পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱনত প্ৰৱেশ কৰিব পৰা সম্পৰ্কও আমাৰ নহয়। কিন্তু যোৱাবাৰ মোৰ খবৰ ল’বলৈ আহি সি যে অস্থিৰতাৰ টোপোলা এটা মোৰ ওচৰত এৰি থৈ গৈছিল, তেতিয়াই মই সিদ্ধান্ত লৈছিলোঁ যে টোপোলাটো মই খুলিম। তাৰ গাত তোমাৰ শোণিত বহ্নিমান কাৰণেই মোৰ কি এই সিদ্ধান্ত? নহয়? সেইটোৱে প্ৰধান কাৰণ নহয়। মই এনেয়েও এইচাম ল’ৰা-ছোৱালীৰ মানসিক স্থিতি সম্পৰ্কে সচেতন। মোৰ ওচৰলৈ হতাশগ্ৰস্ত ছাত্ৰ-ছাত্ৰীসকল আহে, সমিধান বিচাৰে। মোৰ চৌবিশ ঘণ্টাৰ অলপমান সময় তেওঁলোকৰ বাবে আছুটীয়াকৈ থৈ দিওঁ। ভূপেন হাজৰিকাই গাইছিল—

দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানো কি?

 হয়, তেওঁলোকক অলপমান সময় আৰু সাহস দিয়াৰ বিনিময়ত মই একোকে নেহেৰুৱাও।

 নিয়ৰহঁতৰ বয়সত ল’ৰা-ছোৱালীবিলাক অলপ হতাশ হৈ পৰে। তাৰ বিভিন্ন কাৰণ হ’ব পাৰে। পঢ়া-শুনাৰ প্ৰতি মাত্ৰাধিক হেঁচা, বস্তুবাদী পৰিৱেশ, প্ৰতিযোগিতামূলক পৃথিৱী আৰু উপভোগৰ সহজলভ্যতাই সিহঁতৰ মনৰ দাবীসমূহ পূৰণ কৰিব পৰা নাই। ফুল-তৰা-গানক লৈ ব্যস্ত হৈ থাকিবলৈ সিহঁতৰ সময়েই বা ক’ত? নিৰাশ হৈ পৰে সেয়ে। কিছুমান মোৰ ওচৰলৈ আহে। মোৰ দুটামান উপদেশে নতুবা আন্তৰিকতাই সিহঁতৰ মুখলৈ সজীৱতা আনে। সিমানখিনিয়েই কৃতিত্ব মোৰ।

 মোৰ শাৰীৰিক অৱস্থাটি সুস্থিৰ হৈছে লাহে লাহে। লাহে লাহে উঠিছোঁ, বহিছোঁ। অফিচত জইন কৰাগৈ নাই এতিয়াও। কিতাপ এখন লিখাৰ কাম আৰম্ভ কৰিছিলোঁ, সেইখনো আধাতে ৰ’ল। সেই তেতিয়াই গুৱাহাটীত যে পেটৰ বিষটো আৰম্ভ হৈছে, দিল্লীলৈ আহি ডাক্তৰক দেখুৱাৰ লগে লগে ব্যস্ত হৈ পৰিলোঁ। শৰীৰৰ অংগ এটা আঁতৰাব লগাত মই অলপ ভাগি পৰিবলৈ ওলাইছোঁ। নাৰীৰ যৌৱনৰ আটাইতকৈ মূল্যৱান সম্পদটোকে যেন মই হেৰুৱালোঁ। পিছমুহূৰ্ততে ভাবিবলৈ লৈছিলোঁ অৰণ্যাতকৈ মূল্যৱান সম্পদ এতিয়া মোৰ বাবে একোৱেই যে হ’ব নোৱাৰে।

