পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একেলগে থাকিম।

 মই চিঞৰি দিলোঁ—নাই, নাই, মই এই ঠাই এৰিব নােৱাৰোঁ। ইয়াত মই মােৰ শিৰাই শিৰাই অনুভৱ কৰোঁ তেওঁৰ উপস্থিতি। প্ৰতিটো বাটে এতিয়াও মােক কিৰিলিয়াই মাতে। ডিব্ৰুগড়ৰ বতাহে মােক দেখিলেই সুহুৰি বজায়। গছজোপায়াে অনুভৱ কৰে মােৰ গভীৰতা। শিপা গজিছে ইয়াত মােৰ। লতা হৈ বগাওঁতে বগাওঁতে গছজোপাৰ লগত একাত্ম হৈ পৰা শিপা।’

 নুবুজে তাই নৈঋত। মােৰ স্থবিৰতাত তিষ্ঠিব নােৱাৰা তাইৰ গতিশীলতা। মই যেন গ্রীণ লাইটেৰে পাৰ হৈ যাবলৈহে সংকেত দিলোঁ। মই যে ৰৈ আছোঁ নৈঋত। ৰৈ থাকিম সেই ঠাইতে। ঘূৰি চালেই মােক দেখাকৈ, হাত মেলিলেই মােক পােৱাকৈ।

—তােমাৰ ছায়া

□□

(২১)

নৈঋত তােমালৈ বুলি....

 “বৰ আশাহত মই। প্ৰেমৰ সমাধিত বহি ৰৈছোঁ। জীৱন্ত কবৰ যেন সেই সমাধি। এতিয়াও এনে লাগে যেন সাৰ পাই উঠিব সেই প্ৰেমৰ কবৰ, মাথোঁ অকণমান আঙুলি বােলাই দিয়া, মাথোঁ এবাৰলৈ কাতৰ দৃষ্টি নিক্ষেপ কৰা। ময়াে আশা কৰোঁ সেই প্রেম জাগি উঠক, মৃত্যু নহওক জন্ম- জন্মান্তৰ।

 পাৰ হৈ যােৱা বহু পল, বহু ক্ষণ মনৰ বিধ্বংসী ধুমুহাত জৰ্জৰিত। তােমাক কেতিয়াও আমনি কৰিব বিচৰা নাছিলোঁ। তুমি জানাই দেখােন মই কিমান দুর্বল। বুকুৰ শিলচটা একাষৰীয়া কৰি থৈ তুমিয়েতাে খুলিছিলা হিয়াৰ বান্ধ। তুমিয়েতাে অলংকৃত কৰিছিলা নিৰাভৰণা হৃদয়। এতিয়া তুমিহীনতাত কেনেকৈ জীয়াই তােলোঁ মৰিবলৈ ধৰা গােলাপৰ পাহি? বিশ্বাসৰ সাঁকোডালত এখােজো পেলাবলৈ যদি তুমি আহিলাহেঁতেন।

 মই জানাে তুমি ব্যস্ত। কিন্তু কথাটো তেনেকুৱা নহয়। ব্যস্ততাত আন্তৰিকতা শেষ হৈ নাযায়। ব্যস্ততা অজুহাত হ'ব নােৱাৰে। ‘মই তােমাৰ বাবে বাউলী’— এই কথাটোৱে আমােদ দিয়ে নেকি তােমাক? কিন্তু কি জানা নৈঋত, মােৰ জেদৰ চোক তুমি মােক দেখা নাই আৰু ময়াে তােমাক দেখুৱাব বিচৰা নাই। নহ'লে তুমি গম পালাহেঁতেন মােৰ অনুভৱী শক্তিৰ প্রতিবাদৰ জোৰ। গম পালাহেঁতেন বুকুৰ শিলত কিদৰে তৰােৱাল ধৰাওঁ মই, গম পালাহেঁতেন এদলিচা কাঁইটৰ ওপৰত কিদৰে খােজ পেলাওঁ মই, গম পালাহেঁতেন বুকুৰ বৰফখিনি কেনেকৈ শিল হয় আৰু বন্ধা যায় মৃত হৃদয়।

 তথাপি আশা কৰিছোঁ, তুমি এবাৰ আহা। বসন্তৰ বতৰা আহক বা নাহক, তুমি মাথোঁ এবাৰলৈ আহা। মােক লাগে তােমাক অন্ততঃ এদিনৰ বাবে। বহুত কথা আছে তােমাৰ লগত। তােমাক লাগে, এদিনৰ বাবে নহয়..., গােটেই জীৱনৰ বাবে; কিন্তু মিছা আশা হৈ নহয়। সঁচা অনুভৱৰ মালাডাল মােৰ দুহাতেৰে এবাৰলৈ পিন্ধাচোন তুমি। তােমাক লাগে মােক... এটি জনমৰ বাবে নহয়; পিছৰ সাতােটি জনমৰ বাবে। সেওঁতাৰ ৰঙা জিঞাজনী হৈ বহি থাকিবা তুমি। আহিবা তুমি। মােৰ বলিয়ালি চাবলৈকে তুমি এবাৰ আহিবা। সৰাপাত লৈ যােৱা মােৰ ঠিকনাতে তুমি এবাৰ আহা....।”