পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যিকোনো ভুল সিদ্ধান্ত যিবোৰৰ পৰা শেষত আফচোচৰ বাদে একো সাৱটি ল’বলগা নহয়। মোৰ তুলাচনীত নিজকে গধুৰ কৰি ৰাখিবলৈ অকণো চেষ্টাৰ ত্ৰুটি কৰা নাই। তথাপি মাজে মাজে ভাব হয়, মই শুদ্ধনে, শুদ্ধনে এই ৰাস্তা? এই ৰাস্তাৰ শেষত গৈ পামনে সেই মন্দিৰ, যিহৰ সপোনে মোক কাবু কৰি কৰি পেলাইছে।

 চিন্তাত ডুব গৈ থাকোঁতে ইকবালে কেতিয়া গিটাৰখন হাতত লৈ টুং টাং কৰিবলৈ আৰম্ভ কৰিছিল গমেই নাপালোঁ। গিটাৰৰ তাঁৰৰ ঝংকাৰত গধূলিটো সুৰীয়া হৈ পৰিল। নামঘৰৰ পৰা ডবাৰ শব্দ ভাঁহি আহিল। কাষৰ ঘৰৰ পৰা শংখ বজোৱাৰ শব্দ আৰু ওচৰৰ মন্দিৰটোৰ পৰা ঘণ্টাৰ ধ্বনি, এই সকলোবোৰ মিলি এটা নতুন সুৰ হ’ল। মোৰ জীৱনেও যেন সেই সুৰতে গাই উঠিল—“জীৱন জীৱন বৰ অনুপম।

—তোমাৰ ছায়া

⚀⚀

(৩৬)

নৈঋত তোমালৈ বুলি...

 অৱশেষত গজলৰ চিডিখনৰ উন্মোচনৰ তাৰিখটো পালেহি। ৰাতিপুৱাৰে পৰা তোমালৈ বৰ মনত পৰি থাকিল। মোৰ গানৰ প্ৰতিটো শব্দতে যে তুমি সোমাই আছা। তোমাৰ অবৰ্তমানত মোক এই শব্দবিলাকেই কক্ষচ্যুত নকৰাকৈ আৱৰি আছিল। ভুল নুবুজিবা নৈঋত, একেবাৰে ভুল নবুজিবা। তোমাৰ মানসিক আৰু পাৰিবাৰিক শান্তি বিঘ্নিত হ’ব পৰা একো কামেই নকৰোঁ নৈঋত। কিন্তু সেই সময়ৰ দুৰ্বল ছায়াজনীৰ নিজকে হজম কৰিবলৈ এটা নিচাৰ বৰ দৰকাৰ হৈছিল আৰু সেই নিচাকেই গলাধঃকৰণ কৰি শব্দবোৰ ওলাই আহিছিল। এতিয়া অৱশ্যে অনুভৱ কৰোঁ মহাজাগতিক পৰিঘটনাৰে ইও এক অংশ। জন্ম-মৃত্যু-বিবাহৰ দৰেই প্ৰেম-ভালপোৱাও সময়ৰে আহ্বান। যিমান হাবু-ডুবু খালেও ই নিজৰ সময় নিজেই বাছি লয়। জোৰ কৰি প্ৰেম কৰিবলৈ গ’লে সেয়া ভালপোৱা হৈ নাথাকে, তেতিয়া ই সন্ধি হৈ পৰে। সময়ে মোক বিবেকী হ’বলৈ শিকালে।

 তথাপি, তথাপি,তথাপি... সকলো বুজিও মন অবুজন। বিবেকৰ মতে সদায় ই নচলে। কেতিয়াবা ই দুখৰ নৈত ওফোন্দ পাতে, হাঁহিবোৰক ফেপেৰি পাতি ধৰে আৰু নিদ্ৰাবোৰক দুৱাৰ মুখৰ পৰাই ওভোতাই পঠিয়ায়। একমাত্ৰ কলমটোৱেহে তেতিয়া বুজাব পাৰে তাক।

 তোমাৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছোঁ। আজিৰ দিনটোত তুমি কাষত থকা হ’লে তুমি কেনে প্ৰতিক্ৰয়া কৰিলাহেঁতেন মোৰ জনাৰ উপায় নাই। কাৰণ ই মোৰ একেবাৰে নতুন প্ৰয়াস। মেঘালীৰ অনুৰোধ, বিকাশ ছাৰ আৰু বৌৰ সহযোগিতা আৰু ইকবালৰ উৎসাহ এই সকলোবোৰৰ মাজত মই নতুনকৈ পোখা মেলিছিলো নৈঋত।

 ছাৰে আঁত ধৰা অনুষ্ঠানটিত গান দুটামানৰ দায়িত্ব আছিল মোৰ ওপৰত। হাৰমনিয়ামত আঙুলি বোলাই আৰম্ভ কৰিছিলোঁ—

‘আহিবা এদিন সোণ মোৰ
শিমলুজোপাৰ বাটলৈ,
একেলগে ৰ’ লাগি চাম
জুইফুলৰঙী আকাশলৈ
তুমিও যাবা সেই বাটে
ময়ো আহিম এই বাটে
ফুল ছটিয়াই