 অৰণ্যা ব্যস্ত নিয়ৰৰ লগত ভিডিঅ’ গেম খেলাত। তাইৰ খিলখিলিয়া হাঁহিত নিয়ৰৰ মুখখনো উজ্জ্বল হৈ পৰিছে। পৰিৱেশটো এখন ভৰা ঘৰৰ দৰে লাগিল। ইমান জীৱন্ত, ইমান উমাল। নৈঋত, তোমালৈ বৰ মনত পৰিল। তুমিও যদি ইয়াতে থাকিলাহেঁতেন। আমি যে এনেকৈয়ে থাকিব পাৰিলোহেঁতেন নৈঋত। তোমাৰ অলপ সাহসৰ অভাৱে সকলো শেষ কৰি দিলে নৈঋত। তোমাৰ পত্নীৰ যদি বিয়োগ হৈছিল, তেন্তে কি বাধ্যবাধকতা আছিল তোমাৰ? কিয় পূৰ্ণ কৰিব নোৱাৰিলা আমাৰ প্ৰেমৰ হেঁপাহবোৰ? চোৱাচোন এতিয়া কি হৈ আছে? ভুগিলা দহ বছৰ, ময়ো সিমান দিনেই। আমি বাৰু ভুগিলোঁ আমাৰ পূৰ্ণতাপ্ৰাপ্ত বয়সত। কিন্তু এই সৰু ল’ৰা-ছোৱালীহাললৈ চোৱা। গোটেই জীৱন পৰি আছে সিহঁতৰ। এনেবোৰ কথাই সিহঁতৰ জীৱনটো অস্থিৰ কৰি নুতুলিবনে? সিহঁতৰ অপৈণত মনটো অসুস্থ কৰি তুলিবলৈ এনেবোৰ কথাই যথেষ্ট নহয়নে?

 বাহিৰত বৰষুণ দি আছিল। খিৰিকীৰে আছাৰকণি এছাটি আহি মজিয়া তিয়াই পেলালে। নিয়ৰে উঠি গৈ খিৰিকীখন জপাই দিলে। বৰ মৰম লাগি আহিছে ল'ৰাটোলৈ। বুকুত খোঁচা-বিন্ধা অনুভৱ এটাই সৰকি গ’ল। পাৰিলোহেঁতেন তাক মাতৃত্বৰ উম দিবলৈ। তুমি কিয় আগবাঢ়ি নাহিলা নৈঋত? সতীয়া মাকৰ ভূমিকা ল’ম বুলি ভাবিছিলা নেকি তুমি? যদি ভাবিছা তেনেদৰে, তেতিয়া হ'লে তোমাৰ ভুল নাছিল, ভুল আছিল মোৰ, নিজকে বুজাব নোৱৰাৰ ভুল। তুমি জনা নাছিলা নে নৈঋত, তুমি সম্পৰ্কীয় প্ৰতিটো ক্ষুদ্ৰাংশই মোৰ কিমান আপোন? তোমাৰ ল’ৰাটোক মই নিজৰ বুলি নাভাবিলোঁহেঁতেন নে? তোমাৰ পৰিয়ালৰ ওচৰত থিয় নিদিয়াৰ সংকল্প মোৰ পৰা তুমি আদায় কৰিছিলা আৰু তোমাৰ পত্নীৰ অধিকাৰ খৰ্ব হোৱাৰ আশংকাত মই আঁতৰি আহিছিলোঁ। আসঃ, গোটেই অংকটোৱে কিমান ভুল? এটা ভুল সমীকৰণেৰে আগুৱাই নিয়া অংকটো ভুল হোৱাটোৱেই স্বাভাৱিক। মাথোঁ এটা মিছা কথাই কিমানকেইটা জীৱন অপ্ৰাপ্তিৰে পূৰ্ণ কৰিলে, অনুভৱ কৰিবানে এবাৰলৈ নৈঋত?

 যাহ..., মনটো আকৌ কি হৈ গ’ল! জোকাৰি দিবলৈ বিচাৰিও ৰৈ দিলোঁ। আজি আকৌ কথাবোৰ ভাবিম। কথাবোৰ চিজিল লগাম। ক’ৰ পৰা আৰম্ভ হৈছিল, কত যে শেষ নোহোৱাকৈ আধাতে বাট সলালে, তাকে ভাবিম