পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘সেইদিনা আপুনি গুচি যোৱাৰ পাছতে ছাৰ আহি মোক কোন আহিছিল, কিয় আহিছিল, সুধিলে। ছাৰ বহুত চিন্তাত আছিল। ম্যাডামে বাৰে বাৰে ফোন কৰি আছিল। ছাৰে মোক অৰণ্যাৰ কাপোৰ-কানিবোৰ ঠিক কৰি দিবলৈ ক’লে। পিছদিনা ৰাতিপুৱাই ছাৰে অৰণ্যাক লৈ গুচি গ’ল।’

 কেয়াৰটেকাৰগৰাকীৰ কথা শুনি অলপ চিন্তা কৰিলোঁ। কি সমস্যা হৈছে বাৰু ছায়াৰ? ক’লৈ লৈ গ’ল অৰণ্যাক? তাই জানিব বুলি আকৌ সুধিলোঁ—

 ‘ইকবালহঁত এতিয়া ক’ত আছে জানা নেকি তুমি?’

 ‘ছাৰে অৰবিন্দ আশ্ৰমৰ কথা কোৱা শুনিছিলোঁ।— তাই অলপ চিন্তা কৰি ক’লে। কাৰোবাক চেন্নাইলৈ যাম বুলি কোৱাও শুনিছিলোঁ।’

 চেন্নাই?...চেন্নাই কিহৰ বাবে? ছায়া আজিকালি চেন্নাইত থাকে নেকি? নাজানো, একো নাজানো মই। মাথোঁ অৰণ্যাক মই লগ পাব লাগে। ছায়াৰ স’তে এবাৰ মুখামুখি হ’ব লাগে। নতুবা ইকবালৰ লগত অলপ কথা পাতিবলৈ পাব লাগে।

 ভাবিবলৈ সময় নাছিল মোৰ। আকৌ সুধিলোঁ কেয়াৰ টেকাৰগৰাকীক ‘কিয় অৰবিন্দ আশ্ৰমলৈ যাব অৰণ্যা?’

 কেয়াৰ টেকাৰগৰাকীয়ে উত্তৰ দিলে—‘নাজানো, কিন্তু ম্যাডাম তালৈ গৈয়ে থাকে।’

 নাজানো, অৰবিন্দ আশ্ৰমৰ বিষয়ে একোকে নাজানো, ছায়া গৈ থাকে, অৰণ্যাক লৈ গৈছে, সেই কথাটো মগজু কঁপাই ঘূৰি থাকিল। ৰ’বলৈ সময় নাছিল। ঘৰলৈ আহি গুগল চাৰ্চ ইঞ্জিন চাৰ্চ কৰি পণ্ডিচেৰীৰ অৰবিন্দ আশ্ৰমলৈ যোৱা ৰাস্তাটো বিচাৰি ললোঁ। ইয়াৰ পৰা চেন্নাইলৈ এৰোপ্লেনেৰে, চেন্নাইৰ পৰা তালৈ, মানে পণ্ডিচেৰীলৈ তিনিঘণ্টাৰ ৰাস্তা। কাইলৈকে যদি ফ্লাইটত উঠি দিওঁ, পৰহিলৈ ছায়াক লগ পাই যাম। যোৱা পাঁচদিন ধৰি ছায়া আৰু অৰণ্যাৰ মাজত নিজকে ব্যস্ত ৰাখিছোঁ। নাজানো কিয়? অৰণ্যাৰ মাজত দেখা পোৱা ছায়াৰ মুখখনৰ কাৰণেই নেকি? নাজানো... নাজানো। কিছুমান কাম কোনো কাৰণ নোহোৱাকৈয়ে কৰা যায়। মোৰ এই যাত্ৰাও তেনে এক কাৰণবিহীন যাত্ৰা। কাৰণবিহীন যাত্ৰাটোতো এটা কথাই পাকঘূৰণি খাই আছিল, অৰণ্যাৰ দেউতাক নাই, অথচ ছায়াৰ শিৰত দগমগীয়া সেন্দুৰ। দুয়োটা কথাৰ মাজত যোগসূত্ৰ বিচাৰিয়ে মই ছায়াক লগ কৰিব ওলাইছোঁ। অলপ পাছতে হয়তো চেন্নাইত ভৰি থ’ম।

