পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৈঋত? কেনেকৈ পাহৰোঁ মই? সেই এলবামটো মনৰ জুইত আজিও জ্বলাব নোৱাৰিলোঁ নৈঋত। তুমি কেমেৰাত লৈ যোৱা মইজনীক তোমাৰ আলমাৰীৰ পৰা উলিয়াই অনাৰ সাহসো কৰিব নোৱাৰিলোঁ। ভালদৰে ৰাখিছা যদি ‘মই’জনীক এবাৰ পঠিয়াই দিবানে মোৰ ওচৰলৈ? প্ৰেমৰ কবৰত তাইৰ স’তে এপিয়লা মদ খাম মই, এপিয়লা আপঙৰ স’তে ঐনিতমৰ ৰাগিয়াল সুৰত ৰাউচি জুৰিম মোৰেই মৃত্যুত। মই সুধিম তাইক তোমাৰ স'তে কটাই অহা দিনবোৰৰ কথা। সুধিম তাইক, মোৰ অবৰ্তমানত তাইকে লোৱানে আঁকোৱালি? এতিয়াও তাইৰ ওচৰত তুমি আগৰ দৰেই আকুলতা, দুৰ্বলতা, নিৰুপায়তাৰ চকুলো টোকানে? সুধিম তাইক মই, কি নিচাত তুমি ইমানদিন মোৰ পৰা আঁতৰি থকাত আছন্ন থাকিলা? কি ৰং সেই নিচাৰ? গিলাচৰ গোলাপী ৰং? নে বিষণ্ণতাৰ কজলা ৰং? নে আবেগহীনতাৰ বগা ৰং? নে আশাৰ ৰামধেনুৰ সাতোৰঙী ৰং?

 বেলি লহিয়াইছিল। টিম মেম্বাৰ কেইজন আগবাঢ়ি আহিছিল, ক’লে—

 “ম্যাডাম। বহুত দেৰি হ'ল।”

 মোৰ চকুত তেতিয়া অস্তগামী বেলিৰ ৰক্তিমাভা। চকুলো শুকুৱাই নিয়া খৰাঙৰ উত্তাপ।


তোমাৰ ছায়া


□□


(১০)

নৈঋত তোমালৈ বুলি....

 কফিনতে ভৰাম নে কবৰেই খান্দিম নে চিতা জুইত ভস্ম কৰিম নাজানো, পলে পলে পেখম ধৰা এই দুখবোধ। বহুত হৈছে আৰু। ইমান দুৰ্বল নে মই?... ইমানেই দুৰ্বল নে মই? তোমাৰ হাজাৰটা জীৱনবোধৰ শিক্ষাৰ সম্পূৰ্ণ বিপৰীত অৱস্থানত মই আৰু মোৰ হতাশাভৰা মুখ। ক’ত পোখা মেলিছিল এই হতাশাবোধৰ, গোঁজেই গজালি মেলি যিয়ে আৱৰি ধৰিলে মোৰ সমগ্ৰ সত্তাটোক। মনাব পৰা অভিমানত বিচ্ছেদ গান বাজিল। ঠিক যেন জগজিৎ সিঙৰ সেই বিখ্যাত গজলৰ কলিটো—

 “মনানে ৰুথ নে কী খেল মে হম

 বিছৰ জায়েংগে চৌচা নহী থা।”

 কিতাপৰ চেলটো চিজিল লগাওঁ বুলি খোলোঁতেই ফটো এখন সৰি পৰিল। সেইখন ফটো, যিখন ফটোত তোমাৰ হাতৰ যাদুকৰী কৌশলত স্পষ্টকৈ জিলিকি আছিল আনৰ চকুত নপৰা মোৰ গালৰ ডিম্পল দুটা, তুমি দহবাৰ মৰি যাব বিচৰা ডিম্পল দুটা তোমাৰ কেমেৰাত বন্দী হৈ এতিয়া মোৰ আমনিঘৰত। তাইকো ভৰাম মই কফিনত।

 আলমাৰীটোৰ পৰা কাপোৰ এযোৰ উলিয়াই লওঁতেই নীলা কূৰ্তিটোত হাত লাগিল। বহুত দিন পিন্ধা নাই কূৰ্তিটো। এটা সুবাস আহি নাকত লাগিলহি। কেলভিন ক্লেইনৰ পাৰফিউম। মোক বলিয়া কৰা তোমাৰ দেহৰ সুবাস। মৰমৰ সুবাস মানি লোৱা মোৰ কূৰ্তিটো। আসঃ....৷ এই যেন তোমাৰ কান্ধত মূৰ থৈ, হাতত হাত থৈ, বাহুত বাহু লগাই বহি ৰৈছোঁ চকুত অযুত সপোনেৰে কাণত দেউলৰ ধ্বনিৰে হেঁপাহৰ চামিয়ানাৰ তলত। এই কূৰ্তিটোতো ভৰাব লাগিব মই কফিনত।

 নৈঋত, সেই যে চকুযোৰ মোলৈ একেথৰে চাই ৰোৱা চাৱনিটো, সেইটো ক'ত পোৱা যাব? সেইটো যে এতিয়া ৰোহঘৰত। মোক সঘনাই আমনি কৰি থকা সেইটোকো ভৰাব লগা আছিল এই কফিনতে।