পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মিছাইলত মৌন হৈ ৰ’ব পাৰিম নে মই? সিমানখিনি শক্তিৰ, সিমানখিনি বিশালতাৰ অধিকাৰী হৈ উঠিম নে মই?
 ‘বলক, ক’ৰবাৰ পৰা ফুৰি আহোঁগৈ। আই মিন লং ড্ৰাইভ’— ইকবালে কৈ উঠিল।
 ‘কলৈ যাব?’— সুধিলোঁ।
 বহুত ঠাইলৈকে যাব পাৰি। কাজিৰঙালৈকো যাব পাৰি৷— ইকবালে ক’লে।
 হা ক’লোঁ—যাব পাৰি, ওলাওক।

 অলপ চেঞ্জ লাগে। একঘেয়ামি হৈ পৰিছে জীৱনটো। ক’ৰবাত দুদিনমান থাকি আহোঁগৈ। অকলেই যাবলৈ মন আছিল। কিন্তু ইকবালক না বুলি কোৱা নহ'ল।

 যাত্ৰা আৰম্ভ কৰিলোঁ। শিৱৰাত্ৰিৰ আগদিনা। অফিচত ছুটীৰ আৱেদন জনাই আহিলোঁ। ইকবালে গাড়ী চলাইছে। ক’লা চাফাৰীখন। মই কাষতে বহি বাহিৰলৈ চাই ৰৈছোঁ৷ কিয় যে তাৰ লগত ঘপহকৈ গুচি আহিলোঁ ক’ব নোৱাৰিলোঁ। তোমাৰ লগত কটোৱা সময়খিনি মোৰ হৃদয়ৰ টান আছিল, অকলে অকলে থকা সময়খিনি মোৰ হৃদয়ৰ প্ৰয়োজন আছিল আৰু ইকবালৰ লগত কটোৱা সময়খিনি যেন হৃদয়ৰ স'তে এক মীমাংসালৈ আহিবলৈ এক বুজাবুজি।

 কোনো প্ৰয়োজন নোহোৱাকৈ, একো আৱেগ নোহোৱাকৈ, একো টান অনুভৱ নকৰাকৈ তাৰ লগত ঘূৰি ফুৰিছোঁ। কিয় যে আহিলোঁ হঠাতে। বাধাওতো দিব পাৰিলোহেঁতেন। ক’ৰবাত এটা ভাঁজ লৈ ল’লোঁ নেকি বাৰু অজানিতে? নাই... নাই— চিঞৰি উঠিম যেন। নদী হৈ বৈ যোৱাৰ কোনো হাবিয়াস মোৰ নাই। মই সাগৰৰ দৰে বিশাল হ’ব বিচাৰোঁ। মোৰ বুকুত চাবমেৰিনে সুৰংগ ফালিব। মই সহিব পৰাকৈ উদাৰ হম।
 ‘জানেনে, আপোনাৰ লেখাসমূহ লাইব্ৰেৰীত সযতনে সাঁচি থোৱা আছে। সংকলন এটা উলিয়াই আপোনাক উপহাৰ দিয়াৰ পৰিকল্পনা ল’ৰা-ছোৱালীবিলাকৰ। সন্মুখলৈ চাই ড্ৰাইভিং ছিটৰ পৰা ইকবালে কৈ উঠিল।
 ‘কি ক’লে? কোনবিলাক লিখনিৰ কথা ক’লে?’– মই অন্যমনস্ক হৈ আছিলোঁ, সেয়ে সুধিলোঁ দুনাই।
 ‘বাতৰি কাকত, আলোচনীত প্ৰকাশ হোৱা আপোনাৰ লিখনিসমূহ। ইকবালে উত্তৰ দিলে।
 ‘অ’, সেইবিলাক মোৰ নিজৰে হাততে ভালকৈ নাই। আমাৰ লাইব্ৰেৰীত আছে নেকি?’— সুধিলোঁ মই। বগীবিল কেৰিয়াৰ চেণ্টাৰত লাইব্ৰেৰী এটাও আছে বুলি পাহৰিয়েই গৈছিলোঁ।
 ‘কলেজৰ ল’ৰা-ছোৱালীৰ মাজত আপুনি বেছ জনপ্ৰিয় হৈ উঠিছে৷ আপোনাৰ লিখাবোৰে বহুতকে মানে লক্ষ্যহীনতাত ভোগা বহুতকে লক্ষ্য দিছে।
 হাঁহিলো লাহেকৈ। ইকবালে এইবোৰ এনেই কৈ আছে। মোক ভালৰি লগাবলৈকে কৈছে।
 আকৌ ক'লে সি—ইমানবোৰ মানুহক লক্ষ্য দেখুৱাই দিয়া মানুহজনী লক্ষ্যহীন কেনেকৈ হ'ব পাৰে? ধনাত্মকতাৰ বাৰ্তা কঢ়িওৱা মানুহজনী ইমান নিৰাশ কেনেকৈ হ'ব পাৰে?
 ‘অ’..ঘূৰি ঘূৰি এইষাৰ ক'বলৈকেই ইমান পাতনি মেলিলে। বেটাই কথা ক’ব জানে কিছু।— মই নিজেই নিজক কৈ উঠিলোঁ।

 কাজিৰঙাত সোমাবলৈ বেছি পৰ নাই। ল’জ এটা বুক কৰি থোৱা আছে। কাইলৈ দিনত হাতী চাফাৰী চাম, ওচৰে-পাজৰে ঘূৰিম, ৰাতি ল’জত কটাম। পৰহিলৈ ৰাতিপুৱাই উভতি যাম। আগতেও বহুত বাৰ আহিছো ইয়ালৈ। কিন্তু প্ৰত্যেকবাৰেই বেলেগ বেলেগ আমেজ। এটা বেলেগ সোৱাদ। কলেজীয়া জীৱনতো লগৰখিনিৰ স’তে বহুতবাৰ বাছ ভাৰা লৈ আহিছোঁ ইয়ালৈ। তথাপি মোহ নপলায় অৰণ্য বিহাৰৰ। অনুপম শইকীয়াই সেইকাৰণেই গাইছিল—“কাজিৰঙা বৰ ধুনীয়া, একোৰে নাই তুলনা।

 অৰণ্যৰ প্ৰেমত পৰোঁ বাৰে বাৰে। বহুত অৰণ্যৰ ভিতৰতো কাজিৰঙা অনন্যা, কাজিৰঙা অপৰূপা। পাছদিনা দিনটো ঘূৰিলোঁ অৰণ্যৰ মাজে মাজে ইকবালৰ স’তে। এক মুহূৰ্তৰ কাৰণেও এৰি দিয়া নাই সি মোক। ৰাতিপুৱা লজৰ আছুতীয়া ৰূমৰ পৰা ওলাই অহাৰ পৰাই সি মোৰ লগতেই। চিঞাহী ৰঙৰ টপটোৰ স’তে বগা-নীলা ফুটফুটীয়া পালাজ’ পেণ্ট পিন্ধি, চুলিখিনি পনিটেইল কৰি বান্ধি যেতিয়া লজৰ ওপৰ মহলৰ পৰা মোৰ ৰূমটোৰ পৰা নামি আহিছিলোঁ, ইকবালে তলৰ চোফাত বহি মোলৈ অপেক্ষা কৰি আছিল। এক মুহূৰ্তৰ বাবে যেন সি