান্দিব আপুনি। মই আছোঁ.... মোক কওঁক।’

 কি কৰোঁ মই... কি কৰোঁ? কোনোৱেই নাই মোৰ। দুখৰ ভৰত হৃদয়খন নিজেও কঢ়িয়াব পৰা নাই, দাঙি দিবলৈকো কোনো নাই। তোমাৰ কথাৰে সময় পাৰ কৰিম বুলি ভাবিলেও শুনিবলৈ কোনো নাই। ধেমালি ধেমালিকৈ আৰম্ভ কৰা সম্পৰ্কটোৱে ইমান জটিল ৰূপ পাব বুলি মই ভবা নাছিলোঁ নৈঋত।

 ওভতনি যাত্ৰা কেতিয়াবাই আৰম্ভ কৰিছিলোঁ। আজিহে দেখিলোঁ এই ওভতনি যাত্ৰাত মই এখোজো আগবাঢ়িবলৈ পৰা নাই। ভৰিত যে শিকলি বন্ধা। মৰমৰ শিকলি.....

—তোমাৰ ছায়া