কৰ্মবীৰ চন্দ্ৰনাথ

ৱিকিউৎসৰ পৰা
[  ]
 
কৰ্মবীৰ চন্দ্ৰনাথ
 
দণ্ডিনাথ কলিতা
 
অসম প্ৰকাশন পৰিষদ
গুৱাহাটী ৭৮১ ০২১
 

[  ]
 

উছৰ্গা

অসমীয়া ৰাইজৰ সতৃষ্ণ দৃষ্টিৰ লক্ষ্য,
জন্মভূমিৰ ভৱিষ্যৎ আশাৰ সম্বল,
উঠি-অহা অসমীয়া ডেকাসকলৰ
হাতত লিখকৰ আন্তৰিক প্ৰীতি
আৰু বিশ্বাসেৰে সৈতে চন্দ্ৰনাথ
অৰ্পিত হ’ল।

নিবেদক —
গ্ৰন্থকাৰ
কেতেকীবাৰী, তেজপুৰ
আষাড়, ১৮৪৫ শক।

 

[  ]
 

গ্ৰন্থকাৰৰ নিবেদন

 বহুত দিনৰ কথা। তেতিয়া এই লিখক আৰু চন্দ্ৰনাথ স্কুলৰ ছাত্ৰ। তেতিয়াই এদিন ধেমালিতে এই লিখক চন্দ্ৰনাথৰ জীৱনী লিখিবলৈ প্ৰতিশ্ৰুত হৈছিল, কিন্তু সেই ধেমালিয়ে কাৰ্যত পৰিণত হ'ব, শোকাশ্ৰু পূৰ্ণ লেখনীৰে যে এই লিখকে তেওঁৰ প্ৰিয় বন্ধুৰ জীৱন-কাহিনী বৰ্ণাব লাগিব, তেনে ভাব তেওঁৰ মনলৈ এদিনো অহা নাছিল। বিধাতাৰ কি ইচ্ছা ক’ব নোৱাৰোঁ, আজি সেই হাঁহি-ধেমালি শোচনীয় সত্যত পৰিণত হ'ল। চন্দ্ৰনাথে তেওঁৰ বন্ধুৰ লগত সকলো পাৰ্থিব সম্বন্ধ চিঙি পৰম পিতাৰ আলোকময় ৰাজ্যত বিচৰণ কৰিছে, আৰু এই লিখকে সংসাৰ সমুদ্ৰৰ ঘূৰ্ণী পাকত পাক-ঘূৰণি খাই তেওঁৰ সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ আদৰ্শ কল্পনা-ৰাজ্যত বাট হেৰুৱাই খপজপাই ঘূৰিব লাগিছে। বন্ধু, গ'লা, যোৱাঁ, বেজাৰ নকৰোঁ, কৰি লাভ নাই। তোমাৰ উদ্দেশ্য সিদ্ধি হৈছে তোমাৰ কাৰ্যৰ—তোমাৰ কৰ্মময় জীৱনৰ আদৰ্শই তোমাৰ, ইপ্সিত লক্ষ্য লাভ কৰিবলৈ ভাবী বংশধৰসকলক বাট দেখুৱাই দিব।

 চন্দ্ৰনাথৰ লোকান্তৰৰ পিছত পূৰ্বৰ প্ৰতিশ্ৰতিৰ কথা এই লিখকৰ মনত পৰিল, লগে লগে নানা ঠাইৰ পৰা সেই একে উদ্দেশ্যই অনুৰোধ- পত্ৰও অহিল; কিন্তু লিখকৰ অৱসৰ নথকাত ততালিকে কাম হাতত ল'ব নোৱাৰিলে! তেওঁ এই কাম আজৰি পোৱা সময়ত আহিলা-পাতি গোটাই লাহে ধীৰে কাৰি থাকিব বুলি ভাবিছিল, কিন্তু বহুতৰ আগ্ৰহ দেখি, ঘাইকৈ ছাত্ৰ-সন্মিলনৰ সম্পাদকৰ অনুৰোধ এৰাব নোৱাৰি তাক তেওঁ যোৱা ১৯২৩ চনৰ জুলাই মাহত লৰা- লৰিকৈ লিখি শেষ কৰিব লগাত পৰে। লিখাৰ পিছতেই পুথিখন উক্ত সন্মিলনৰ সম্পাদকলৈ পাঠিওৱা হৈছিল, কিন্তু তেওঁ যদিও তাক তিন মাহ বন্দীকৈ ৰাখিলে, তথাপি তেওঁৰ পৰা প্ৰেছ সম্বন্ধীয় দুই-এটা অবান্তৰ কথাৰ বাহিৰে কোনো প্ৰকাৰৰ সিদ্ধান্ত বা সঙ্কেত পোৱা নগ’ল। অগত্যা লিখকে তাক যোৱা নগাঁও ছাত্ৰ-সন্মিলনৰ সময়ত সম্পাদকৰ হাতৰ পৰা লৈ আহিবলৈ বাধ্য হ’ল। তেতিয়াৰে পৰা ইমান দিন তাক প্ৰকাশ নকৰাকৈ থৈ দিয়াৰ কাৰণ হৈছে লিখকে ইয়াৰ ভিতৰত আৰু কিবা নতুন কথা যোগ দিবলৈ পাব বুলি [  ] আশা কৰিছিল, কিন্তু বিশেষ একোকে সংগ্ৰহ কৰিবলৈ সুযোগ নোলাল।

 এই গ্ৰন্থ ৰচনা কৰোঁতে লিখকে সহকৰ্মীৰূপে নিজে জনা ঘটনা আৰু চন্দ্ৰনাথ তেওঁলৈ লিখা চিঠি-পত্ৰবোৰৰ ওপৰতে ঘাইকৈ নিৰ্ভৰ কৰিছে, সেই কাৰণে তেওঁ নিজে নজনা বা জানিও পাহৰা, নাইবা চিঠিৰ উল্লেখ নথকা বহুতো ঘটনাই ইয়াত ঠাই নোপোৱাৰ সম্ভাৱনা। লিখকৰ অনুৰোধ-কোনো আৱশ্যকীয় ঘটনা বাদ পৰা দেখিলে, অথবা কোনো ভুল–চুক চকুত পৰিলে যেন সহৃদয় পাঠকসকলে অনুগ্ৰহ কৰি লিখকক জানিবলৈ দিয়ে। সেয়ে হলে দ্বিতীয় তাঙৰণত তাক ব্যৱহাৰ কৰিবলৈ চল লাগিব।

 চন্দ্ৰনাথৰ আঁতি-গুৰিসম্পৰ্কীয় মূল কথাখিনি তেওঁৰ জ্যেষ্ঠ ভ্ৰাতা শ্ৰীযুত যোগেশ্বৰ শৰ্মাৰ পৰা পোৱা হৈছে আৰু পুৰীৰ পৰা চন্দ্ৰনাথে লিখা চিঠিখন শ্ৰীযুত দুৰ্গানাথ বৰুৱাই এই পুথিত দিবলৈ অনুমতি দিছে। সেই বাবে লিখক তেওঁলোক দুয়োজনৰ ওচৰতে কৃতজ্ঞ।

 ঘটনাৱলী সজোৱাত লিখকে শ্ৰীযুক্ত বসন্তকুমাৰ বৰুৱা, শ্ৰীযুক্ত নকুলচন্দ্ৰ ভূঞা, শ্ৰীযুক্ত উমেশচন্দ্ৰ চৌধাৰী আদিৰ পৰা পৰামৰ্শ লাভ কৰি তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছে আৰু শ্ৰীযুক্ত ৰঘুনাথ চৌধাৰী, শ্ৰীযুক্ত বেণুধৰ শৰ্মা, শ্ৰীযুক্ত গুণকান্ত মহন্ত, শ্ৰীযুক্ত লোচনচন্দ্ৰ বৰুৱা, প্ৰভৃতিৰ পৰা তেওঁলোকৰ লগত সম্পৰ্ক থকা দুই-এটা কথাৰ আভাস পাই তেওঁলোকলৈকো শলাগৰ শৰাই আগবঢ়াইছে।

 এই পুথি ছাপাখানাত দিয়াৰ পৰা ছপা হৈ ওলোৱালৈকে সকলোখিনি কাম শ্ৰীযুক্ত মহাদেৱ শৰ্মাই কৰি নিদিয়াহলে, ইমান সোনকালে ইয়াক ৰাইজৰ আগলৈ উলিয়াব পৰা নগ'লহেঁতেন, সেই বাবে তেখেতসকলোৱে ধন্যবাদৰ পাত্ৰ।

 সামৰণিত একেষাৰ ইয়াকে কওঁ যে এই পুথি পঢ়ি যদি এজনেও চন্দ্ৰনাথৰ আদৰ্শৰ সাৰাংশ গ্ৰহণ কৰিব পাৰে,—স্বদেশ-স্বজাতিৰ সেৱাত আত্মোৎসৰ্গ কৰিবলৈ শিকে, তেনেহলেই লিখকে তেওঁৰ পৰিশ্ৰম সফল মানিব আৰু বন্ধু-বিয়োগ দগ্ধীভূত হৃদয়ে সান্তনাৰ সলিলকণা লাভ কৰি আশ্বস্ত হব পাৰিব। ইতি—

কেতেকীবাৰী, তেজপুৰ
আষাঢ় ১৮৪৬ শক
ৰাইজৰ ভৰিৰ ধূলি
গ্ৰন্থকাৰ
 

[  ]
 

প্ৰথম অধ্যায়

আঁতি-গুৰি

 সেই পুৰাণ-প্ৰসিদ্ধ অতীত গৌৰৱৰ অক্ষয় স্মৃতি বিজড়িত বাণনগৰ শোণিতপুৰৰ পৰা এক যোজন আঁতৰত বিহুগুৰি মৌজা। তেজপুৰৰ পৰা মঙ্গলদৈলৈ যোৱা ট্ৰাঙ্ক ৰোড এই মৌজাৰ মাজেদি গৈছে। ইয়াৰ মাটি নগৰৰ ওচৰৰ ঠাইতকৈ দ আৰু সাৰুৱা, কিন্তু বাৰিষা ইয়াত বানপানী সোমায়; বাট-পদূলি, বাৰী-চুক, চোতাল আদি বোকা হয়; ভাল খোৱা পানী দুষ্প্ৰাপ্য হৈ পৰে। খেতি- বাতিৰ অৱস্থা ভাল আৰু প্ৰায় সকলো মানুহেই খেতিৰ ওপৰতে নিৰ্ভৰ কৰি পেটে-ভাতে খাই দিন নিয়ায়।

 নিজ বিহুগুৰি এই মৌজাৰে এখন সাধাৰণ গাঁও। এই গাঁৱৰ বাসিন্দা সৰহভাগেই কাটনি, তাৰ মাজতে একে ঘৰ মাথোন ব্ৰাহ্মণ। এওঁলোকে এই গাঁৱতে কেইবা পুৰুষৰে পৰা বসতি কৰিছে। বংশৰ আদি পুৰুষজন শান্তিপুৰৰ পৰা অহা বুলি শুনা যায়।

 বৃটিছ আগমনৰ প্ৰাৰম্ভতে যিজন এই বংশৰ মূল মানুহ আছিল তেওঁৰ নাম হৰিনাথ। এওঁ এজন সাত্ত্বিক স্বভাৱৰ মানুহ আছিল।

 সেই সময়ত বৰকুলি প্ৰথা আছিল; ব্ৰাহ্মণ-শূদ্ৰ নিৰ্বিশেষে যেই সেই উপাধিবিহীন মানুহকে গবৰ্ণমেন্টে ধৰাই নি কুলি কাম কৰাই লৈছিল। গতি দেখি হৰিনাথ বিমৰ্ষ হ’ল, কেনেকৈ এই উৎপীড়নৰ হাত সাৰিব তাকে ভাবি দিন-ৰাতি কটাবলৈ ধৰিলে। এইদৰে কিছু দিন যোৱাৰ পিছত এদিন সপোনত তেওঁ ধেনুখনা পাহাৰৰ নামনিত থকা শিলডুবি বা ভৈৰৱপদ দেৱালয়ৰ সম্ভেদ পালে। দেৱালয়খন পোৱাৰ পিছত তেওঁ তাৰ ঠাকুৰ হৈ পূজা- সেৱা চলাবলৈ ধৰিলে আৰু তেতিয়াৰ পৰা বৰকুলি খটাৰ হাত সাৰিলে।

[  ]  হৰিনাথৰ পুত্ৰ ভগৱান। তেৱোঁ পিতাকৰ দৰেই দেৱালয় কাৰ্য চলাই খাইছিল আৰু বিহুগুৰি মৌজাত বস্তি, ৰুপিত, ফৰিঙ্গতি — মুঠ দহ পূৰা মাটি পাইছিল।

 ভগৱানৰ পুত্ৰ মণিৰাম, কিন্তু সাধাৰণতঃ তেওঁ মঙ্গলু বাপু নামেৰেহে প্ৰখ্যাত আছিল। তেওঁ দেখাত যেনে শুৱনি আছিল, গুণতো তেনে মৰমিয়াল আৰু পৰোপকাৰী আছিল। এওঁ লিখা- পঢ়াত বৰ পাকৈত নাছিল, সেই কাৰণে কৃষিকেই তেওঁ একমাত্ৰ অৱলম্বন কৰি লৈছিল। মণিৰামে তেওঁৰ পৈতৃক দেৱালয়খন নিজে চলাব নোৱাৰি তেওঁলোকৰ বংশৰে পৰ্বতীয়ানিবাসী ভেকেণ্ড অধ্যাপকক এৰি দিলে।

 বৃদ্ধ বয়সত মণিৰাম তীৰ্থ কৰিবলৈ যায়। যাবৰ সময়ত তেওঁ গাঁৱৰ সকলো মানুহক নিমন্ত্ৰণ কৰি আনি যথানিয়মে সকলোৰে পৰা বিদায় লয় আৰু শুভক্ষণত সস্ত্ৰীক ঘৰৰ পৰা যাত্ৰা কৰে। এই যাত্ৰাতেই শ্ৰীক্ষেত্ৰত তেওঁ স্বৰ্গী হয়, বৃদ্ধা পত্নী অকলৈ ঘৰলৈ ঘূৰি আহে।

 মণিৰামৰ ছজন পুত্ৰ আৰু এজনী কন্যা আছিল। পুত্ৰ ছজনৰ নাম ক্ৰমান্বয়ে শম্ভুৰাম, বাপীৰাম, কৃষ্ণৰাম, সোমেশ্বৰ, দণ্ডিনাথ আৰু নন্দিনাথ।

 প্ৰথম পুত্ৰ শম্ভুৰাম মহেন্দ্ৰ নামেৰে এটি পুত্ৰ থৈ গছৰ পৰা পৰি মৰে।

 দ্বিতীয় পুত্ৰ বাপীৰাম প্ৰায়ে কোচবেহাৰত আছিল, তাতে তেওঁ খাত-পামৰ যোগাৰ কৰি লৈ অৱস্থা ক্ৰমশঃ ভাল কৰি আনিছিল। তেওঁৰ দুটা ল’ৰা আৰু এজনী ছোৱালী আছিল।

 কৃষ্ণৰাম বেজালিত প্ৰসিদ্ধ আছিল আৰু মন্ত্ৰ কৰি অলপ উপাৰ্জন কৰিছিল।

 সোমেশ্বৰে অলপ সংস্কৃত জানিছিল আৰু য’তে ত’তে পূজা- পাতল কৰি পূজাৰী নাম পাইছিল।

 সেই সময়ত হলেশ্বৰৰ মণি-ঠাকুৰ শিঙৰী দেৱালয়ৰ ঠাকুৰ

[  ] আছিল। তেওৰ পুতেক দীনাই ঠাকুৰে কৃষ্ণৰামৰ কন্যা শ্ৰীমতী উমেশ্বৰীক বিয়া কৰাইছিল। এই সম্বন্ধ ঘটাৰ পিছত সোমেশ্বৰে দীনাই ঠাকুৰৰ হৈ মাজে-সময়ে শিঙৰী দেৱালয়ৰ পূজা-সেৱা চলাইছিল। এনেকৈয়ে বছৰচেৰেক যোৱাৰ পিছত দীনাই ঠাকুৰৰ মৃত্যু হয় আৰু উমেশ্বৰী পিতাকৰ ঘৰলৈ উঠি আহে। এই সূত্ৰেই ৰাইজৰ অনুমোদন মতে সোমেশ্বৰ শিঙৰীৰ নিগাজী ঠাকুৰ হয়। সোমেশ্বৰ আৰু তেওঁৰ পূত্ৰ লোকনাথৰ মৃত্যুৰ পিছত এতিয়া বাপীৰামৰ দ্বিতীয় পুত্ৰ শ্ৰীযুক্ত হেমকান্ত ঠাকুৰে তাৰ কাৰ্য চলাই আছে।

 সৰ্বকনিষ্ঠ নন্দিনাথ হেড মণ্ডল আছিল, মৌজাদাৰী প্ৰথাৰ পুনৰ প্ৰবৰ্তন হ’লত তেওঁ মৌজাদাৰ হবলৈকো যত্ন কৰিছিল, কিন্তু ইয়াৰ ভিতৰতে তেওঁৰ ইহলীলাৰ অন্ত পৰিল।

 পঞ্চম পুত্ৰ দণ্ডিনাথ নিতান্ত সৰল মানুহ আছিল, লিখা- পঢ়াও বিশেষ নাজানিছিল।

 তেতিয়া তেওঁলোকৰ ঘৰত চাৰি হাল ম’হেৰে খেতি কৰিছিল। এই চাৰি হাল ম’হ ৰখিবলৈ এজন ৰখীয়াৰ প্ৰয়োজন হ’ল। দণ্ডিনাথৰ ভায়েক-ককায়েক সকলোৰে একোটা ব্যৱসায় আছিল, কিন্তু দণ্ডিনাথৰ একো নাছিল, সেই কাৰণে ঘৰৰ সকলোৱে আলচ কৰি গোনাৰ লগতে জনীচেৰেক মাইকী ম’হো গোটাই দি দণ্ডিনাথক তাৰ ৰখীয়া পাতিলে। কেই বছৰমানৰ পিছতে ম’হৰ সংখ্যা বাঢ়ি এটা খুটি হৈ পৰিল।

 মণিৰাম ওৰফে মঙ্গলু বাপুৰ দিনত এওঁলোকৰ ঘৰ মঙ্গলু বাপুৰ ঘৰ বুলি জনাজাত আছিল। এতিয়া মানুহ জাকৰুৱা হোৱাত তেওঁলোকৰ ঘৰে ‘জাকৰুৱা বামুণৰ ঘৰ’ নাম পালে। ম’হৰখীয়া হোৱাৰ বাবে দণ্ডিনাথৰ নাম হ’ল গুৱাল বাপু। কোনে ভাবিছিল, এই গুৱাল বাপুৱেই এদিন চন্দ্ৰনাথৰ নিচিনা ৰত্নেৰে

অসমীয়া জাতিক অলঙ্কৃত কৰিব। [ ১০ ]
 

দ্বিতীয় অধ্যায়

জন্ম

 

 জাকৰুৱা বামুণৰ পৈতৃক বাৰী-মাটি মুঠেই তিনি বিঘা- মানহে আছিল। এতিয়া মানুহৰ সংখ্যা বঢ়াৰ লগে লগে ঠাইৰ অনাটন হৈ আহিল। সকলোৱে ভাবি-চিন্তি চাই মহৰ খুটি- টোকে আঁতৰাই ৰখা উচিত বিবেচনা কৰিলে। তেওঁলোকৰ ঘৰৰ পৰা হোলা এটাৰ সিপাৰে মেকনৰ চুক বোলা ঠাইত তেওঁলোকৰ পাঁচ বিঘামান মাটি আছিল। দণ্ডিনাথক তাতে ম’হ-খুটি পাতিবলৈ দিয়া হ’ল। ১৮০৩ শকত তেওঁ ঘাই ঘৰ এৰি সপৰিবাৰে এই ম’হ-খুটিত ঠাই ল’লে।

 দণ্ডিনাথ ম’হৰখীয়া হৈ মেকনৰ চুকত থাকিবলৈ ধৰিলে। পুৱা গাখীৰ খীৰাই ঘাই ঘৰত জমা দি দিনটো ম’হ ৰখায়েই তেওঁৰ প্ৰধান কাম আছিল, অৱসৰমতে কেতিয়াবা খেতি-বাতিৰ কাৰ্যতো সাহায্য কৰিছিল। তেওঁ যদিও বেলেগ ঠাইত আছিল, তথাপি, প্ৰথমতে ঘাই ঘৰতহে খোৱা-লোৱা কৰিছিল।

 দণ্ডিনাথ ঘাই ঘৰত থাকোঁতেই তেওঁৰ বিবাহ হয়। তেওঁৰ পত্নীৰ নাম কৌশল্যা দেৱী। এই শুভ মিলনৰ ফলত তেওঁৰ ছটি পুত্ৰ আৰু এটি কন্যাৰ জন্ম হয়। পুত্ৰকেইটিৰ চতুৰ্থ জনেই স্বদেশপ্ৰেমিক কৰ্মবীৰ চন্দ্ৰনাথ। ১৮১১ শকৰ আঘোণ মাহৰ ২৩ দিন যোৱাত তেওঁৰ জন্ম হয়। প্ৰেমানন্দ, যোগেশ্বৰ আৰু নীলাম্বৰ তেওঁতকৈ ডাঙৰ, কণ আৰু মলখু সৰু। ছোৱালীজনী তেওঁৰ মূৰত ভৰি দি উপজিছিল। এওঁলোকৰ ভিতৰত প্ৰেমানন্দই মাথোন ঘাই ঘৰত জন্ম পাইছিল, বাকী আটাইকেইজনৰ জন্ম মেকনৰ চুকৰ ম’হখুটিত। [ ১১ ] চন্দ্ৰনাথৰ বংশাৱলী চমুকৈ এই;

হৰিনাথ
ভগৱান
মণিৰাম (মঙ্গলু)
শম্ভুৰামবাপীৰামকৃষ্ণৰামসোমেশ্বৰদণ্ডিনাথনন্দিনাথ
মহেন্দ্ৰ
পদ্মকান্তহেমকান্ত
প্ৰেমানন্দযোগেশ্বৰনীলাম্বৰচন্দ্ৰনাথকণমলখু
 লাহে লাহে দণ্ডিনাথৰ পৰিয়ালত খাওঁতাৰ সংখ্যা বাঢ়ি আহিল, ডাঙৰ হৈ অহাৰ লগে লগে ল’ৰাহঁতকো পঢ়াশালিলৈ পঠিয়াব লগা হ’ল। এতিয়া আৰু আগৰ দৰে দিনৌ চাউল পাত কঢ়িয়াই নি খোৱা অসম্ভৱ হৈ উঠিল। অগত্যা ঘৰত সকলোৱে আলচ কৰি তেওঁক বছৰি তিনি কুৰি ভাৰ ধান দিবলৈ স্থিৰ কৰিলে। দণ্ডিনাথে সেই ধানখিনিকে লৈ সংসাৰ চলাবলৈ ধৰিলে আৰু ল’ৰাকেইটাকো যেনেতেনে অলপ লিখা-পঢ়া শিকাবলৈ মন মেলিলে। [ ১২ ]
 

তৃতীয় অধ্যায়

নিম্ন প্ৰাইমাৰী আৰু ছাত্ৰবৃত্তি স্কুলত

 

 বিহুগুৰি পাঠশালাতে চন্দ্ৰনাথৰ প্ৰথম বিদ্যাৰম্ভ হয়। সেই স্কুলতে পঢ়ি তেওঁৰ জ্যেষ্ঠ ভ্ৰাতা যোগেশ্বৰে বৃত্তি লাভ কৰে আৰু তেজপুৰ সদৰ মজলীয়া স্কুলত ভৰ্তি হৈ হাইস্কুলৰ বোৰ্ডিঙতে থাকি পঢ়িবলৈ ধৰে। নীলাম্বৰ সৰুৰে পৰা তেওঁৰ খুড়াক বাপীৰামৰ লগত কোচবেহাৰত আছিল আৰু তাতে এখন মধ্য ইংৰাজী স্কুলত পঢ়িছিল।

 চন্দ্ৰনাথ সৰুৰে পৰা বৰ নিৰ্জু আৰু শান্ত স্বভাৱৰ ল’ৰা আছিল; কাৰো লগত কাজিয়া কৰা তেওঁৰ অভ্যাস নাছিল। মাথোন কেতিয়াবা কেতিয়াবা গাঁৱলীয়া ল’ৰাৰ গাঁৱলীয়া মতানুযায়ী নিজক বামুণৰ ল’ৰা বুলি ডাঙৰ পাতি আন জাতৰ ল’ৰাক হীন বোলাত দুই- এজনৰ লগত অলপ মনোমালিন্য ঘটিছিল। এদিন এনে কথাতে তেওঁৰ সহপাঠী এজনৰ ইমানকৈ খং উঠিছিল যে তেওঁ, পিছ দিনা পঢ়াশালিলৈ নাহি ছুটীৰ পাছত চন্দ্ৰক মাৰিবৰ মনেৰে বাটত খাপ দিছিল। ঘৰলৈ উলটি যাওঁতে চন্দ্ৰনাথ এই আকস্মিক আক্ৰমণৰ আগন্তুক দেখি থৰ হৈ ৰ’ল। তেওঁ পলাবলৈকো যত্ন নকৰিলে, মৰামৰি কৰিবলৈকো আগ নাবাঢ়িল। মাথোন ধীৰে ধীৰে ক’লে, “মোক কিয় মাৰ ভাই? মইতো তোক গালি পৰা নাই, মুঠেই আন মানুহে যিহকে কোৱা শুনিছোঁ, তাকে কৈছোঁ।”

 সহপাঠীজনে আৰু মাৰিবলৈ আগ বাঢ়িব নোৱাৰিলে, আকৌ দুয়োৰে মিলাপ্ৰীতি হ’ল। ল’ৰা কালিৰ এই সামান্য ঘটনাটোতে চন্দ্ৰনাথৰ ভবিষ্যৎ মহানুভবতাৰ অঙ্কুৰ দেখা যায়।

 পঢ়াশালিত পঢ়োঁতে চন্দ্ৰনাথে কেতিয়াবা কেতিয়াবা ম’হ মেলা আৰু বন্ধা কাৰ্যত পিতাকক সাহায্য কৰিব লগাত পৰিছিল। [ ১৩ ] এই কাৰ্যটো বৰ ঢিলা নাছিল। এটা মেৰৰ ভিতৰত ম’হবিলাক কিছুমান বান্ধি আৰু কিছুমান নবন্ধাকৈয়ে সুমুৱাই থোৱা হৈছিল। ওপৰত ঘৰ নাছিল, সেই কাৰণে তাত সদায় বোকা আছিলেই। বাৰিষা দিনত সেয়ে আঁঠুৱনীয়া হৈ পৰিছিল; ম’হ মেলা আৰু বন্ধাৰ পিছত গুৱালে গা ধুইহে ভিতৰ সোমাব পাৰিছিল।

 ইয়াৰ বাহিৰেও বাৰিষা দিনত বৰশী বোৱা অভ্যাসটো সেই ঠাইৰ আন ল’ৰাৰ দৰে চন্দ্ৰনাথৰো আছিল।

 চন্দ্ৰনাথে প্ৰাইমাৰী পৰীক্ষা দুবাৰ দিছিল। প্ৰথম বাৰ তেওঁ অকৃতকাৰ্য হয়, দ্বিতীয় বাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বৃত্তি লাভ কৰে আৰু ১৯০১ চনৰ এপ্ৰিল মাহত তেজপুৰ সদৰ মজলীয়া স্কুলত ভৰ্তি হয়। যোগেশ্বৰে তেতিয়া ছাত্ৰবৃত্তি ‘পাচ’ কৰি বৃত্তি লৈ পূৰ্বৰ দৰে বোৰ্ডিঙতে থাকি ইংৰাজী স্কুলত পঢ়িছিল। চন্দ্ৰনাথ প্ৰথমতেই দিনচেৰেক ঘৰৰ পৰা আহিছিল, কিন্তু ইমান বাট খোজ কাঢ়ি আহি পঢ়া অসম্ভব হৈছিল, তাতে চন্দ্ৰনাথক নিতান্ত নিৰ্জু ল’ৰা দেখি দুষ্ট ল’ৰাবিলাকে বৰকৈ আমনি কৰিছিল আৰু কেতিয়াবা কেতিয়াবা ফলি-পুথি কাঢ়ি লৈ পানীত পেলাই দিছিল। সেই কাৰণে তেওঁক শেহত ককায়েকৰ লগতে বোৰ্ডিঙত থাকিবলৈ দিয়া হ'ল। ইয়াৰ পিছৰ বছৰত নীলাম্বৰৰ মধ্য ইংৰাজী স্কুলৰ পৰীক্ষাত অকৃতকাৰ্য হৈ তেজপুৰলৈ আহিল আৰু মজলীয়া স্কুলৰ প্ৰথম শ্ৰেণীত ভৰ্তি হ’ল। তেৱোঁ ককায়েকহঁতৰ লগতে থাকিল। দণ্ডিনাথে এতিয়া তিনিটা ল’ৰাক জিলাত থৈ পঢ়াব লগাত পৰিল।

 দণ্ডিনাথে আন উপায় নেদেখি পাঁচ ঘৰ মান মহন্ত আৰু আৰু পাঁচ ঘৰ মান কলিতা মানুহৰ পৌৰোহিত্য গ্ৰহণ কৰে। সেই সময়তে বালিশিহা নামে এখন ওচৰৰ ঠাইত বহু পমুৱা মানুহ বহি তাক এখন গাঁৱত পৰিণত কৰে। সেই ঠাইত কোনো বামুণ নাছিল, সেই কাৰণে তাৰ মানুহবিলাকেও গোপিনী সবাহ আৰু সময়ত শ্ৰাদ্ধাদি কৰিবলৈ তেওঁক নিমন্ত্ৰণ কৰিবলৈ ধৰিলে। যদিও দণ্ডিনাথ লিখা-পঢ়াত বিশেষ পাকৈত নাছিল, [ ১৪ ] তথাপি অধ্যৱসায়ৰ গুণত এইবোৰ কাৰ্য যেনে তেনে চলাব পৰা হ'ল।

 এনেকৈয়ে দণ্ডিনাথৰ দুপইচা ওলোৱাৰ উপায় হ'ল কিন্তু তাতে এটা ডাঙৰ প্ৰতিবন্ধক আছিল। ৰাতিৰ কাম তেওঁ ম'হ বান্ধি থৈ গৈও কৰিব পাৰে, কিন্তু দিনৰ কাম কৰিবলৈ তেওঁ ম’হ এৰি যায় কেনেকৈ? শেহত তেওঁ আন গুৱালবিলাকৰ লগত এই বন্দবস্ত কৰিলে যে তেওঁৰ দিনত কাম থাকিলে তেওঁলোকে তেওঁৰ ম'হ কেইটাও চাব লাগিব আৰু তাৰ সলনিত তেওঁ সকলো গুৱালক বছৰি একোটাকৈ ভোজ দিব। এই বন্দবস্তত গুৱালবিলাক মান্তি হ’লত তেওঁ ল’ৰাকেইটাৰ খৰছ কিছু পৰিমাণে উলিয়াবলৈ উপায় পালে। ল'ৰাকেইটায়ো পৈতৃক দাৰিদ্ৰ্যৰ ভীষণ হেঁচা গম নোপোৱাকৈয়ে জিলাতে থাকি পঢ়িবলৈ ধৰিলে।

 চন্দ্ৰনাথ সৰুৰে পৰা পঢ়া-শুনাত মনোযোগী আছিল, কিন্তু ঘৰত থকাখিনি কালত একাণপতীয়া হৈ লাগিবলৈ বিশেষ সুবিধা নাপাইছিল। তদুপৰি কেতিয়াবা কোনো কথাত সন্দেহ জন্মিলে তাক ভজন কৰোঁতাও কোনো নাছিল। এতিয়া বোৰ্ডিঙত তেওঁৰ সকলো সুবিধা ঘটি উঠিল, তেওঁ বৰ মনোযোগেৰে পঢ়িবলৈ ধৰিলে। শ্ৰেণীত তেওঁৰ ঠাই সকলোৰে আগত আছিল আৰু প্ৰতি বছৰেই শ্ৰেণীত প্ৰথম হৈ বঁটা পাইছিল।

 সেই সময়ত মজলীয়া স্কুলত প্ৰতি শনিবাৰে এখন সভা বহিছিল। তাৰ নিমিত্তে আলোচ্য বিষয়, ৰচনা-লিখক আৰু বক্তা আগ ধৰি স্থিৰ কৰা হৈছিল। এই সভায়েই জয়জয়তে চন্দ্ৰনাথৰ মনত সাহিত্যানুৰাগ সুমুৱাই দিছিল। যিমানেই তেওঁ শিক্ষকসকলৰ পৰা প্ৰশংসা পাইছিল, সিমানেই তেওঁৰ ৰচনা লিখা আৰু বক্তৃতা দিয়াৰ আগ্ৰহ বাঢ়ি গৈছিল। তেওঁ যে কালত এজন নাম-জ্বলা লিখক আৰু বক্তা হ’ব তেতিয়াই তাৰ আভাস পোৱা গৈছিল।

