পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আজি। কাৰ অপৰিপক্কতাৰ বাবে এনে হ’ল তাকে ভাবিম আজি। এতিয়া মোৰ অফুৰন্ত সময়। ভবাৰ বাদে বেলেগ একো কাম নাই। লিখিব পাৰিলে লিখিম। নিজৰ দলিল লিখিম মই। নিজৰ কাৰণেই লিখিম মই। পাৰিলে পাঠকৰ মাজলৈও উলিয়াই দিম। পাঠকৰ দৃষ্টিৰেও বিচাৰ কৰি চাওঁ ভুল-শুদ্ধৰ দলিলখন।

 ‘বৰষুণৰ বতৰ। কফি খোৱাৰ বতৰ, লগতে পিয়াঁজৰ পকৰী।— অনা-অসমীয়া পৰিচাৰিকা গৰাকীয়ে হাঁহি হাঁহি ট্ৰেখন বিছনা সংলগ্ন সৰু টেবুলখনত থ’লে। অৰণ্যাই নিজৰ প্লেটলৈ চকু নিদিলেই। নিয়ৰৰ প্লেটৰ পৰা পকৰী লৈ খাবলৈ ধৰিলে। নিয়ৰৰ মুখখন বৰ সজীৱ যেন লাগিল। অথনি কঢ়িয়াই অনা মেঘাল চকুহালত এতিয়া ৰ’দ কণা জিলিকি আছে। অৰণ্যাৰ আচৰণবোৰেই তেনেকুৱা। তাই, মোৰ মৰমৰ মাজনী, যেন এখন দলং হৈ মোৰ জীৱনলৈ আহিল। কিমানৰ লগত যে সম্বন্ধ ৰচিছে আজিও আগতে কোনোদিন লগ নোপোৱা নিয়ৰৰ কোলাত বহি আছে। বৰ মোহনীয়া তাই। এবাৰতে মুহি লয় সকলোকে। নৈঋত, তুমি হয়তো নাজানা, তাই যে তোমাৰেই সন্তান। তুমি ইকবালৰ ঘৰত তাইক এবাৰ লগ পাইছিলা। মই সেইবাৰ তাইৰ লগত যোৱা নাছিলোঁ। ফোনৰ সিপাৰে তাইৰ মুখত তোমাৰ নাম শুনি মই উন্মাদিনী হৈ পৰিছিলোঁ। মোৰ অৰণ্যাজনীক মই হেৰুৱাৰ ভয়ে মোক বাউলী কৰি তুলিছিল। ইকবালক অনৰ্থক গালি পাৰিছিলোঁ। তাইক মোৰ ওচৰলৈ অতি সোনকালেই লৈ আহা বুলি কান্দি পেলাইছিলোঁ। মই তেতিয়া পণ্ডিচেৰীৰ অৰবিন্দ আশ্ৰমলৈ ফুৰিবলৈ গৈছিলোঁ। মই তালৈ গৈ থাকোঁ প্ৰায়েই। জীৱনৰ সন্ধান কৰিবলৈকে মই তাৰ ৰকবীচ্চৰ শিলকেইটুকৰাৰ স’তে কথা পাতোঁ। শিলৰ স’তে কথা পাতি পাইনে নৈঋত? পাতি চাবাচোন নৈঋত। তোমাৰ আৰু মোৰ দুখতকৈ হাজাৰগুণ বেছি দুখ লৈও শিলবোৰ ভাগি নপৰে। সাহসী হ’বলৈ শিকিলো শিলৰ পৰাই। এটুকুৰা এটুকুৰা শিলে মোক শিকালে জীৱনৰ মহত্ব কি।

 শিল বুলি ক'লেই বগীবিললৈ মনত পৰে নৈঋত। মোৰ ওঁঠৰ লালিমা আৰু চকুৰ কালিমা সানি লোৱা শিল টুকুৰা এতিয়াও একেদৰেই আছে নে নৈঋত? তুমি কেতিয়াবা চাবগৈ নে নৈঋত? আজিলৈকে চোৱাগৈ নাই নহয়? এতিয়া যাবা তুমি চাবলৈ, মই জানো। সেইদিনা মোৰ ওচৰলৈ আহিছিলা তুমি। অসংখ্য উত্তৰবিহীন প্ৰশ্নৰে তোমাক মই ওভোতাই পঠালোঁ। হয় নৈঋত, মই তোমাৰ আগত অভিমানৰ অচিনাকি পৰ্দাখন আঁৰি দিলোঁ। এতিয়া তুমি বগীবিললৈ যাবা, নাহৰৰ ওচৰত থিয় হ’বা, হতাশ হ’বা, শিলেৰে বুকু বান্ধি কান্দিবা। তাকেই বিচাৰিছিলোঁ নে মই? হয় মই তাকেই বিচাৰিছিলোঁ। নীৰৱে প্ৰতিশোধ ল’বলৈ বিচাৰিছিলোঁ। প্ৰেমৰ প্ৰতিশোধ কি মাহাত্ম্যঙ্গ তোমাৰ হতাশগ্ৰস্ত মুখত ময়ো হতাশ হওঁ, তোমাৰ বুকুৰ কাঁইটত ময়ো খোঁচ খাওঁ, তোমাৰ চকুৰ অসহায় চাৱনিত ময়ো অসহায় হৈ ৰওঁ।

 হীৰুদাই যে কৈছিল—

“ইমান অলপতে বিচলিত হলে
তোমাৰ বাৰু কেনেকৈ চলে?
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে।

 বিচলিত নহ’বা নৈঋত। ভাগি নপৰিবা। চকুৰ কোণটো জিলিকি উঠিল। নিয়ৰৰ কথাবোৰ মোৰ শুনা নহ’ল। নিয়ৰৰে কোৱা নহ'ল। কোৱাৰ পৰিৱেশে নাইকিয়া হৈ গ’ল। অৰণ্যাই গাই আছে—“ৰিঙা ৰিঙা ৰ’জেচ, পকেট ফুল অৱ প’জেচ...।

 সন্ধ্যা ভাগিল। আধৰুৱা কথাৰ পাক সামৰি তাক যাবলৈ ক'লোঁ। সিও যাবলৈ ওলাল। যাওঁতে সি পেকেট এটা এৰি থৈ গ’ল।

 ‘এইটো আপোনাৰ বাবে’– বুলি কৈ যাবলৈ নাপাহৰিলে সি৷

 গ’লগৈ সি৷ পেকেটটো খুলি চালোঁ। ডায়েৰী এখন। বহু পুৰণি। ১৯৯০ চনৰ। নৈঋত তোমাৰ।

—তোমাৰ ছায়া

□□