পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫২)

নৈঋত তোমালৈ বুলি....

 দুঃচিন্তাই গ্ৰাস কৰিছিল তোমাক। সন্তানসম্ভৱা ৰাধাৰ শৰীৰত জটিলতাই দেখা দিছিল। ভৰি দুখন ফুলা দেখি ডাক্তৰৰ লগত আলোচনা কৰিছিল। বহুত কিবাকিবি পৰীক্ষা কৰাৰ পাছত তোমাৰ পত্নীৰ তেজত এক বংশগত বিসংগতি ধৰা পৰিল। হয়, ‘চিকল চেল ডিজিজ’ত আক্ৰান্ত আছিল তেওঁ।

 এইখিনি পঢ়ি মূৰটো আছন্দ্ৰাই কৰিলে নৈঋত, ইমানেই সহজ নে মৃত্যু! যাওঁ বুলিয়েই গুচি গ’ল তেওঁ। তোমালৈ থৈ গ’ল এটি কণমানি দেৱশিশু৷ আৰু দি থৈ গ’ল এখন আইনী যুদ্ধ। শহুৰৰ ঘৰৰ পৰা দিয়া মোকদৰ্মাৰ লগত এঘড়ী যুঁজ। তুমি হেনো ৰাধাৰ ওপৰত নিৰ্যাতন চলাইছিলা। নিয়ৰক লৈয়ো টনা-টনি চলিল বেচ কিছুদিন। শাহু-শহুৰে কোনোপধ্যেই নিয়ৰক তোমাৰ ওচৰত ৰাখিবলৈ এৰি নিদিয়ে আৰু তুমিও কোনোপধ্যে নিয়ৰক তেওঁলোকৰ ওচৰত বিক্ৰী কৰিব নোৱাৰা। এইটো ল’ৰা তোমাৰ অংগৰ টুকুৰা, তোমাৰ তেজ, তোমাৰ গৌৰৱ, তোমাৰ অহংকাৰ, তোমাৰ বীজ। হাজাৰ প্ৰতিকূলতাৰ মাজতো সি তোমাৰ ওচৰত ৰৈ গৈছিল।

 কণমানি নিয়ৰৰ মুখত গাখীৰৰ বটল গুজি দি তুমি ৰাধাৰ ছবিৰ ওচৰত থিয় হৈ অভিযোগ তোলা, “তুমি বাৰু সুখী নাছিলা নেকি ৰাধা? ইমান সোনকালে গুচি যাবলৈ কিহৰ ইমান জৰুৰী কাম ওলাল ৰাধা?”

 তুমি পুৰুষ। দুখ লাগিলেও দুখবোৰ চকুৰ জেওৰা পাৰ হ’বলৈ নিদিয়া তুমি। তথাপি জীৱনৰ নিচাই পাইছিল তোমাক। হাৰি হাৰি জী থকাৰ উন্মাদনাত তুমি নিয়ৰক সাৱটি পাৰ কৰিছিলা।

 সেয়া আছিল তোমাৰ ভগ্নীৰ অপমৃত্যুৰ কৰুণ গাথা, সেয়া আছিল তোমাৰ পত্নীৰ কৰুণ সমাপ্তি। চলচলীয়া হৈ পৰা চকুযোৰে নিজকে বুজাই ল’লে, “ওঁহো নৈঋতে দেখোন কেতিয়াও চকুৰ জেওৰা পাৰ হ’বলৈ দিয়া নাছিল, তই কিয় ওফন্দি উঠ বাৰে বাৰে?”হাজাৰ দুখতো ভাগি নপৰা তোমাৰ ভিতৰৰ নৈঋতজন পিছলৈ ঈশ্বৰ বিদ্বেষী হৈ