 এতিয়া সন্ধ্যা সাত বাজিল। চকুৰে আকৌ মুদি দিলোঁ। কাজিৰঙাৰ পৰা আহোঁতে ছায়া আৰু ইকবালক বুঢ়াপাহাৰৰ ওচৰত দেখিছিলোঁ। ছায়া ইমান সুখী আছিল সেইদিনা। ৰঙা শাৰীখনেৰে তাই গোটেইজনী ৰঙা হৈ আছিল। আগৰাতিৰ মুহূৰ্তকেইটা তাই কিদৰে লৈছিল জনাৰ ইচ্ছা থাকিলেও সোধাৰ সাহস নাছিল। ধূলি উৰুৱাই পাৰ হৈ যোৱা তাইৰ বগা ৰঙৰ আইটেন গাড়ীখন লাহে লাহে নেদেখা হৈছিলোঁ। কাৰোবাক সুধিম বুলি ভাবিলেও কিবা এক সংকোচবোধে সেই কৌতূহল দমন কৰিছিল। ইকবালৰ সতে তাইক কৰা সন্দেহ নস্যাৎ কৰি ইকবাল অবিবাহিত হৈ ৰৈছিল। ইকবালৰ বহু খবৰেই পাই থাকোঁ নিয়ৰৰ পৰা। জীৱনটোক যোগ-বিয়োগ অংকৰে সমাধান কৰি সফল পিতৃ বা সফল ব্যক্তি হোৱা মই আজি এই অংকৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছোঁ। আৰু কেইঘণ্টামান পাছতে হয়তো ছায়াক লগ পাম। ইমান দিনৰ মূৰত লগ পোৱাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ উত্তেজনাখিনিতকৈ ছায়াৰ ব্যক্তিগত জীৱনক লৈ মই বেছি অধীৰ হৈ পৰিছোঁ। নাজানো ছায়াৰ মানসিক অৱস্থা কি? নাজানো এতিয়া ছায়া কেনে হৈ আছে। নিয়ৰহঁতে দেখা পোৱা অনন্য ব্যক্তিত্বৰ অধিকাৰী নে বিধ্বস্ত মন এটা কঢ়িয়াই ফুৰা বাহ্যিক সৌন্দৰ্যৰ মাথোঁ এটা পোছাকি নাম?

 চেন্নাইৰ এয়াৰপৰ্টৰ পৰা নামি এখন টেক্সি ল’লোঁ। আঠ বাজি পাৰ হৈ গ’ল। ৰাতিটো ইয়াতে ৰৈ দিয়া উচিত হব। টেক্সীৱালাজনে মোক মাৰ্চন ল’জলৈ লৈ গ’ল। পাছদিনা পুৱা চাৰি বজাতে টেক্সীৱালাক আহিবলৈ কৈ ৰূম এটা বন্দোৱস্ত কৰিলোঁ। মনত অপাৰ উৎকণ্ঠা। বয়সৰ দোহাই দি আজিৰ পৰা দহ বছৰ আগতে এটা সম্পৰ্ক ছেদ কৰি আহিছিলোঁ। তেন্তে আজি দহ বছৰৰ পাছত বয়সৰ কথাটো কিয় এবাৰো মনলৈ অহা নাই। নিয়ৰলৈ মনত পৰিল। সি কি বুলি ভাবিব বাৰু? নিয়ৰলৈ ফোন কৰিলোঁ। চেন্নাইত আছোঁ বুলি কোৱাৰ লগে লগে