 সেই কালত মজলীয়া স্কুলত এই কেইজন শিক্ষক আছিল— প্ৰধান শিক্ষক স্বৰ্গীয় গুৰুনাথ দত্ত, দ্বিতীয় শিক্ষক বাবু জগৎ চন্দ্ৰ সেন আৰু তেওঁ বদলি হ’লত ৺ধনিৰাম হাজৰিকা (পিছলৈ প্ৰধান [ ১৫ ] শিক্ষক), তৃতীয় শিক্ষক ভূগোলসাৰ ৰচয়িতা ৺নৰেশ্বৰ শৰ্মা, চতুৰ্থ শিক্ষক ৺গঙ্গানাথ গোস্বামী (চন্দ্ৰনাথৰ পেহীয়েকৰ পুতেক) আৰু পঞ্চম শিক্ষক শ্ৰীযুত লম্বোদৰ বৰুৱা। এওঁলোকৰ ভিতৰত প্ৰধান শিক্ষকৰ ব্যক্তিগত আদৰ্শ, দ্বিতীয় শিক্ষকৰ গণিতশিক্ষা আৰু তৃতীয় শিক্ষকৰ সাহিত্য, ভূগোল আৰু বুৰঞ্জীৰ অনুৰাগে ছাত্ৰসকলৰ জীৱনত বিশেষ কাৰ্য কৰিছিল। এনে আদৰ্শ শিক্ষকৰ তলত পঢ়িবলৈ পোৱাটো চন্দ্ৰনাথৰ সৌভাগ্য।

 ছাত্ৰবৃত্তি স্কুলত তিনি বছৰ পঢ়ি চন্দ্ৰনাথ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হ’ল আৰু চাৰি বছৰৰ কাৰণে চাৰি টকীয়া বৃত্তি লাভ কৰি ১৯০৪ চনৰ এপ্ৰিল মাহত তেজপুৰ হাইস্কুলত ভৰ্তি হল।

 
চতুৰ্থ অধ্যায়
ইংৰাজী স্কুলত
 

 ইংৰাজী স্কুলতো চন্দ্ৰনাথে আগৰ উৎসাহেৰেই পঢ়িবলৈ ধৰিলে। শ্ৰেণীত তেওঁ সদায় প্ৰথম আছিল আৰু প্ৰত্যেক বছৰতে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। বহুতো ছাত্ৰই শ্ৰেণীত ভাল ল’ৰা বুলি নাম কৰে, কিন্তু তেওঁলোকে স্কুলৰ পাঠৰ বাহিৰে জগতত আৰু কিবা শিকিবলগীয়া-জানিবলগীয়া আছেনে নাই, তাৰ ভু নাৰাখে। কিন্তু চন্দ্ৰনাথ তেনে বিধৰ ভাল ল’ৰা নাছিল। তেওঁ স্কুলৰ পাঠ ভালকৈ শিকিও নানা প্ৰকাৰ বাহিৰা গ্ৰন্থ অধ্যয়ন কৰি বিদ্যাৰ জোখ বঢ়াইছিল। অসমীয়া সাহিত্যৰ প্ৰতি তেওঁৰ এনে ধাউতি আছিল যে তেওঁ নাম জনা কোনো ছপা কিতাপকে নপঢ়াকৈ নেৰিছিল— লাগে সি আদিপাঠেই হওক নাইবা ধাৰা- পাতেই হওক। [ ১৬ ]  সভা সমিতিত যোগ দিবলৈ তেওঁৰ সদায় আগ্ৰহ আছিল আৰু তেজপুৰত হোৱা কোনো সভাকেই তেওঁ বাদ নিদিছিল। বোৰ্ডিঙত এখন ছাত্ৰ-সভা পাতি দক্ষতাৰে সৈতে তাৰ কাৰ্য চলা- ইছিল আৰু প্ৰত্যেক সভাতে হয় ৰচনা পঢ়িছিল, নহয় বক্তৃতা দিছিল। এবাৰ সেই সভাৰ বাৰ্ষিক উৎসৱ পাতিবলৈকো আয়োজন কৰিছিল আৰু তাৰ কাৰ্য-বিবৰণী কলিকতাৰ প্ৰেছত ছপাই আনিছিল, কিন্তু হেড্‌ মাষ্টৰ ডাঙৰীয়াই অনুমতি নিদিয়াত সি হৈ নুঠিল।

 চন্দ্ৰনাথ ছাত্ৰবৃত্তি স্কুলত পঢ়ি থাকোঁতেই তেওঁৰ ককাইদেৱেক যোগেশ্বৰে হেড্‌ মাষ্টৰৰ লগত কিবা লাগি ইংৰাজী স্কুলৰ চতুৰ্থ শ্ৰেণীতে শিক্ষা শেষ কৰিব লগাত পৰে; নীলাম্বৰো ছাত্ৰবৃত্তি পৰীক্ষা নিদিয়াকৈয়ে আকৌ কোচবেহাৰলৈ উলটি যায়। সেই কাৰণে তিনিজনৰ ঠাইত এজনক পঢ়াব লগা হোৱাত দণ্ডিনাথে অলপ উশাহ ল’ব পাৰিছিল আৰু চন্দ্ৰনাথেও কিছু দিনলৈ খৰছৰ অভাব বিশেষ অনুভব কৰিব নালাগিছিল, কিন্তু পিছলৈ নানা কাৰণত মাজে সময়ে নাটনিত পৰি কষ্ট পাব লগা হৈছিল।

 চন্দ্ৰনাথ ইংৰাজী স্কুলত তৃতীয় শ্ৰেণীত পঢ়াৰ পূৰ্বেই তেওঁৰ ডাঙৰ ককায়েক দুজনৰ বিয়া হৈছিল। এই বিয়াতে দণ্ডিনাথৰ আগৰ যি পুঁজি আছিল, সি যি ঢুকালেই, আকৌ চাৰি শ টকাৰ ধাৰ হ’ল। ইফালে চন্দ্ৰনাথৰো বৃত্তিৰ সময় উকলি যোৱাত সম্পূৰ্ণ খৰছ ঘৰৰ পৰা দিব লগাত পৰিল। পিতাকে তেতিয়া নিৰুপায় হৈ ঘৰৰ সকলোৰে মতামত সুধিলে, সকলোৱে ইমানতে চন্দ্ৰনাথৰ শিক্ষা শেষ কৰাকেই যুক্তিযুক্ত বুলি স্থিৰ কৰিলে। তাৰ কাৰণ হৈছে চন্দ্ৰক কোনোমতে চাহ-বাগিচাৰ চাকৰিৰ উপযুক্ত কৰাই তেওঁলোকৰ শেষ লক্ষ্য আছিল আৰু তৃতীয় শ্ৰেণীৰ বিদ্যায়েই যে তালৈ যথেষ্ট হ’ব, সিও তেওঁলোকৰ জনা আছিল। চন্দ্ৰনাথে কিন্তু স্কুল এৰিবলৈ ইচ্ছা নকৰিলে, অথচ কিতাপ কিনিবলৈকো টকা নাই। দণ্ডিনাথে আন উপায় নেদেখি অগত্যা খুঁটিৰ পৰা [ ১৭ ] চেউৰী ম'হ এজনী বেচি তাৰ মূল্য চন্দ্ৰনাথক দিলে। এই দোপত ৰ’বলৈ পাই চন্দ্ৰনাথেও আকৌ আগৰ উৎসাহেৰেই মূৰপুতি পঢ়া- শুনা কৰিবলৈ ধৰিলে।

 যদিও সৰুৰে পৰা ৰাজহুৱা কামত যোগ দিয়া চন্দ্ৰনাথৰ অভ্যাস আছিল, তথাপি দ্বিতীয় শ্ৰেণীলৈ উঠাৰ পৰাই তাত বিশেষ ভাৱে মনোযোগ দিছিল। সেই সময়ৰ পৰাই শ্ৰীযুত দণ্ডিনাথ কলিতা সকলো ৰাজহুৱা কামতে তেওঁৰ নেৰা-নেপেৰা সঙ্গী আছিল।

 দ্বিতীয় শ্ৰেণীত পঢ়োতেই তেওঁলোক দুজন আৰু শ্ৰীযুত হেমচন্দ্ৰ বৰুৱাই (এতিয়া এম, বি,-কেপ্তেইন) আলচ কৰি এখন পষেকীয়া কাকত উলিয়াবলৈ স্থিৰ কৰে। এই কাকতৰ নাম দিয়া হৈছিল ‘চেতনা'। দণ্ডিনাথে কবিতা আৰু আন প্ৰবন্ধ লিখাৰ উপৰিও এখন উপন্যাস ধাৰাবাহিকৰূপে তাত লিখিবলৈ গাত লয়। বৰুৱাই প্ৰতি সংখ্যাতে একোটি ঐতিহাসিক প্ৰবন্ধ লিখিবলৈ প্ৰতিশ্ৰুত হয় আৰু তেনেকৈ প্ৰবন্ধ পালে চন্দ্ৰনাথ তাৰ সম্পাদক হবলৈ সম্মত হয়। লগে লগে এইটোও স্থিৰ হয় যে আন কাৰো পৰা প্ৰবন্ধ নাপালেও এই তিনিজনৰ প্ৰবন্ধেৰেই কাকত ওলাব লাগিব।

 এই সিদ্ধান্ত হৈ যোৱাৰ পিছত শ্ৰীযুত বসন্ত কুমাৰ বৰুৱাক (এতিয়া বি, এ, ) চিত্ৰকৰ, শ্ৰীযুত অন্নদা কুমাৰ পদ্মপতি (এতিয়া এম, এ, বি, এল) আৰু শ্ৰীযুত কালীচৰণ ভট্টাচাৰ্য্যক (এতিয়া বি, এল,) লিপিকাৰ নিযুক্ত কৰা হয়।

 যথাসময়ত ‘চেতনা’ৰ প্ৰথম আৰু দ্বিতীয় সংখ্যা প্ৰকাশ হ’ল। সুখৰ বিষয় চেতনাই পাঠকসকলৰ মনোৰঞ্জন কৰিব পাৰি- ছিল আৰু সকলোৱেই তাৰ দীৰ্ঘ জীৱন কামনা কৰিছিল। এই কেই সংখ্যা 'চেতনা’ত ওলোৱা কেইবাটাও প্ৰবন্ধ পিছত 'উষা'তো প্ৰকাশিত হৈছিল।

 যদিও ‘চেতনা' ওলাই ছাত্ৰ সমাজত এটা নতুন উৎসাহৰ সৃষ্টি কৰিলে, তথাপি ইয়াৰ প্ৰচাৰ গোপন ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰা হৈছিল। তাৰ কাৰণ সেই সময়ত হেড্‌ মাষ্টৰ শ্ৰদ্ধাস্পদ [ ১৮ ] স্বৰ্গীয় কেশৱ নাথ ফুকন ডাঙৰীয়া ছাত্ৰৰ এনে কাৰ্যৰ ঘোৰ বিৰোধী আছিল। তেওঁ গম পালে যে কাকত উলিয়াবলৈ নিদিয়ে, সেইটো চলাওঁতাসকলে বঢ়িয়াকৈ জানিছিল আৰু সেই বাবেই তেওঁক হে নালাগে, আন কোনো শিক্ষককো তাৰ অস্তিত্বৰ গম পাবলৈ সুযোগ দিয়া নাছিল।

 তৃতীয় সংখ্যা কাকত লিখা হৈছে, ওলাবলৈ মাথোন দুদিন নে এদিন বাকী, এনেতে এই কথা শ্ৰদ্ধাস্পদ শিক্ষক শ্ৰীযুক্ত ৰামেশ্বৰ বৰুৱা বি, এ, ডাঙৰীয়াৰ কাণত পৰিল। তেখেত তেতিয়া বদলি হৈ গুৱাহাটীলৈ যাবলৈ সাজু হৈছিল। তেখেতে অপ্ৰকাশিত তৃতীয় সংখ্যা ‘চেতনা’ দেখি সন্তোষ পাইছিল, আৰু ছাত্ৰসকলৰ উদ্যমৰ প্ৰশংসা কৰিছিল। কিন্তু এনে এটা কাম যে হেড্‌ মাষ্টৰ ডাঙৰীয়াৰ অজ্ঞাততে চলি থাকিব তাক তেওঁ বিশ্বাস নকৰিছিল। তেওঁ কৈছিল, “কামটো মোৰ মতে প্ৰশংসনীয় হৈছে, কিন্তু হেড্‌ মাষ্টৰ ডাঙৰীয়াই গম নেপোৱাকৈ নাথাকে আৰু গম পালেই যে তোমালোকে শাস্তি ভুঞ্জিব লাগিব ইও ধুৰুপ। তাতে ময়ো গুৱাহাটীলৈ যাবলৈ ওলালোঁ, তোমালোক সাৱধান হবা।”

 বৰুৱা ডাঙৰীয়াৰ কথা সত্যত পৰিণত হ'ল। তেখেত গুৱাহাটীলৈ যোৱাৰ পিছ দিনাই দ্বিতীয় সংখ্যা কাকত হেড্‌ মাষ্টৰৰ হাতত পৰিল। লগে লগে প্ৰথম সংখ্যাও দিব লগা হ'ল। দুয়ো সংখ্যা কাকত লৈ হেড্‌ মাষ্টৰে তুমুল কোলাহল উপস্থিত কৰিলে। কেইবা দিনলৈকে বিচাৰ চলিবলৈ ধৰিলে, বিচাৰৰ ফলত সম্পাদকৰ পৰা লিপিকাৰলৈকে সকলোৱে অৰ্থদণ্ড ভৰিলে।

 ইয়াৰ পিছতো চন্দ্ৰনাথ আৰু দণ্ডিনাথে এজন শিক্ষকৰ তত্ত্বাবধানত কাকতখন উলিয়াবলৈ অনুমতি প্ৰাৰ্থনা কৰিছিল, আৰু আন ভদ্ৰলোকৰ হতুৱায়ো প্ৰস্তাব কৰাইছিল। কিন্তু হেড্‌ মাষ্টৰে অনুমতিৰ সলনি তেওঁলোকক ডাবি দিলে মাথোন। মুঠতে ‘চেতনা’ সিমানতেই অচেতন হ’ল, কিন্তু ভবিষ্যতলৈ তাক ছপা কাকতৰ আকাৰেৰে সচেতন কৰাৰ আশা এজনেও এৰিব পৰা নাছিল।

[ ১৯ ]  ইয়াৰ পাঁচ বছৰমান আগৰে পৰা শ্ৰীযুক্ত ৰামেশ্বৰ বৰুৱা আদি ডাঙৰীয়াসকলৰ চেষ্টাত আৰু শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী, শ্ৰীযুক্ত পদ্মনাথ বৰুৱা, শ্ৰীযুক্ত ৰাধানাথ ফুকন আদি সাহিত্যিকসকলৰ উৎসাহত, তেজপুৰত শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ তিথি উপলক্ষে স্মৃতি-সভা পতাৰ নিয়ম চলি আহিছিল। পিছত আনন্দৰাম বৰুৱাৰ স্মৃতি-সভাও পতা হৈছিল। কিন্তু স্বদেশী আন্দোলনৰ সময়ৰ পৰা হেড্‌ মাষ্টৰ ডাঙৰীয়াই তেনে সভা পতাতো বাধা জন্মাবলৈ ধৰিলে। চন্দ্ৰনাথ আৰু দণ্ডিনাথে আন উপায় নাপাই শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ ওচৰ চাপিল। বৰুৱা ডাঙৰীয়াই তেওঁলোকক সৰুৰে পৰা চেনেহৰ চকুৰে চাইছিল আৰু ইংৰাজী স্কুলত ছাত্ৰ-স্বৰূপেও পাইছিল। তাৰ বাহিৰেও সভা-সমিতি পাতিব লগা হ'লেই দুয়ো তেখেতৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। এতিয়া কাৰ্যৰ গঢ় দেখি তেখেতে সকলো দায়িত্ব লৈ তেওঁলোকক বুদ্ধি পৰামৰ্শ দি চলাবলৈ ধৰিলে। এনেকৈয়ে বৰুৱা ডাঙৰীয়াৰ অনুগ্ৰহত চন্দ্ৰনাথ আৰু দণ্ডিনাথে ৰাজনৈতিক সভাৰ বাহিৰে আন সকলো সভা-সমিতিত যোগ দিবলৈ আৰু তেনে অনুষ্ঠানৰ আয়োজন কৰিবলৈ সুযোগ পাইছিল। মুঠতে ৰাজহুৱা কাৰ্যৰ যি বীজ তেতিয়া তেওঁলোকৰ অন্তৰত অঙ্কুৰিত হৈছিল, বৰুৱা ডাঙৰীয়াৰ সাহায্যৰ সাৰ-পানী নোপোৱা হ'লে সি কিজানি তেতিয়াই শুকাই গ’লহেঁতেন।

 সাহিত্য-চৰ্চাতো তেওঁলোকে বৰুৱা ডাঙৰীয়াৰ পৰা বিশেষ উৎসাহ পাইছিল। ওপৰত কোৱা সভা-সমিতিত তেওঁলোকে প্ৰায়েই কবিতা নাইবা প্ৰবন্ধ পাঠ কৰিছিল, তাকে দেখি এদিন বৰুৱা ডাঙৰীয়াই কথা প্ৰসঙ্গত ক’লে “তোমালোকৰ সভা-সমিতিত পঢ়া কবিতা আৰু ৰচনা দেখি বুজিছোঁ তোমালোকৰ প্ৰবন্ধ ৰচনাত বেছ হাত আছে। তোমালোকে ‘উষা’লৈ প্ৰবন্ধ নিলিখা কিয়? ভয় বা লাজ কৰিবৰ কোনো কাৰণ নাই; যদি প্ৰবন্ধ উপযুক্ত হয়, ছপা হ’ব, যদি নহয়, তেন্তে কত কি খুঁত আছে দেখুৱাই দিম। মুঠতে তোমালোকে প্ৰবন্ধ পঠিয়ালে বিনা দৰমহাতে মোক [ ২০ ] প্ৰাইভেট টিউটৰ (Private tutor) পাবা।”

 বৰুৱা ডাঙৰীয়াৰ উপদেশ মতে দুয়ো প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে, কিন্তু চন্দ্ৰনাথে ‘বন্তি’লৈহে প্ৰৱন্ধ পঠাইছিল। উষাত ওলোৱা তেওঁৰ প্ৰবন্ধবিলাকৰ ভিতৰত অকল ‘আনন্দৰাম বৰুৱা আৰু বঙলা ভাষা’ হে স্কুলত থাকোঁতে লিখা।

 ‘বন্তি’ত ওলোৱা প্ৰবন্ধৰ ভিতৰত বিশেষ উল্লেখযোগ্য— শ্ৰীযুক্ত ৰঘুনাথ চৌধাৰীৰ 'সাদৰী'ৰ সমালোচনাটো। স্কুলীয়া ছাত্ৰৰ কাপৰ পৰা এনে সুন্দৰ সমালোচনা ওলোৱাটো নিশ্চয় গৌৰৱৰ বিষয়।

 সেই কালত চন্দ্ৰনাথে শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ উপদেশ নোলোৱাকৈ কোনো সামান্য কামতো হাত নিদিছিল, আৰু তেখেতৰ প্ৰত্যেক কথাকে বেদ-বাক্যতকৈও বেছিকৈ মানিছিল। বৰুৱা ডাঙৰীয়াৰ লগত চন্দ্ৰনাথৰ প্ৰায় দিনৌ সাক্ষাৎ হৈছিল আৰু সেই বাবেই তেখেতৰ উপদেশ লবলৈ সুযোগ পাইছিল।

 চন্দ্ৰনাথৰ সাহিত্য গুৰু আছিল লম্বোদৰ বৰা। বৰা ডাঙৰীয়াৰ আনন্দৰামৰ পাতনিখন তেওঁৰ প্ৰায় মুখস্থ আছিল, আৰু তেওঁ সততে সেই আদৰ্শত ৰচনা কৰিবলৈ চেষ্টা কৰিছিল। ইংৰাজী স্কুলৰ প্ৰথম শ্ৰেণীত পঢ়োতে তেওঁ বৰা ডাঙৰীয়াৰ 'অসমীয়া ভাষাৰ আখৰ জোঁটনি’ নামক প্ৰবন্ধবিলাক পুৰণি ‘জোনাকী’ৰ পৰা লৈ কিতাপৰ আকাৰেৰে উলিয়াবলৈ যুগুত কৰিছিল, কিন্তু অৰ্থাভাবত সেই কাৰ্য হৈ নুঠিল। বৰা ডাঙৰীয়াৰ বিষয়ে কি জানি কিবা নতুন তথ্য আৰু অপ্ৰকাশিত গ্ৰন্থ বা প্ৰবন্ধ পোৱা যায় বুলি চন্দ্ৰনাথ বৰা ডাঙৰীয়াৰ গহপুৰৰ ঘাই ঘৰো পাই আহিল, কিন্তু তেওঁৰ উদ্দেশ্য সিদ্ধি নহ’ল।

 তৃতীয় বছৰৰ ‘উষা’ত স্বৰ্গীয় হৰিবিলাস আগৰৱালা ডাঙৰীয়াই লিখা বৰা ডাঙৰীয়াৰ এটি চমু জীৱন-চৰিত চিত্ৰেৰে সৈতে ওলাইছিল। ‘উষা’ৰ চিত্ৰ-সূচীত আছে- সেই চিত্ৰৰ দাতা শ্ৰীযুত পৰমানন্দ আগৰৱালা, এজন ছাত্ৰ আৰু সম্পাদক। এই ছাত্ৰজন আন কোনো নহয়,—চন্দ্ৰনাথ। হাতত ধন থকাহ’লে যে তেওঁ সম্পূৰ্ণ [ ২১ ] ব্যয় বহন কৰিলেহেঁতেন, তাত সন্দেহ নাই।

 এই বছৰতে শ্ৰীযুক্ত তাৰনাথ চক্ৰবৰ্তীৰ চেষ্টাত কিছুমান স্থানীয় ভদ্ৰলোক গোট খাই ‘বান্ধব সমিতি’ নামেৰে এখন সমিতি গঠন কৰে আৰু সেই সমিতিৰ পৰা ‘আসাম বান্ধব’ নামেৰে এখন মাহেকীয়া কাকত উলিওৱাৰ প্ৰস্তাব গৃহীত হয়। চক্ৰবৰ্তীদেৱকে সমিতিৰ বিধি-বিধানৰ তলতীয়া কৰি অবৈতনিক সম্পাদক নিযুক্ত কৰা হয়। দণ্ডিনাথ স্কুলৰ ছাত্ৰ হলেও ভিতৰুৱাভাৱে এই আন্দোলনত গুৰিৰে পৰা আছিল, তেৱেই এতিয়া চন্দ্ৰনাথ আৰু শ্ৰীযুত বেণুধৰ দাসক (তেতিয়া কটন কলেজৰ ছাত্ৰ) এই সংবাদ দি তেওঁলোকৰ বিশেষ সাহায্য দাবী কৰে। তাৰ ফলত তেওঁলোকৰ প্ৰত্যেকজনেই প্ৰবন্ধ আৰু অন্ততঃ এশকৈ গ্ৰাহক গোটাই দিবলৈ প্ৰতিশ্ৰুত হয়। কোৱা বাহুল্য যে প্ৰথমতে ‘আসাম বান্ধব’ৰ যি ন শ মান গ্ৰাহক হৈছিল, তাৰ প্ৰায় তিনি শ মান শ্ৰীযুত দাস আৰু চন্দ্ৰনাথে সংগ্ৰহ কৰা। অকল সেয়ে নহয়, প্ৰথম অৱস্থাত ‘বান্ধবে’ তেওঁলোকৰ পৰা সকলো প্ৰকাৰৰ সাহায্য লাভ কৰিছিল।

 ‘আসাম বান্ধব’ তেজপুৰৰ পৰা মুঠেই চাৰি সংখ্যা ওলাইছিল। তাৰ পিছত সম্পাদকে নগাওঁ হাই স্কুলৰ হেড্‌ পণ্ডিতৰ কাম লৈ তেজপুৰ এৰি যায় আৰু ‘বান্ধব’ চলোৱাত বহুতো বেমেজালি ঘটে। সেইবোৰ কাৰণত ‘বান্ধবসমিতি’য়ে তেওঁক সম্পাদক ভাঙি নতুন সম্পাদক পাতিবলৈ স্থিৰ কৰে, কিন্তু তেজপুৰত সেই ভাৰ লওঁতা কোনো নোলাল; অগত্যা সমিতিয়ে বিস্তৰ লিখালিখিৰ পিছত শ্ৰীযুক্ত চক্ৰবৰ্তীদেৱকে তাৰ স্বত্ত্ব দান কৰিলে। এই সময়ৰ পৰাই ‘বান্ধব’ৰ উদ্দেশ্য আগতকৈ বেলেগ হৈ পৰিল আৰু চন্দ্ৰনাথ প্ৰভৃতি ‘বান্ধব’ৰ প্ৰকৃত বান্ধবসকল লাহে লাহে আঁতৰি পৰিল।

 ‘আসাম বান্ধব’ তেজপুৰত থাকোঁতে তাত প্ৰকাশ কৰিবৰ মনেৰেই চন্দ্ৰনাথে ‘আনন্দৰাম বৰুৱা আৰু বঙলা ভাষা' প্ৰবন্ধটো লিখিছিল, কিন্তু কোনো কথাত আসোঁৱাহ ওলোৱাত তাক বান্ধবত [ ২২ ] দিয়া নহল; আৰু সেই কাৰণেই তেওঁ তাক পিছৰ মাহৰ উষাত প্ৰকাশ কৰিলে।

 প্ৰকৃত মানুহ হবলৈ হ'লে গুণীৰ গুণ আৰু মানিৰ মানৰ মূল্য বুজিব পৰা হ'ব লাগে। চন্দ্ৰনাথৰ এই গুণ সৰুৰে পৰা আছিল। যেতিয়া পণ্ডিত ৺ধীৰেশ্বৰ আচাৰ্য কবিৰত্নক গবৰ্ণমেন্টে মহামহোপাধ্যায় উপাধি দিয়ে, তেতিয়া এই উপলক্ষে বহুতো ঠাইত সভা-সমিতি পাতি আনন্দ প্ৰকাশ কৰা হয়, কিন্তু তেজপুৰত তেনে একো আয়োজন হোৱা নাছিল। সেই কাৰণে চন্দ্ৰনাথে সেই স্বনাম- ধন্য পণ্ডিত প্ৰবৰক তেজপুৰলৈ নিমন্ত্ৰণ কৰি আনি অভ্যৰ্থনা কৰিবলৈ আৰু এবাৰ দৰ্শন কৰি পবিত্ৰ হবলৈ সঙ্কল্প কৰে। সেই উদ্দেশ্যে আয়োজন কৰিবলৈ দণ্ডিনাথৰ লগত পৰামৰ্শ কৰি বৰঙণি তুলিব- লৈকো তেওঁ ব্যৱস্থা কৰিছিল, কিন্তু যেতিয়া এই প্ৰস্তাব লৈ শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ যোৱা হ’ল, তেতিয়া তেখেতে ক'লে “এইটো এটা বৰ সজ প্ৰস্তাব, কিন্তু অকল স্কুলীয়া ছাতৰেই এই কাৰ্যৰ ভাৰ ল'লে তেজপুৰীয়া ৰাইজৰ আৰু লগতে মহামহো- পাধ্যায়ৰো মূল্য কমে। সেই কাৰণে তেজপুৰ অ, ভা, উ, সা, সভাৰ জৰিয়তে নিমন্ত্ৰণ কৰিলে ভাল হয়, লাগিলে তেতিয়াও সকলো কাম তোমালোকেই কৰিবা। সম্প্ৰতি তোমালোকে অ, ভা, উ, সা, সভাৰ সম্পাদকক এই উদ্দেশ্যে এখন সভা আহ্বান কৰিবলৈ কোৱাঁগৈ।”

 গুৰিত বৰুৱা ডাঙৰীয়া নাথাকিলে তেওঁলোকে কোনো ৰাজহুৱা কাম হাতত লবলৈ সাহ নকৰিছিল, কিয়নো তেনে কৰিলে হেড্‌ মাষ্টৰৰ কোপ দৃষ্টিত পৰাৰ ভয় আছিল। সেই কাৰণে বৰুৱা ডাঙৰীয়াৰ উপদেশ মতে তেওঁলোকে অ, ভা, উ, সা, সভাৰ সম্পাদকৰ ওচৰত প্ৰস্তাবটো ডাঙি ধৰিলে আৰু জাননী এখন লিখি দিলে তাক সভ্যসকলক দেখুৱাবলৈকো গাত ল'লে। সম্পাদকে মুখেৰে যদিও শলাগিলে, তথাপি জাননী লিখিবলৈ সময় নাই বুলি। সেই দিনা ওলোটাই পঠিয়ালে। ইয়াৰ পাছত প্ৰায় এমাহমান অহা-যোৱা কৰিও যেতিয়া সম্পাদকৰ পৰা জাননী এখন লিখাই [ ২৩ ] আনিব নোৱাৰিলে, তেতিয়া তেওঁলোকে বাধ্য হৈ সেই প্ৰস্তাব এৰিব লগাত পৰিল। যদিও কাৰ্যতঃ একোৱেই নহ’ল, তথাপি এই ঘটনাত চন্দ্ৰনাথৰ মনৰ প্ৰশস্ততা ভালকৈ উপলব্ধি কৰিব পাৰি।

 স্কুলীয়া ছাত্ৰ হলেও প্ৰায় স্বদেশী আন্দোলনৰ সময়ৰে পৰা চন্দ্ৰনাথে অলপ অচৰপ ৰাজনীতিৰ ভূ ৰাখিছিল। অসমীয়া পুথিৰ ভিতৰত ‘চিন্তানল’ আৰু 'জীৱনাদৰ্শ', বঙলা কিতাপৰ ভিতৰত ‘দেশেৰ কথা' আৰু ‘তিলকেৰ মোকৰ্দমা', ইংৰাজী কিতাপৰ ভিতৰত ৺ৰমেশ দত্তৰ Ancient Civilization of India (প্ৰাচীন ভাৰতৰ সভ্যতা), দাদা ভাই নৌৰজী, গোখেল আৰু কেশব সেনৰ বক্তৃতাৱলী বৰ মনোযোগেৰে পঢ়িছিল।

 যদিও চন্দ্ৰনাথে সেই কালতে ৰাজনীতিৰ আও-ভাও বুজিবলৈ যত্ন কৰিছিল, তথাপি গাঁৱলীয়া বামুণ সমাজৰ পৰা পোৱা কিছুমান কুসংস্কাৰ তেতিয়াও এৰিব নুখুজিছিল আৰু ব্যক্তিগতভাৱে যিবোৰ এৰিছিল, তাকো সামাজিকভাৱে প্ৰকাশ কৰাত আপত্তি কৰিছিল। তেনে আন্দোলনে সমাজত বিশৃঙ্খলা ঘটাই তাৰ অশান্তিৰ সৃষ্টি কৰিব বুলি, বহুত দিনলৈকে তেওঁ সামাজিক আন্দোলনৰ বিৰোধী আছিল। এদিন মাথোন এটা বিশেষ ঘটনাই তেওঁৰ এই মতৰ কিছু পৰিবৰ্তন ঘটাইছিল। ঘটনাটো এই:

 এদিন চন্দ্ৰনাথ দণ্ডিনাথৰে সৈতে শ্ৰীযুক্ত মহাদেব শৰ্মাৰ ঘৰলৈ গৈছিল। যি বাটেদি গৈছিল সি এজন মহন্ত সত্ৰাধিকাৰৰ পদূলিৰ আগেদি। সত্ৰ পাৰ হৈ যোৱাৰ পিছত এটা ল'ৰা গৈ ক'লে— “প্ৰভু ঈশ্বৰে আপোনালোকক লগ পাব খুজিছে”। কিয় মাতিছে একো বুজিব নোৱাৰি আৰু ল'ৰাটোৰ পৰাও একো শুংসূত্ৰ নাপাই দুয়ো উলটি খোজ ললে। চন্দ্ৰনাথৰ ভৰিত জোতা আছিল, তেওঁ তাক সত্ৰৰ পদূলি মুখতে সোলোকাই থ’লে আৰু দুয়ো গৈ গোসাঁইৰ চ’ৰাত উপস্থিত হ'ল। মতাৰ কাৰণ তেওঁলোকে তেতিয়াও বুজা নাছিল। গৈ পালতে অধিকাৰে তৰ্জন-গৰ্জন কৰি ক'লে “তহঁতৰ ইমান সাহ, মোৰ পদূলিৰ আগেদি জোতা পিন্ধি, [ ২৪ ] ছাতি মেলি যাৱ। এতিয়া তাৰ বাবে হয় তহঁতে দণ্ড দে, নহ'লে তহঁতৰ ছাতি কাঢ়ি লোৱা হ’ব।”

