পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 হুপি থকা ল’ৰাটোৱে পাত্তাই নাপালে। বুকুত ধৰি চোঁচৰাই আনিলোঁ। ৰাস্তাৰ মানুহবোৰ গোট খাই আহিল। চিনাকি এজনে আহি সুধিলেহি— বাইদেউ কিবা সমস্যা হ’ল নেকি? মোৰ উত্তৰ দিয়াৰ ধৈৰ্য নাছিল৷ ক’লোঁ— গাড়ীত বহা, বুজাই দিম। ‘গুণ্ডা প্ৰকৃতিৰ ল’ৰাটোৱে কিবা কোৱাৰ আগতেই দুচৰমান দি ঠেলি পঠিয়ালোঁ। শ্ৰুতি আৰু সিজন ল’ৰাক ক'লো— ‘ধৰি ৰাখা ইয়াক, থানালৈ গৈ আছোঁ।’

 থানাৰ ওচৰ পাই গাড়ী ৰখাই তাক চোঁচৰাই নি অ.চি.ৰ টেবুলৰ ওচৰত গতিয়াই দিলোঁ। ঘটনাৰ আকস্মিকতাত অ.চি.জন থিয় হৈ দিলে, ইচ আচ কৰি ক’লে— ’এই ম্যাডাম আপুনি কি কৰিছে, আমি আছো নহয়?’

 মই ক’লো—’কি কথা ক’বলৈ আহিছে, আচামীয়ে চিগাৰেট টানি ঘূৰি ফুৰিছে। আৰু মোৰ ছোৱালীয়ে চেলাইনৰ বটলত জীৱন মৰণৰ ক্ষণ গণি আছে।’

 অ.চি.জন মনে মনে ৰ’ল। ইকবাল আহি পাইছিল। ইকবালক লগত লৈ ফৰ্মেলিটিখিনি শেষ কৰি লগত অহা ল’ৰাজন আৰু শ্ৰুতিক ঘৰত থৈ আহিলোঁগৈ৷ নিজকে কি বুলি ভাবে এই ল’ৰাবিলাকে? দুখীয়া ঘৰৰ ছোৱালী এজনীয়ে দিনে-ৰাতিয়ে কষ্ট কৰি ভৱিষ্যত গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী হৈছে আৰু ধনীৰ দুলালে চিগাৰেটৰ ধোঁৱাৰ মাজত নিজৰ ভৱিষ্যতটোতো উৰুৱাইছেই, লগতে ছোৱালীজনীৰ জীৱনতো কালিমা সানিব বিচাৰিছে। কোনে দিলে তাক সেই অধিকাৰ? আৰু সন্ধ্যালৈকে খং উঠিল কিয় নিজকে ৰক্ষা কৰিব নোৱাৰিলে তাই? ল’ৰাটোতকৈ কিহত পৃথক তাই? শাৰীৰিক গঠনত? নিজকে ৰক্ষা কৰিবলৈ শাৰীৰিকভাৱে বলী হোৱাৰ দৰকাৰ নাই। আৰু বহুত উপায় আছিল। একো কৰিব নোৱাৰিলেও তাই অন্ততঃ জ্যেষ্ঠজনৰ লগত খুলি ক’ব পাৰিলেহেঁতেন। মোক ক’ব পাৰিলেহেঁতেন। ইমান সংকোচবোধ কিয়? ছোৱালীবোৰৰ এই নিমাখিত ৰূপটো দেখিলেই এনেকুৱা বদমাছবোৰে সুযোগ লয়, কিয় নবুজে ইহঁতে?

 কথাবোৰে মূৰটো গৰম কৰি দিলে। গাটো হঠাতে বেয়া লাগি গ’ল। ইকবালৰ হাতত খামুচি ধৰিলোঁ ইকবাল, আই এম ফিলিং আনইজি।

 ‘কি হৈছে ম্যাডাম আপোনাৰ’—ইকবাল ব্যস্ত হৈ পৰিল। “মই ৰ’ব নোৱাৰিছোঁ ইকবাল। মোক হস্পিতাললৈ লৈ বলক।”

 পৃথিৱীখন চক্ৰাকাৰে ঘূৰা যেন লাগিল। ইকবালৰ গাত ঢলি পৰালৈকে মনত আছে মোৰ, তাৰ পাছত একো মনত নাই, একো মনত নাই নৈঋত।

—তোমাৰ ছায়া

□□


(৩৭)

নৈঋত তোমালৈ বুলি....

 হস্পিতালৰ বেডত পৰি ৰৈছোঁ। সন্ধ্যা এটা ৰূমত, মই আনটো ৰূমত। সামান্য উদ্বিগ্ন হ’লেই জ্ঞানহীন হৈ হস্পিতেলৰ বেডত আশ্ৰয় ল’ব লগা কি বেমাৰ এইটো বুজি নাপাওঁ। তুমি এৰি যোৱাৰ পাছৰ পৰা দুই-তিনিবাৰ এনেকুৱা হৈছে। ডাক্তৰৰ লগত ইকবালো সোমাই আহিল। মোক চকু মেলা দেখি কেইটামান টেষ্ট কৰিবলৈ পৰামৰ্শ দিলে। সন্ধ্যাৰ খবৰ ললোঁ। ডাক্তৰে তাইৰ বিৰ কাৰণ নাই বুলি কৈছে। সোনকালেই ৰিলিজ দিব পাৰিব। শাৰীৰিকভাৱে তাই সুস্থ হৈ উঠিলেও মানসিকভাৱে তাই যেন বহুত ভাগি পৰিছে। মুখখনত অ’তত’ত