অভিমান ভাঙিবলৈ কিমানবাৰ দৌৰি দৌৰি তোমাৰ ওচৰ পাইছিলোঁগৈ মনত নাই তোমাৰ?
কাক যে সোধোঁ তোমাৰ খবৰ! ৰ'দে আনে তোমাৰ মাইগ্ৰেনৰ খবৰ, বৰষুণে আনে তোমাৰ নিহালীৰ উমৰ খবৰ। কি কৰোঁ মই...? সকলো জানি-শুনিয়েতো তৰোৱালৰ ওপৰেদি বাট বুলিছিলোঁ সেই হাটৰ বাটত, যিখন হাটত বৰ সস্তাত বিক্ৰি হৈ গৈছিল মোৰ হৃদয়খন। হতাশাৰ আকাশখন মূৰৰ ওপৰত লৈ মাজৰাতি চকুপানীৰে যেতিয়া শব্দৰ এলজোলাম গিলিছিলোঁ, জ্বলি জ্বলি সোণ হোৱা মোৰ সোণালী কলমটোত এপিয়লা নীলা ভৰাই লৈ হুমুনিয়াহবোৰ আঁকি গৈছিলোঁ তুমি উপহাৰ হিচাপে দিয়া কলপতীয়া ডায়েৰীখনত। ভাগ্যৰ কি পৰিহাস চোৱা নৈঋত! সেই পাখি-লাহী দিনবোৰতে তোমাৰ কক্ষপথৰ পৰা বিচ্যুত হোৱাৰ আশংকাত কেনোবা দুৰ্বল মুহূৰ্তত কৈছিলোঁ, ভিৰৰ মাজত অকলে এৰি থৈ নাযাবা বুলি? আজি মই অহংকাৰ কৰি ক'ব পাৰোঁ, মোৰ শব্দবোৰেৰে তোমাৰ অকলশৰীয়া মুহুৰ্তবোৰ ভিৰ কৰি ৰাখিব। আৰু তাতেই মোৰ সাৰ্থকতা। মৌনতাৰ কোলাহল সহিব নোৱাৰি তুমি আকৌ সেই নাহৰজোপালৈ বাট বুলিবা। তাতেই মোৰ সাৰ্থকতা, জানানে তুমি? পখিলাৰ পৰা লেটালৈ সোমোৱা মোৰ জীৱন চক্ৰত তুমি সানি দিয়া অনুভূতিবোৰেই মোক সাহস দিব। তোমাক হেৰুওৱাৰ দুখতকৈ তোমাক ওচৰত পোৱা সময়ৰ সুখখিনিয়ে আজীৱন মোৰ বুকু ভৰাই ৰাখিব। আৰু সেইটোও মোৰ সাৰ্থকতা।
—তোমাৰ ছায়া
(৩)
নৈঋত তোমালৈ বুলি....
নৈঋত তুমিতো জানাই, সৰুৰে পৰা কিমান খেয়ালী মনৰ আছিলোঁ মই। দেউতাক দেখা মনত নপৰে আৰু
মায়ে গালি দিয়াও মনত নপৰে। সেই যে সৰুতে বেলিটো মূৰতে লৈ বৰশী টোপাবলৈ গৈছিলোঁ লগৰবোৰৰ
স’তে, পাছৰ জীৱনতো সেই অভ্যাস এৰিব নোৱাৰিলোঁ। দাদাই কিনি দিয়া কেমেৰাটোৱে পাছলৈ মোক আৰু
খেয়ালী কৰি তুলিছিল। ল’ৰা আৰু ছোৱালীৰ পাৰ্থক্য বুজা পৰিৱেশ এটা ঘৰত নাপালোঁৱেই কেতিয়াও।
সেই কাৰণেই নেকি নৈঋত, এই পৃথিৱীখনলৈ কেৰেপ কৰা নাছিলোঁ কেতিয়াও। গান, পাৰ্টি, চিনেমাৰে
মাজৰাতি ইউনিভাৰছিটি হোষ্টেলৰ ৰূম জীৱন্ত কৰি ৰখা সময়খিনিতো ভবা নাছিলোঁ মৰমৰ শিকলিডালেৰে
কোনোবাই মোক এনেকৈ বান্ধি পেলাব বুলি। বৰ ভাল পাই পেলাইছিলোঁ তোমাক আৰু সেই ভালপোৱাই মোৰ
জীৱনৰ কেঁকুৰি সলোৱা প্ৰথমটো বিন্দু।
তোমাৰ কলিজাৰ তেজেৰে শিৰ বুলোৱাৰ সপোন জাগি উঠা সময়ত বহুতবাৰ তোমাৰ নাম্বাৰ ডায়েল
কৰিছিলোঁ। মোৰ অজস্ৰ ফোনকলত তুমি কেতিয়াও সঁহাৰি নিদিলাই। কেনেকৈ পাৰিছিলা নৈঋত তুমি? চিনাকি
নাম্বাৰটোৱে তোমাৰ বুকুত এধানমানো খুন্দা মৰা নাছিল নে? মেছেজ বক্সত তোমালৈ কিবা এটা লিখোঁ, কাটোঁ,
আকৌ লিখোঁ, পঠিয়াই দিওঁ, বাৰ্তাবোৰ চকুপানী হৈ মোলৈকে ঘূৰি আহে। তুমি ইমান নিৰুত্তৰ, নিমাত, নিৰুপায়।
তেনে এক সময়তে মোৰ খেয়ালী মনে মগজুলৈ এজোলোকা তেজ কঢ়িয়াই আনিছিল। কি কৰিছিলোঁ জানানে
মই?
তুমি এৰি থৈ যোৱা প্ৰথমটো ব'হাগ। নৱবৰ্ষ। বৃহস্পতিবাৰ। মোৰ জীৱনৰ কেঁকুৰি সলোৱা আনটো বিন্দু।
আমাৰ সেই চিনাকি আপোন বাটটোৰে সোমাই মন্দিৰত বহি ৰৈছিলোঁ বহুত পৰ। ব’হাগৰ প্ৰথম বৰষুণজাকৰ
নূপুৰত সোমাই থকা নৈশব্দৰ সমদল। মই কান্দিছিলোঁ নেকি? পূজাৰীজনে মোক লক্ষ্য কৰি আছিল, সুধিলে—
‘কি হ’ল আই?
‘মই সেন্দুৰ পিন্ধিব বিচাৰোঁ।’— মই কৈছিলোঁ।
‘ঠিক আছে, আহিবা দুয়োজন।’
‘নহয়, তেওঁ নোৱাৰে আহিবলৈ। তেওঁৰ নামত মই নিজে পিন্ধিব বিচাৰিছোঁ। এই মন্দিৰক সাক্ষী কৰি,
সাক্ষী কৰি।’
পূজাৰীজনৰ চকুত বিস্ময়, লগতে মোৰ আকুলতাক উপেক্ষা কৰিব নোৱাৰাৰ অসহায়তা। সেইদিনাই