 অধিকাৰৰ কথা শুনি দুয়োজনে সেই অজ্ঞাত আৰু প্ৰথম অপৰাধৰ বাবে বিনীতভাৱে ক্ষমা খুজিলে, কিন্তু গোসাঁইৰ কোব চৰিহে উঠিল। যি হওক, বহুতো তৰ্ক-বিতৰ্ক আৰু উপৰোধ অনুৰোধৰ পিছত অধিকাৰে দণ্ডৰ জোখ লাহে লাহে কমাই আনি শেহত চাৰি অনাত খুঁটি পুতিলে, আৰু তাকো দিবলৈ অপৰাধী দুজনে আপত্তি কৰা দেখি পুৰ্বোক্ত পাৰিষদক ছাতি কাঢ়ি লবলৈ সঙ্কেত দিলে। ‘প্ৰভু’ৰ এই সঙ্কেত পোৱা মাত্ৰেই ল’ৰাটো চিলা অহা দি আহি ছাতিত ধৰিলে। অবুজ গোসাঁইক কোনো মতে বুজাব নোৱাৰি অগত্যা চন্দ্ৰনাথে জেপৰ পৰা সিকি এটা উলিয়াই নি নিষ্কৃতি লাভ কৰিলে। ওলাই আহি তেওঁলোকে দেখিলে জোতাযোৰ নাই। অনুসন্ধান কৰি জানিব পাৰিলে, পদূলিৰ আগেদি নিব নোৱাৰা জোতাযোৰ কোনোবা পাৰিষদৰ দ্বাৰা বাজেয়াপ্ত হৈ পূৰ্বৰ অপবিত্ৰতা ধুই মচি ‘প্ৰভু’ৰ টোলত বিৰাজ কৰিছিল। লৰালৰিকৈ তাৰ উদ্ধাৰৰ আয়োজন নকৰাহ’লে সি যে সোঁশৰীৰে বৈকুণ্ঠ লাভ কৰিলেহেঁতেন তাত সন্দেহ নাই। সেই দিনাৰ পৰাই চন্দ্ৰনাথে অন্ততঃ গোসাঁই-মহন্তসকলৰ সংস্কাৰৰ আবশ্যকতা হৃদয়ঙ্গম কৰিছিল। কিন্তু তেতিয়াও তেওঁ সাৰ্বজনীনভাৱে সমাজ সংস্কাৰৰ

পক্ষপাতী নাছিল। [ ২৫ ]
 

পঞ্চম অধ্যায়

পিতৃ-বিয়োগ আৰু মেট্ৰিকুলেশ্যন পৰীক্ষা

 

 ওপৰত কৈ অহা হৈছে চন্দ্ৰনাথৰ পিতাকৰ আৰ্থিক অৱস্থা সিমান ভাল নাছিল। তাতে তিনটা ল’ৰা আৰু ছোৱালীজনীৰ বিয়াত ধাৰো যথেষ্ট হৈছিল। চন্দ্ৰনাথ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ যেতিয়া ১৯১০ চনত মেট্ৰিকুলেশন পৰীক্ষা দিবলৈ ওলাল, তেতিয়া তেওঁ বহু প্ৰবন্ধেৰেহে পৰীক্ষাৰ ‘ফীজ’ যোগাৰ কৰি দিলে। কিন্তু গুৱাহাটীত পৰীক্ষা দিবলৈ গ'লে যি খৰছ লাগিব, তাক গোটাবৰ কোনো উপায় কৰিব নোৱাৰিলে। ধাৰলৈ ধন বিচাৰি দণ্ডিনাথ বহুত ঠাইত ঘূৰিলে, কিন্তু তেওঁৰ মনোৰথ পূৰ্ণ নহ’ল, চিন্তাত মূৰ ঘূৰিবলৈ ধৰিলে। সকলো ঠাইতে হতাশ হৈ শেহত তেওঁ স্থানীয় মৌজাদাৰক ধৰিলেগৈ, কিন্তু তাৰ পৰাও ভগ্ন মনোৰথ হৈ উলটিব লগাত পৰিল। ঘৰলৈ আহি তেওঁ চিন্তাত একেবাৰেই ম্ৰিয়মান হৈ নোখোৱা নেমেলাকৈয়ে, পাটীত দীঘল দি পৰিল। লাহে লাহে তেওঁৰ শৰীৰ অসুস্থ হৈ আহিল আৰু ৰাতি ভয়ানক জ্বৰ উঠিল। সেই জ্বৰৰ আৰু উপশম নহ’ল। এদিন এৰাতি মাথোন জ্বৰত ভুগি তেওঁ জীৱন-লীলা শেষ কৰিলে।

 চন্দ্ৰনাথ তেতিয়া বোৰ্ডিঙতে আছিল। সেই সময়ত যদিও বাছনি পৰীক্ষাৰ পিছত পৰীক্ষাৰ্থীসকলক স্কুলত পঢ়োৱা নহৈছিল, তথাপি এঘাৰ বজাত স্কুলত উপস্থিত হৈ অহাৰ নিয়ম আছিল। চন্দ্ৰনাথে তাতে থাকি পঢ়িছিল, আৰু অন্যান্য কামো পূৰ্বৰ দৰেই কৰিছিল।

 ইতিপূৰ্বে স্কুলৰ সকলো ছাত্ৰই একেলগে বঙালীসকলৰ বাৰোৱাৰী পূজাঘৰতে সৰস্বতী পূজা পাতিছিল। কিন্তু ১৯০৯ চনৰে [ ২৬ ] পৰা অসমীয়া আৰু বঙালী ছাত্ৰই বেলেগ বেলেগ ঠাইত পতাৰ ব্যৱস্থা হ’ল। তেনে হোৱাৰ কাৰণ এই আগৰে পৰা বঙালীৰ বাৰোৱাৰী পূজাত কোনো কোনো অসমীয়াইয়ো যোগ দিছিল আৰু তাৰ লগত সংলগ্ন থকা বঙালীৰ ষ্টেজতে মাজে সময়ে অসমীয়াইয়ো বিশেষ বন্দবস্তত অভিনয় কৰিছিল। কিন্তু এবাৰ দুৰ্গাপূজাৰ সময়ত বঙালী সকলে পুৰ্বৰে পৰা নিৰ্দিষ্ট থকা দিনত অসমীয়াক অভিনয় কৰিবলৈ নিদি আন এদিন কৰিবলৈ দিলে। ইয়াতে অপমান বোধ কৰি পিছ বছৰত অসমীয়াই অ, ভা, উ, সা সভাৰ পৰা প্ৰকাণ্ড নামঘৰ থিয় কৰি তুলিলে আৰু লগতে বাণ থিয়েটৰৰ প্ৰতিষ্ঠা কৰিলে। অভিভাৱকসকলৰ প্ৰতি বঙালীৰ এই ব্যৱহাৰ দেখি অসমীয়া ছাত্ৰ সকলেও মনে মনে বঙালীৰ পূজাঘৰৰ পৰা আঁতৰি অ, ভা, উ, সা, নাম-ঘৰত পূজা পতাৰ ব্যৱস্থা কৰিলে। এই কাৰ্যত বঙালী ভদ্ৰলোক সকলে বিশেষৰূপে সন্ধিৰ প্ৰস্তাব কৰিছিল, কিন্তু ছাত্ৰসকল তাত মান্তি নহ'ল। যি কেইজন ছাত্ৰ এই আন্দোলনৰ প্ৰধান নেতা আছিল, তাৰ ভিতৰত চন্দ্ৰনাথো এজন।

 ১৯১০ চনতো আগৰ বাৰৰ দৰেই অসমীয়া ছাত্ৰই অসমীয়া নামঘৰত সৰস্বতী পূজা পাতিবলৈ আয়োজন কৰে। পূজাৰ দিনা ৰাতি ছাত্ৰসকলেই ‘মেঘনাদ বধ’ অভিনয় কৰিবলৈকো সাজু হয়। চন্দ্ৰনাথৰ গাত পূজাৰ আৰু দণ্ডিনাথৰ গাত থিয়েটৰৰ ভাৰ আছিল। পূজাৰ নিমিত্তে সেইবাৰ দুশমান টকা উঠিছিল।

 শুক্লা পঞ্চমীত সৰস্বতী পূজা, অমাবস্যাৰ দিনাই চন্দ্ৰনাথৰ পিতাক স্বৰ্গী হয়। চন্দ্ৰনাথে পিতাকৰ টান জ্বৰ হৈছে বুলি বাতৰি পাইছিল, কিন্তু সি যে এনে সাংঘাতিক হ’ব তেনে ভাব তেওঁৰ স্বপ্নৰো অগোচৰ আছিল।

 প্ৰতিপদৰ দিনা এঘাৰমান বজাত চন্দ্ৰনাথ ঘৰলৈ যাবলৈ ওলাল, তেতিয়াও তেওঁ পিতাকৰ মৃত্যু-বাতৰি পোৱা নাছিল। তেওঁৰ কোনো কোনো বন্ধুৱে যদিও এই বাতৰি পুৱাতে পাইছিল, তথাপি তাক ভাঙিবলৈ কোঁচ খাইছিল। হেড্‌ মাষ্টৰ ডাঙৰীয়াই [ ২৭ ] স্কুলতে দণ্ডিনাথৰ পৰা বাতৰি পাই পূজাৰ টকা-কড়ি বুজি লৈ চন্দ্ৰনাথক ঘৰলৈ পঠিয়াই দিবৰ নিমিত্তে তেওঁক বোৰ্ডিঙলৈ পঠিয়ায়। তেওঁ আন দুজন সহধ্যায়ীক লগত লৈ আহি দেখিলে চন্দ্ৰনাথ পিতাকৰ ভু লবলৈ ঘৰলৈ যাবলৈ ওলাইছে। টকা-কড়ি ইয়াৰ আগতে দুজন ছাত্ৰক গতাই থৈছে। অকল সেয়ে নহয়, তেওঁ অহাত দুই- এদিন পলম হ'লেও যাতে পূজাৰ আয়োজনত ত্ৰুটি নঘটে, এনে ভাৱে সকলো দিহা-পোহা দি যাবলৈকো বাকী ৰখা নাই। ছাত্ৰ অৱস্থাতো চন্দ্ৰনাথ কেনে কাৰ্যকুশল আছিল, ইয়াতেই তাৰ প্ৰমাণ পোৱা যায়।

 চন্দ্ৰনাথ তেতিয়া ঘৰলৈ গ'ল। ঘৰ পালেই সকলো কথা জানিব বুলি তেওঁক সেই ভীষণ অপ্ৰিয় সত্য জনাবলৈ কোনো আগ নাবাঢ়িল।

 প্ৰায় আধা ঘণ্টামান সময়ৰ মূৰত চন্দ্ৰনাথ বোৰ্ডিঙলৈ উলটি আহিল। বাটতে তেওঁ পিতাকৰ মৃত্যু সংবাদ শুনিলে আৰু সেই কাৰণেই পিন্ধি যোৱা সাজপাৰ আৰু জোতা থৈ যাবৰ নিমিত্তে ঘূৰি আহিব লগাত পৰিল।

 সাজ-পাৰ সলোৱাৰ পিছত তেওঁক গা ধুবলৈ দিয়া হ'ল। ইমান বেলিলৈকে চন্দ্ৰনাথে আচৰিতৰূপে ধৈৰ্য অৱলম্বন কৰিছিল, কিন্তু আৰু নোৱাৰিলে, পানীৰ ঘটি মূৰৰ ওপৰলৈ তুলি ঢলাৰ লগে লগে ‘পিতাদেউ' বুলি চিঞৰ মাৰি ধাচ কৰে মাটিত বাগৰি পৰিল, হাতৰ ঘটি উফৰি গল। ইমান বেলি চেঁপা দি ৰখা শোকৰ বেগ যেন সেই এটা চিঞৰৰ লগতে ওলাই আহিল, তেওঁ প্ৰায় সংজ্ঞাশূন্য হৈ পৰিল। তেতিয়া তেওঁক কেইবাজনেও ধৰি-মেলি গা-পা ধুৱাই সান্ত্বনা দিলে। অলপ বিশ্ৰামৰ পিছত তেওঁ অলপ সুস্থিৰ হৈ আকৌ ঘৰলৈ যাত্ৰা কৰিলে।

 পিতৃশ্ৰাদ্ধ শেষ কৰি মেট্ৰিকুলেশ্যন পৰীক্ষালৈ চন্দ্ৰনাথে মুঠেই তিনি সপ্তাহ সময় পাইছিল। পিতাকৰ শ্ৰাদ্ধলৈ সংগ্ৰহ কৰা টকাৰ [ ২৮ ] যি অৱশিষ্ট আছিল, তাৰেই চন্দ্ৰনাথৰ গুৱাহাটীলৈ যোৱা অহাৰ খৰছ চলিল।

 সেই বাৰৰ পোন প্ৰথম মেট্ৰিকুলেশ্যন পৰীক্ষাত চন্দ্ৰনাথ প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল। কিন্তু যদিও চন্দ্ৰনাথে বৃত্তি পাব বুলি শিক্ষক, ছাত্ৰ সকলোৰে ডাঠ বিশ্বাস আছিল, তথাপি পৰীক্ষাৰ আগতে হোৱা আহুকালবিলাকৰ নিমিত্তে তেওঁ বৃত্তি লাভ কৰিব নোৱাৰিলে।

 

ষষ্ঠ অধ্যায়

কটন কলেজত

( প্ৰথম আৰু দ্বিতীয় বাৰ্ষিক )
 

 স্কুলত থাকোঁতেই চন্দ্ৰনাথ কেনেকৈ সময়ে সময়ে ধনৰ অভাৱত পৰিছিল, তাক ওপৰত কোৱা হৈছে। মেট্ৰিকুলেশ্যনত উঠি তেওঁ কি কৰিব কি নকৰিব, একোকে ঠিক কৰিব নোৱৰাত পৰিল। চন্দ্ৰনাথৰ এটা দস্তুৰ আছিল— তেওঁ যেনে কি অভাবত নপৰক, পৰাপক্ষত কাকো জানিবলৈ নিদিছিল। আন কি, ধনৰ অভাৱত স্কুল এৰিব লগা হওঁতেও দুই-এজন বিশিষ্ট বন্ধুৰ বাহিৰে আন সকলোৱে তেওঁক ধনী মানুহৰ ল’ৰা বুলিহে ভাবিছিল। চন্দ্ৰনাথৰ সাজ-পাৰ বা লাহ-বিলাহ দেখি মানুহে তেনেকৈ ভাবিছিল বুলি ভাবিলে ভুল কৰা হ'ব, কাৰণ তেওঁৰ তেনে আড়ম্বৰ কেতিয়াও নাছিল। মাথোন নিজে কষ্ট ভোগ কৰিও সজ কামত হাতৰ মুঠি মুকলি কৰি দিছিল, তাকে দেখিয়েই লগৰীয়াবিলাকে তেওঁৰ আৰ্থিক অৱস্থা টনকিয়াল বুলি বুজিছিল।

 মেট্ৰিকুলেশ্যন পৰীক্ষাত উঠি চন্দ্ৰনাথে কলেজলৈ যাবলৈ মন মেলিলে। কোনোমতে অ’ৰ-ত’ৰ পৰা টকা কেইটামান যোগাৰ [ ২৯ ] কৰি লৈ অনিৰ্দিষ্ট উদ্দেশ্যেৰে গুৱাহাটীলৈ ওলাল। শ্ৰীযুক্ত হেমকান্ত ঠাকুৰেও এই সময়ত কিঞ্চিৎ অৰ্থ-সাহায্য কৰিছিল। চন্দ্ৰনাথে ভাবিছিল তেওঁ যেনে তেনে এটা বৃত্তি পাব আৰু কোনোমতে কলেজত নামটো লগাই ল’ব পাৰিলেই, বাকী কেইটকাৰ জোৰা মাৰিবলৈ কিবা এটা উপায় উলিয়াব পাৰিব। কিন্তু তেওঁৰ আশাৰ মূলতেই কুঠাৰ পৰিল, তেওঁ বৃত্তি নাপালে। চন্দ্ৰনাথ নিৰুপায় হ’ল, কিন্তু আশা নেৰিলে। অনিশ্চিত আৰু অজ্ঞাত সাহায্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁ কলেজত ভৰ্তি হ'ল। দৰঙৰ গৌৰৱ ৰায় শ্ৰীযুক্ত ভূবনৰাম দাস বাহাদুৰে কিতাপ কিনিবৰ নিমিত্তে তেওঁক কিছু টকা দান কৰিছিল। কিন্তু সময় যোৱাৰ লগে লগে তেওঁৰ অসুবিধাও বাঢ়ি আহিবলৈ ধৰিলে, লাহে লাহে এনেকৈ কলেজত পঢ়া এক ৰকম অসম্ভব হৈ আহিল।

 সেই সময়ত জজৰ পেস্কাৰ গুৱাহাটীৰ উজান বজাৰ নিবাসী অন্নদাকুমাৰ বৰুৱা কন্যাদায়গ্ৰস্ত হৈ বৰৰ অনুসন্ধানত আছিল; চন্দ্ৰনাথৰ ওচৰলৈকো তেওঁৰ প্ৰস্তাৱ আহিছিল। ছাত্ৰ অৱস্থাত বিয়া কৰোৱাৰ তেওঁ পক্ষপাতী নাছিল, কিন্তু এতিয়া তেওঁৰ আৰ্থিক অৱস্থা এই প্ৰস্তাৱৰ অনুকুলে থিয় দিলে। অগত্যা চন্দ্ৰনাথে তেওঁৰ বন্ধু-বান্ধৱৰ অনুমোদন, ককায়েক-মাকহঁতৰ অনুমতি আৰু শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ উপদেশ মতে এই প্ৰস্তাব গ্ৰহণ কৰিলে। শুভ দিনত শুভ লগ্নত চন্দ্ৰনাথে তেওঁৰ “অকলশৰীয়া জীৱন চমকা- চমকে পিয়ন” এৰি শ্ৰীমতী ভুবনেশ্বৰীৰ হাতত ধৰি নতুন সংসাৰত প্ৰৱেশ কৰিলে। এই বিবাহত কোনো প্ৰকাৰৰ আৰ্থিক আকৰ্ষণ নাছিল, অনুৰাগৰ আপোন পাহৰা ভাব নাছিল, আৰু নাছিল কোনো আদৰ্শৰ প্ৰেৰণা। অৱস্থাই যি বাটে লৈ গৈছিল, সেই বাটেই আগ বাঢ়িছিল মাথোন।

 এই বিবাহত এটা প্ৰধান বিশেষত্ব এই আছিল যে বৰ যাত্ৰীৰ দল সম্পূৰ্ণৰূপে কলেজ-ছাত্ৰ আৰু আন মতা মানুহেৰে পুষ্ট হৈছিল। তেওঁলোকৰ নামৰ সুৰত কন্যাঘৰীয়া নামতীসকল স্তম্ভিত হৈছিল।

[ ৩০ ]  চন্দ্ৰনাথৰ বিবাহ-উপলক্ষে যিবোৰ উপহাৰ আহিছিল, তাৰ ভিতৰত দুজন সাহিত্যিক বন্ধুৰ পৰা অহা দুটি কবিতা উল্লেখযোগ্য। কবিতা দুটা কটন কলেজৰ ‘সেউতী’ত প্ৰকাশ কৰা হৈছিল।

 বিবাহৰ কিছুদিনৰ পিছৰ পৰা চন্দ্ৰনাথে শহুৰেকৰ ঘৰত থাকি পঢ়িবলৈ ধৰিলে। প্ৰথমতে তেওঁৰ কোনো সুবিধাৰ অভাব হোৱা নাছিল, কিন্তু পিছলৈ নানা বিষয়ত আমনি পাবলৈ ধৰিলে। ঘাইকৈ তেওঁৰ জীৱনৰ আদৰ্শ শহুৰেকহঁতৰ আদৰ্শৰ লগত কোনোমতেই খাপ নাখাইছিল। কিন্তু কোনো অসুবিধাই, কোনো আহুকালে তেওঁৰ ধৈৰ্য আতঁৰাব পৰা নাছিল।

 প্ৰথম বাৰ্ষিকত পঢ়োঁতে চন্দ্ৰনাথ আন দুজন সহধ্যায়ীৰে সৈতে কটন কলেজৰ পৰা ওলোৱা হাতে লিখা কাকত ‘সেউতী’ৰ যুটীয়া সম্পাদক হৈছিল। ‘সেউতী’ত তেওঁৰ বহুতো প্ৰবন্ধ ওলাইছিল, তাৰ ভিতৰত দুটা বিশেষ কাৰণত উল্লেখযোগ্য। এটা হৈছে ‘স’ আৰু ‘চ’ৰ ব্যৱহাৰ সম্পৰ্কে। তেওঁৰ মতে বঙালী ‘সুৰেন্দ্ৰনাথ অসমীয়াত ‘চুৰেন্দ্ৰনাথ’ হ’ব লাগে, তেহে বঙলা আৰু ইংৰাজী উচ্চাৰণৰ লগত তাৰ মিল থাকিব। এই বিষয়ে বহুতো বাদানুবাদ হৈছিল, কিন্তু কোনোমতেই তেওঁ মত সলাবলৈ মান্তি নহ'ল। দ্বিতীয়টো হৈছে এখন ব্যঙ্গ চিত্ৰ লৈ। ‘সেউতী’ নিৰ্দিষ্ট সময়তকৈও আগবাঢ়ি ওলোৱা দেখি শ্ৰীযুক্ত ইন্দ্ৰেশ্বৰ বৰঠাকুৰে এটা ৰেলৰ ইঞ্জিন আঁকি তিনিওজন সম্পাদকক চালকৰূপে তাত তুলি দিছিল। যদিও চন্দ্ৰনাথৰ মূৰত টিকনি নাছিল, তথাপি এই চিত্ৰত এডাল লগাই দিয়া হৈছিল। চিত্ৰ দেখি চন্দ্ৰনাথৰ বৰ খং উঠিল, আৰু ‘সেউতী’ৰ সম্পাদক বৰ মানুহ নহয় বুলি এটা তীব্ৰ প্ৰবন্ধ লিখিলে।

 কলেজলৈ যোৱাৰ পৰা চন্দ্ৰনাথে প্ৰায়ে ‘উষা’ত প্ৰবন্ধ লিখিছিল। সেই কালত লিখা তেওঁৰ প্ৰবন্ধ আছিল— ‘অসমীয়া সাহিত্য আৰু দীনেশচন্দ্ৰ সেন’। বাবু দীনেশ্চন্দ্ৰ সেনে তেওঁৰ ‘বঙ্গভাষা ও সাহিত্য’ কিতাপত অসমীয়া পুথি আৰু গ্ৰন্থকাৰৰ সম্পৰ্কে যিবোৰ মাৰাত্মক ভুল কৰিছিল, এই প্ৰৱন্ধত তাৰেই তীব্ৰ অথচ যুক্তিযুক্ত [ ৩১ ] সমালোচনা কৰা হৈছিল। মুঠতে, দুই-এটা সাধাৰণ খুঁত থাকিলেও প্ৰবন্ধটো মনোৰম হৈছিল। ইয়াৰ পিছত তেওঁ বিদ্যাসাগৰ চৰিত্ৰত মাতৃশিক্ষা নামে এটি বিতোপন প্ৰবন্ধ লিখে।

 সেই সময়ত এফালে ‘উষা’, ‘বন্তি’ আৰু আন ফালে ‘বাঁহী’ৰ বিবাদ হয়। তাতে আকৌ বেজবৰুৱা ডাঙৰীয়াই ছাত্ৰলিখকৰ কবিতাৰ উদ্ভণ্ডালি সহিব নোৱাৰি কবি-পোৱালিবিলাকক বিদ্ৰূপ কৰি কবিতা লিখি বাঁহীত ছপাইছিল আৰু কবিতাৰ কাঠ-সংস্কাৰ কৰি এদল ছাত্ৰ-লিখকৰ তপত তেজ উতলাই দিছিল। ‘উষা’ সম্পাদকে কিন্তু তাৰ বিপৰীতে বাট ধৰিছিল, তেওঁ নিজে ছাত্ৰ- লিখকক সাহিত্য-ক্ষেত্ৰলৈ আহ্বান কৰি, উৎসাহ দিবলৈকো এৰা নাছিল। এই বিবাদৰ ফলত লিখকসকল দুটা দলত বিভক্ত হ’ল। চন্দ্ৰনাথ ‘উষা’ৰ ফলীয়া আছিল, সেই কাৰণে তেওঁ বেজবৰুৱা ডাঙৰীয়াৰ লিখাত ‘হেমকোষ’ৰ লগত নিমিলা বৰ্ণ-বিন্যাস ধৰি দি ‘হেমকোষ আৰু শ্ৰীযুক্ত লক্ষ্মীনাথ বেজবৰুৱা’ নামেৰে এটা প্ৰবন্ধ লিখি ‘বাঁহী’ৰ সম্পাদকলৈ পঠিয়াই দিলে। ‘বাঁহী’ৰ সম্পাদকৰ কথামতে জনা যায়— তেখেতে সেই প্ৰবন্ধ পোৱা নাছিল। চন্দ্ৰনাথে সেই কথা নাজানিছিল আৰু সেই কাৰণেই ‘বাঁহী’ত তেওঁৰ প্ৰবন্ধ নেদেখি, গোটাচেৰেক তীব্ৰ মন্তব্যৰে সৈতে তাক ‘উষা’লৈ পঠিয়াই দিছিল৷ ‘উষা’-সম্পাদকে প্ৰবন্ধটো অলপ সাল-সলনি কৰি তাক ‘হেমকোষ আৰু বাঁহী’ নামেৰে উষাত ঠাই দিছিল। ‘উষা’ ওলোৱাৰ আগতে চন্দ্ৰনাথে এই সাল-সলনিৰ গম পাই এনেকৈ তেওঁৰ মতামত প্ৰকাশ কৰিছিল, প্ৰবন্ধটোৰ নাম সলোৱা নিতান্ত অন্যায় হৈছে। ‘বাঁহী’ৰ সকলো লিখক নিৰ্ভুল হ’বই নোৱাৰে; ‘উষা’, ‘বন্তি’ৰো নহয়। আখৰৰ অভাবত হলেও, ‘উষা-বন্তি’ৰ হ্ৰস উকাৰৰ ঠাইত বহুৱা দীৰ্ঘ উকাৰ শুদ্ধ হ’ব নোৱাৰে; তাৰ বাহিৰেও আন অলেখ ভুল পাঠকসকলৰ চকুত নপৰাকৈ থকা নাই। তেনে স্থলত সাধাৰণভাৱে ‘বাঁহী’ৰ ভুল বিচৰাৰ পৰা লাভ কি? মোৰ উদ্দেশ্য আছিল, স্বয়ং বেজবৰুৱা ডাঙৰীয়া ক’ত ‘হেমকোষ’ৰ [ ৩২ ] আখৰ জোঁটনিৰ পৰা আঁতৰি গৈছে, তাক দেখুওৱা আৰু সেই বিষয়ে তেখেতৰ মতামত শুনা। এতিয়া এই পৰিবৰ্তনে মোৰ উদ্দেশ্যকে নষ্ট কৰিলে। এই প্ৰবন্ধকে দেখি যদি বেজবৰুৱা ডাঙৰীয়াই নাইবা তেওঁৰ ফলীয়া কোনোবাই ‘উষা’, ‘বন্তি’ৰ ভুল ধৰি ‘হেমকোষ আৰু উষা’, ‘হেমকোষ আৰু বন্তি’, ‘হেমকোষ আৰু শ্ৰীযুক্ত পদ্মনাথ বৰুৱা’ নামেৰে তিনিটা প্ৰবন্ধ ‘বাহী’ত ছপাই দিয়ে তেতিয়া ‘উষা’- সম্পাদকে কেনেকৈ আত্মপক্ষ সমৰ্থন কৰিব?

 সি যি হওক, প্ৰবন্ধটো ‘হেমকোষ আৰু বাঁহী’ নামেৰেই উষাত ওলাল। এই প্ৰবন্ধত বেজবৰুৱা ডাঙৰীয়াৰ প্ৰতি বিস্তৰ কটুবাক্য প্ৰয়োগ কৰা হৈছিল, আৰু সেই বাবেই চন্দ্ৰনাথ বহুতো মানুহৰ বিৰাগভাজন হৈ পৰিল।

 স্কুলত পঢ়োতেই ৰাজহুৱা কামত বৰাই কৰি ফুৰাৰ বাবে তেওঁক বেয়া পোৱাসকলে বিদ্ৰূপ কৰি তেওঁক ‘পেট্ৰিয়ট’ উপাধিৰে ভূষিত কৰিছিল; এইবোৰ প্ৰবন্ধ ওলোৱাৰ পিছত ক্ৰিটিক (critic- সমালোচক) বুলি আৰু এটা নাম লগ লাগিল।

 এবাৰ তেজপুৰত আনন্দৰাম বৰুৱাৰ স্মৃতি-সভাত শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াই বক্তৃতাৰ মাজত কৈছিল, “বহুতে নাজানে যে আনন্দৰাম বৰুৱাই এখন অসমীয়া অভিধান লিখিবলৈ এখন প্ৰকাণ্ড বহীৰ প্ৰতি পিঠিতে একোটাকৈ মাথোন শব্দ লিখি তৰি লৈছিল, তেওঁৰ অকাল–মৃত্যু হোৱাত সি সম্পূৰ্ণ হবলৈ নাপালে। তেওঁৰ মৃত্যুৰ পিছত সেই বহীৰ কেইটামান ফলা পাত পাই শ্ৰীযুক্ত লক্ষ্মীনাথ বেজবৰুৱা আৰু মই কান্দি পেলাইছিলোঁ।

 চন্দ্ৰনাথে তেওঁৰ ‘আনন্দৰাম বৰুৱা আৰু বঙলা ভাষা’ নামৰ প্ৰবন্ধটোত এই কথাৰ উল্লেখ কৰিছিল। বেজবৰুৱা ডাঙৰীয়াই প্ৰথমতে একো কোৱা নাছিল, কিন্তু ‘হেমকোষ আৰু বাঁহী’ প্ৰবন্ধ ওলোৱাৰ পিছত তেখেতে তাৰ প্ৰতিবাদ কৰে। তাতে তেওঁ চমুকৈ এই মৰ্মে কৈ থয় যে আনন্দৰাম বৰুৱাই অসমীয়া অভিধান লিখা আৰু তাৰ ফলা পাত দেখি তেওঁ কন্দা দুয়োটা কথায়েই মিছা৷ [ ৩৩ ] প্ৰথমতে তেখেতে সেই কথাৰ প্ৰতিবাদ কৰা অনাৱশ্যক বুলি ভাবিছিল, কিন্তু চন্দ্ৰনাথৰ তেনে গঢ়ৰ কথাৰ জোখ বাঢ়ি যোৱা দেখি সেই কথা কোৱা উচিত বিবেচনা কৰিলে। লগতে ইয়াকো ক'লে যে তেখেতে ‘হেমকোষ আৰু বাঁহী’ প্ৰবন্ধৰ প্ৰতিবাদ কৰিব নোখোজে, কিয়নো যি ল’ৰাই তেনে নাভূত-নাশ্ৰুত মিছা কথা লিখিব পাৰে, তেনে ল’ৰা লিখকৰ লিখাত কি সাৰ থাকিব পাৰে তাক ৰাইজে বুজিবলৈ টান নাপায়।

 ‘বাঁহী’-সম্পাদকৰ কথাৰ উত্তৰ স্বৰূপে চন্দ্ৰনাথে যি প্ৰবন্ধ লিখিছিল, তাত এই ফাঁকি কথা আছিল; “কিন্তু পিট চাহাবৰ বৰ ভাগ্য যে তেওঁৰ আগেয়ে বা তেওঁৰ জীৱদশাতে এই দৰৰ পাণ্ডুলিপি (?) এখন প্ৰচাৰ হোৱা নাছিল; হোৱা হলে ২৫ বছৰীয়া গোঁফ ঠুটিওৱা পনীয়া বুদ্ধিৰ পিট চাহাবে ইংলণ্ড হেন দেশৰ (Prime Minister) প্ৰধান মন্ত্ৰী হৈ যাব নোৱাৰিলেহেঁতেন।”

 এই কথা লিখাৰ পৰাই যেয়ে সেয়ে চন্দ্ৰনাথক দেখিলেই পিট পিট বুলি বিদ্ৰূপ কৰিবলৈ ধৰিলে।

 সেই বছৰতে নগাঁৱৰ শ্ৰীযুক্ত ৰত্নকান্ত বৰকাকতিদেৱে কিছুমান শব্দৰ বৰ্ণবিন্যাস সম্বন্ধে ‘হেমকোষ'ৰ আসোঁৱাহ ধৰি অসমীয়া ভাষাৰ আখৰ-জোঁটনি নামেৰে এটা প্ৰবন্ধ লিখি উষাত উলিয়াইছিল। চন্দ্ৰনাথে তাৰ এটা তীব্ৰ প্ৰতিবাদ লিখিলে। উষাৰ সম্পাদকে কিন্তু প্ৰবন্ধটো তেনেভাৱেই নছপাই, তাত হাত ফুৰাই প্ৰতিবাদৰ তীব্ৰতা কমাই দিছিল। তাৰ ফলত দুয়োৰে মাজত মনোমালিন্য ঘটাৰ যি আশঙ্কা আছিল, সি দূৰ হ’ল, বৰং দুইৰো মাজত সদ্ভাবহে স্থাপিত হ’ল। কাকতিদেৱে চন্দ্ৰনাথৰ প্ৰতিবাদৰ উত্তৰ তেওঁলৈকে পঠিয়াই দিলে আৰু তেওঁৰ ইচ্ছামতেহে পিছত তাক ‘উষা’ত প্ৰকাশ কৰিলে। তেতিয়াৰে পৰা দুয়োৰে ভিতৰত দৃঢ় বন্ধুতা স্থাপিত হল।

