পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পল পল সময় গণি জীৱন উপভোগ কৰিব বিচৰা ‘মই’জনী তুমি বিজড়িত সামান্য কথাতে দুৰ্বল হৈ পৰোঁ। কিয় নাজানো। ইমান দিনৰ মৌনতাই আমাৰ মাজত যিটো দূৰত্ব আনিছিল, তোমাৰ মুখৰ এটি এটি শব্দই সেই দূৰত্ব হাজাৰ মাইল বৃদ্ধি কৰিলে।

 ক’লৈকো ওলাই যোৱা নাই মই। বগীবিল কেৰিয়াৰ চেণ্টাৰলৈকো, গজলৰ আখৰালৈকো। কলৈকো যোৱা নাই মই। অফিচ আৰু তিনিকোঠলিয়াত বন্দী হৈ ৰৈছে জীৱন। তীব্ৰ হতাশাবোধ, সীমাহীন কষ্টত জুই হৈ জ্বলিছোঁ, ধোঁৱা হৈ উৰিছোঁ। শব্দবোৰ এটি এটিকৈ চিতাত উঠাইছোঁ, অনুভৱবোৰ কফিনত ভৰাইছোঁ আৰু ভালপোৱাবোৰ তাৰ মাজতো বনৰীয়া ফুল হৈ ফুলি ৰৈছে। কেনেকৈ বুজাওঁ মই, কেনেকৈ বুজাওঁ তোমাক যে মই কাকো অনিষ্ট কৰিব পৰা মানুহেই নহয়। ভিতৰখনত কঢ়িয়াই ফুৰোঁ এনে এক মিঠা বেদনা, যি মোক নিজে কাঁইটৰ ওপৰত খোজকাঢ়ি ফুল ছটিয়াবলৈ প্ৰেৰণা দি থাকে নিৰন্তৰ।

 তুমি হেনো অসন্তুষ্ট মোৰ ওপৰত। মোৰ শব্দবোৰক তুমি শত্ৰুতাৰ চকুৰে চালা। তোমাক আক্ৰমণৰ লক্ষ্য কৰিয়েই হেনো মোৰ প্ৰতিটো কবিতা। ভাবিবও যে পাৰিলা নৈঋত। আৰু বহু কিবাকিবি কৈছিলা তুমি! ভাল কথাবোৰ যেনেকৈ উৰি উৰি কাণত পৰেহি, বেয়া কথাবোৰো তেনেকৈয়ে কাণত পৰেহি। আনৰ মুখ বাগৰি অহা কথা। এশ শতাংশ শুদ্ধ নহ'লেও শূন্য শতাংশও মিছা নহয় কিজানি। ফোন এটা কৰিম বুলিও আজিলৈকে কৰিবলৈ সাহস কৰিব নোৱাৰিলা তুমি।

 ইকবালে ফোন কৰিছিল। বহুত দিন লগ পোৱা নাই হেনো মোক। মই ক'লো তাক—

 ‘ডেউকা ভগা চৰাই এজনীৰ শুশ্ৰূষাত ব্যস্ত মই। চৰাইজনী নিজে নিজে ঠিক হ’বলৈ দিয়ক। তাৰ পাছত লগ পাম নিশ্চয়।’ কেনেকৈ কওঁ মই, সীমাহীন ভালপোৱাৰ ৰং যাৰ নামত শৰীৰ মনত সানি লওঁ, তেওঁ যে সেই ৰঙখিনি আঁজুৰি নিয়েই ক্ষান্ত নাথাকিল, মোৰ গালৈ অবিশ্বাসৰ বোকা ছটিয়াবলৈকো কুণ্ঠাবোধ নকৰিলে। তোমাৰ পাৰিবাৰিক শান্তিত, তোমাৰ সামাজিক উত্থানত, তোমাৰ পেছাগত সন্মানক লৈ মই ঈৰ্ষান্বিত বুলি ভাবিলা তুমি। ভাবিবও যে পাৰিলা নৈঋত? ফেঁটী সাপৰ দৰে ফেঁট তুলি লোৱা ৰূপ মোৰ তুমি এবাৰেই দেখিছিলা। তাৰ পাছৰ পৰাই মই ডেউকা ভগা চৰাই। অহৰহ নিজৰ শুশ্ৰূষাত ব্ৰতী। অহৰহ নিজক অবাটৰ পৰা টানি আনি বাট লোৱাৰ প্ৰচেষ্টাত ব্ৰতী।

