পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কথাবোৰ মনলৈ আহোঁতেই গজলটো লিখি ল’লো। ছন্দ দিবলৈ বাকী মাথোঁ। মেঘালীয়ে দিয়া পৰামৰ্শ— ‘কিবা এটা কৰ। তোৰ মাজত কিবা এটা আছে। আছে কাৰণেই কেৰিয়াৰৰ কথা চিন্তা নকৰি শিপা গজাই ল’লি ইয়াত।’— শেষলৈকে বুজনি তাইৰ। মোৰ একাকীত্বক লৈ তাইৰ অহেতুক শংকা।

 লিখিব লাগিব নৈঋত...লিখিব লাগিব। প্ৰকাশ কৰিবলৈ ভয় অ’... জানোচা তোমাৰ অনুভৱেৰে বেহা কৰা বুলি ভাবিবলৈ আৰম্ভ কৰা তুমি! তোমাৰ জীৱনত আউল লগোৱাৰ ইচ্ছা মোৰ একেবাৰে নাই। নিজে কাঁইটৰ ওপৰত থিয় হৈ আনৰ বাটত ফুল ছটিওৱাৰ প্ৰেৰণা পাওঁ ভিতৰত কঢ়িয়াই ফুৰা তুমি নামৰ মিঠা বেদনাখিনিৰ পৰাই।

 কলমটো মোৰ বৰ প্ৰিয় হৈ পৰিছে নৈঋত। জুয়ে পুৰি সোণ হ’ব বিচৰা মোৰ কলমটো। নীলৰঙী বিহমিহলি চকুপানীৰ চিয়াঁহীখিনি আৰু নীৰৱে বুকু পাতি কলমৰ খোঁচ সহি লোৱা মোৰ কলপতীয়া ডায়েৰীখন। ইহঁতেই মোৰ নিঃসংগ সময়ৰ একান্ত সংগী। সিহঁতকো বাহিৰলৈ উলিয়াই নিয়াৰ আবদাৰ। বৰ অভিমান সিহঁতৰ। ঘৰৰ মতত মনে নিবিচৰা সংগীলৈ বিয়াত সোমোৱা ন-ছোৱালীজনীৰ দৰে কেতিয়াবা কলমটোৱে অভিমানতে শব্দবোৰ উলিয়াই নানে, নীলা ৰংখিনিৰে নিজকে সজাই নোতোলে। ডায়েৰীখন সেইদিনা এলাগী নাৰীৰ দৰে অনাদৃতা হৈ অকলে পৰি ৰয়।

 নৈঋত, স্বাৰ্থপৰৰ দৰে এটি ক্ষীণ আশাত বন্দী মই। শব্দেৰে-সুৰেৰে জিনিম তোমাৰ পৃথিৱী। কথা দিছোঁ৷ মই, তুমি উজলোৱা এধানমান টিপচাকিটোৰ পোহৰতো তোমাকে আৱৰি ৰাখিম মই। ছায়া হৈ তোমাৰ কাষে কাষে ঘূৰি তোমাৰ সত্তাটোকে ৰখি থাকিম... চিৰদিন... চিৰকাল...।

—তোমাৰ ছায়া

□□

(২২)

নৈঋত তোমালৈ বুলি....

 ‘টুডে ইজ দ্য ডে, লেজি চানডে’...।

 মোবাইল স্ক্ৰীনত টিত টিতকৈ ৰিংটনটো বাজি উঠিল। চালোঁ। ঝংকাৰে আমাৰ স্কুল বেটচৰ গ্ৰুপলৈ হোৱাটচ্ আপত পঠিওৱা মেচেজ। মেঘালীৰ বিয়া আজি। আগতীয়াকৈ মাতিছিল যদিও মই নগ’লোঁ। মন নগ’ল। জানোচা তোমাক লগ পাই যাওঁ। আৱেগ নিয়ন্ত্ৰণ নহ’লে কি কৰিম মই? আজিকালি মানুহৰ সমাগমলৈ বৰ ভয়লগা হৈছে। যদি ধৰা পৰে মোৰ স্বৰূপৰ দ্বৈততা! খেয়ালী, শংখিনী মানুহজনীৰ আঁৰৰ মৰম আকলুৱা, ভংগুৰ, বিষন্ন, দুৰ্বল মানুহজনীৰ স্বৰূপ প্ৰকাশ পোৱাৰ ভয়।

 বিছনাখনতে অলসভাৱে পৰি ৰৈছোঁ। ব’হাগৰ প্ৰথমজাক বৰষুণ। সেইদিনাও বৰষুণ আছিল। কুঁহিপাতে নাচিছিল বৰষুণৰ তালত, সেউজীয়াবোৰে সজোৱা প্ৰেমৰ মঞ্চত। গোলমোহৰ জোপাৰ তলৰ বেঞ্চখন ৰঙা হৈ পৰিছিল আৰু মই আছিলোঁ নীলা নে হালধীয়া পখিলাজনী হৈ। চাৰিওফালে সাতোৰঙী ৰামধেনুৰ সমাহাৰতো তুমি কেৱল ৰঙেই ছটিয়ালা। নেদেখিলা কিয় ভেকুৱামৰ বৰণ? হিয়া কঁপেনে সোণ সেই বৰণহীন বৰণত?

 দূৰৈৰ পৰা অহা ঢেঁকীৰ চাবটো বুকুৰ ভিতৰলৈ উজাই গৈছে। খুবলিটো আঁতৰাব বিচাৰোঁতে হিয়াখনেই যে ভাগি থাকিল। এতিয়া ৰিঙা ৰিঙা সুৰ চৌপাশে। চেনাই যে চেনাই হৈ নাথাকিল। ঢোলৰ ছেৱত কেনেকৈ নাচিব দুভৰি, কিদৰে ভাগিব কঁকাল? বিহু যে বিহু হৈ থকা নাই। বিহু মোৰ বাবে এতিয়া বিবাদ।

 ৰাতিপুৱাই বিষাদৰ সুৰটোৱে মনটো গধুৰ কৰি তুলিলে। ঘৰলৈকো নগ’লোঁ। হাঁহিৰে সদায় কেনেকৈ ঢাকি ৰওঁ বিষণ্ণতা? মালৈ মনত পৰিল৷ একো দাবী নোহোৱা ‘মা’-জনী মোৰ! কিয় যে পলাই ফুৰোঁ সকলোৰে পৰা!