 এই কেইটাৰ বাহিৰে সেই বছৰত ‘আবৰ জাতি’ আৰু ‘ছাৰ নৃপেন্দ্ৰনাৰায়ণ ভূপ বাহাদুৰ’ নামেৰে চন্দ্ৰনাথৰ আৰু দুটা প্ৰবন্ধ উষাত প্ৰকাশ হৈছিল।

[ ৩৪ ]  দ্বিতীয় বাৰ্ষিক পঢ়োতে চন্দ্ৰনাথৰ ‘সাধনী’ নামেৰে এটা প্ৰবন্ধ উষাত ওলাইছিল। এই প্ৰবন্ধটো লিখাৰ এটা উদ্দেশ্য আছিল। শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াই ‘সাধনী’ নাটকখন লিখিবলৈ হাতত লৈ ঘটনাৱলী সজাই ৰাখিছিল কিন্তু নাটকখন লিখা হোৱা নাছিল। সেই কাৰণে চন্দ্ৰনাথে তেখেতৰ নাটকৰ জঁকাটোকে অৱলম্বন কৰি এই প্ৰবন্ধ ৰচনা কৰিলে আৰু তলত শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ হাতেলিখা সাধনী অৱলম্বন কৰি লিখা বুলি টোকা দিলে। তেওঁৰ উদ্দেশ্য আছিল এই টোকা দেখি অভিনয়ৰ নিমিত্তে যেয়ে সেয়ে নাটকখন বিচাৰিব আৰু তেতিয়া দহ বন কাতি কৰি থৈ নাটকখন শেষ কৰিবলৈ গ্ৰন্থকাৰ বাধ্য হব। তেওঁৰ উদ্দেশ্য আৰু চেষ্টা যে সফল হৈছিল, তাক নকলেও হয়।

 এই বছৰতে চন্দ্ৰনাথৰ ‘ভুবন’ আৰু ‘বন্ধু বিয়োগ’ নামেৰে দুটা কবিতা আলোচনীত ওলাইছিল। প্ৰথমটো তেওঁ তেওঁৰ পত্নীৰ উদ্দেশ্য লিখিছিল।

 ইণ্টাৰমিডিয়েট পঢ়ি কথা কালতে চন্দ্ৰনাথে দুখন কিতাপো লিখিছিল। এখন ‘সাবিত্ৰী-সত্যবান’ আৰু আনখন ‘চিন্তা’। দ্বিতীয়খন কিতাপ সম্পূৰ্ণ হোৱা নাছিল। প্ৰথমখন ৺কালীপ্ৰসন্ন সিংহৰ মহাভাৰত অৱলম্বন কৰি লিখা, চন্দ্ৰনাথ বসুৰ সাবিত্ৰী তত্ত্বৰো তাত ঠায়ে ঠায়ে ছাঁ পৰিছিল। কিতাপখনৰ ভাব, ভাষা, আৰু বৰ্ণনা অতি সুন্দৰ হৈছিল। তেওঁ এই পুথিখন সাহিত্য-পেন্সনভোগী শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ নামত উছৰ্গা কৰিছিল আৰু মতামতৰ কাৰণে তেখেতলৈ পঠিয়াই দিছিল। বৰুৱা ডাঙৰীয়াই কিতাপখনৰ অ'ত ত’ত চকু ফুৰাই চাই ক’লে, ‘কিতাপখন লিখা ভাল হৈছিল, কিন্তু ভাষা বৰ জটিল আৰু সংস্কৃতীয়া হৈছে। উচ্চ শিক্ষিত পাঠক- পাঠিকালৈ যে ই উপযোগী হৈছে, তাত সন্দেহ নাই, কিন্তু আমাক লাগে সম্প্ৰতিকে এনে বিধৰ ছোৱালী স্কুলত পাঠ্য কৰিব পৰা কিতাপ। ইয়াৰ ভাষা কিছু সৰল কৰি লিখিলে ইয়াক ছোৱালী স্কুলত দিবলৈ ছল লাগিব আৰু গ্ৰন্থকাৰেও দু-পইছা পাব।’

[ ৩৫ ]  চন্দ্ৰনাথে কিন্তু তাৰ একো সাল-সলনি নকৰি আলমাৰীত ভৰাই থলে। কিছুমান দিনৰ মুৰত তাক বিচাৰি দেখা গ'ল চিন্তা আৰু আন আন অপ্ৰকাশিত প্ৰবন্ধৰে সৈতে সি উঁ‌ইৰ অনুগ্ৰহত একেবাৰেই ধূলি হৈ আছে। মুঠতে এই দুখন কিতাপ প্ৰকাশ যি নহ'লেই, তাৰ অস্তিত্বও নৰ’ল।

 এনেকৈয়ে কলেজৰ পঢ়া আৰু সাহিত্য-চৰ্চাৰ দুয়োটাতে সমানে সুখ্যাতি আৰ্জি ১৯১২ চনত চন্দ্ৰনাথ আই, এ পৰীক্ষালৈ সাজু হ’ল। এইবাৰো পৰীক্ষাৰ সময়ত তেওঁৰ এটা ডাঙৰ আহুকাল গ'ল।

 আই, এ, পৰীক্ষা আৰম্ভ হবলৈ মুঠেই অলপ দিন বাকী, এনেতে শ্ৰীযুত দণ্ডিনাথ কলিতাৰ ৰেমিটেণ্ট জ্বৰ হ’ল। দণ্ডিনাথ তেতিয়া উজান বজাৰৰ শ্ৰীযুক্ত লক্ষ্মীপ্ৰসাদ বৰুৱাৰ ঘৰত তেওঁৰ সহ- পাঠী শ্ৰীযুক্ত কালীপ্ৰসাদ বৰুৱাৰে সৈতে থাকি কটন কলেজৰ প্ৰথম বাৰ্ষিক পঢ়িছিল আৰু অকল বৃত্তিৰ টকাৰেই খৰছ চলাব নোৱাৰাত চন্দ্ৰনাথে তেওঁৰ শহুৰেকৰ ঘৰতে সুবিধাজনক বন্দৱস্তত এটা প্ৰাইভেট টুইশ্যনৰ যোগাৰ কৰি দিছিল। এই জ্বৰৰ সময়ত যদিও বৰুৱা আৰু তেওঁৰ ঘৰৰ সকলোৱে পৰিয়ালৰে এজনৰ দৰে তেওঁৰ শুশ্ৰুষা কৰিছিল, তথাপি চন্দ্ৰনাথ তাতেই সন্তুষ্ট হ’ব নোৱাৰিছিল। তেওঁ নিজে কবিৰাজৰ ঘৰলৈ অহা-যোৱা কৰি দৰব-পাতি আনিছিল আৰু ডাক্তৰ লগাওঁতেও নানা প্ৰকাৰ শুশ্ৰূষা কৰিছিল। এনেকৈ নৰিয়াৰ ওচৰলৈ অহা-যোৱা কৰোঁতে চন্দ্ৰনাথে পৰীক্ষাৰ নিমিত্তে পঢ়িবলৈ সমূলি আজৰি নাপাইছিল অথবা আজৰি পালেও নিশ্চিন্ত মনে কিতাপত মনোযোগ দিব নোৱাৰিছিল। আনকি, পৰীক্ষাৰ কেই- দিনৰ নিমিত্তেও শ্ৰীযুত ভূমিধৰ শৰ্মাক বিশ্বনাথৰ পৰা মতাই নি নৰিয়াৰ ওচৰত থৈহে তেওঁ পৰীক্ষা দিবলৈ গৈছিল। মুঠতে পৰীক্ষাৰ সময়ত তেওঁৰ কিতাপৰ লগত বিশেষ সম্পৰ্ক নোহোৱাৰ দৰে। নিজৰ স্বাৰ্থ লৈ পিঠি দি এনেভাৱে বন্ধুৰ প্ৰতি কতৰ্ব্য কৰোতা কেইজন? [ ৩৬ ]  পৰীক্ষাৰ সময়ত এনে জঞ্জালত পৰাত এইবাৰৰ ফল আশানুৰূপ নহব বুলি ভয় হৈছিল, কিন্তু ভগবানৰ কৃপাত চন্দ্ৰনাথে পৰীক্ষাত ওখ ঠাই অধিকাৰ কৰি কুৰিটকীয়া বৃত্তি লাভ কৰিলে।

 

সপ্তম অধ্যায়

কটন কলেজত

(বি, এ, শ্ৰেণীত)

 

 আই, এ, পৰীক্ষাত উত্তীৰ্ণ হৈ চন্দ্ৰনাথে কটন কলেজত বি, এ, পঢ়িবলৈ ধৰিলে। এতিয়া এই বৃত্তিৰ টকাকেইটা পাই তেওঁ আগতকৈ স্বচ্ছন্দতাৰে থাকিব পৰা হ'ল। যদিও চন্দ্ৰনাথে পূৰ্বৰ দৰেই শহুৰেকৰ ঘৰতে থাকি পঢ়িছিল, তপাপি বৃত্তিৰ টকা তেওঁ- লোকৰ হাতত নিদিছিল, কেতিয়াবা তাৰ বাবে কথা শুনিব লগা হলেও তেওঁ তালৈ কাণ নিদিছিল। এই টকাৰে তেওঁ হাত-খৰছ যে চলাইছিলেই, নিৰাশ্ৰয় বা দুখীয়া শিক্ষাৰ্থীকো যথাসাধ্য সাহায্য কৰিছিল। তেনে কাৰ্যত তেওঁ কেতিয়াও পিছ নুহুঁ‌হকিছিল, আন কি, টকা নথকাত তেনে শিক্ষাৰ্থীৰ আৱশ্যক অনুযায়ী নিজৰ পিন্ধা ধুতি, আঁঠুৱা, তলত পৰা আদি দান কৰিবলৈকো কুণ্ঠিত নহৈছিল।

 তৃতীয় বাৰ্ষিক পঢ়োঁ‌তে তেওঁ আকৌ সেউতীৰ সম্পাদক নিযুক্ত হৈছিল, কিন্তু দুই-এজন ন লিখাৰুৰ সাহিত্যত চৌৰ্যবৃত্তি দেখি তেওঁ এনে তীব্ৰভাৱে তাৰ সমালোচনা কৰিলে যে পিছত নতুন লিখকে প্ৰবন্ধ লিখিবলৈকে ভয় খালে। তাৰ ফলত সেইবাৰ চাৰি কি পাঁচ সংখ্যাতেই “সেউতী"ৰ বছৰ পূৰাব লগাত পৰিল।

 সেই বছৰত তেওঁৰ কেইবাবাৰে জ্বৰ আৰু বুকৰ বিষ হৈছিল। [ ৩৭ ] এবাৰ কলেজৰ পৰা দীঘলীয়াকৈ ছুটী লৈ বায়ু পৰিবৰ্তন কৰিবলৈ গৈ কিছুদিন ধুবুৰীত থাকিবলগাও হৈছিল।

 চন্দ্ৰনাথে বি, এ, পঢ়ি থাকোঁতেই ককাইদেৱকে মাকৰ ইচ্ছামতে তেওঁক শান্তি কৰাই, ঘৈণীয়েকক তেজপুৰৰ ঘৰত থৈ আহিবলৈ উপদেশ দিয়ে। চন্দ্ৰনাথে নিজেও সেই কথাকে ভাবি আছিল। তাৰ কাৰণ তেওঁ তেনে অৱস্থাত শহুৰেকৰ ঘৰত থাকি বহুত সময়ত আহুকাল পাইছিল, ঘাইকৈ দহজনৰ দহ কথা শুনি সহিব নোৱাৰাত পৰিছিল। 'উষা' আৰু 'বাঁ‌হী’ৰ বিবাদৰ সময়ত বেজবৰুৱা ডাঙৰীয়াই কিছুমান ব্যঙ্গ চিত্ৰ বাঁ‌হীত প্ৰকাশ কৰিছিল, তাৰে এখনৰ নাম আছিল— ‘বৰবৰুৱা আৰু ঢোকাৰাম শৰ্মা।’ বাঁ‌হী পাঠকসকলে এই ঢোকাৰাম শৰ্মাক চন্দ্ৰনাথ বুলিয়েই ধৰি লৈছিল আৰু তেওঁৰ সাহিত্য প্ৰতিদ্বন্দীসকলে সেই চিত্ৰ দেখুৱাই চন্দ্ৰনাথক বিদ্ৰূপ কৰি- বলৈ ছল পাইছিল। এইবোৰ কাৰণত তেওঁ বৰকৈ বেজাৰ পাইছিল, কিন্তু প্ৰতিকাৰৰ উপায় নথকাত মনৰ দুখ মনতে মাৰ নিয়াইছিল। শেহত বি, এ, পঢ়া কালত তেওঁ স্থিৰ কৰিলে যে হয় তেওঁ শান্তি কৰাই গৃহিণীক ঘৰলৈ পঠিয়াই দিব, নহয় তেওঁ‌ নিজেই আঁতৰি গৈ কলিকতাত পঢ়িব। এতিয়া ঘৰৰ পৰা চিঠি পাই সেই মতেই কাম কৰিবলৈ তেওঁ‌ স্থিৰ-প্ৰতিজ্ঞ হ’ল। চন্দ্ৰনাথে নিজে একো নকৈ শ্ৰীযুত ৰঘুনাথ চৌধাৰীৰ হতুৱাই শহুৰেকৰ ওচৰত প্ৰস্তাৱটো তোলালে। এই প্ৰস্তাৱত শহুৰেক বৰকৈ অসন্তুষ্ট হ’ল। তেওঁৰ নগৰত ডাঙৰ-দীঘল হোৱা সুখত উঠা ছোৱালীক বোকা- পানীৰ মাজত আওহতীয়া ঠাইত থবলৈ তেওঁৰ সমূলি ইচ্ছা নাছিল। সেই কাৰণে তেওঁ শ্ৰীযুক্ত চৌধাৰী আৰু চন্দ্ৰনাথ দুয়োকে টান কথা শুনাই, খং আৰু ঘৃণাৰে সৈতে তেওঁলোকৰ প্ৰস্তাব দলিয়াই পেলালে। প্ৰস্তাব অগ্ৰাহ্য হোৱা দেখি চন্দ্ৰনাথ কলিকতালৈ যাবলৈ ওলাল, মাল-বস্তুৰ ভিতৰত নিতান্ত লাগতিয়ালখিনি বান্ধি ল'লে আৰু বাকীখিনি কেইজনমান মানুহক ভাগ কৰি দিলে। ঘটনাৰ সোঁত কেনিবা বোৱা যেন দেখি, শ্ৰীযুক্ত চৌধাৰীয়ে নিজৰ মান-অপমানলৈকো [ ৩৮ ] আওকাণ কৰি, তাৰ প্ৰতিকাৰৰ চেষ্টা কৰিবলৈ ধৰিলে, আৰু শ্ৰীযুক্ত দুৰ্গানাথ বৰুৱাৰ সাহায্যেৰে কোনোমতে এই বিবাদৰ অন্ত কৰিলে। মুঠতে স্থিৰ হ’ল যে শহুৰেকৰ বাৰীতে চন্দ্ৰনাথৰ নিমিত্তে এটা সুকীয়া ঘৰ কৰা হ'লেই শান্তি বিয়াৰ আয়োজন কৰিব আৰু শান্তি কৰো- ৱাৰ পিছত চন্দ্ৰনাথ সস্ত্ৰীক সেই ঘৰতে থাকিব লাগিব।

 কিছু দিনৰ পাছত ঘৰ ওলাল আৰু চন্দ্ৰনাথৰ শান্তি বিয়াও হৈ গ'ল। এই কাৰ্য এনেভাৱে সমাধা হৈছিল যে ওচৰ-চুবুৰীয়া- বিলাকেও তাৰ গম পোৱা নাছিল, আন কি বিয়াৰ দিনাও চন্দ্ৰনাথ প্ৰথম দুঘণ্টা কলেজত উপস্থিত আছিল।

 শান্তি হৈ গল সঁচা, কিন্তু চন্দ্ৰনাথৰ বা তেওঁৰ মাকহঁতৰ উদ্দেশ্য সিদ্ধি নহল, চন্দ্ৰনাথে তেওঁৰ গৃহিণীক মাতৃগৃহলৈ পঠিয়াব নোৱাৰিলে। তেনে কাৰ্যত ওপৰত কোৱা প্ৰতিবন্ধক যি আছিলেই তাৰ লগতে তেওঁৰ পত্নীৰ স্বাস্থ্যও প্ৰতিকূল আছিল, অপম্মাৰ আদি ৰোগত ভুগি সদায় তেওঁ ডাক্তৰ-কবিৰাজৰ আশ্ৰয়ত থাকিব লগা হৈছিল। সেই কাৰণে আন প্ৰতিবন্ধক নথকা হ'লেও তেওঁক ঘৰলৈ পঠিয়াব নোৱাৰিলেহেঁতেন। অকল সেয়েই নহয়, চন্দ্ৰনাথৰ নিজৰ স্বাস্থ্যও তেতিয়া ভাল নাছিল। চন্দ্ৰনাথৰ সংসাৰৰ পাতনি এনে- কুৱায়েই আছিল। মুঠতে তেওঁৰ ঘৰুৱা জীৱন সমূলি সুখকৰ নাছিল।

 এনে অসুখ অশান্তিৰ মাজতে ১৯১৪ চনত 'চন্দ্ৰনাথে বি, এ, পাচ কৰে।

 
অষ্টম অধ্যায়

আইন অধ্যয়ন আৰু শিক্ষকতা

 

[ আসাম ছাত্ৰ-সন্মিলন—বিদ্যাসাগৰ, বাছা ফুল আদিৰ প্ৰকাশ ]

 বি, এ, পাচ কৰি বি, এল, পঢ়িবৰ নিমিত্তে চন্দ্ৰনাথ আৰ্ল ল কলেজত ভৰ্তি হয় আৰু সোনাৰাম স্কুলত সহকাৰী শিক্ষকৰ কাম [ ৩৯ ] গ্ৰহণ কৰে। পুৱা অধ্যয়ন, আৰু আবেলি অধ্যাপনা কৰিও এই কালত চন্দ্ৰনাথে বিবিধ ৰাজহুৱা অনুষ্ঠানত যোগ দিবলৈ সময় উলিয়াইছিল। এই সময়ৰে পৰা তেওঁ ‘আলোচনী’ আৰু ‘আসাম বিলাসিনী’ত লিখিবলৈ আৰম্ভ কৰে, বিশেষকৈ ‘বিলাসিনী’ৰ নিয়মীয়া লিখক হৈ তাৰ মূল্য বহুতো বঢ়ায়। ‘বিলাসিনী’ বন্ধ নোহোৱালৈকে তেওঁ তাৰ প্ৰধান পৃষ্ঠপোষক আছিল।

 তেতিয়াও চন্দ্ৰনাথে আগৰ দৰেই ‘এ, এচ, এল, ক্লাব’ (অসমীয়া ছাত্ৰ-সাহিত্য-সভা), একতা সভা, আৰু অ, ভা, উ, সা, সভাত যোগ দিছিল আৰু অন্যান্য দেশহিতকৰ কাৰ্যত আত্মশক্তি নিয়োগ কৰিছিল।

 শিক্ষক হৈ চন্দ্ৰনাথে দেখিলে উপযুক্ত কিতাপৰ অভাৱত অসমীয়া ল’ৰাই ইংৰাজী অনুবাদ শিকাত বৰকৈ টান পায়। বঙলা কিতাপে এই অভাৱ কেতিয়াও গুচাব নোৱাৰে। সেই কাৰণে ছাত্ৰসকলৰ সুবিধাৰ নিমিত্তে তেওঁ অৱসৰ মতে এখন অসমীয়া-ইংৰাজী অনুবাদৰ পুথি লিখে। এইখনেই তেওঁৰ “মেট্ৰিকুলেশ্যন কম্প’শ্যজিন আৰু ট্ৰেন্স্‌লেশন।” কিতাপখনত ক’ৰবাত ক'ৰবাত দুই-এটা খুঁত থাকিলেও সি যে অতি আৱশ্যকীয় আৰু উৎকৃষ্ট গ্ৰন্থ হৈছিল, তাত সন্দেহ নাই। বহুত কৃতবিদ্য মানুহে তাৰ প্ৰশংসা কৰিছিল। তেওঁৰ জীৱদ্দশাত তাৰ দ্বিতীয় তাঙৰণ ওলোৱা হ’লে সি নিখুঁত আৰু নিভুল হোৱাৰ সম্পূৰ্ণ আশা আছিল।

 পুথিখন ১৯১৬ চনত ছপাখানাত দিয়া হয়। কিতাপ ছপাওঁতে মুঠ খৰছ প্ৰায় বাৰ শ টকা পৰিছিল। এই টকাৰ এটা পইছাও তেওঁৰ নিজৰ নহয়, কড়াই-গণ্ডাই ধাৰ। মাজে-সময়ে ধাৰলৈ ধন নোপোৱাত ছপাকে স্থগিত ৰাখিব লগা হৈছিল। এনেকৈয়ে টকাৰ অভাৱত নানা অসুবিধা ভোগ কৰি যেনে তেনে তেওঁ কিতাপখন ছপাই উলিয়ালে। কিন্তু ইমানতে তেওঁৰ আহুকালৰ অন্ত নপৰিল। যিটো দপ্তৰীক কিতাপ বান্ধিবলৈ দিছিল, তাৰ ধাৰ আছিল, মহাজনে গোচৰ কৰি সেই টকা ডিক্ৰি কৰাই তাৰ সম্পত্তি ক্ৰোক কৰিলে। ক্ৰোক কৰা সম্পত্তিৰ ভিতৰত চন্দ্ৰনাথৰ কিতাপবোৰো পৰিল। চন্দ্ৰনাথ [ ৪০ ] উপায় নাপাই কলিকতালৈ লৰিব লগা হ’ল। সি যি হওক, যদিও তেওঁ প্ৰথমে হতাশ হৈছিল তথাপি শেহত সকলোখিনি কিতাপকেই উদ্ধাৰ কৰিলে।

 চন্দ্ৰনাথ মেট্ৰিকুলেশ্যন শ্ৰেণীত থাকোঁতেই গৌৰীপুৰত উত্তৰ বঙ্গ সাহিত্য সম্মিলন বহিছিল। তেতিয়াৰে পৰা অসমীয়াৰো তেনে সম্মিলনৰ আৱশ্যকতা চন্দ্ৰনাথে অনুভৱ কৰিছিল। তাৰ পিছত ১৯১২ চনত কামাখ্যাত সেই সম্মিলন বহিলত তাত যোগ দি তেওঁৰ পূৰ্বৰ ইচ্ছা আৰু বলৱতী হৈ উঠিল। শেহত বৰ্দ্ধমানত বহা সাহিত্য সম্মিলনৰ পৰা ঘূৰি আহি তেওঁ বিশেষভাৱে আসাম সাহিত্য সম্মিলন স্থাপনৰ কথা ভাবিবলৈ ধৰিলে। তেওঁ এই কথা কেইবাজনো প্ৰবীণ সাহিত্য-সেৱীৰ কাণতো পেলাইছিল, কিন্তু এজনেও তেওঁক সমৰ্থন নকৰিলে। দুই-এজনে ক'লে, “তোমালোকেই এবাৰ ‘আসাম বান্ধব’ উলিয়াই উজনি-নামনিৰ ভাষা সম্পৰ্কে কন্দলখন লগাই দিলা। যি হওক, এতিয়ালৈকে সি কাকতে-পত্ৰই আছে। সম্মিলন পাতি জ্বলা জুইত ঘিউ ঢলাৰ প্ৰয়োজন নাই।”

 প্ৰবীণসকলৰ এনে মতামত পাই তেওঁ আৰু সেই কাৰ্যত আগ বাঢ়িব নোৱাৰিলে। কিন্তু ভাষা সম্পৰ্কে তেওঁলোকে সম্মিলনক যি চকুৰে চাইছিল, চন্দ্ৰনাথে ঠিক তাৰ বিপৰীত দেখিছিল। সন্মিলনেই ভাষা-বিভ্ৰাট গুচাবৰ একমাত্ৰ উপায় বুলিহে তেওঁ বিশ্বাস কৰিছিল।

 ১৯১৬ চনৰ ডিচেম্বৰত ‘আসাম এচোচিয়েশ্যন’ গুৱাহাটীত বহাৰ কথা হ’লত, তাৰ নিমিত্তে দিনে ৰাতিয়ে পৰিশ্ৰম কৰোঁতে আকৌ চন্দ্ৰনাথৰ সাহিত্য সম্মিলনৰ কথা মনত পৰিল, কিন্তু তাত যে প্ৰবীণ সাহিত্যিকসকলে পোনপটিয়াকৈ যোগ নিদিয়ে, সেইটো তেওঁ ভালকৈ জানিছিল। সেই কাৰণে ছাত্ৰৰ ভিতৰতে এই সম্মি- লন পাতিবলৈ তেওঁ সঙ্কল্প কৰিলে। চন্দ্ৰনাথে তেওঁৰ দুই-এজন বিশিষ্ট বন্ধুৰ লগত পৰামৰ্শ কৰি গুৱাহাটীৰ একতা সভাত এই বিষয়ে প্ৰস্তাব তুলিলে। প্ৰস্তাবটো সকলো সমজুৱাই সাদৰে গ্ৰহণ কৰিলে। তেতিয়া সেই কথা গুৱাহাটী আৰু কলিকতাৰ ছাত্ৰসকলক জনোৱা [ ৪১ ] হ’ল আৰু সকলোৱে তাক সমৰ্থন কৰিলে। এইদৰে সকলো ফালৰ পৰা সহানুভূতি পাই ‘একতা সভা’ৰ জৰিয়তে আসাম এচোচিয়েশ্যনৰ মণ্ডপত ১৯১৬ চনৰ ২৫ ডিছেম্বৰৰ দিনা ‘অসমীয়া ছাত্ৰৰ সাহিত্য সম্মিলন’ৰ প্ৰথম প্ৰতিষ্ঠা হয়। এই সম্মিলনৰ সভাপতি আছিল অসমীয়া সাহিত্যাকাশৰ উজ্জ্বলতম নক্ষত্ৰ শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়া আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি হৈছিল চন্দ্ৰনাথ। প্ৰত্যেক স্কুলৰ পৰা প্ৰতিনিধি আৰু প্ৰত্যেক ঠাইৰ পৰা সাহিত্যসেৱীসকল এই সম্মিলনলৈ আহুত হৈছিল।

 এই সম্মিলনৰ আয়োজন কৰিবলৈ চন্দ্ৰনাথে মুঠেই দুসপ্তাহ সময় পাইছিল। তাৰ আগৰে পৰা আসাম এচোচিয়েশ্যনৰ কাম লাগিয়েই আছিল, সিফালে মেট্ৰিকুলেশ্যন কম্প’জিশন আৰু ট্ৰেন্সলেশ্যনৰ নিমিত্তে কলিকতালৈকো যাব লগাত পৰিছিল। ইমানতো তেওঁ এই অলপ দিনৰ ভিতৰতে এই নতুন সম্মিলনৰ কাম এনে সুন্দৰ আৰু পৰিপাটিকৈ সমাধা কৰিছিল যে তাক দেখি আচৰিত হব লগীয়া। চন্দ্ৰনাথৰ বাহিৰে এনে কৰ্ম-কুশল অসমীয়া আৰু কোনোবা আছে বা ওলাব বুলি বিশ্বাস নহয়। অভিভাষণখনিও অতি বিতোপন হৈছিল। এইখিনি দিনত চন্দ্ৰনাথে খোৱা-শোৱাৰ কথাও পাহৰি গৈছিল। আনকি, উশাহ লবলৈকো তেওঁৰ সময় নোহোৱাৰ দৰে হৈছিল। সম্মিলনৰ অন্তত আসাম এচোচিয়েশ্যনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত সত্যনাথ বৰা ডাঙৰীয়াই জনচেৰেক অভ্যাগতৰ আগত কৈছিল, “এইবাৰ সম্মিলনৰ কাৰ্য যে এনে সুচাৰুৰূপে হৈছে, তাৰ বাবে মই ধন্যবাদৰ যোগ্য নহওঁ, সকলোখিনি ধন্যবাদ চন্দ্ৰনাথৰহে প্ৰাপ্য।”

 মুঠতে ছাতৰৰ এই নতুন সন্মিলন নানা উপাদানেৰে পুষ্ট হলেও চন্দ্ৰনাথেই তাৰ চৈতন্য শক্তি আছিল।

 যদিও এই সম্মিলন ‘অসমীয়া ছাত্ৰৰ সাহিত্য সম্মিলন’ নামেৰে পতা হৈছিল, তথাপি সভাত সেই নামৰ বিষয়ে প্ৰতিবাদ ওলাল। সভাত স্থিৰ হ’ল ছাত্ৰৰ কাৰ্য অকল সাহিত্যতে আবদ্ধ নাথাকি [ ৪২ ] বহুমুখী হোৱা উচিত, সেই কাৰণেই সাহিত্য শব্দটো বাদ দিব লাগে। স্বয়ং সভাপতি ডাঙৰীয়াই এই প্ৰস্তাব সমৰ্থন কৰিছিল, আনকি তেখেতৰ অভিভাষণত ‘আসাম ছাত্ৰ সম্মিলন’ বুলিহে লিখিছিল। এতিয়া তেখেতে দিয়া নামেই সৰ্বসম্মতিক্ৰমে গৃহীত হ’ল।

  ‘অসমীয়া ছাত্ৰৰ সাহিত্য সম্মিলন-এ’ ‘আসাম ছাত্ৰ সম্মিলন’ নাম ল’লত আকৌ সাহিত্য সম্মিলনৰ আৱশ্যকতা থাকি গ’ল। তাকে দেখি শ্ৰীযুক্ত অম্বিকাচৰণ ৰায় চৌধাৰীয়ে তেতিয়াই স্থানীয় আৰু দূৰাগত সকলো সাহিত্যসেৱীক এই বিষয়ে আলচ কৰিবলৈ নিমন্ত্ৰণ কৰিলে। সেই নিমন্ত্ৰণ মতেই ডেকা সাহিত্যিকসকল শ্ৰীযুক্ত গৌৰী- কান্ত তালুকদাৰ বি, এলৰ চ’ৰাত গোট খালে, কিন্তু প্ৰবীণ সাহিত্যিক প্ৰায় কোনোৱেই নাছিল। তথাপি ডেকাসকলৰ ভিতৰত আলোচনা চলিল আৰু ‘সাহিত্য-সম্মিলন’ স্থাপন কৰাত সকলোৱেই মত দিলে। প্ৰস্তাবটো গৃহীত হ’লত গুৱাহাটীতে এখন কাৰ্য-নিৰ্বাহক সভা পাতি সেই সভাক পিছৰ বাৰৰ ‘আসাম এচোচিয়েশ্যন’ বা ‘ছাত্ৰ-সম্মিলন’ৰ লগতে ‘সমূহ অসমীয়াৰ সাহিত্য সভা’ এখন পাতিবলৈ ক্ষমতা দিয়া যায়। চন্দ্ৰনাথৰ মূৰত বলে নোৱাৰা কাৰ্যৰ বোজা থকাতো সকলোৱে এক বাক্যে তেওঁকেই এই সভাৰ সম্পাদক হবলৈ অনুৰোধ কৰিলে, চন্দ্ৰনাথেও ৰাইজৰ অনুৰোধ পেলাব নোৱাৰি সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিলে।

  পিছৰ বাৰ আসাম এচোচিয়েশ্যন শিৱসাগৰত বহাৰ কথা। গুৱাহাটীৰ কাৰ্য-নিৰ্বাহক সভাই তাৰ লগে লগেই সাহিত্য-সম্মিলন পাতিবলৈ স্থিৰ কৰে। সভাৰ সিদ্ধান্ত শিৱসাগৰীয়া ৰাইজক জনাই তাত এখন অভ্যৰ্থনা সমিতি গঠন কৰি সম্মিলন পতাৰ দিহা কৰিবলৈ চন্দ্ৰনাথে বিস্তৰ লিখালিখি কৰিছিল। শিৱসাগৰীয়া ৰাইজলৈ তেওঁ এনেকৈ লিখিছিল :