 তুমিয়ে কৈছিলানে এনেদৰে-

 ‘কোনোবাই গল্প লিখে, কবিতা লিখে লিখি থাকক, তাত মোৰ কি আহে যায় মেঘালী? মোক কিয় কৈ আছা তুমি? কৈ নাথাকিবা মোক এইবোৰ কথা, শুনিবলৈ মন নাযায় মোৰ। কিয় যে বাৰে বাৰে মোৰ সম্মুখলৈ তোমাৰ এইষাৰি কথাৰ লগত নিমিলা চেহেৰাটোৱেই অগা-দেৱা কৰি থাকে। তোমাৰ গহীন অধ্যাপকৰ ৰূপৰ লগতো নিমিলা এই কথাৰ সুৰ নতুবা তোমাৰ নৱম মানৰ আচৰণৰ লগতো নিমিলা কথাৰ সুৰ।

 জানানে নৈঋত, মোৰ কবিতাবোৰৰ এটি এটি শব্দ মোৰ কষ্টকৰ প্ৰসৱ বেদনাৰে জন্ম দিয়া এটি এটি সন্তান। মোৰ হৃদয়ৰ ঔৰসত তোমাৰ অনুভৱৰ নিষেচনত থিতাপি লোৱা ভ্ৰুণৰ বহিঃপ্ৰকাশ সেয়া। মাথোঁ দহমাহ দহদিন নহয়, বছৰৰ পাছত বছৰ ধৰি মোৰ বুকুৰ ঔৰষত লালিত পালিত হুমুনিয়াহবোৰ কি কষ্টকৰ যন্ত্ৰণাৰে এটি এটি শব্দলৈ, ভাষালৈ, কবিতালৈ, গানলৈ অংকুৰণ কৰিলোঁ তুমি নুবুজিবা নৈঋত। তুমিয়েতো পিতৃ প্ৰতিটো শব্দৰ। ভাল নাপালেও অন্ততঃ আঘাত নকৰিবা নৈঋত। বৰ কষ্ট হয় নৈঋত...বৰ কষ্ট হয়, বৰ কষ্ট হয়। তোমাৰ অনুভৱেৰে বেহা কৰা নাই নৈঋত। নিজ সন্তানেৰে কোনোবাই বেহা কৰে জানো? কিন্তু সিহঁতৰ আবদাৰবোৰ পূৰাবলৈকে সিহঁতক বাহিৰলৈ উলিয়াই আনিছোঁ নৈঋত।

 জানানে নৈঋত, জীৱনৰ পিছল বাটত এখোজ এখোজকৈ আগবাঢ়ি শতমাইল পিছলৈ টানি আনে মোক তোমাৰ মুখৰ এনেবোৰ শব্দই। মোৰ ভালপোৱাৰ গভীৰতা বুজাব পৰাকৈ মই ক’ৰবাত বিফল। যেন গভীৰ খাদ্যৰ অটল গৰ্ভত সোমাই ৰোৱা মোৰ ভালপোৱা। ওপৰৰ পৰা জীৱন নামৰ চৰিত্ৰটিয়ে ৰচী পেলাই উঠি অহাৰ আহ্বান জনায় আৰু হতাশা নামৰ চৰিত্ৰটিয়ে ৰছীডাল কাটি আৰু গভীৰতালৈ ঠেলি দিয়ে। পৰিণামত হৃদয়ৰ গহন কোণত