পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোমাৰ পঢ়াত ব্যাঘাত জন্মিব দেখোন।’

 ‘মন বহাব পৰা নাই ম্যাডাম’— নিয়ৰে লাহেকৈ ক’লে।

 ‘কিয়? কিহৰ বাবে। এতিয়া তোমাৰ পঢ়াৰ সময়। বেলেগ কামত মনোনিবেশ নকৰিবা’— মই উপদেশ দিলোঁ তাক।’

 মই বুজি পাইছোঁ ম্যাডাম, কিন্তু মনটোক বুজাব পৰা নাই ম্যাডাম। মই দেউতাৰ কষ্ট সহ্য কৰিব পৰা নাই।—নিয়ৰে ক’লে।

 “কি হৈছে দেউতাৰ?” — মই সুধিলোঁ৷

 একো নক’লে সি। তাৰ উদাৰ মুখখনলৈ চাই পঠিয়ালোঁ। মোক আদৰ্শ হিচাপে লোৱা ল’ৰাটো মোৰ দৰেই সংবেদনশীল। তাৰ চকু চলচলীয়া। মোৰো চকুযোৰ ভৰি আহিল। এই যেন মাতৃহীনা ল’ৰাটোক মই অলপ মৰম কৰি দিম, চুলিখিনিত আঙুলি বুলাই দিম। তোমাৰ কথা মনত পৰিল নৈঋত।

 তোমাকো বৰ মৰম কৰিবলৈ বিচাৰিছিলোঁ। বুকুৰ মাজত ইমানবোৰ মৰম তোমালৈকে থৈ দিলোঁ। কাকো নিদিলোঁ। অথচ তুমিও নুবুজিলা।

 নিয়ৰ গ’লগৈ। তাৰ চলচলীয়া চকুৰে তোমাৰ দুখবোৰ মোৰ বুকুলৈকে বোঁৱাই আনিলে। সময়ৰ অংকবোৰ বৰ খেলিমেলি হৈ গ'ল। মোৰ ভুল নাছিল। তোমাৰো ভুল নাছিল বুলি চাগৈ তুমি ভাবা। তেন্তে বিচ্যুতি বিন্দুটো ক’ত আছিল আমাৰ নৈঋত?

 অৰণ্যালৈ মনত পৰিল প্ৰবলভাৱে। কণমাণিজনীক লাগে মোক। তাইৰ কক্ষপথতে মই ঘূৰি আছোঁ। এই পথতে তাই বিকিৰণ কৰা শক্তি পাওঁ।

 ইকবাল, অৰণ্যাক লৈ আনা, বৰ মিছ কৰিছোঁ তাইক।–ইকবালক অনুৰোধ কৰিলোঁ। তাইৰ কণমানি হাত দুখনে মোক কিমানবাৰ সাৱটি ধৰিব ঠিক নাই। তলপেটত দাগ এটা ৰৈ গৈছে। তাই দেখিলে কিমানবাৰ যে মলম সানিবঙ্গ

 নিয়ৰে মোৰ পৰা সময় বিচাৰিছে। কিবা ক’বলগীয়া আছে হেনো। তোমাৰ কথা ক’ব। কি কথা ক'ব! মই জনা কথাবোৰ ক’ব? নাই নাই, মই প্ৰস্তুত নহওঁ তোমাৰ বিষয়ে একোকে শুনিবলৈ? মোৰ স্থিৰ হৈ ৰোৱা পানীখিনিত শিলগুটি এটা দলিয়াই নিদিবা নৈঋত। নিয়ৰক কেনেকৈ বুজাওঁ মই নৈঋত?

-ছায়া

□□

(৪৯)

নৈঋত তোমালৈ বুলি....

 বেডৰূমৰ ডাঙৰ বিছনাখনৰ একোণত গাৰুত ভেজাদি মই আৰু ভৰিৰ পথানত নিয়ৰ। দুয়ো বহি আছোঁ। মাজত এলানি মৌনতাৰ সমদল। অথচ দুয়োৰে বুকুখন অস্থিৰ। তাৰ ক’বলগীয়া কথাবোৰ আৰু মই শুনিবলগীয়া কথাবোৰে মৌনতাৰ জাল ফালিবলৈ অহৰহ চেষ্টা চলাই আহিছে।

 অৰণ্যা দৌৰি সোমাই আহিল। আহিয়েই মোক চুমা এটা খাই নিয়ৰৰ কোলাত বহি ল’লে। 'মাম্মাক দিগদাৰ নিদিওঁ, মাম্মাই দুখ পাব’—তাইৰ যুক্তি।

 মুখলৈ হাঁহি এটা আনি আঁৰ চকুৰে দুয়োটালৈ চালোঁ। নিয়ৰ আৰু অৰণ্যা—দুয়োটাৰে চকুযোৰ ইমান একে। কোনেও নাজানিলেও মই অন্ততঃ জানো এই দুযোৰ চকুৰ সত্যতা। নিয়ৰে জানিলে বাৰু কি বুলি ভাবিব মোক সি কোনোদিনে মোৰ আৰু অৰণ্যাৰ মাজৰ যোগসূত্ৰটো জানিবলৈ বিচৰা নাই। অৱশ্যে মোৰ ব্যক্তিগত