  কাৰ্যনিৰ্বাহক সভা হ’ল গুৱাহাটীত, কিন্তু সিবিলাকে সভা পাতিবলৈ স্থিৰ কৰিছে শিৱসাগৰত। স্বৰূপতে সকলো কথা দকৈ ভাবি চালে আসাম কন্ফাৰেন্সৰ লগে লগে হোৱাটোহে যুক্তিযুক্ত [ ৪৩ ] দেখা যায়; তেহে আমাৰ ইচ্ছা ফলৱতী হোৱাৰ সম্ভৱ। এতিয়া আমাৰ কাৰ্য-নিৰ্বাহক সভাই সিবিলাকৰ সাহিত্য সভা পতা কাৰ্য আপোনালোকৰ হতুৱাই নকৰালে উপায় নাই। সভা আহবান কৰাৰ পৰা বিদায় দিয়ালৈকে সকলো কাৰ্যই আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে এই বিষয়ে আপোনালোকৰ মতামত শীঘ্ৰে আমাক জনালে কৃতাৰ্থ হ’ম। '

  এই বিষয়ে চন্দ্ৰনাথৰ কাৰ্য অকল চিঠি-পত্ৰতেই শেষ হ’ল, কাৰণ শিৱসাগৰীয়া ৰাইজে ওপৰত কোৱা মতে সাহিত্য সম্মিলন পাতিবলৈ এই কাৰ্য-নিৰ্বাহক সভাৰ লগত সম্পৰ্ক ৰখাৰ কোনো প্ৰয়োজন নেদেখিলে। তেওঁলোকে স্বাধীনভাৱেই সেইবাৰ আসাম এচোচিয়েশ্যনৰ লগত আসাম সাহিত্য সম্মিলন পাতিলে। গুৱাহাটীৰ কাৰ্য-নিৰ্বাহক সভাৰ লগত ইয়াৰ সম্পৰ্ক নাথাকিল সঁ‌চা কিন্তু সি যে এই সম্মিলনৰ আৱশ্যকতা উনুকিয়াই দি তাৰ আৰম্ভণ সূচনা কৰিছিল, তাত কোনো সন্দেহ নাই।

  এই বছৰতে চন্দ্ৰনাথৰ ‘বিদ্যাসাগৰ’ আৰু ‘বছা ফুল’ ছপা হৈ ওলায়। 'বিদ্যাসাগৰ’খন শ্ৰীযুক্ত লোহিত চন্দ্ৰ ভূঞাই তেওঁৰ প্ৰস্তাবিত ‘ৰত্নমালা গ্ৰন্থাৱলী’ৰ অন্তৰ্গত কৰিবৰ উদ্দেশ্যে চন্দ্ৰনাথৰ হতুৱাই লিখাই নিছিল, কিন্তু তেওঁ তাক প্ৰকাশ কৰি উলিয়াব নোৱাৰিলে। চন্দ্ৰনাথে তেতিয়া যোৰহাটৰ দাস কোম্পানীক তাৰ প্ৰকাশৰ ভাৰ দিলে। এই পুথি ছপাই অসমীয়া সাহিত্যৰ সম্পদ বঢ়োৱাৰ বাবে উক্ত কোম্পানী আসাম পাবলিছিং হাউছৰ অধ্যক্ষ শ্ৰীযুত জিতেন্দ্ৰ কুমাৰ দাস নিশ্চয় ধন্যবাদৰ পাত্ৰ।

  বছা ফুলৰ ফুলবিলাক প্ৰথমে ‘সেউতী’ৰ ডালত আৰু পিছত আলোচনীৰ ফুলনিত দুই-চাৰিটাকৈ ফুলিছিল। দাস আৰু তালুকদাৰ এজেন্সীৰ গৰাকী শ্ৰীযুত দুৰ্গানাথ বৰুৱাই তাক একেলগ কৰি ৰাইজৰ হাতত দিয়ে।

  চন্দ্ৰনাথৰ সন্মুখত পৰীক্ষা আৰু গাত শিক্ষকৰ কৰ্তব্য থকাতো তেওঁ সেইবাৰ বহুতো ৰাজহুৱা কামত ঘূৰিছিল। সাহিত্য সভা [ ৪৪ ] গঠনৰ চেষ্টা কৰিবলৈ আৰু মাণিক বৰুৱা স্মৃতি ভঁ‌ৰালৰ নিমিত্তে ধন তুলিবলৈ তেওঁ স্কুলৰ পৰাও দুমাহৰ ছুটী ল'ব লগা হৈছিল বানপানীত বিপন্ন হোৱা মানুহৰ সাহায্যৰ নিমিত্তেও তেওঁ সংগ্ৰহৰ ভাৰ লৈছিল।

 

নবম অধ্যায়

উকীল চন্দ্ৰনাথ

 

প্ৰথম বছৰ— গোৱালপাৰাত কনফাৰেন্স

 ১৯১৮ চনৰ জানুৱাৰি মাহত চন্দ্ৰনাথে বি, এলৰ শেষ পৰীক্ষা দি তাত উত্তীৰ্ণ হয়। ঘৰুৱা আহুকালৰ বাবে তেওঁ আগৰ জুলাই মাহত পৰীক্ষা দিব নোৱাৰিলে। এইবাৰো পৰীক্ষাৰ সময়ত তেওঁ নিজঞ্জাল হ’ব পৰা নাছিল; তেওঁৰ গৃহিণীৰ নেৰা-নেপেৰা অসুখেই ঘৰুৱা জঞ্জালৰ ভিতৰত আটাইতকৈ প্ৰধান।

 পৰীক্ষা দিয়াৰ পিছত চন্দ্ৰনাথ ঘৰলৈ আহি মাকক গুৱাহাটীলৈ লৈ যায়। তেতিয়াও তেওঁৰ গৃহিণী শয্যাগত আছিল। চন্দ্ৰনাথ গৈয়েই আকৌ নৰিয়াৰ শুশ্ৰূষাত লাগিব লগা হল। ইফালে স্কুলৰ ধৰা-বন্ধা দৈনিক কৰ্তব্য আছেই, তাতে আকৌ সৰস্বতী পূজা চলোৱাৰ ভাৰৰ তেওঁৰ কান্ধতে পৰিছিল। চন্দ্ৰনাথে এইবোৰ কাৰ্য যথাৱতে সমাধা কৰিও তাৰ ভিতৰতে যেনে তেনে সময় উলিয়াই মাকক গুৱাহাটীৰ তীৰ্থবিলাক দৰ্শন কৰালে। ইয়াৰ বাহিৰেও ঘৰুৱা আৰু ৰাজহুৱা নানা কামত তেওঁ সদায় মনোযোগ দিবলগা হৈছিল।

 চন্দ্ৰনাথে মাকক বেছি দিন গুৱাহাটীত ৰখা নাছিল, কাৰণ গাঁ‌ৱতে থাকি বুঢ়া হোৱা মানুহক নগৰত ৰখা ঢিলা কাম নহয়। সেই দেখিয়েই তীৰ্থ-দৰ্শনৰ অন্তত চন্দ্ৰনাথে মাকক ঘৰলৈ পঠিয়াই [ ৪৫ ] দিলে। তেতিয়া তেওঁৰ অৱসৰ ইমান কম আছিল যে মাকক থৈ আহিবলৈকো সময় উলিয়াব নোৱাৰি এটা ল’ৰা দি পঠিয়াই দিবলগাত পৰিছিল।

 চন্দ্ৰনাথে মাকক এই বাৰৰে দুবাৰ গুৱাহাটীলৈ নিছিল। প্ৰথমবাৰ নিছিল তেওঁৰ বিয়াৰ সময়ত।

 ওকালতি পাচ কৰি চন্দ্ৰনাথে গুৱাহাটীতে ব্যৱসায় আৰম্ভ কৰে। বহাগৰ পৰাই তেওঁ আদালতলৈ অহা-যোৱা কৰিবলৈ ধৰে, কিন্তু লাইচেন্স পাইছিল তাৰ ডেৰ মাহ কি দুমাহমানৰ পিছতহে।

 ইয়াৰ কিছু দিনৰ আগতে চন্দ্ৰনাথৰ শহুৰেকৰ পৰলোক হৈছিল। তাৰ পিছতেই কিবাকিবি ঘৰুৱা আহুকালৰ কাৰণে তেওঁ শহুৰেকৰ ঘৰ এৰি উজানবজাৰতে এটা ঘৰ ভাড়া কৰি আছিল। কিন্তু তাত তেওঁ বেছি দিন নাথাকিল, শুক্লেশ্বৰত এটা ঘৰ ভাড়ালৈ লৈ তেওঁ‌ৰ আশ্ৰয়ত থাকি পঢ়া ল’ৰাকেইটাৰে সৈতে সপৰিবাৰে তালৈ উঠি গ'ল। বি, এল, পাচ কৰোতে তেওঁ এই ঘৰতে আছিল।

 সেই বছৰ ‘আসাম এচোচিয়েশ্যন’ আৰু ‘আসাম সাহিত্য সভাৰ’ বাৰ্ষিক সম্মিলন গোৱালপাৰাত বহাৰ কথা আছিল। কিন্তু তাত বঙালীৰ প্ৰাধান্য থকাৰ নিমিত্তে ৰাইজৰ ভিতৰত এক মত স্থাপন কৰা বৰ কঠিন হৈ উঠে। তেতিয়া চন্দ্ৰনাথে গোৱালপাৰালৈ গৈ নানা ঠাইত ঘূৰি সৰ্ব্বসাধাৰণক তেওঁলোকৰ স্বাৰ্থ বুজাই দিছিল। তেওঁ সেই সন্মিলনৰ প্ৰধান আয়োজনকাৰী শ্ৰীযুক্ত ধৰ্মনাৰায়ণ ঘোষ, শ্ৰীযুক্ত কমলেশ্বৰ নাথ, শ্ৰীযুক্ত কীৰ্ত্তিনাথ বৰদলৈ প্ৰভৃতি সদাশয় পুৰুষসকলক যিমান পাৰে সাহায্য কৰিছিল। সম্মিলনৰ উদ্দেশ্যে অভ্যৰ্থনা সমিতি পাতোতেই অসমীয়া আৰু বঙালীৰ বিবাদৰ সূত্ৰ- পাত হয়। বিবাদৰ কাৰণ এই: সেই বছৰতে গোৱালপাৰাৰ পৰা কিছুমান মানুহে কোনো কোনো জমিদাৰৰ সাহায্য লৈ গোৱালপাৰা- খন বঙ্গদেশৰ অন্তভুৰ্ক্ত কৰিবলৈ আবেদন কৰিছিল, ‘আসাম এচোচিয়েশ্যনৰ' পৰা তাৰ প্ৰতিবাদ কৰাৰ কথা আছিল। এই কথা শুনি বঙালীসকলে কলে যদি সম্মিলনত গোৱালপাৰাক [ ৪৬ ] বঙ্গদেশলৈ নিয়া প্ৰস্তাবৰ প্ৰতিবাদ নহয় আৰু গোৱালপাৰাত অসমীয়া চলোৱাৰ প্ৰস্তাব এৰি দিয়া হয়, তেনেহলেহে তেওঁলোক অভ্যৰ্থনা সমিতিৰ সভ্য হ’ব। প্ৰকৃততে তেনে প্ৰতিশ্ৰুতি দিবলৈ অভ্যৰ্থনা সমিতিৰ কোনো ক্ষমতা নাছিল, আৰু দিয়া হলেও ‘এচোচিয়েশ্যনৰ' নিয়মমতে তাৰ কোনো মূল্য নাথাকিলহেঁতেন। তথাপি জনচেৰেক স্বদেশ-প্ৰেমিক গোৱালপৰীয়াই বঙালীসকলৰ এনে অযুক্তিকৰ কথা শুনি সহিব নোৱাৰিলে আৰু তেওঁলোকৰ সাহায্য নালাগে বুলি স্পষ্টকৈয়ে কৈ দিলে। শ্ৰীযুত হৰেন্দ্ৰনাৰায়ণ দাসে খঙৰ কোবত টান কথা শুনাবলৈকো বাকী নথ'লে। তেওঁ কলে :-“তোমালোক আলহী মানুহ আলহীৰ দৰে বাহিৰত থাকিবা, ভিতৰত সোমাই ভাগ ল'বলৈ আহা কিয়? আমাৰ বাৰিত কল পকিছে, আমি আমাৰ জ্ঞাতি-কুটুম্বসকলেৰে ভাগ কৰি খাম, যদি দুই এটা আগলি থাকে, দিম পেলাই। আগ ধৰি ভাগ বিচাৰিবৰ তোমালোক কোন?”

 এই বাক-বিতণ্ডাৰ ফলত বঙালীসকল আঁতৰি পৰিল আৰু সম্মিলন ব্যৰ্থ কৰিবলৈ উঠি পৰি লাগিল। আনকি কোনো কোনোৱে সভাৰ মণ্ডপ পুৰি পেলাম বুলিও লুকাই-চুৰকৈ হুমিয়াইছিলহে। একমাত্ৰ শ্ৰীযুক্ত কামাখ্যাচৰণ সেন বি, এল, সাহিত্য সম্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হৈ অসমীয়াৰ লগত উজাইছিল। এনে বিবাদে কিবা দুৰ্ঘটনা ঘটাই সকলো আয়োজন পণ্ড কৰে বুলি চন্দ্ৰনাথ আগধৰি নেতাসকলক সাহায্য কৰিবলৈ গৈছিল। সেই একে উদ্দেশ্যই ৰায়বাহাদুৰ ৺ফনিধৰ চলিহা আৰু তেওঁৰ কনিষ্ঠ পুত্ৰ শ্ৰীযুত পদ্মধৰ চলিহাও তালৈ গৈছিল। স্থানীয় নেতা সকলে এওলোকৰ সাহায্য পাই সকলো কাম সুকলমে কৰিব পাৰিছিল।

 ১৯১৮ চনৰ ২৭ ডিছেম্বৰৰ দিনা পুৱা বেলা ‘সাহিত্য সম্মিলন’ আৰু আবেলি ‘আসাম এচোচিয়েশ্যন কন্‌ফাৰেন্স’ আৰম্ভ হয়। এচোচিয়েশ্যনৰ সভাপতি আছিল দেশভক্ত শ্ৰীযুত তৰুণ ৰাম ফুকণ৷ তেখেতৰ অভিভাষণ সুদীৰ্ঘ হলেও সি কেনে হৃদয়গ্ৰাহী, মৰ্মস্পৰ্শী, ৰাজনৈতিক তথ্যপূৰ্ণ আৰু তেজী আছিল, তাক শ্ৰোতাসকলে পাহৰিব [ ৪৭ ] নোৱাৰে। কোৱা বাহুল্য যে সেই অভিভাষণ যুগুত কৰোঁতে ফুকণ ডাঙৰীয়াই তাৰ প্ৰত্যেক কথাতে চন্দ্ৰনাথৰ সাহায্য লৈছিল, চন্দ্ৰনাথৰ ৰাজনৈতিক অভিজ্ঞতা এই বক্তৃতাৰ মাজেদি ফুটি ওলাইছিল।

 কন্‌ফাৰেন্স চলি থাকোঁতেই তেওঁ ঘৰৰ পৰা টেলিগ্ৰাম পালে— “তেওঁৰ পত্নীৰ অৱস্থা শঙ্কতজনক, তেওঁৰ উপস্থিতি একান্ত বাঞ্ছনীয়।” টেলিগ্ৰাম পায়ো চন্দ্ৰনাথ আগৰ দৰেই স্থিৰ থাকিল। তেওঁ উত্তৰ দিলে : ‘মাতৃ পূজাতকৈ পত্নীৰ নৰিয়া ডাঙৰ হ’ব নোৱাৰে, মই এই মহাযজ্ঞ এৰি যাব নোৱাৰোঁ। গৃহিনীৰ ভাৰ ঈশ্বৰৰ হাতত সমৰ্পণ কৰিলোঁ, মই গৈ নোপোৱালৈকে নিশ্চয় তেওঁ ৰক্ষা কৰিব।

 মানব জাতিৰ শান্তিৰ নিমিত্তে কাৰ্য কৰিবলৈ বুদ্ধদেৱে পত্নী-পুত্ৰক এৰি গৈছিল। স্বদেশৰ মঙ্গলৰ নিমিত্তে কাম কৰোঁতে চন্দ্ৰনাথে তেওঁৰ পত্নীৰ আসন্ন মৃত্যুকো উপেক্ষা কৰিছিল।

 তেতিয়া স্বৰ্গীয় ঘনশ্যাম বৰুৱা ৰায়বাহাদুৰ আসাম এচোচিয়েশ্যনৰ সম্পাদক আছিল। কন্‌ফাৰেন্সৰ সময়ত তেখেত টান নৰিয়াত শয্যাগত হৈ পৰিছিল। তেখেতে সেই বাৰ উক্ত এচোচিয়েশ্যনৰ পৰা অৱসৰ লোৱাত শ্ৰীযুক্ত তৰুণৰাম ফুকন তাৰ সম্পাদক, শ্ৰীযুক্ত কামাখ্যাৰাম বৰুৱা আৰু চন্দ্ৰনাথ সহকাৰী সম্পাদক নিযুক্ত হয়।

 গোৱালপাৰাৰ অধিবেশনতে আসাম কন্‌ফাৰেন্স আৰু সাহিত্য সম্মিলনক তেজপুৰলৈ নিমন্ত্ৰণ কৰা হৈছিল। সেইবাৰ ছাত্ৰ সম্মিলনো তেজপুৰতে বহিবৰ কথা আছিল। আটাই কেইখন সম্মিলন একে বছৰতে পতা টান হ'ব বুলি দুই এজনে কোৱা-মেলা কৰাত চন্দ্ৰনাথে তাৰ বাবে ধন তুলিবলৈ গাত লৈছিল।

 ওকালতিত যদিও প্ৰথম দিনাৰে পৰা চন্দ্ৰনাথৰ নাম আছিল, যদিও তেওঁ মোক্কেলৰ অভাৱত নপৰিছিল তথাপি সেই ব্যৱসায়ত তেওঁ একেৰাহে মনোযোগ দিব নোৱাৰিছিল। দেশৰ আহ্বানৰ ওচৰত মোক্কেলৰ আহ্বান, ধনৰ আহ্বান তেওঁ তুচ্ছ বুলি গণনা কৰিছিল।

[ ৪৮ ]
 

দশম অধ্যায়

উকীল চন্দ্ৰনাথ— দ্বিতীয় বছৰ
চেতনা
 

 চন্দ্ৰনাথ স্কুলত থাকোঁ‌তে কেনেকৈ হাতে লিখা ‘চেতনা’ৰ সম্পাদক হৈছিল তাক ওপৰত কৈ অহা হৈছে। চেতনা বন্ধ হোৱাৰ পিছতো তেওঁ তাক ছপাই উলিওৱাৰ সপোন প্ৰায়েই দেখি আছিল, দণ্ডিনাথৰে সৈতে বহি সেই বিষয়ে কত কল্পনা কৰিছিল তাৰ লেখ-জোখ নাই। তাৰে এটা এইঃ-তেওঁলোক দুয়োজন কলেজৰ পৰা ওলালেই যেনেকৈ হওক এটা প্ৰেছ আনিব আৰু তাৰ পৰাই ‘চেতনা' প্ৰকাশ কৰিব। এই প্ৰেছৰ আৰু কাকতৰ মেনেজাৰ হ’ব বস্তিৰ মেনেজাৰ ৺যোগানন্দ দত্ত। কিন্তু তেওঁলোকৰ সপোন সপোনতে ঢুকাল, তেওঁলোক কলেজৰ পৰা ওলোৱাৰ পূৰ্বেই যোগানন্দই আনন্দময়ৰ শান্তিময় কোলাত আশ্ৰয় গ্ৰহণ কৰিলে।

 যোগানন্দৰ মৃত্যুৰ পিছত পূৰ্ব প্ৰস্তাব যদিও তল পৰিল, তথাপি চেতনা উলিওৱাৰ কথা সদায় সজীব হৈয়েই থাকিল। এদিন তেনে আলোচনাৰ সময়ত শ্ৰীযুত বেণুধৰ দাস উপস্থিত আছিল। তেওঁ চন্দ্ৰক কলে :-‘তোমাৰ 'চেতনা' ওলোৱাৰ আগেয়েই "মোৰ চোৰাং-চোৱা" ওলাব।” চন্দ্ৰনাথে টানি ক'লে যে তেওঁ চেতনা তাৰো আগেয়ে উলিয়াইহে এৰিব। শ্ৰীযুত দাসে ক'লে :– “তোমাৰ 'চেতনা' যিমান আগেয়ে উলিওৱা তথাপি অন্ততঃ তোমাৰ কাকত ওলাবৰ দিনাই মোৰ কাকতৰ ভিঃ পিঃ পাবা।”

 যদিও শ্ৰীযুত দাসে এই কথা ধেমালিতহে কৈছিল, তথাপি চন্দ্ৰনাথে তাক পোনপটিয়াকৈ গ্ৰহণ কৰিছিল আৰু তেওঁৰ কথা ৰজাবলৈ মনে মনে সাজু হৈছিল। মুঠতে চেতনাৰ বিষয়ে সৰুতে যি সঙ্কল্প কৰিছিল, তাক চন্দ্ৰনাথে কেতিয়াও পাহৰা নাছিল। তাতে [ ৪৯ ] বান্ধব আৰু বাঁহীৰ ভাষা সম্পৰ্কীয় কন্দলে এখন সাৰ্বজনীন কাকতৰ অভাব বৰকৈ জিলিকাই তোলে। আসাম-বান্ধব উলিওৱাৰ পৰাই এই বিবাদৰ সূত্ৰপাত হয় আৰু সেই কাৰণে আসাম-বান্ধৱৰ প্ৰধান পৃষ্ঠপোষকসকলে প্ৰবীন সাহিত্যসেবীসকলৰ অভিসম্পাত মূৰ পাতি ল’ব লগাত পৰে। চন্দ্ৰনাথৰ মূৰতো সেই অভিসম্পাতৰ এভাগ পৰিছিল আৰু সেই বাবেই তেওঁ কেনেকৈ এই বিবাদ নিৰ্মূল কৰিব পাৰি তাৰ উপায় সদায় চিন্তা কৰিছিল। তেওঁ ভাবি-চিন্তি ইয়াৰ দুটা উপায় পাইছিল। এটা সদৌ অসমীয়াৰ মাজত এখন সাহিত্য সম্মিলন স্থাপন আৰু আনটো সকলো বিষয়ৰ সাম্প্ৰদায়িকতা শূন্য এখন মাহেকীয়া আলোচনীৰ প্ৰচাৰ। প্ৰথম উপায়েৰে চেষ্টা কৰিবলৈ যাওঁতে কেনেকৈ ছাত্ৰ-সম্মিলনৰ উৎপত্তি হল, তাক ইতি-পূৰ্বেই কোৱা হৈছে, কিন্তু দ্বিতীয় উপায় হাতত লবলৈ তেওঁ তেতিয়াও সাজু হ’ব পৰা নাছিল। এই বিষয়ে চন্দ্ৰনাথ আৰু দণ্ডিনাথৰ ভিতৰত পৰামৰ্শ সদায় চলি আছিল।

  তেতিয়া ‘উষা' বন্ধ হৈছিল। দণ্ডিনাথে আন উপায় নেদেখি শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াকে আকৌ কাকতখন উলিয়াবলৈ খাটনি ধৰিলে। শ্ৰীযুক্ত সৰ্বেশ্বৰ বৰুৱা বি, এলে ও এই বিষয়ে যথেষ্ট চেষ্টা কৰিছিল। কিন্তু উষা-সম্পাদকে কলে যে তেখতৰ অৱসৰ নাই, কিন্তু খাটনি-ধৰোঁ‌তাসকলৰ এজনে চলাবলৈ গাত ল’লে তেওঁ প্ৰেছৰ সকলো সুবিধা কৰি দিবলৈ সম্মত আছে। কিন্তু তেওঁলোক সেই দায়িত্ব লবলৈ অনিচ্ছুক হ'ল। তেতিয়া এই কথা চন্দ্ৰনাথক জনোৱা হ’ল, চন্দ্ৰনাথে এটা সমিতি গঠিত কৰি সেই সমিতিৰ পৰা 'উষা’ উলিওৱাৰ কল্পনা কৰিছিল, কিন্তু সম্পাদক আৰু প্ৰেছ তেজপুৰত, সমিতি গুৱাহাটীত থাকিলে কাম সুকলমে নচলিব বুলি সেই সঙ্কল্প পৰিত্যাগ কৰিলে।

 ছাত্ৰ সম্মিলন স্থাপনৰ পিছতে শ্ৰীযুত সৰ্বেশ্বৰ বৰুৱা আৰু দণ্ডিনাথে আলোচনা কৰি স্থিৰ কৰে যে কটন কলেজৰ সেউতীখন ছপাই উলিয়ালেই সকলো উদ্দেশ্য সিদ্ধি হব। কাকতখনৰ সম্পাদক হ’ব [ ৫০ ] কটন কলেজৰ অসমীয়া সাহিত্যৰ অধ্যাপক শ্ৰীযুক্ত সত্যনাথ বৰা আৰু সহকাৰী হ’ব চন্দ্ৰনাথ। তেওঁলোকৰ বাহিৰেও উজনি-নামনিৰ উপযুক্ত ছাত্ৰ বাছি লৈ এটা সমিতি গঠন কৰিব লাগিব। সম্পাদকে সদায় তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব। সেয়ে হলেই ভাষাৰ বেমেজালিও গুচিব আৰু কাকতখনো স্থায়ী হ’ব বুলি তেওঁলোকে বিশ্বাস কৰিছিল। ১৯১৭ চনৰ প্ৰাৰম্ভতে দণ্ডিনাথে এই প্ৰস্তাবটো মাঘৰ বিহুৰ উপহাৰ স্বৰূপে চন্দ্ৰনাথলৈ পঠিয়াইছিল। চন্দ্ৰনাথে তাৰ উত্তৰত যি লিখিছিল সি এই :-

 তোমাৰ চিঠি কালি পালোঁ। তোমাৰ সম্ভাষণ গ্ৰহণ কৰিছোঁ, কিন্তু উপহাৰ গ্ৰহণ কৰিব নোৱাৰি দুখিত হলোঁ। লিখিবলৈ গ'লে বহুতো কথা। শ্ৰীযুক্ত দুৰ্গেশ্বৰ শৰ্মা আগৰ বাৰ ইয়াত থাকোঁতেই আমি এই বিষয়ে বহুত আলোচনা কৰি বৰাৰ ওচৰ চাপিছিলোঁ, কিন্তু তেওঁ তাৰ ওচৰলৈকে নাযায়। তাৰ পিছত মই আৰু ৰঘুনাথ চৌধাৰীয়ে ধৰি চালোঁ, তেওঁ নামকে নুশুনে। বিশেষ এতিয়া তেওঁ over worked আৰু কামৰূপীয়া আৰু উজনীয়াৰ মিলনৰ কাৰণে যে সেই প্ৰস্তাবকে তুমি সাৰুৱা বুলি ধৰিছা, সি তোমাৰ ভুল। এই বিষয়ে মোৰ বেছ গম আছে। বৰা ডাঙৰীয়াৰ নাম সাহিত্য সম্পৰ্কত কোনো কামৰূপীয়াই শুনিব নোৱাৰে।

 গতিকে সম্প্ৰতি তোমাৰ উপহাৰ গ্ৰহণ কৰিব নোৱাৰি দুখিত হৈছোঁ। আৰু ময়ো একপ্ৰকাৰ overworked, ক্ষুদ্ৰ শক্তিৰ মানুহ জানাইতো। থিয়েটৰ, সৰস্বতী পূজা, Flood relief, এম. চি. বৰুৱা ফণ্ড, কনফাৰেন্স ইত্যাদি সকলোৱে মোক আজুৰি লাঙলোৱা কৰিছে। যাহক, মোৰ যদি ধাৰসোপা মৰে (আশা কম) আৰু গুৱাহাটীতে ওকালতি কৰোঁ, তেন্তে ১৯১৮ চনৰ পৰা ‘সেউতী’ নিশ্চয় ছপাই উলিয়াম। এইষাৰ কথা গাৰ বলেৰে তোমাক ক'লোঁ। সম্পাদকৰ বাছনি পিছত হ’ব। x  x x,

২০/১/১৭
তোমাৰ—
শ‌্ৰীচন্দ্ৰনাথ।
[ ৫১ ]

 চন্দ্ৰনাথে বি, এল, পাচ কৰাৰ সময়ত শ্ৰীযুত অম্বিকাচৰণ ৰায় চৌধাৰী ‘আসাম-বান্ধব’ৰ সহকাৰী সম্পাদকৰ বাব এৰি দি আহি গুৱাহাটীত আছিল আৰু এখন উৎকৃষ্ট ধৰণৰ মাহেকীয়া কাকত উলিয়াবলৈ প্ৰাণপণে যত্ন কৰিছিল। কিন্তু ইচ্ছামতে কাম কৰিবলৈ তেওঁৰ অৰ্থ-সংস্থান নাছিল, সেই কাৰণে তেওঁ লগৰীয়া বিচাৰি শ্ৰীযুত ৰঘুনাথ চৌধাৰী আৰু চন্দ্ৰনাথৰ ওচৰ চাপে। চন্দ্ৰনাথে দেখিলে এজন ‘বান্ধৱ’ৰ ভূতপূৰ্ব সম্পাদকৰ লগত মিলি কাকত উলিয়ালে উজনি-নামনি দুয়ো ঠাইৰ স্বাৰ্থ ৰক্ষা কৰি চলিবলৈ ছল লাগিব আৰু তেনেকৈয়ে দুদল অতিচাৰীৰ মাজত সামঞ্জস্য ঘটাব পাৰিব। চন্দ্ৰনাথৰ সিদ্ধান্ত তেওঁৰ পূৰ্বোক্ত বন্ধুসকলেও অনুমোদন কৰিছিল। চন্দ্ৰনাথে তেতিয়া ৰায় চৌধাৰীৰ প্ৰস্তাৱত হয় দিলে আৰু দুয়ো মিলি এখন খত দি বৰপেটাৰ পৰা এটা প্ৰেছ আনিলে। সেই প্ৰেছ গুৱাহাটীৰ বৰপেটীয়া পাৰাত স্থাপন কৰা হয়, সি এতিয়া অৰুণা প্ৰেছ নামেৰে প্ৰসিদ্ধ।

 অৰুণা প্ৰেছ স্থাপন কৰা হ’লত চন্দ্ৰনাথ আৰু ৰায় চৌধাৰী দুয়ো যুটিয়া সম্পাদক হৈ ‘চেতনা’ উলিয়াবলৈ স্থিৰ কৰিলে। ১৯১৯ চনৰ ভাদ মাহৰ জন্মাষ্টমীৰ দিনা চেতনাৰ প্ৰথম সংখ্যা ৰাইজৰ আগলৈ ওলাল। চেতনাৰ ঘাই বিশেষত্ব ইয়াতে যে ই আন কাকতৰ দৰে ৰাজনীতি-বৰ্জিত নহয়। তদুপৰি দুয়ো সম্পাদকে তাক পাৰ্যমানে সাম্প্ৰদায়িকতাৰ চাৰি ঢাপৰ বাহিৰত ৰাখিবলৈ যত্ন কৰিছিল। ভাষা সম্পৰ্কেও ই সম্পূৰ্ণ উদাৰ, কিন্তু তেনে হবলৈ যাওঁতে কোনো কোনো লিখকৰ ব্যাকৰণ দুষ্ট আৰু ভ্ৰমসঙ্কুল ৰচনাও যে সাধু আৰু শুদ্ধ হৈ চলি যোৱা নাই, এনে নহয়। এই খিনিতেই চেতনাৰ দোষ, প্ৰত্যেক লিখকৰ ব্যক্তিগত স্বাধীনতাক শ্ৰদ্ধা কৰাটোৱেই এনে দোষৰ উৎপত্তিৰ কাৰণ।

 এই কাকতৰ বহুল প্ৰচাৰৰ নিমিত্তে যদিও ৰায় চৌধাৰীয়ে প্ৰাণপণে খাটিছিল, তথাপি চন্দ্ৰনাথৰ সাহায্য নোপোৱা হ'লে তেওঁ ইমান বল নাপালেহেঁতেন। অধিক কি চন্দ্ৰনাথ লগত নথকা হ'লে তেওঁ

সিমান বেগাই প্ৰেছকে আনিব নোৱাৰিলেহেঁতেন। [ ৫২ ]
 

একাদশ অধ্যায়

উকীল চন্দ্ৰনাথ— দ্বিতীয় বছৰ
 

[ শাসন সংস্কাৰ-চতুৰ্থ আসাম ছাত্ৰ-সম্মিলন আৰু বৰপেটা কন্‌ফাৰেন্স ]

 গোৱালপাৰা কন্‌ফাৰেন্সত নিযুক্তি হোৱা শ্ৰীযুত তৰুণৰাম ফুকন আৰু শ্ৰীযুক্ত কামাখ্যাৰাম বৰুৱাই অলপ দিনৰ পাছতে তেওঁলোকৰ আসাম এচোচিয়েশ্যনৰ বাব এৰি দিয়ে, আৰু তেওঁলোকৰ ঠাই ক্ৰমান্বয়ে শ্ৰীযুক্ত নবীনচন্দ্ৰ বৰদলৈ আৰু শ্ৰীযুক্ত কালীপ্ৰসাদ বৰুৱা নিযুক্ত হয়।

 তেতিয়া মন্টেগু চেমচফোৰ্ড শাসন সংস্কাৰ লৈ গোটেই ভাৰতবৰ্ষত হুলস্থূল লাগিছিল। আসামৰ তদানীন্তন ভাগ্যবিধাতা চীফ্‌ কমিশ্যনৰ বিট্‌চন্‌ বেলে আসামক শাসন সংস্কাৰৰ সম্পূৰ্ণ অযোেগ্য বুলি বিবেচনা কৰিছিল আৰু তেওঁৰ মন্তব্যৰ ফলতেই আসামে শাসন সংস্কাৰৰ ভাগ হেৰুৱাইছিল। তাৰ প্ৰতিকাৰৰ নিমিত্তে আসাম এচোচিয়েশ্যনে বিস্তৰ আবেদন নিবেদন কৰিব লগাত পৰিছিল। কিন্তু এনেবোৰ কামত নিলগৰ ফৰ্মুটিয়ে সাধাৰণতঃ কাম নিদিয়ে, সেই কাৰণেই বিলাতলৈ প্ৰতিনিধি পঠিয়াই পাৰ্লিয়ামেণ্টৰ আগত সাক্ষ্য দিওৱাৰ বিশেষ প্ৰয়োজন হৈ পৰে। এই বিষয়ে আলচ কৰিবলৈ আসাম এচোচিয়েশ্যন’ৰ কাৰ্য-নিৰ্বাহক সভাৰ এক অধিবেশন পতা হয়, কিন্তু এচোচিয়েশ্যনৰ পুঁ‌জি নথকাৰ কাৰণে প্ৰতিনিধি নপঠিয়াই আবেদন পঠিওৱাকে সভাই স্থিৰ কৰে। চন্দ্ৰনাথ এই সিদ্ধান্তত সন্তুষ্ট হ’ব নোৱাৰিলে, তেওঁ আকৌ সভ্যসকলক ধৰি মেলি আন এটা অধিবেশনত প্ৰতিনিধি পঠিওৱা প্ৰস্তাৱটো মঞ্জুৰ কৰাই ললে। শ্ৰীযুক্ত নবীনচন্দ্ৰ বৰদলৈ এচোচিয়েশ্যনৰ খৰছত আৰু শ্ৰীযুক্ত প্ৰসন্ন কুমাৰ বৰুৱা নিজৰ খৰছত বিলাতলৈ যোৱাৰ স্থিৰ হ’ল। বৰদলৈ ডাঙৰীয়াৰ খৰছৰ নিমিত্তে অৰ্থসংগ্ৰহৰ ভাৰ চন্দ্ৰনাথে নিজে ল'লে। মুঠতে আসামে যে শাসন সংস্কাৰৰ ভাগ পালে ই ঘাইকৈ চন্দ্ৰনাথৰ অক্লান্ত পৰিশ্ৰমৰ ফল।

[ ৫৩ ]  ১৯১৯ চনত পূজাৰ বন্ধত তেজপুৰৰ চতুৰ্থ আসাম ছাত্ৰ সম্মিলন বহে। অভ্যৰ্থনা সমিতিৰ কাৰ্যকাৰক সকলক দিহা পৰামৰ্শ দি চলাবলৈ চন্দ্ৰনাথ দুসপ্তাহমানৰ আগেয়ে তেজপুৰলৈ আহিব লগাত পৰিছিল। বৰদলৈ ডাঙৰীয়া তেতিয়া বিলাতত থকাত এচোচিয়েশ্যনৰ প্ৰধান সম্পাদকৰ ভাৰ তেওঁৰ ওপৰতে আছিল। সেই সময়ত আসাম এচোচিয়েশ্যনৰ কাম ইমান বেছি হৈছিল যে সম্পাদকৰ পক্ষে দীঘলীয়াকৈ অফিচৰ পৰা আঁতৰত থকা অসম্ভব আছিল। চন্দ্ৰনাথে আন উপায় নেদেখি সেই সময়ৰ নিমিত্তে এচোচিয়েশ্যনৰ অফিচকে তেজপুৰলৈ তুলি আনিলে আৰু এটা ঘৰ ভাড়া কৰি লৈ তাতে সপৰিবাৰে থাকি আসাম এচোচিয়েশ্যন আৰু ছাত্ৰ সম্মিলনৰ কাম যুগপৎ কৰিবলৈ ধৰিলে। সেইবাৰ ছাত্ৰ-সম্মিলনৰ সভাপতি আছিল আচাৰ্য প্ৰফুল্লচন্দ্ৰ ৰায়। চন্দ্ৰনাথৰ কাৰ্য-কুশলতা দেখি আচাৰ্যদেৱে ছাত্ৰমণ্ডলীক চন্দ্ৰনাথৰ অনুসৰণ কৰিবলৈ উপদেশ দিছিল।

 এই আগমনতেই চন্দ্ৰনাথ সস্ত্ৰীক পিতৃ গৃহলৈ গৈছিল আৰু দিন চেৰেক তাতে কটাই গুৱাহাটীলৈ উলটিছিল।

 পূৰ্বে কোৱা হৈছে গোৱালপাৰা সম্মিলনতে ‘আসাম এচোচিয়শ্যন’ আৰু ‘আসাম সাহিত্য সভা’ক তেজপুৰলৈ নিমন্ত্ৰণ কৰা হৈছিল। কিন্তু তাৰ পিছতে ৰায়বাহাদুৰ ফণিধৰ চলিহা বৰপেটালৈ গৈ তাৰ ৰাইজৰ মনত এটা জাতীয় জাগৰণৰ ভাব সুমুৱাই দিলে। এই নতুন উদ্দীপনা পাই সেই বছৰতে আসাম এচোচিয়েশন আৰু আসাম সাহিত্য সভা পাতিবলৈ বৰপেটাবাসী সাজু হ’ল আৰু এচোচিয়েশ্যন আৰু সাহিত্য সভাৰ সম্পাদকলৈ যথাৰীতি আবেদন পঠিয়ালে। বৰপেটীয়া ৰাইজৰ আগ্ৰহ দেখি তেজপুৰীয়াসকলে সেই বাৰলৈ দুয়োখন সম্মিলনকে এৰি দিবলৈ সম্মত হ’ল আৰু কাৰ্য-নিৰ্বাহক সভাৰ সিদ্ধান্ত মতে সম্পাদকসকলে বৰপেটীয়া ৰাইজক সম্মিলন আয়োজন কৰিবলৈ সংবাদ দিলে।

 চন্দ্ৰনাথৰ ঘৰুৱা আহুকাল সদায় থাকেই, সেয়ে বৰপেটা সম্মিলনৰ আগতে আৰু বেছি হৈছিল। আন জঞ্জালৰ উপৰিও তেওঁৰ এক [ ৫৪ ] মাত্ৰ শিশু-কন্যাটিয়ে নৰিয়া-পাটীত পৰি ছটফট কৰিব লগা হৈছিল, অৱস্থা দিনে দিনে শঙ্কতজনক হৈ আহিছিল। এনে অৱস্থাত ঘৰ এৰি যাবলৈ কাৰো সত নাযায়, কিন্তু চন্দ্ৰনাথৰ সন্মুখত যে তাতোকৈ ডাঙৰ কৰ্তব্য আছে। বৰদলৈ ডাঙৰীয়া বিলাতৰ পৰা আহিয়েই আকৌ কংগ্ৰেছলৈ যোৱাত ‘এচোচিয়েশ্যনৰ দায়িত্বৰ বোজা গোটেইটো আগৰ দৰেই তেওঁৰ মূৰতে থাকিল। তদুপৰি তেওঁৰ অনুপস্থিতত ৰোগী-শুশ্ৰূষাত কোনো ব্যাঘাত নজন্মে, কিন্তু সম্মিলনৰ বিশেষ ক্ষতি হ’ব। সেই কাৰণে সন্তানৰ ভাৰ ঈশ্বৰৰ হাতত অৰ্পণ কৰি তেওঁ বৰপেটালৈ গ'ল। তেওঁৰ সময়ৰ ইমান অভাৱ আছিল যে বাৰ্ষিক কাৰ্য-বিবৰণীও কনফাৰেন্সৰ আগদিনা বৰপেটাত হে শেষ কৰিব পাৰিছিল।

 প্ৰথম দিনাৰ সম্মিলনত অভ্যৰ্থনা সমিতিৰ সভাপতিৰ অভিভাষণ আৰু কম্‌ফাৰেন্সৰ সভাপতিৰ অভিভাষণ শেষ হওঁতেই বেলি পৰিবৰ হ’ল, সেই কাৰণে সম্পাদকৰ বাৰ্ষিক ‘ৰিপোৰ্ট’ পিছ দিনালৈ স্থগিত ৰাখিবৰ নিমিত্তে সভাপতিয়ে প্ৰস্তাৱ কৰিলে। তাকে শুনি চন্দ্ৰনাথে ক'লেঃ ‘মোৰ এটা অনুৰোধ আছে। মোৰ ঘৰত নৰিয়া, একমাত্ৰ সন্তান মৃত্যু-শয্যাত। তথাপিও মাতৃৰ আহ্বানত তেওঁলোকক এৰি থৈ আহিছে। ৰোগীৰ অৱস্থা এনেকুৱা যে কেতিয়া কি দুঃসংবাদ পাওঁ তাৰ ঠিক নাই। যদিও কোনো দুৰ্ঘটনাই মোক এই মহান জাতীয় যজ্ঞৰ পৰা আতৰাই নিব নোৱাৰে, তথাপি কিছু সময়ৰ নিমিত্তে মোৰ দেহ-মন অৱসন্ন হোৱাৰ সম্ভাৱনা। সেই কাৰণে এতিয়াই কোনো অশুভ বাতৰি নৌ পাওঁতেই মোক মোৰ কাৰ্য বিবৰণ পঢ়িবলৈ দিলে কৃতাৰ্থ মানিম।’

 চন্দ্ৰনাথৰ অনুৰোধমতে সভাপতি ডাঙৰীয়াই তেতিয়াই তেওঁক কাৰ্যবিবৰণ পঢ়িবলৈ অনুমতি দিলে। যদিও কম সময়ত লিখা তথাপি বিবৰণখন শুনি সকলোৱে প্ৰশংসা কৰিছিল। তাত তেওঁ দিয়া সঙ্কেতবোৰ সকলোৰে মনোমত হৈছিল। কোনো কোনোৱে কৈছিল— সুদীৰ্ঘ বক্তৃতাতকৈ এনে চুটি অথচ সাৰুৱা মন্তব্য নিশ্চয় বেছি কাৰ্যকৰী হ’ব।

[ ৫৫ ]  এই বছৰ আসাম এচোচিয়েশনৰ কাৰ্য যেনে সুচাৰুৰূপে সম্পন্ন হৈছিল তেনে কেতিয়াও হোৱা নাছিল। ইয়াৰ মূলত যে চন্দ্ৰনাথৰ নিঃস্বাৰ্থ স্বদেশ-প্ৰীতি তাক নকলেও হব। সম্মিলনেও চন্দ্ৰনাথৰ দেশ হিতৈষণাৰ শলাগ লৈ তাৰ চিন-স্বৰূপে তিনি শ টকা বঁটা দিয়ে। চন্দ্ৰনাথে সেই দান তেতিয়া আনন্দেৰে গ্ৰহণ কৰিলে, কিন্তু ৰাইজৰ হকে খাটি তাৰ বেচ লোৱাৰ ইচ্ছা তেওঁৰ সমূলি নাছিল। সেইকাৰণে পিছ বছৰত তেওঁ অসমীয়া আৰু বিলাসিনীত এই জাননী দিছিল—

“ৰাজনৈতিক সাহিত্যৰ বাবে পুৰস্কাৰ ঘোষণা।”

 যোৱা বছৰ অসমৰ ৰাজনীতি ক্ষেত্ৰত মোৰ ক্ষুদ্ৰ শক্তিৰে অলপ কাম কৰিব পাৰিছিলোঁ বুলি তাৰ শলাগ লোৱাৰ লগে লগে যোৱা বৰপেটা কন্‌ফাৰেন্সে মোক তিনি শ টকা পুৰস্কাৰ দিবলৈ বুলি এটি প্ৰস্তাব গ্ৰহণ কৰিছিল। সমূহ অসমীয়াৰ বিৰাট সভাই কৰা এই প্ৰস্তাবত অসম্মতি প্ৰকাশ কৰিবলৈ মোৰ শক্তিৰে নুজুৰিলে; ইফালে মাতৃভূমিৰ উপকাৰজনক কিবা কাম যদি কৰিব পাৰিছোঁ, যৎকিঞ্চিৎ স্বাৰ্থত্যাগ কৰিবলৈ যদি সমৰ্থ হৈছে, তাৰ বাবে কোনো শলাগ বা পুৰস্কাৰ গ্ৰহণ কৰিবলৈ শক্তি মোৰ সমূলি নাই। গতিকে উক্ত প্ৰস্তাবৰ জৰিয়তে অসমীয়া ৰাইজে দিয়া আশীৰ্বাদৰ নিৰ্মালি মই মূৰ দোঁৱাই লৈ তাৰ লগত দিয়া দক্ষিণাফেৰী ৰাজনীতি আলোচনা প্ৰচাৰৰ নিমিত্তে তলত লিখাৰ দৰে দিবলৈ স্থিৰ কৰিছোঁ।

 ১। “১৯১৯ চনৰ পঞ্জাবৰ দুৰ্ঘটনাৰ চমু বৰ্ণনা (মূল কাৰণ, হত্যাকাণ্ডৰ বৃত্তান্ত, বৰ্তমান ভাৰতীয় ৰাজনীতিত তাৰ কাৰ্য, শেষ ফল) কংগ্ৰেছৰ চাব কমিটিৰ ৰিপোৰ্টৰ গড়িলা লৈ লিখা ১০০ পিঠিৰ এটি কিতাপ হ’ব লাগিব। পুৰস্কাৰ এশ টকা।”

 ২। “ভাৰতৰ পুনৰুত্থানৰ নিমিত্তে কংগ্ৰেছৰ কাৰ্যকাৰিতা [ মহাত্মা তিলক, গোখেল, নৌৰজী, গান্ধী, মালব্য আৰু এনি- বেছান্তৰ ৰাজনৈতিক পলিছিৰ (Policy) উচিত আলোচনাৰে সৈতে ] ৬০/৭০ পিঠিৰ কিতাপ হ’ব লাগিব। পুৰস্কাৰ ১০০ টকা।”

[ ৫৬ ]  ৩। “বোম্বে আৰু কলিকতাৰ বিশেষ কংগ্ৰেছৰ, ১৯১৭, ১৯১৮ আৰু ১৯১৯ চনৰ কংগ্ৰেছৰ বক্তৃতাৰ অসমীয়া ভাঙনি। পুৰস্কাৰ ৫০ টকা।”

 ৪। “মণিৰাম দেৱানৰ চমু জীৱন-চৰিত। পুৰস্কাৰ ৫০ টকা।”

 হাতে লিখা কিতাপ অহা ১৯২১ চনৰ মাৰ্চ মাহৰ ১লা সপ্তাহতে মই পোৱাকৈ পঠাব লাগিব।

 পৰীক্ষকঃ— শ্ৰীযুত নবীনচন্দ্ৰ বৰদলৈ।

  সৰ্বেশ্বৰ বৰুৱা।

  চন্দ্ৰনাথ শৰ্মা।

 শ্ৰীচন্দ্ৰনাথ শৰ্মা।

 ১।১০।২০

 

 এই জাননীত চন্দ্ৰনাথৰ মহত্ব ফুটি ওলাইছে, কিন্তু তেওঁৰ ইচ্ছা পূৰ নহ’ল। জাননী মতে তেওঁ কাৰো পৰা কিতাপ নাপালে, টকা- কেইটাৰ আন ব্যৱহাৰ কৰিবলৈকো তেওঁৰ সময় নহ’ল।

 

দ্বাদশ অধ্যায়

উকীল চন্দ্ৰনাথ— তৃতীয় বছৰ
 

 [ মাতৃ-বিয়োগ— বাসস্থান পৰিবৰ্তন,— ৰাজনৈতিক প্ৰচাৰ কাৰ্য, কলিকতাত বিশেষ কংগ্ৰেছ,— তেজপুৰত আসাম কন্‌ফাৰেন্স সাহিত্য সম্মিলন সূত সম্মিলন।]

 বৰপেটা কন্‌ফাৰেন্সত আসাম এচোচিয়েশ্যনৰ পূৰ্বৰ কৰ্মচাৰী সকলেই পুনৰ নিযুক্ত হ’ল। চন্দ্ৰনাথে আকৌ আগৰ দৰেই দেশৰ কাম কৰিবলৈ ধৰিলে।

[ ৫৭ ]  সেই বছৰতে সংস্কৃত কাউন্সিল গঠিত হয়। যাতে কাউন্সিললৈ অনুপযুক্ত মানুহ নাযায়, তাৰ বাবে চেষ্টা কৰা চন্দ্ৰনাথে তেওঁৰ কৰ্তব্য বুলি বিবেচনা কৰিছিল। সেই উদ্দেশ্যেই তেওঁ তেওঁৰ ব্যৱসায় এৰি থৈ আসামৰ বহুত ঠাইত ঘাইকৈ গোৱালপাৰা, মঙ্গলদৈ আদি পিছ পৰা ঠাইত ঘূৰি তাৰ মানুহবিলাকৰ মনত ৰাজনৈতিক ভাবৰ ঢৌ তুলি দিয়ে, জাতীয়তাৰ মূল্য সকলোকে বুজাবলৈ সাধ্য অনুসৰি যত্ন কৰে। লগে লগে কেনে মানুহক কাউন্সিললৈ পঠিয়ালে দেশৰ আৰু দহজনৰ মঙ্গল হ’ব তাক পুঙ্খানুপুঙ্খৰূপে সকলোকে ফঁহিয়াই দেখুৱায়।

 তেজপুৰত তেওঁ নানা ঠাইত শাসন-সংস্কাৰৰ ব্যাখ্যা দি ফুৰিছিল, লগতে ৰাইজৰ হক ৰক্ষা কৰি চলিব পৰা ৰাইজৰ ভিতৰৰে এজন হৈ লাজ নোপোৱা প্ৰকৃত দেশহিতৈষী মানুহক কাউন্সিললৈ পঠিয়াবলৈ সকলোকে উপদেশ দিছিল। তেওঁ নিজেও তেজপুৰৰ পৰা কাউন্সিললৈ যাবলৈ ওলাইছিল আৰু সেই বাবে যত্নও কৰিছিল। চন্দ্ৰনাথৰ দেশহিতৈষণা আৰু নিঃস্বাৰ্থ সেৱাৰ ভাৱে ৰাইজক এনেকৈ মুগ্ধ কৰি থৈছিল যে তেওঁ কৃতকাৰ্য হ’ব বুলি বহুতে বিশ্বাস কৰিছিল।

 আসামৰ নানা ঠাইত শাসন-সংস্কাৰৰ উদ্দেশ্য বুজাই ঘূৰি ফুৰোঁতেই চন্দ্ৰনাথৰ মাতৃ-বিয়োগ হয়। পিতাকৰ দৰেই মাককো চন্দ্ৰনাথে মৃত্যুকালত শুশ্ৰূষা কৰিবলৈ, আনকি দেখিবলৈকে নাপালে। তেওঁ নগাঁৱত কোনো এখন সভাত বক্তৃতা দি থাকোতেই বিজুলী ডাকৰ বাতৰিত এই দুঃসংবাদ পায় আৰু সভাৰ কাৰ্য শেষ কৰি ঘৰমুৱা হৈ যাত্ৰা কৰে। মাতৃ-শ্ৰাদ্ধ শেষ নহয় মানে তেওঁ ককায়েকহঁতৰ লগতে আছিল, সেই কেইদিনো তেওঁ একেবাৰেই নিষ্কৰ্মা হৈ থকা নাছিল।

 আন সময়ত নহ'লেও তেতিয়া তেজপুৰীয়া ৰাইজে এজন প্ৰকৃত স্বদেশহিতৈষী ৰাজনীতিজ্ঞ নেতাৰ অভাৱ বৰকৈ অনুভৱ কৰিছিল। সঁচাকৈয়ে নিঃস্বাৰ্থভাৱে দেশৰ কাম কৰোঁতা মানুহ তেতিয়া তেজপুৰত এজনো নাছিল বুলিলেই হয়। এইবোৰ কাৰণত চন্দ্ৰনাথৰ বহুতো বন্ধুৱে তেওঁক তেজপুৰলৈ উঠি আহিবলৈ অনুৰোধ কৰে। তাতে সেইবাৰ [ ৫৮ ] আসাম এচোচিয়েশ্যন আৰু সাহিত্য সম্মিলন তেজপুৰত হোৱাৰ কথা আছিল; তাৰ আয়োজনৰ নিমিত্তেও চন্দ্ৰনাথৰ তেজপুৰলৈ অহাৰ প্ৰয়োজন হৈ পৰিল। বিশেষকৈ গুৱাহাটীত ফুকন, বৰদলৈ প্ৰভৃতি কৰ্মী থকাত তেওঁ আঁতৰি আহিলেও বিশেষ ক্ষতি হোৱাৰ সম্ভাৱনা নাছিল, কিন্তু তেজপুৰত তেওঁ নহ'লেই নচলাত পৰিছিল। অকল সেয়েই নহয়, ব্যক্তিগতভাৱেও কাউন্সিললৈ যোৱাৰ সুবিধা কৰিবৰ নিমিত্তে তেওঁ তেজপুৰত থকাৰ আৱশ্যক হৈ পৰিছিল। সকলো কথা দকৈ ভাবি চাই ১৯২০ চনৰ আগষ্ট মাহত চন্দ্ৰনাথে গুৱাহাটী এৰি তেজপুৰলৈ থিতি লৰালে।

 গুৱাহাটীত থাকোঁতে চন্দ্ৰনাথে ওপৰত কৈ অহাবিলাকৰ বাহিৰেও প্ৰায় সকলো স্থানীয় অনুষ্ঠানৰ গুৰি ধৰিব লগাত পৰিছিল। অ, ভা, উ, সা, ব্ৰাহ্মণ সভা, আৰু কামৰূপ অনুসন্ধান সমিতিৰৰ কিছুকাল তেওঁ সম্পাদক আছিল। তেজপুৰলৈ উঠি অহাৰ আগতে তেওঁ কামৰূপ অনুসন্ধান সমিতিৰ বাৰ বছৰীয়া কাৰ্য-বিবৰণীৰ সম্পাদন আৰু প্ৰকাশ কৰিছিল।

 চন্দ্ৰনাথ তেজপুৰলৈ অহামাত্ৰেই তেওঁৰ ইমান মোক্কেল হবলৈ ধৰিলে যে অলপ দিনৰ ভিতৰতে তেওঁ বহুতো পুৰণি উকিলকো চেৰ পেলাইছিল। কিন্তু ৰাজনৈতিক কামত নানা ঠাইত ঘূৰিব লগা হোৱাত তেওঁ অকল ব্যৱসায়টোকে সাবটি ধৰি থাকিব নোৱাৰিছিল।

 কাউন্সিললৈ যোৱাৰ বিষয়েও তেওঁৰেই পূৰা সম্ভাৱনা আছিল। তেওঁৰ প্ৰতিদ্বন্দ্বীসকলেও সেইটো জানিছিল। কোনো এজনে তেওঁক এৰি দিব লাগে বুলি চন্দ্ৰনাথলৈ অনুৰোধ-পত্ৰও লিখিছিল আৰু তেওঁৰ পৰা আশানুৰূপ সমিধান নাপাই তেওঁৰ বন্ধুসকলৰ সাহায্যেৰে চন্দ্ৰনাথৰ মত পৰিবৰ্তনৰ চেষ্টাত ঘূৰিছিল। চন্দ্ৰনাথ কাউন্সিললৈ যোৱাৰ কেনে সম্ভাৱনা আছিল, তাক এই ঘটনাৰ পৰাই বুজিব পাৰি। কিন্তু কাৰ্যতঃ যি হ’ল, তাত কাৰো অনুৰোধ-উপৰোধৰ আৱশ্যকতা নাথাকিল।

[ ৫৯ ]  সেইবাৰ ছেপ্টেম্বৰ মাহত (৪ ছেপ্টেম্বৰ ১৯২০ চন) কলিকতাত কংগ্ৰেছৰ বিশেষ অধিৱেশন বহে। এই কংগ্ৰেছত দেশৰ সেই সময়ৰ অৱস্থা আৰু গবৰ্ণমেণ্টৰ কাৰ্যপ্ৰণালীৰ আলোচনা হয়। পঞ্জাবৰ হত্যাকাণ্ড, ৰাওলাট বিল আৰু খিলাফৎ আদিৰ যেনে বিধৰ প্ৰতিকাৰ দেশবাসীয়ে বিচাৰিছিল, গবৰ্ণমেন্টে তেনে একো নকৰিলে। আনকি, যুদ্ধৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতে স্বায়ত্ত্ব শাসনো নাপালে। স্বৰাজৰ নামত যি ব্যয়-বহুল শাসন-সংস্কাৰ পোৱা গ'ল, তাত দেশৰ নেতাসকল সন্তুষ্ট হ’ব নোৱাৰিলে। সেই কাৰণেই মহাত্মা গান্ধীয়ে এই কংগ্ৰেছত গবৰ্ণমেণ্টৰ লগত সহযোগ বৰ্জনৰ প্ৰস্তাব দাঙি ধৰিলে; প্ৰস্তাব গৃহীত হ’ল। এই কংগ্ৰেছৰ সিদ্ধান্ত মতে সকলো ঠাইতে কংগ্ৰেছ কমিটি স্থাপন আৰু তিলক স্বৰাজ ভঁৰাললৈ অৰ্থ-সংগ্ৰহ কৰা কংগ্ৰেছৰ সভ্যসকলৰ প্ৰধান কৰ্তব্য হৈ পৰিল। বৰদলৈ, চন্দ্ৰনাথ প্ৰমুখ্যে কেইবাজনো আসামৰ প্ৰতিনিধি এই কংগ্ৰেছত উপস্থিত আছিল। বৰদলৈ ডাঙৰীয়া অসহযোগৰ ঘাইকৈ কাউন্সিল বৰ্জনৰ বিৰুদ্ধে আছিল, আসামত অসহযোগ হ’ব নোৱাৰে বুলি তেওঁ অমৃত বাজাৰ পত্ৰিকালৈ প্ৰবন্ধও লিখিছিল। কিন্তু চন্দ্ৰনাথে তেওঁক সমৰ্থন নকৰি ডেকা প্ৰতিনিধিসকলক লগত লৈ কংগ্ৰেছৰ সিদ্ধান্ত গ্ৰহণ কৰিলে; সেইকাৰণে আসামত অসহযোগ অনুষ্ঠানৰ তেওঁকেই পুৰোহিত বুলিব লাগিব। কংগ্ৰেছৰ অন্তত তেওঁ কলিকতাৰ পৰা আহি প্ৰথমেই গুৱাহাটীত কংগ্ৰেছ কমিটি স্থাপনৰ নিমিত্তে যত্ন কৰে। ইয়াৰ ভিতৰতে বৰদলৈ ডাঙৰীয়াৰো মতৰ পৰিবৰ্তন হয় আৰু চন্দ্ৰনাথৰ লগত যোগ দিয়ে। গুৱাহাটীত কংগ্ৰেছ কমিটি আৰম্ভ কৰি দি তেওঁ তেজপুৰলৈ আহে আৰু তাতো উক্ত কমিটি স্থাপন কৰি আশাশূধীয়াভাৱে তিলক স্বৰাজ ভঁৰাললৈ ধন তোলাত লাগি যায়।

 ইয়াৰ পিছতে বৰদিনৰ বন্ধত তেজপুৰত আসাম এচোচিয়েশ্যন, সাহিত্য সম্মিলন, শিক্ষক-সম্মিলন আৰু সূত-সম্মিলন বহিছিল। এই বোৰৰ আয়োজনত চন্দ্ৰনাথে নথৈ যত্ন কৰিছিল। তেওঁৰ স্বাস্থ্য আগৰে পৰা দুৰ্বল আছিল, এতিয়া এই অতিপাত পৰিশ্ৰমত তেওঁ [ ৬০ ] একেবাৰেই শয্যাগত হৈ পৰিল। কিন্তু ইমানতো চন্দ্ৰনাথে তেওঁৰ কৰ্তব্য অৱহেলা কৰিব নোৱাৰিলে, তেনে অৱস্থাৰেই ঘোঁৰাৰ গাড়ীৰে আহি, এচোচিয়েশ্যনৰ সম্পাদক, সাহিত্য-সন্মিলনৰ অভ্যৰ্থনা সমিতি সভাপতি আৰু সূত-সম্মিলনৰ সভাপতিৰ কাৰ্য পৰিপাটীকৈ সমাধা কৰিছিল। এচোচিয়েশ্যনৰ ৰিপোৰ্ট বৰ তেজী আৰু উত্তেজনাপূৰ্ণ হৈছিল, সাহিত্যৰ বৰ্তমান গতি আৰু সমাজ সম্পৰ্কে তেওঁৰ উক্তি অতি সাৰুৱা হৈছিল। প্ৰত্যেকটো বক্তৃতাতে তেওঁৰ নিৰ্ভীকতা আৰু নিৰপেক্ষতা ফুটি ওলাইছিল।

 এই সম্মিলনতে আসাম এচোচিয়েশ্যন প্ৰাদেশিক কংগ্ৰেছ কমিটিত পৰিণত হয় আৰু কলিকতা কংগ্ৰেছৰ অসহযোগ নীতি গ্ৰহণ কৰে। এই নীতিৰ মূলত গবৰ্ণমেণ্টৰ স্কুল, কলেজ, আদালত আৰু কাউন্সিল বৰ্জন, খাদীৰ প্ৰচলন আৰু অস্পৃশ্যতা নিবাৰণ আছিল। অসহযোগী হৈ চন্দ্ৰনাথে আটাইতকৈ আগেয়ে আদালত বৰ্জন কৰে। যদিও বহুত উকীল ব্যাৰিষ্টাৰে চন্দ্ৰনাথতকৈ এশ গুণ বেছি উপাৰ্জন কৰা ব্যৱসায় এৰি দিছে, তথাপি চন্দ্ৰনাথৰ স্বাৰ্থত্যাগ অতুলনীয় বুলিব লাগিব। কাৰণ সেইসকলৰ ঘৰ-দুৱাৰ, ধন-সম্পত্তিৰ অভাৱ নাই, আগৰ যি পুজি আছিল তাৰ ওপৰতে নিৰ্ভৰ কৰিও স্বচ্ছন্দতাৰে চলিব পাৰে; আনপক্ষে চন্দ্ৰনাথৰ ধন-সম্পত্তি দূৰৰ কথা, থাকিব- লৈকো নিজৰ বহা এটা নাছিল। তেনেস্থলত যে দেশৰ আহ্বানত তেওঁ একমাত্ৰ জীৱিকাৰ উপায় ওকালতি ব্যৱসায়টোও পৰিত্যাগ কৰি নিজক বাটব মগনীয়া কৰিবলৈ আগ বাঢ়িল, ইয়াতকৈ আৰু কি বেছি স্বাৰ্থত্যাগ হ'ব পাৰে। তেওঁ ইমান বেগাই আদালত বৰ্জন কৰিলে যে তেওঁৰ হাতত বহুতো গোচৰ থাকি গ'ল। তেওঁ সেই সকলো গোচৰৰ বাবে লোৱা ধন মোক্কেলসকলক ওলোটাই দিলে। ওকালতি এৰাৰ লগে লগে তেওঁ কাউন্সিললৈ যোৱাৰ ইচ্ছাও পৰিহাৰ কৰিলে।

 চন্দ্ৰনাথ অসহযোগী হোৱাৰ পাছত গুৱাহাটীৰ বৰ চাহাবে জামিন নিদিলে ‘চেতনা’ বন্ধ কৰিব লাগিব বুলি আদেশ কৰিলে। চন্দ্ৰনাথে [ ৬১ ] ‘চেতনা' বন্ধ হ’বলৈ দিয়াতকৈ নিজেই তাৰ সংশ্ৰৱ পৰিত্যাগ কৰি ‘চেতনা’ক জামিনৰ হাতৰ পৰা মুক্ত কৰিলে। তেতিয়াৰে পৰা শ্ৰীযুক্ত অম্বিকাচৰণ ৰায় চৌধাৰীয়েই ‘চেতনা’ চলাই আহিছে।

 
ত্ৰয়োদশ অধ্যায়।
অসহযোগী চন্দ্ৰনাথ
নৰিয়া আৰু মৃত্যু
 

 অসহযোগী হৈ চন্দ্ৰনাথে আগতকৈও তিনি গুণ পৰিশ্ৰম কৰিবলৈ ধৰিলে। তেওঁৰ শোৱা-খোৱাৰো ঠিক নোহোৱাত পৰিল। আগেয়ে তেওঁ ঘনকৈ চাহ-পানী আৰু তামোল খাইছিল, অসহযোগী হোৱাৰ পৰা তাকো এৰিলে; ভৰিৰ চটি জোতাযোৰৰ এৰি শুদা ভৰিৰে ফুৰিবলৈ ধৰিলে। আসামৰ যি ঠাইতেই কোনো গোলমালৰ সম্ভাৱনা হৈছিল, তাতেই তেওঁ উপস্থিত আছিল, আনকি, বহুত সময়ত বঢ়া ভাত এৰি থৈয়ো তেওঁ লৰিব লগাত পৰিছিল।

 চন্দ্ৰনাথ তেজপুৰ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল। তেওঁৰ পৰি- চালনাত ভলন্টিয়াৰসকল এনেকৈ চলিছিল যে, সেই সময়ত স্কুল-কলেজ এৰি আহি অসহযোগী হোৱা এজন ছাত্ৰও আন ঠাইৰ ছাত্ৰৰ দৰে উলটি যোৱা নাছিল, জেলৰ ভয়ে কাকো কঁপাব নোৱাৰিছিল আৰু এজনো তেজপুৰীয়া স্বেচ্ছাসেৱক প্ৰতিশ্ৰুতি দি ফাটেকৰ পৰা ওলোৱা নাছিল। মুঠতে চন্দ্ৰনাথে তেওঁৰ কাম এনে সুচাৰুৰূপে কৰিছিল যে, আন কোনোবা ঠাইত তেনেকৈ কৰিব পাৰিছিল বুলি বিশ্বাস নহয়। এই কাৰ্যত শ্ৰীযুত লক্ষ্মীধৰ শৰ্মা আৰু শ্ৰীযুত অমিয়কুমাৰ দাস তেওঁৰ প্ৰধান সহায় আছিল।

 ১৯২১ চনৰ আগষ্ট মাহত নিখিল ভাৰতৰ কংগ্ৰেছ কমিটিত যোগ দিবলৈ বৰদলৈ প্ৰমুখ্যে নেতাসকলৰ লগত চন্দ্ৰনাথ বোম্বাইলৈ [ ৬২ ] যায়। যাওঁতে বাটতে তেওঁৰ জ্বৰ হয়। চন্দ্ৰনাথৰ লগৰীয়াসকলে তেওঁক কলিকতাৰ পৰাই উলটি আহিবলৈ উপদেশ দিছিল, কিন্তু তেওঁ নুশুনিলে। বোম্বাইত কংগ্ৰেছ কমিটিত যোগ দিয়াৰ লগে লগে চন্দ্ৰনাথ আৰু তেওঁৰ সহযাত্ৰীসকল মহাত্মাক আসামলৈ আনিবলৈ উঠি পৰি লাগিল। সেই সময়ত মহাত্মাক নিবলৈ সকলো প্ৰদেশৰ মানুহেই চেষ্টা কৰিছিল, কিয়নো হাজাৰ বক্তৃতাৰে যিটো কথা বুজাব নোৱাৰি, একমাত্ৰ মহাত্মাৰ আগমনেই তাক সকলোৰে মনত দকৈ সুমুৱাই দিব পাৰিছিল। যি সকল বিৰুদ্ধবাদী আছিল, তেওঁলোকো তেখেতৰ সন্মুখত নতজানু হবলৈ বাধ্য হৈছিল। সেই কাৰণেই আসামৰ নেতাসকল মহাত্মাক আনিবলৈ নেৰানেপেৰাকৈ লাগিল, মহাত্মাও আহিবলৈ মান্তি হ'ল।

 ১৯২১ চনৰ ১৮ আগষ্টৰ দিনা মহাত্মা গান্ধীয়ে শ্ৰীযুক্ত বাজাজ, মৌলানা মহম্মদ আলি, আৰু তেখেতৰ পত্নীৰে সৈতে হাজাৰ হাজাৰ মানুহৰ আন্তৰিক শ্ৰদ্ধা-প্ৰীতি আৰু আকাশ কঁপোৱা জয়ধ্বনিৰ মাজত গুৱাহাটীত পদাৰ্পণ কৰিলে। বোম্বাইত থাকোঁ‌তেই চন্দ্ৰনাথৰ জ্বৰ বেছি হৈছিল, এতিয়া সেই জ্বৰৰ গাৰেই মহাত্মাৰ পিছত ঘূৰিবলৈ ললে।

 গুৱাহাটীত দুদিন থাকি মহাত্মা তেজপুৰলৈ আহিল, চন্দ্ৰনাথ আৰু শ্ৰীযুক্ত তৰুণৰাম ফুকনো তেখেতৰ সহচৰ হ’ল। চন্দ্ৰনাথৰ তেতিয়া জ্বৰ টান হৈছিল। মহাত্মা আহি স্বৰ্গীয় হৰিবিলাস আগৰৱালা ডাঙৰীয়াৰ ঘৰত থাকিল, চন্দ্ৰনাথ মহাত্মাৰ পাদ-প্ৰান্তত পাটী পাৰি লৈ পৰি থাকিল।

 আবেলি সভা-মণ্ডপত মহাত্মাৰ পাদ-প্ৰান্তত বহি তেনে টান জ্বৰতো চন্দ্ৰনাথৰ গাত শক্তি সঞ্চাৰ হৈছিল আৰু সমবেত জন- মণ্ডলীক মহাত্মাৰ চমুকৈ পৰিচয় দি তেজী বক্তৃতা দিছিল।

 সভাৰ পৰা ঘূৰি অহাৰ পিছত তেওঁৰ জ্বৰ ক্ৰমশঃ বাঢ়িবলৈ ধৰিলে আৰু পিছদিনা কোনোমতেই পাটী এৰিব নোৱাৰাত পৰিল। সেই দিনা আবেলি মহাত্মাই স্বহস্তে বিদেশী বস্ত্ৰ দগ্ধ কৰি ৰাতিৰ [ ৬৩ ] জাহাজত শিলঘাটলৈ যাত্ৰা কৰিলে। শিলঘাটৰ পৰা চাপৰমুখেদি তেখেতৰ যোৰহাটলৈ যোৱাৰ কথা।

 সেই দিনা চন্দ্ৰনাথৰ অৱস্থা বিষম আছিল, সেই কাৰণে তেওঁ মহাত্মাৰ অনুসৰণ কৰিব নোৱাৰিলে। পিছদিনা পুৱা জ্বৰ অলপ শাম কাটিলে, আৰু গালৈ অলপ তত আহিল। তেওঁ আৰু অলপো পলম নকৰিলে, মহাত্মাক যোৰহাটত লগ ধৰিবৰ ইচ্ছাৰে ততালিকে পুৱাৰ ডাক-জাহাজত উঠি ককিলামুখলৈ যাত্ৰা কৰিলে, কিন্তু তেওঁৰ আৰু মহাত্মাৰ লগ ধৰা নহ’ল, বাটতে তেওঁৰ শৰীৰৰ অৱস্থা এনে শোচনীয় হৈ উঠিল যে তেওঁ যোৰহাটলৈ নগৈ তেজপুৰলৈ ঘূৰি আহিবলৈ বাধ্য হ’ল।

 তেজপুৰত কিছু দিন থকাৰ পিছত তেওঁৰ শৰীৰ অলপ ভালৰ ফালে আহিল, কিন্তু তেওঁৰ ৰোগৰ উপশম নোহোৱাকৈয়ে আকৌ আগৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ এটা বিশেষ ক্ষমতা আছিল যে যিবোৰ মানুহে তেওঁক সমূলি দেখিব নোৱাৰিছিল,সেইবিলাকো তেওঁৰ সন্মুখত সেও হৈছিল। যিবিলাক মানুহৰ পৰা আন স্বেচ্ছাসেৱকে একোকে আদায় কৰিব নোৱাৰিছিল, চন্দ্ৰনাথে নিজে তেওঁলোকৰ ওচৰলৈ গৈ আশাতীতৰূপে দান সংগ্ৰহ কৰিছিল। মুঠতে তিলক স্বৰাজ ভঁৰালৰ নিমিত্তে তেজপুৰৰ পৰা নিৰ্দিষ্ট সময়ত যিমান ধন উঠিব লাগিছিল, চন্দ্ৰনাথৰ অক্লান্ত পৰিশ্ৰম আৰু সু-শৃঙ্খল পৰিচালনাৰ ফলত তাতকৈও বেছি উঠিছিল; অথচ আন কোনো জিলাই সেই সময়ৰ ভিতৰত নিজ নিজ ভাগৰ ধন সম্পূৰ্ণ কৈ তুলিব পৰা নাছিল।

 চন্দ্ৰনাথৰ শাৰীৰিক দুৰৱস্থা আৰু অতিপাত পৰিশ্ৰম দেখি এদিন তেওঁৰ বন্ধু এজনে ক'লে, “চন্দ্ৰ, তই এনেকৈ আপোনঘাতী হৈ মৰিব খুজিছ কিয়? আগেয়ে গাটো ভাল কৰি ল, তাৰ পিছত কাম কৰিবি। নহ'লে এনেকৈ বেমাৰলৈ আওকাণ কৰি কাম কৰাৰ ফলত যদি অকাল-মৃত্যু ঘটে, তেতিয়া কাম কৰিব কোনে? সেই কাৰণে প্ৰকৃততে যদি দেশৰ কাম কৰিব খুজিছ তেন্তে তই [ ৬৪ ] দীৰ্ঘ জীৱন কামনা কৰাৰ একান্ত আৱশ্যক। ”
  চন্দ্ৰনাথে উত্তৰ দিলে, “মই যে সেইটো নুবুজোঁ এনে নহয়, কিন্তু কৰোঁ কি? চকুৰ আগতে কাম পৰি থাকিব, অথচ কৰোঁতা নাই, মই কেনেকৈ চকু মুদি হাত সাবটি বহি থাকোঁ? ভৱিষ্যতৰ কথা ভাৱি বৰ্তমান সুযোেগ এৰি দি আন্দোলনটো ব্যৰ্থ কৰোঁ কেনেকৈ?”
 বন্ধুজনে ক'লে, আৰু যদি তাৰ বাবে তোৰ জীৱন বিপন্ন হয়, ' তেনেহ'লেওতো ব্যৰ্থ হ’ব পাৰে। ”
 চন্দ্ৰনাথে ক'লে, “আগলৈ কি হ’ব ক’ব নোৱাৰোঁঁ, কিন্তু শৰীৰত শক্তি থাকেমানে সম্মুখৰ কৰ্তব্য মই তেতিয়াও অৱহেলা কৰিব নোৱাৰোঁ। ”
 মুঠতে উঠি-লৰি ফুৰিবৰ শক্তি আছিল মানে চন্দ্ৰনাথে কাম কৰিবলৈ এৰা নাছিল। শেহত গৈ যক্ষ্মা ৰোগে তেওঁৰ গাত বাহ ল'লে, তেওঁৰ ক্ষীণকায় আৰু ক্ষীণ হৈ কঙ্কলাৱশিষ্ট হ’ল; হাজাৰ প্ৰতিবন্ধকেও বিচলিত কৰিব নোৱাৰা চন্দ্ৰনাথে শয্যাৰ আশ্ৰয় গ্ৰহণ কৰিলে।
 তেজপুৰত চন্দ্ৰনাথৰ আৰোগ্যৰ সমূলি আশা দেখা নগ'ল। অগত্যা তেওঁৰ চিকিৎসাৰ নিমিত্তে কলিকতালৈ গল। তাত বহুতো ধন ভাঙি চিকিৎসা কৰালে কিন্তু তাৰ পৰা কোনো ফল নহ'ল। কলিকতাত আৰোগ্যৰ কোনো আশা নেদেখি এই বাৰ তেওঁ পুৰীমুৱা হল। সাগৰৰ জল-বায়ুৰ গুণত কিবা উপকাৰ হয় বুলি তাতে কিছু দিন থাকিবলৈ স্থিৰ কৰিলে, চিকিৎসাও চলিয়েই থাকিল। তেতিয়া তেওঁৰ লগত তেওঁৰ গৃহিণী, শ্ৰীযুত গিৰিশ চন্দ্ৰ শৰ্মা, শ্ৰীমান গুণাভিৰাম শৰ্মা আৰু তেওঁৰ জেঠেৰিয়েক শ্ৰীযুত শিশিৰ কুমাৰ বৰুৱা আছিল। অৱশ্যে আটাইকেইজনেই গোটেইখিনি দিন থকা নাছিল। এই সময়তো ঔষাধাদিত বহুত টকা খৰছ হৈছিল, কিন্তু ফল পূৰ্বৰ দৰেই হ'ল। যদিও কাহত তেজ ওলোৱা আদি উপসৰ্গ অলপ কমিছিল, তথাপি অত্যাধিক অগ্নিমান্দ্য হোৱাত তাত থকা টান হৈ উঠিল। সেই কাৰণেই শ্বিলঙলৈ যোৱাৰ ঠিক কৰি পুৰীৰ পৰা উলটি আহিল। এই কালৰ ভিতৰত ৰোগৰ যন্ত্ৰণাতকৈও কাম কৰিবলৈ অক্ষম হোৱাৰ বাবে [ ৬৫ ] বেছি যন্ত্ৰণা পাইছিল, আনকি অকৰ্মণ্য হৈ জীয়াই থকাতকৈ মৃত্যুকে কামনা কৰিছিল।

 ১৯২২ চনৰ মাৰ্চ মাহত চন্দ্ৰনাথ আহি গুৱাহাটী পায়। গুৱাহাটী পোৱাৰ লগে লগে তেওঁৰ জ্বৰ বেছি হৈ উঠে। তেনে অৱস্থাত মটৰত শ্বিলঙলৈ যোৱা অসম্ভৱ দেখি এমাহমান গুৱাহাটীতে ৰ'ব লগাত পৰিল।

 সেইবাৰ ছাত্ৰ-সম্মিলন নগাঁৱত বহিবৰ কথা আছিল। কিন্তু অসহযোগ আন্দোলনৰ ঢৌত ছাত্ৰ-সম্মিলন পতাৰ সঙ্কল্প নগাঁও ছাত্ৰৰ মনৰ পৰা কেনিবা উফৰি গল। যথানিয়মে ছাত্ৰ-সম্মিলন নবহাত আৰু তাৰ কাৰ্য বন্ধ থকাত ছাত্ৰ-সম্মিলন মৰিল বুলি বহুতৰ ধাৰণা জন্মিল। সেই কাৰণে তাৰ সজীৱতা ঘোষণা কৰিবলৈ সম্পাদকসকলে ১৯২২ চনৰ ১৬ এপ্ৰিলত কটন কলেজৰ দৰ্শনৰ অধ্যাপক শ্ৰীযুত ৰোলাণ্ড টমাছৰ সভাপতিত্বত গুৱাহাটীৰ সনাতন ধৰ্ম মন্দিৰত তাৰ বাৰ্ষিক অধিৱেশন পাতিলে। এনেকৈ সভা আহ্বান কৰোঁতে কোনো কোনো বিষয়ত নিয়মৰ ব্যতিক্ৰম ঘটিছিল, সেই কাৰণে কোনো কোনো কেন্দ্ৰৰ ছাত্ৰই ঘাইকৈ কলিকতা প্ৰবাসী ছাত্ৰসকলে সম্মিলনৰ কাৰ্যত আসোঁৱাহ ধৰিছিল। ছাত্ৰসকলৰ কাৰ্যত এনে মনোমালিন্য ঘটা দেখি তাৰ প্ৰতিষ্ঠাতা আৰু প্ৰাণস্বৰূপ চন্দ্ৰনাথে বৰ বেজাৰ পালে। তেতিয়া তেওঁ উত্থান শক্তি ৰহিত, তথাপি তেওঁ কেনেকৈ দুয়ো দলকে মিলাই দিব তাৰ বাবে চিন্তা কৰিবলৈ ধৰিলে। দুয়ো পক্ষৰ জনচেৰেক প্ৰতিনিধি তেওঁৰ শয্যাৰ ওচৰলৈ মতাই আনি সেই মৃতকল্প অৱস্থাতে ক্ষীণ কণ্ঠেৰে বহুতো বুজনি দিলে। যদিও তেওঁৰ উপদেশ সম্পূৰ্ণ কাৰ্যকৰী নহ’ল তথাপি অসহযোগী হোৱাৰ পিছতো ছাত্ৰ-সম্মিলনলৈ তেওঁৰ কেনে স্নেহ আছিল, তাক এই ঘটনাৰ পৰাই ভালকৈ বুজিব পাৰি।

  ছাত্ৰ-সম্মিলনৰ পাছত তেওঁৰ ৰোগৰ অৱস্থা আৰু চিকিৎসাৰ বিষয়ে বুজ লবলৈ যোৱা দুজন বন্ধুৰ আগত চন্দ্ৰনাথে এনেকৈ কৈছিল- “চিকিৎসা যিমান প্ৰকাৰৰ হ'ব পাৰে তাৰ এটাও বাদ যোৱা নাই, [ ৬৬ ] অকল ঔষধৰ বেচতেই সাত শৰ ওপৰ টকা গৈছে। কিন্তু মোৰ বেমাৰ আৰু ভাল হোৱাৰ আশা নাই, এতিয়া মাথোন মৃত্যুলৈ অপেক্ষা কৰিছোঁ। যিমান সোনকালে মোৰ মৃত্যু হয়, সিমানেই মঙ্গল; ৰাইজৰ টকা আৰু কিমান অপব্যয় কৰিম? এসময়ত ভাবিছিলো বোলোঁ‌ আৰোগ্য হ'লে সেই টকাৰ সুদেমূলে পৰিশোধ কৰিম, কিন্তু এতিয়া আৰু সেই আশা নাই, মোৰ মৃত্যু নিশ্চিত। তদুপৰি এই কামৰ সময়ত সকলোৱে প্ৰাণে প্ৰাণে দেশৰ হকে খাটিছে, মই এটা অতৃপ্ত আকাঙ্খৰ অগ্নিত দগ্ধ হৈ ৰাইজৰ ৰক্ত শোষণ কৰি পাটীত পৰি ছটকটাই আছোঁ‌। ৰোগৰ যন্ত্ৰণাতকৈও যে এই যন্ত্ৰণা আৰু ভীষণ। আৰোগ্য হোৱাৰ যেতিয়া আশা নাই শীঘ্ৰে মৃত্য হলেই দুয়ো পক্ষৰ লাভ।”

 টকা-কড়িৰ আৱশ্যকতাৰ সম্পৰ্কে প্ৰশ্ন কৰিলত তেওঁ ক'লে – “টকাৰ অভাৱত এতিয়াও পৰা নাই। ইমান দিন ৰাইজৰ টকাকে খালোঁ, এতিয়া বৰুৱাই মাহে এশকৈ দিছে, তাৰেই এক ৰকম চলিছে। আৰু টকাৰ প্ৰয়োজন নাই। পৰাপক্ষত ৰাইজৰ টকাৰ আৰু অপব্যয় নকৰোঁ। যিখিনি খৰছ কৰিলো, তাৰ কথা ভাবিয়েই শান্তি পোৱা নাই। উঃ! সিমানখিনি টকাৰে ৰাইজৰ কিমান কাম হ'লহেঁতেন।”

 গুৱাহাটীত কিছু দিন বিশ্ৰাম লোৱাৰ পিছত চন্দ্ৰনাথ শ্বিলঙলৈ গ'ল, কিন্তু তেওঁৰ ভগ্ন স্বাস্থ্য আৰু ঘূৰি নাহিল, আৰু দুমাহ অশেষ শাৰীৰিক আৰু মানসিক যন্ত্ৰণাত অতিবাহিত কৰিলে। ১৮৪৪ শকৰ ৪ শাওণ ( খ্ৰীষ্টাব্দ ১৯২২, ২০ জুলাই) বুধবাৰৰ দিনা বন্ধু-বান্ধব, পত্নী-পৰিজন পৰিবৃত হৈ, প্ৰত্যেক দেশবাসীক কন্দুৱাই পৰিবাৰক অনাথ কৰি, অসমীয়াৰ আশাৰ মূৰত বাগি কুঠাৰ মাৰি চন্দ্ৰনাথে চিৰকাললৈ চকু মুদিলে, কৰ্মবীৰৰ কৰ্মস্ৰোত বন্ধ হ’ল। এৰি গ'ল এটা তপ্ত নিশ্বাস, এটা অসম্পূৰ্ণ জাতীয় যজ্ঞ, এটা বিৰাট ব্যাকুলতা,এটা স্বদেশ প্ৰাণতাৰ অগ্নি-স্ফুলিঙ্গ। চন্দ্ৰনাথৰ এই মহাভাৰ গ্ৰহণ কৰি মাতৃ-পূজা সম্পূৰ্ণ কৰোঁতা কোনো নেলালে এই মৃতকৰ শান্তি ক'ত? [ ৬৭ ]  তাহানি ৺লম্বোদৰ বৰাৰ বিয়োগত জোনাকীয়ে কৈছিল, “বৰা ডাঙৰীয়াৰ মৃত্যুত আসামে এটা চিন্তা কৰা মূৰ, এখন কথা কোৱা মুখ আৰু এটা কাম কৰা হাত হেৰুৱালে।” আজি চন্দ্ৰনাথৰ সম্পৰ্কেও এই কথা নিৰহ-নিপানীকৈ খাটে। বাস্তৱতে চন্দ্ৰনাথৰ মৃত্যুত আসামৰ ৰাজনৈতিক আকাশ মেঘাচ্ছন্ন হৈ পৰিল, কৰ্মবীৰৰ মহাপ্ৰয়াণত কৰ্মৰ সোঁ‌ত মন্থৰ হৈ আহিল, গোটেই আসাম জুৰি শোকৰ বিননি উঠিল।

 চন্দ্ৰনাথ অসমীয়াৰ বৰ আদৰৰ আছিল; সেই কাৰণেই প্ৰত্যেক জিলাত, প্ৰতি মহকুমাত শোকাকুল জনমণ্ডলীয়ে শোক-সভা পাতি তেওঁৰ গুণ কীৰ্তন কৰিছিল, সন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই তেওঁৰ আত্মাৰ সদগতিৰ নিমিত্তে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। সাহিত্য- সেৱীসকলে কাকতে-পত্ৰই তেওঁৰ জীৱনীৰ আলোচনা কৰি, তেওঁৰ স্মৃতিত কবিতা লিখি শোকাচ্ছ্বাস প্ৰকাশ কৰিছিল। বাতৰি কাকতে এই শোক-সংবাদ সকলোকে বিলাই দি একো টুপি তৰ্পণৰ চকুলো সংগ্ৰহ কৰিছিল।

 চন্দ্ৰনাথ আজি নাই, কিন্তু তেওঁৰ অদৃশ্য শক্তিয়ে চিৰকাল অসমীয়াৰ মাজত কাম কৰি থাকিব, জন্মভূমিৰ নিঃস্বাৰ্থ সেৱকক বাট দেখুৱাই দিব আৰু সদায় অমৰণ-অভগন হৈ অসমীয়াৰ স্মৃতি-পটত বিৰাজ কৰিব।

 
চতুৰ্দশ অধ্যায়
ঘৰুৱা জীৱন আৰু চৰিত্ৰ
 

 চন্দ্ৰনাথৰ ঘৰুৱা জীৱনৰ চমু আভাষ ওপৰত দি অহা হৈছে। নিম্ন প্ৰাইমাৰী পাছ কৰাৰে পৰা চন্দ্ৰনাথৰ ঘৰৰ প্ৰতি প্ৰবল টান অলপ অলপকৈ কমি আহিছিল। পিছত এনে হ'লগৈ যে দীঘলীয়া বন্ধৰ সময়তো তেওঁ দুই-এদিন মাথোন ঘৰত থাকি বাকীখিনি দিন [ ৬৮ ] ইফালে সিফালে ঘূৰি কটাইছিল। ঘৰুৱা সুখৰ নিমিত্তে চন্দ্ৰনাথ তেতিয়াৰে পৰা লালায়িত নাছিল। বৈৱাহিক জীৱনতো তেওঁৰ সেই স্বভাৱ একেদৰেই আছিল।

 যদিও আন কিছুমান ডাঙৰীয়াৰ দৰে চন্দ্ৰনাথে নিজৰ পৰিয়ালটোকে সাবটি ধৰি বাদুলী ওলোমা দিয়া নাছিল, তথাপি পৰিয়ালৰ প্ৰতি তেওঁৰ স্নেহ নাছিল বুলিলে ভুল হ’ব। তেওঁ তেওঁৰ মাক- পিতাকক অন্তৰেৰে সৈতে ভক্তি কৰিছিল, ককাইদেৱেকহঁতক প্ৰাণেৰে সৈতে ভাল পাইছিল, পত্নীৰ প্ৰতিও তেওঁৰ প্ৰেম গাঢ় আছিল। যদিও তেওঁৰ স্নেহৰ ভাগ গোটেই দেশবাসীক বিলাব লগা হোৱাত তেওঁলোক কেতিয়াবা ক্ষুণ্ণ হ’ব লগাত পৰিছিল, তথাপি চন্দ্ৰনাথৰ আন্তৰিক স্নেহ যে স্থিৰ আছিল, তাত সন্দেহ নাই।

 কিন্তু চন্দ্ৰনাথে তেওঁৰ পৰিয়ালৰ লোকসকলক যিমানেই ভাল পাওক, জন্মভূমিৰ প্ৰতি তেওঁৰ ভালপোৱা তাতকৈ বেছি আছিল। মৃত্যু-শয্যাত সন্তানক এৰি যাব পাৰে, পত্নীক ঈশ্বৰৰ হাতত সমৰ্পণ কৰি আঁতৰি থাকিব পাৰে, কিন্তু দেশৰ আৰু দহজনৰ সেৱালৈ তেওঁ পিঠি দিব নোৱাৰে।

 চন্দ্ৰনাথে সংসাৰত তেওঁৰ যুৱতী পত্নী আৰু এটি কন্যা এৰি থৈ যায়, মৃত্যুৰ মাহচেৰেকৰ পাছত তেওঁৰ ভাৰ্যা আৰু এটি কন্যাৰ জননী হৈছে। চন্দ্ৰনাথে এওঁলোকৰ নিমিত্তে কোনো পুঁ‌জি ৰাখি যোৱা নাই। ভৱিষ্যতৰ চিন্তা তেওঁ সমূলি নকৰিছিল নাইবা কৰিবলৈ অৱসৰ নাছিল।

 চন্দ্ৰনাথৰ সাজ-পাৰ আৰু খোৱা-লোৱাত বাহ্যড়ম্বৰ নাছিল; সৰুৰে পৰা অতি সৰলভাৱে জীৱন-যাপন কৰিছিল। এখন ধুতি, এটা বনিয়ন, এটা কামিজ আৰু সময়মতে এটা কোট— এইখিনিয়েই তেওঁৰ সাজ-পাৰ আছিল। বুকু-খোলা কোট তেওঁ কেতিয়াও নিপিন্ধিছিল। ভৰিত প্ৰায়েই চটি জোতা পিন্ধিছিল, কেতিয়াবাহে আন প্ৰকাৰ জোতা ব্যৱহাৰ কৰিছিল। ঘৰত প্ৰায়ে খৰম পিন্ধিছিল। আৰু তাৰ ব্যৱহাৰত এনে অভ্যস্ত হৈছিল যে খৰম পিন্ধিও তেওঁ [ ৬৯ ] শুদা ভৰিৰে লৰাৰ সমানে লৰিব পাৰিছিল। অসহযোগী হোৱাৰ পিছত একেবাৰেই শুদা ভৰিৰে ফুৰিছিল আৰু মূৰত এডোখৰ গেৰুৱা কাপোৰৰ পাগুৰি মাৰিছিল।

 যদিও খোৱা-লোৱাত চন্দ্ৰনাথৰ বিশেষ আড়ম্বৰ নাছিল, তথাপি আগ ডোখৰত কেইবাবাৰো চাহ খাইছিল, বিশেষকৈ একাণপতীয়া হৈ লিখিবলৈ বা পঢ়িবলৈ ধৰিলে তেওঁ‌ ঘনকৈ তামোল আৰু চাহ বিচাৰিছিল। ৰাগীয়াল বস্তুৰ ভিতৰত আনহে নালাগে ধপাত বা চিগাৰেটৰ গোন্ধকো তেওঁ সহিব নোৱাৰিছিল। শেহৰ দুবছৰত তেওঁ তেওঁৰ প্ৰিয় চাহপানীটোপা আৰু তামোলখিনিও এৰি দিছিল।

 পৰোপকাৰ চন্দ্ৰনাথৰ প্ৰধান ব্ৰত। দুখীয়া শিক্ষাৰ্থীক সাহায্য কৰিবলৈ, বিপন্নক উদ্ধাৰ কৰিবলৈ তেওঁ সততে প্ৰাণপণে যত্ন কৰিছিল। নিজে পৰৰ আশ্ৰয়ত থাকিব লগা হওঁতেও তেওঁ বিদ্যোৎসাহী দৰিদ্ৰ ছাত্ৰক যথাসাধ্য সাহায্য কৰিবলৈ পিছ নুহুঁ‌হকিছিল।

 চন্দ্ৰনাথৰ এটা অদ্ভুত স্বভাৱ আছিল— তেওঁ যেতিয়া যি কামত ধৰে, তাত এনেকৈ মূৰ পুতি লাগে যে তেতিয়া আন সকলো কৰ্তব্য পাহৰি যায়। ছাত্ৰ অৱস্থাতো তেওঁ কেতিয়াবা বহুত দিন বাহিৰা কামত লাগি পঢ়া-শুনালৈ পিঠি দিছিল, তাৰ পিছত কেতিয়াবা আকৌ সকলো এৰি পঢ়া-শুনাত এনেকৈ লাগিছিল যে বাকী থকা গোটেইখিনি শিকা নহয় মানে শোৱা-খোৱালৈকো পাহৰি গৈছিল। এই অনিয়মীয়া পৰিশ্ৰম তেওঁৰ মৃত্যুকাল পৰ্যন্ত আছিল।

 চন্দ্ৰনাথৰ স্বাস্থ্য সৰুৰে পৰা সিমান ভাল নাছিল। জ্বৰ-নৰিয়া আৰু মাজে-সময়ে বুকৰ বিষ তেওঁৰ গাত লাগিয়েই আছিল, তাতে তেওঁৰ অনিয়মীয়া স্বভাৱৰ কাৰণে সি মাজে মাজে বৰকৈ বল কৰিবলৈ ছল পাইছিল।

 বন্ধু-বান্ধৱব প্ৰতি চন্দ্ৰনাথৰ অকৃত্ৰিম ভালপোৱা আৰু সৰল বিশ্বাস আছিল। ৰাজহুৱা কামত চন্দ্ৰনাথৰ প্ৰীতি ঘৰুৱা কামতকৈ বহুত গুণে বেছি। শৰীৰৰ অসুস্থতা বা আন কাৰণত কেতিয়াবা ঘৰুৱা [ ৭০ ] কাম পেলাই থোৱাও দেখা গৈছিল, কিন্তু ৰাজহুৱা কাম কৰিবৰ বেলিকা তেওঁৰ দুৰ্বলতা দূৰ হৈছিল, নৰিয়া গাতো শক্তি সঞ্চাৰ হৈছিল। সুস্থ অৱস্থাত দেশৰ কামত, ৰাইজৰ সেৱাত তেওঁৰ ভাগৰ নালাগিছিল, আনকি আহাৰ নিদ্ৰাও মনত নপৰিছিল। কেতিয়াবা তেনে কামত কেইবা দিনলৈকে অবিশ্ৰাম লাগি থকা দেখি দৰ্শকসকলেও আচৰিত মানিছিল।

 চন্দ্ৰনাথৰ নিৰ্ভীকতাও অতুলনীয়। সাহিত্য বা ৰাজনীতি ক্ষেত্ৰত তেওঁ উচিত বুলি ভবা কথা ক'বলৈ কেতিয়াও সঙ্কোচ নকৰিছিল। ওকালতি পাছ কৰাৰ পিছতেই কমিশ্যনাৰ অফিচৰ বেমেজালি আদিৰ তীব্ৰ সমালোচনা কৰি তাক নিয়মৰ তলতীয়া কৰিছিল। আসামৰ নানা ঠাইত ফুৰোঁতে যেতিয়াই তেওঁ কিবা বেমেজালি দেখিছিল তেতিয়াই তাক কৰ্তৃপক্ষ আৰু ৰাইজৰ আগত দাঙি ধৰি প্ৰতিবিধানৰ চেষ্টা কৰিছিল। এনেকৈ কাম কৰোঁতে কোনো ক্ষমতাপন্ন কৰ্মচাৰীৰ কোপ-দৃষ্টিত পৰিব বুলি কেতিয়াও তেওঁ ভয় কৰা নাছিল।

 চন্দ্ৰনাথৰ কাৰ্যাৱলীলৈ ভালকৈ চকু দিলে তেওঁৰ জীৱনৰ আগছোৱাত দুটা বিষয়ত কিঞ্চিৎ দুৰ্বলতাৰ আভাস পোৱা যায়। এটা হৈছে যশোলিপ্সা আৰু আনটো মৌলিকতাৰ অভাৱ। সৰুকালৰে পৰা তেওঁ ৰাইজৰ মঙ্গলৰ নিমিত্তে মন-প্ৰাণ সঁপি দিছিল, কিন্তু সেই বাবে আনে প্ৰশংসা কৰালৈ অপেক্ষা নকৰি তেওঁ নিজেই আত্ম-প্ৰশংসা কৰিবলৈ এৰা নাছিল। তেওঁ কেনেকৈ নিঃস্বাৰ্থভাৱে কাম কৰিছে তাক আনক জনাবলৈ তেওঁৰ যথেষ্ট আগ্ৰহ আছিল। মুঠতে ৰাইজৰ হকে কাম কৰোতে তেওঁ যি স্বাৰ্থত্যাগ কৰিছিল, তাক তেওঁ নিজে বুজি কড়াই-গণ্ডাই হিছাপ ৰাখিছিল আৰু আনক বুজাবলৈকো যত্ন কৰিছিল। অকল সেয়েই নহয় গোটেইখিনি প্ৰশংসাৰ ভাৰ তেওঁ অকলৈ লবলৈ কেতিয়াবা তেওঁৰ সহকৰ্মীসকলৰ নাম ইচ্ছা কৰিয়েই উল্লেখ নকৰিছিল।

 স্কুলত থাকেঁতে দণ্ডিনাথে ব’ৰাগী নামে এটা কবিতা লিখিছিল। [ ৭১ ] তাৰ শেহৰ দুফাঁ‌কি আছিল:

নিপিন্ধো যশৰ মালা নালাগে সুনাম
 যেনে আছো সন্তুষ্ট থাকিম;
ৰোগ-শোক, দুখ-তাপ, অশান্তি-বেজাৰ,
 ভুলি পঞ্চভূতত মিলিম।

 চন্দ্ৰনাথে কবিতাটো পঢ়ি ক'লে, “যি মানুহক নাম বা যশস্যা নালাগে, তাৰ পৰা দেশৰ কাম মুঠেই নহয়। কাৰণ এক প্ৰকাৰৰ নহয়, এক প্ৰকাৰৰ স্বাৰ্থ সকলোৰে থাকিব লাগিব। নহ'লে কাম কৰিব কিয়? কোনোৰ স্বাৰ্থ— ধন-বস্তু গোটাই ল’ৰা-তিৰুতা লৈ সংসাৰ-সুখ উপভোগ কৰাত, কোনো স্বাৰ্থ নাম-যশস্যা লাভ কৰাত। শেহৰ বিধ মানুহেই মহৎ কাম— দেশৰ কাম কৰিব পাৰে। প্ৰথম বিধত যেনেকৈ নীচতা আছে, পিছৰ বিধত তেনেকৈ মহত্ব আছে। পিছৰ বিধো যি নিবিচাৰে, সি সন্ন্যাসী, তাৰ পৰা কোনো কাম আশা কৰিব নোৱাৰি। সেই কাৰণে ময়ো নাম আৰু যশস্যা আৰ্জিবৰ নিমিত্তেই কাম কৰিম, ধন-সম্পত্তিৰ নিমিত্তে নহয়।”

 চন্দ্ৰনাথৰ যুক্তি মিছা নহব পাৰে, কিন্তু কাৰ্যতঃ তেওঁ তাৰ জোখ ঠিক ৰাখিব পৰা নাছিল। নাম আৰু যশস্যাৰ উপযুক্ত কাৰ্য কৰা যে প্ৰশংসনীয় তাক সকলোৱে স্বীকাৰ কৰিব, কিন্তু সেই বুলি কৰ্তাই তেনে ভাব মনত ৰাখি কাৰ্যক্ষেত্ৰত নামিলে সমালোচনাৰ হাত এৰাব নোৱাৰে। সেই কাৰণেই আগডোখৰত এদল মানুহে চন্দ্ৰনাথক সদায় ‘পেট্ৰিয়ট” বুলি জোকাইছিল। কিন্তু “আপুনি বয়স ভৈলে বুদ্ধি হৈবে ভাল” অৰ্থাৎ জীৱনৰ শেহছোৱাত তেনে বৰাই কৰা স্বভাৱ লাহে লাহে প্ৰায় নাইকিয়া হৈছিল। সেই কাৰণেই সেই কামত তেওঁক বিদ্ৰূপ কৰা মানুহৰ সংখ্যাও কমি আহিছিল আৰু আগেয়ে বিদ্ৰূপাৰ্থত দিয়া পেট্ৰিয়ট উপাধিও প্ৰকৃত অৰ্থত ব্যৱহৃত হৈছিল।

 এইখিনিতেই আৰু এটা ঘটনাৰ উল্লেখ কৰিব লগাত পৰিল। চন্দ্ৰনাথ ইংৰাজী স্কুলত থাকোঁতেই কোনোবা এজন ডাঙৰীয়াৰ জীৱন-চৰিত এখন ওলাইছিল। সেই জীৱনীত যি জন গ্ৰন্থকাৰৰ [ ৭২ ] নাম আছিল তেওঁ সেই পুথি ৰচনা কৰিছিল বুলি কোনেও বিশ্বাস নকৰিছিল। সেই ‘গ্ৰন্থকাৰ’জনে অনুগ্ৰহ কৰি কিতাপৰ বকলাত নামটো দি গ্ৰন্থকাৰৰ দায়িত্ব লৈছিল বুলি বিশ্বাস কৰিবলৈ চন্দ্ৰনাথে কাৰণ পাইছিল। এদিন সেই জীৱনীখন লৈ দণ্ডিনাথৰ লগত আলাপ কৰি আনন্দ উপভোগ কৰাৰ লগে লগে ক’লে, “বেছ এটা উপায় ওলাইছে, আমিও এতিয়াই আমাৰ জীৱনীৰ দিহা কৰি থোৱা উচিত। [ তই যদি আগতে মৰ, তেন্তে মৰাৰ আগতে তোৰ মনোমতকৈ জীৱনী এখন লিখি নাইবা কি কি লিখিব লাগিব তাৰ আভাস দি মোক পাঁচশমান টকা দি যাবি আৰু মই যদি আগেয়ে মৰোঁ‌, মই তোক তেনেকৈয়ে দি যাম। নহ'লে, যি ভাষাত নাটক-উপন্যাস লিখিও ছপা খৰছ পোৱা নাযায়, সেই ভাষাত জীৱন-চৰিত ছপাই ধন ভাঙিবলৈ কোন ওলাব? আগেয়ে ধন দি গ'লে গ্ৰাহক নাপালেও, অন্ততঃ মৃতকৰ বংশ-পৰিয়ালকে বিলাই দিব পৰা যাব। তদুপৰি গুণ থাককেই বা নাথাককেই এনেকৈ জীৱনী প্ৰচাৰ কৰিলে তাত আৱশ্যকমতে বহুতে কথা জোৰা দিবলৈ ছল লাগিব।”।]

 দণ্ডিনাথ— হওঁতে হয়, কিন্তু আমাৰ ভিতৰত কোন আগেয়ে মৰিম তাৰতো ঠিক নাই। অন্ততঃ দুয়ো যে আগেয়ে মৰিব নোৱাৰোঁ সেইটো হলে ঠিক বুলি মোৰ অনুমান হয়।

 চন্দ্ৰ— বাৰু সেইটোকে স্থিৰ কৰা হওক। মই উনচল্লিছ বছৰত মৰিম, তই কেতিয়া মৰিবি?

 দণ্ডিনাথ— মই কেই বছৰত মৰিম, এতিয়াও গণনা কৰা নাই, কিন্তু উনপঞ্চাছৰ আগেয়ে হ'লে মৰিবৰ মতলব সমূলি নাই। তইনো উনচল্লিছতে মৰিবলৈ ওলালি কিয়?

 চন্দ্ৰ— কাৰণ আসামৰ অদ্বিতীয় পণ্ডিত আনন্দৰাম বৰুৱা সেই বয়সতে মৰিছিল। সেই কাৰণে উনচল্লিছ বছৰত মৰিলে আন গুণ থাকক বা নাথাকক, বয়সত অন্ততঃ তেওঁৰ সমকক্ষ হ’ম। নিতান্তই যদি তেওঁৰ বয়সত মৰিব নোৱাৰি। তেনেহ'লে ৺লম্বোদৰ বৰাৰ [ ৭৩ ] বয়সত মৰিব পাৰিলেও হয়। ( লম্বোদৰ বৰ ৩২ বছৰ বয়সত মৃত্যু হৈছিল।) পিছে তই উনপঞ্চাছৰ আগেয়ে নমৰ কিয়?

 দণ্ডিনাথ— তাৰ কাৰণ উনপঞ্চাছৰ আগেয়ে উনপঞ্চাসৎ পবন একেলগ হোৱাৰ সম্ভাবনা নাই।

 চন্দ্ৰ— তেনেহ'লে ময়েই আগেয়ে মৰাৰ ঠিক হ’ল। তই মোৰ জীৱনী লিখিব লাগিব, নহ'লে ময়ে লিখি তোক ছপা খৰছেৰে সৈতে দি যাম, তই লিখকৰ ঘৰত নামটো দি ছপাই দিবি।

 যদিও ওপৰৰ কথাখিনিৰ বেছি ভাগ সেই জীৱনীখনৰ সমালোচনা মাথোন, তথাপি তাৰ ভিতৰত আত্মশ্লাঘাৰ আভাস আছে। এই আভাস ইয়াৰ বাহিৰেও বহুতো কথাত পোৱা যায়। তেওঁ প্ৰায়ে নিজক প্ৰসিদ্ধ ডাঙৰ মানুহৰ লগত তুলনা কৰিবলৈ ভাল পাইছিল। সাজ-পাৰত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, সমালোচনাত ৺চন্দ্ৰনাথ বসু, কৰ্ম- জীৱনত আনন্দৰাম বৰুৱা আৰু অলপ বয়সত ডাঙৰ কাম কৰাত পিট চাহাবৰ নাম লবলৈ তেওঁ আগ্ৰহ প্ৰকাশ কৰিছিল। সি যি হওক, এই মহাপুৰুষসকলৰ আৰ্হি মনত ৰখাৰ পৰা তেওঁৰ হানি নহৈ বৰং লাভহে হৈছিল। দৃষ্টান্তস্বৰূপে এটা ঘটনা উল্লেখ কৰা যাওক: চন্দ্ৰনাথ কলিকতালৈ যাওঁতে শ্ৰীযুক্ত লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াক দেখা কৰিবৰ মনেৰে শ্ৰীযুক্ত বেণুধৰ শৰ্মাৰ লগ ল'লে। শৰ্মাই ক'লে, “আপুনি দেখোন বেজবৰুৱা ডাঙৰীয়াৰ লগত সদায় বাক্ যুদ্ধ কৰি আহিছে, এতিয়া আকৌ তেখেতক দেখা কৰিবলৈ যায়নে?”

 চন্দ্ৰনাথে ক'লে, “সাহিত্য-ক্ষেত্ৰৰ লগত দেখা-শুনাৰ কোনো সম্পৰ্ক নাই। তদুপৰি তেখেতৰ ওচৰত মই কৃতজ্ঞ হোৱা উচিত। কাৰণ তেখেতে মোক পিট বুলি বিদ্ৰূপ নকৰা হ'লে, আজি কিজানি মই এটা বেলেগ মানুহ হ'লোঁ‌হেঁতেন আৰু এনেভাৱে তেখেতক দেখা কৰিবলৈ ওলাব নোৱাৰিলোহেঁতেন।”

 ওপৰত চন্দ্ৰনাথৰ মৌলিকতাৰ অভাবৰ কথা কোৱা হৈছে। বাস্তৱতে, উপস্থিত ঘটনাৱলী জুকিয়াই লৈ সম্পূৰ্ণ স্বাধীনভাৱে গৱেষণা কৰা অভ্যাসটো চন্দ্ৰনাথৰ বেছিকৈ নাছিল। তেনে ঘটনাৰ সম্পৰ্কে [ ৭৪ ] কোনো বিখ্যাত মানুহে দিয়া মতৰ সাহায্য লৈহে সাধাৰণতঃ তেওঁ চিন্তা কৰিছিল। তাৰ উপৰিও এবাৰ কোনো এটা কথাত টানকৈ ধৰাৰ পাছত তাত ভুল ওলালেও সহজে এৰিব নুখুজিছিল। যেই সেই বিষয়তে তেওঁ যাক শ্ৰদ্ধা কৰিছিল, তেনে জনৰ কথাত কোনো প্ৰমাণ নিবিচাৰিছিল, কেতিয়াবা কেতিয়াবা তেনে জনৰ সম্পূৰ্ণ মিছা কথাৰ ওপৰতে নিৰ্ভৰ কৰি আন্দোলন উপস্থিত কৰাও দেখা গৈছিল।

 যেনেকৈ ৰাজনীতি-ক্ষেত্ৰত চন্দ্ৰনাথ গুৰিৰে পৰা অসম সাহসী আছিল, সামাজিক ক্ষেত্ৰত তেনে নাছিল। আনকি, কেতিয়াবা কেতিয়াবা তেনে বিষয়ত তেওঁৰ নৈতিক বলৰ অভাবো দেখা গৈছিল। শেহৰ চাৰি বছৰত তেওঁৰ মতৰ পৰিবৰ্তন ঘটিছিল আৰু তেতিয়া কেইবাটাও সামাজিক বিষয়ত নিৰ্ভীকতাৰ পৰিচয় দিছিল।

 চন্দ্ৰনাথৰ আৰু এটা দোষ আছিলঃ তেওঁ নিজৰ প্ৰাধান্য আৰু জাতীয় স্বাৰ্থ ৰক্ষাৰ নিমিত্তে আৱশ্যক হ'লে আওপাকেদি কাৰ্য কৰিবলৈকো সঙ্কোচ নকৰিছিল। কেতিয়াবা কেতিয়াবা তেওঁৰ ভক্তিভাজন কোনো কোনো লোকক তেনেকৈ সাহায্য কৰাৰ দৃষ্টান্তও পোৱা যায়।

 সি যি হওক, চন্দ্ৰনাথৰ ওপৰত কোৱা দোষ তেনে মাৰাত্মক বিধৰ নহয়, আনকি, সাধাৰণ মানুহৰ পক্ষে সি দোষ বুলিয়েই গণ্য নহ’লহেঁতেন। তাৰ উপৰি চন্দ্ৰনাথ গুণী পুৰুষ, তেওঁৰ অসংখ্য গুণাৱলীৰ মাজত সেই দোষ চন্দ্ৰত কলঙ্কৰ দৰে। দোষ এৰি গুণ লব

খোজাসকলে তাৰ পৰাও সুশিক্ষা পাব পাৰে। [ ৭৫ ]
 
পঞ্চদশ অধ্যায়
ধৰ্ম আৰু সমাজ বিষয়ত চন্দ্ৰনাথ
 

 জীৱনৰ আগ ভাগত ধৰ্ম আৰু সমাজৰ বিষয়ে চন্দ্ৰনাথে বিশেষ চিন্তা কৰা নাছিল; সেইবিষয়ে আন্দোলন বা আলোচনা কৰাৰ আৱশ্যকো তেওঁ বিশেষ অনুভৱ কৰা নাছিল। তেওঁৰ এটা ধাৰণা আছিল যে চলিত প্ৰথা যেনেকুৱাই হওক, তাৰ পৰিবৰ্তনৰ চেষ্টা কৰাৰ পৰা মানুহৰ মাজত অনৈক্য ঘটি সমাজ বিশৃঙ্খল হোৱাৰ সম্ভাবনা , সেই কাৰণে কোনো সংস্কাৰৰ আৱশ্যক দেখিলে তাক ভিতৰুৱাভাৱে নিজে পালন কৰি চলিলেই হ’ল, সামাজিকভাৱে তেনে কৰা উচিত নহয়। মুঠতে সামাজিক বিষয়ত তেওঁৰ মত আগ- ছোৱাত ৰাজনৈতিক মতৰ ওলোটা আছিল। ৰাজনীতি ক্ষেত্ৰত যেনেকৈ নিৰ্ভীকতাৰ উদাহৰণ দেখুৱাইছিল, সামাজিক কাৰ্যত তেনেকৈ দুৰ্বলতাও প্ৰকাশ কৰিছিল। জীৱনৰ শেহছোৱাত অৱশ্যে এই ভুল সংশোধন কৰি লৈছিল।

 চন্দ্ৰনাথ কটন কলেজত পঢ়া সময়তে ডাক্তৰ ৱিটাৰ নামেৰে এজন পাদুৰী চাহাবে কলেজৰ হোষ্টলত থকা ছাত্ৰসকলক এটা 'গাৰ্ডেন পাৰ্টি’ দিছিল। হোষ্টলৰ সৰহ ভাগ ছাত্ৰয়েই তালৈ গৈছিল আৰু মুছলমান খানচামাই প্ৰস্তুত কৰা চাহ-পানী বিলাতী পিঠাৰে সৈতে খাইছিল। সেই কাৰণেই তাৰ পিছত সৰস্বতী পূজাৰ সময়ত ছাত্ৰৰ ভিতৰতে দুদল হৈ বাক-বিতণ্ডা লগাইছিল। চন্দ্ৰনাথ ‘গাৰ্ডেন পাৰ্টি'ত খোৱা দলৰ বিৰুদ্ধে উঠিছিল, কিন্তু হোষ্টেলৰ বাহিৰত থকা ছাত্ৰৰো জনদিয়েকে মাথোন তেওঁক সমৰ্থন কৰিছিল। তৰ্ক-বিতৰ্কত এইটোও ওলাল যে 'গাৰ্ডেন পাৰ্টিত’ খোৱাসকলে অকল সেইদিনাই মুছলমানৰ হাতে খোৱা নাই, আগেয়েও খাইছিল। তদুপৰি অকল তেওঁলোকেই নহয়, বিৰুদ্ধবাদী দলেও জমাতুল্লাৰ ‘বন’, ‘কেক’, পাওৰুটি আদি [ ৭৬ ] নোহোৱাকৈ প্ৰায়ে চাহ নাখায়। তেনে স্থলত তেওঁলোকৰ আপত্তিৰ মূল্য কি?

 চন্দ্ৰনাথে ক’লে ‘ভিতৰুৱাকৈ সকলোৱে খাব পাৰে; সেই বুলি প্ৰকাশ্যভাৱে খাবলৈ এৰি দিব নোৱাৰি। তেনে কৰিলে সামাজিক বন্ধন ঢিলা হৈ হিন্দু সমাজৰ অনিষ্ট ঘটিব।'

 বহুতে এই কথাৰ প্ৰতিবাদ কৰি ক'লে ‘আমি প্ৰায় সকলোৱেই দেখা-শুনাকৈয়ে মুছলমানৰ ‘বন’, ‘কেক’, পাওৰুটি খাওঁ‌ , তেনে স্থলত আমিয়েই লগেৰে খালে জগৰটো লাগে কেনেকৈ?'

 চন্দ্ৰনাথে ক'লে, ‘হোষ্টেলতে লগে-ভাগে খালেও আপত্তি নাছিল, তেতিয়াও তাক ভিতৰুৱাভাৱে ল’ব পৰা গ’লহেঁতেন। কিন্তু পাদুৰী চাহাবৰ বাৰীত গোটেই জিলাৰ মানুহে দেখাকৈ আৰু মুছলমান ছাত্ৰসকল লগত থাকোঁ‌তে তেনেকৈ খোৱা নিশ্চয় অন্যায় হৈছে। তাৰ বাবে খোৱাসকল পৰাচিত হ'ব লাগিব; নহ'লে কালিলৈ যদি মুছলমান হোষ্টেলত খাবলৈ মাতে, তেতিয়া কি কৰিব?”

 এই বিষয়ে বহুতো তৰ্ক-বিতৰ্ক হ’ল,কিন্তু চন্দ্ৰনাথৰ ফলীয়া ছাত্ৰৰ সংখ্যা নিচেই কম হোৱাত তেওঁৰ কথা নৰজিল॥

 তাৰ কিছুদিনৰ আগতে জনচেৰেক হিন্দু ছাত্ৰই এজন ব্ৰাহ্মণ- ছাত্ৰৰ লগত খোৱাত হুলস্থুল লাগিছিল। চুপাৰিটেণ্ডেণ্ট বাবু বনমালী বেদান্ততীৰ্থই বিচাৰ কৰি সেই হিন্দু ছাত্ৰসকলক দোষী সাব্যস্ত কৰি তাৰ প্ৰায়শ্চিত্ত স্বৰূপে ব্ৰহ্মপুত্ৰত স্নান কৰি ৰাম নাম লবলৈ ব্যৱস্থা দিছিল। [ অৱশ্যে বিচাৰ চলি থাকোঁ‌তেই কলৰ পানী বন্ধ হোৱাত সকলো ব্ৰহ্মপুত্ৰলৈ যাব লগাত পৰিছিল।] এই ঘটনাৰ পিছত চন্দ্ৰনাথে এদিন কৈছিল, 'যদিও তেওঁ ব্ৰাহ্ম, তথাপি মই ব্যক্তিগত ভাৱে তেওঁৰ সৈতে একেখন কাঁ‌হীতে খাব পাৰোঁ‌, কিন্তু সামাজিকভাৱে একে শাৰীত বা একে ঘৰতো খাব নোৱাৰোঁ। আন কোনোবাই তেনেকৈ খালেও মই তাত আপত্তি কৰিবলৈ বাধ্য হ’ম, নহ'লে সমাজ নাথাকে।'

 সমাজৰ সম্পৰ্কে যে সেই কালত তেওঁ‌ৰ মত কেৰোণে ধৰা আছিল, ওপৰৰ ঘটনা দুটাৰ পৰাই তাক বুজিব পাৰি। [ ৭৭ ]  ধৰ্মৰ সম্বন্ধেও আগ বয়সত তেওঁ‌ সমুলি ভবা নাছিল। আনে ধৰ্মৰ আলোচনা কৰিলেও তেওঁ তাত যোগ দিবলৈ ভাল নাপাইছিল আৰু তেনে কৰাটোক তেওঁৰ সময়ৰ অপব্যয় বুলিহে ভাবিছিল। মাজে সময়ে কৈছিল, 'ধৰ্মৰ কথা আলোচনা কৰি নিজৰ ভিতৰতে খৰিয়াল কৰাৰ প্ৰয়োজন নাই, যি যেনেকৈ চলি আছে চলি থাকক। সজ কাম কৰিব পাৰিলেই দহজনৰ উপকাৰ কৰিলেই ধৰ্ম সিজিব, বিদ্যাসাগৰো তেনে ধাৰ্মিক হে আছিল!'

 বি এ পঢ়াৰ সময়ত তেওঁ স্বামী বিবেকানন্দৰ বক্তৃতাৱলী পঢ়িছিল, এই পুথি পঢ়াৰ পিছত ধৰ্ম আৰু সমাজৰ আলোচনা সম্পৰ্কে তেওঁৰ মতৰ পৰিবৰ্তন ঘটিছিল।

 জীৱনৰ শেহছোৱাত চন্দ্ৰনাথ লাহে লাহে উদাৰ সামাজিক নীতিৰ পক্ষপাতী হৈ আহিছিল। ব্ৰাহ্মণ সভাৰ সম্পাদক হৈ তেওঁ যি নিয়মাৱলী প্ৰকাশ কৰিছিল, আৰু সেই নিয়মবোৰ গঢ়িবলৈ যেনে- ভাৱে যত্ন কৰিছিল তাতেই তেওঁৰ উদাৰতাৰ প্ৰথম চিন পোৱা গৈছিল। অকল সেয়ে নহয়, তেওঁ দিনে দিনে উদাৰ নীতিৰ অধিকতৰ পক্ষপাতী হৈ অহা দেখি কোনো কোনো সঙ্কীৰ্ণমনা নৈষ্ঠিক ব্ৰাহ্মণ তেওঁৰ ওপৰত বৰকৈ অসন্তুষ্ট হৈছিল। আন কি সেইবাবেই তেওঁ সেই সমাজৰ সম্পাদকৰ বাব এৰিবলৈ বাধ্য হৈছিল।

 যেতিয়া পেটেলৰ অসবৰ্ণ বিবাহ বিলৰ আন্দোলন লৈ ভাৰতৰ সকলো ঠাইতে সভা-সমিতি হয়, তেতিয়া গুৱাহাটীতো তেনে সভা পতা হৈছিল। কেইজনমান বিলৰ বিপক্ষ লোকে তেওঁলোকৰ মনোমত পণ্ডিত এজনক সভাপতি পাতি সমৰ্থক দলৰ মুখ বন্ধ কৰিবলৈ তলে তলে আয়োজন কৰিছিল। চন্দ্ৰনাথে তাৰ গম পাই আছিল। যেতিয়া তাকৰীয়া দলে উক্ত পণ্ডিতক সভাপতি পাতিবলৈ প্ৰস্তাৱ কৰিলে, সৰহীয়া দলৰ পৰা চন্দ্ৰনাথেও শ্ৰীযুক্ত তৰুণৰাম ফুকনক সেই বাব লবলৈ অনুৰোধ কৰিলে। তাৰ ফলত বিৰুদ্ধবাদীসকলৰ পৰাজয় হ’ল,সভাই পেটেলৰ বিল সমৰ্থন কৰিলে। চন্দ্ৰনাথে এই বিলৰ সপক্ষে আগ্ৰহেৰে যত্ন কৰিছিল। [ ৭৮ ]  ওকালতি কৰি থকাৰ সময়তে এবাৰ তেজপুৰলৈ আহোঁতে চন্দ্ৰনাথে কেইবাজনো ভদ্ৰলোকৰ আগত কৈছিল, 'মই এতিয়া বুজিছোঁ, বাল্য বিবাহ সকলো অনৰ্থৰ মূল; সেই কাৰণে যদি ঈশ্বৰে মোৰ ছোৱালীটি ভালে ৰাখে, তেনেহ'লে যৌৱন অৱস্থা পোৱাৰ আগেয়ে কেতিয়াও তাইক বিয়া নিদিও, শ্ৰীযুক্ত তৰুণৰাম ফুকন, শ্ৰীযুত কনক চন্দ্ৰ কাব্যতীৰ্থ আৰু মই এই বিষয়ে প্ৰতিজ্ঞা কৰিলোঁ‌ আৰু সকলোকে এই কথা জানিবলৈ দিছোঁ।'

 এজন শ্ৰোতাই ক'লে, “আপোনালোকৰ সঙ্কল্পটো মনতে ৰখাই ভাল আছিল; যদিহে অৱস্থাৰ অনুৰোধত আন প্ৰকাৰ কাৰ্য কৰিব লগা হয়, তেতিয়া ইয়াৰ পৰা লাজ পাব লাগিব। আপোনালোকৰ সঙ্কল্প কাৰ্যত পৰিণত কৰি দেখুওৱাৰ আগলৈকে তাৰ প্ৰচাৰ নকৰাহে ভাল হ’লহেঁতেন।'

 চন্দ্ৰনাথে ক'লে, ‘আমি আকৌ আপুনি কোৱা কাৰণতেই হে তাক প্ৰচাৰ কৰা উচিত বুলি ভাবিছোঁ‌। কিয়নো, তেতিয়া যেনে অৱস্থাতেই পৰোঁ, প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ বাধ্য হ’ম।'

 এইদৰেই চন্দ্ৰনাথ লাহে লাহে সামাজিক উদাৰতাৰ পক্ষপাতী হৈ আহিছিল। অসহযোগ আন্দোলনৰ প্ৰধান পৃষ্ঠপোষক হৈ গাঁৱে- ভূঁ‌য়ে ফুৰোঁতেও সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ গুচাবলৈ চেষ্টা কৰিছিল; মহাত্মাৰ উপদেশ মানি অস্পৃশ্যতা নিবাৰণৰ নিমিত্তে ৰাইজক বুজনি দিছিল। অকালতে কালৰ ভ্ৰুকুটিত নপৰাহ'লে নিশ্চয় তেও লাহে লাহে তাৰ সুফল ধৰালেহেঁতেন।

 
ষোড়ষ অধ্যায়
সাহিত্যত চন্দ্ৰনাথ
 

 যদিও গ্ৰন্থকাৰৰূপে চন্দ্ৰনাথে বিশেষ নাম কৰিব পৰা নাছিল, তথাপি তেওঁ এজন প্ৰকৃত সাহিত্যসেৱী আছিল। আধুনিক অসমীয়া [ ৭৯ ] গ্ৰন্থকাৰৰ এখন কিতাপো তেওঁ পঢ়িবলৈ বাকী থোৱা নাছিল। ইয়াৰ বাহিৰেও প্ৰত্যেকখন আলোচনী আৰু বাতৰি কাকতৰ তেওঁ গ্ৰাহক আছিল আৰু তাত ওলোৱা প্ৰত্যেকটো প্ৰবন্ধকে জাৰি-চালি চাইহে এৰিছিল।

 যদিও চন্দ্ৰনাথে কোনো মৌলিক গ্ৰন্থ ৰচনা কৰা নাছিল, তথাপি তেওঁৰ ৰচনা-ভঙ্গীত মৌলিকতাৰ অভাৱ নাই। তেওঁ‌ৰ প্ৰকাশিত সাহিত্যগ্ৰন্থ মুঠেই তিনিখনঃ বিদ্যাসাগৰ, বছা-ফুল আৰু বছা ফুলৰ কৰণি। প্ৰথমখন গ্ৰন্থ তেওঁৰ আদৰ্শ মহাপুৰুষ ৺ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ চমু জীৱনী। এই ক্ষুদ্ৰ গ্ৰন্থত বিদ্যাসাগৰৰ চৰিত্ৰ যিমানখিনি সম্ভৱ ফুটি উঠিছে। পাতনিখনো মনমোহা হৈছে। কিতাপখন তেওঁ তেওঁৰ সাহিত্যগুৰু ৺লম্বোদৰ বৰাৰ নামত উছৰ্গা কৰিছে। বৰা ডাঙৰীয়াৰ যেনেকৈ মূল গ্ৰন্থতকৈও পাতনিৰ জেউতি চৰা আনন্দৰাম বৰুৱা আৰু শকুন্তলাৰ পাতনিয়েই যেনেকৈ বৰ্তমান অসমীয়া ভাষাৰ সৰ্বোৎকৃষ্ট গদ্য ৰচনা, তেনেকৈ চন্দ্ৰনাথৰো এই পাতনিখন মূল গ্ৰন্থৰ এখাপ ঔপৰত।

 কিতাপখনত “বিদ্যাসাগৰৰ চৰিত্ৰৰ প্ৰধান প্ৰধান গুণবোৰ অৱলম্বন কৰি তেওঁক আদৰ্শ মহাপুৰুষৰূপে দেখুৱাবলৈ চেষ্টা কৰা হৈছে” বুলি লিখকে কৈছে আৰু সেই কাৰ্যত তেওঁ সঁচাকৈয়ে কৃতকাৰ্য হৈছে। কিতাপখন মুঠেই ন দিনত ৰচনা কৰা হৈছিল।

 ‘বছা-ফুল’ আৰু ‘বছা-ফুলৰ কৰণি’ বিদেশী সাহিত্যত পোৰা অমূল্য উপদেশৰাজিৰ সমষ্টি। যাতে ছাত্ৰসকলে অসংখ্য কিতাপ নুলুটিওৱাকৈ এই ক্ষুদ্ৰ কিতাপৰ সাহায্যেৰেই তেওঁলোকৰ চৰিত্ৰৰ সঁজুলি গোটাই ল’ব পাৰে, সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ এই পুথি ৰচনা কৰিছিল। 'বছা-ফুল’ৰ পাতনিত চন্দ্ৰনাথে কৈছেঃ ‘ফুলৰ আদৰ কৰিব সকলোৱে নাজানে, লেখকেও নাজানে। ফুলৰ মালা গাঁথিবলৈ মালিনীৰ প্ৰয়োজন, লেখক মালিনী নহয়। গতিকে বছা-ফুলৰ ফুলবোৰ গোলাপ নে মদাৰ আৰু তাক পিন্ধিব বা ল'ব পৰা হৈছেনে নাই, লেখকে ক'ব নোৱাৰে; তাক পৰস্তে পাঠকৰ [ ৮০ ] পৰাহে তেওঁ জানিব। বিদেশী সাহিত্য ফুলনিত পোৱা এই ফুলবোৰৰ কিছুমান প্ৰথমতে কটন কলেজৰ হাতেলিখা মাহিলী কাকত ‘সেউতী’ৰ সম্পাদকৰ শৰাইত আৰু তাৰ পিছত আলোচনীত পাঠকে দেখা পাইছে। ‘বছা-ফুল’ ঘাইকৈ ছাতৰৰ অৰ্থেহে, গতিকে ই যদি সিবিলাকৰ আদৰ পায় আৰু উপকাৰত আহে (?) তেন্তে লেখক কৃতাৰ্থ হ’ব, আৰু একৰণি বছা ফুল গোটাবলৈ উৎসাহ পাব।

 মুঠতে এই পুথি লিখাত লিখকৰ উদ্দেশ্য সফল হৈছে, ছাত্ৰসকলে একে ঠাইতে ইমানবোৰ বহুমূলীয়া উপদেশ আৰু মহৎ-লোকৰ চমু জীৱনীৰ আভাস পাই নিশ্চয় উপকৃত হ’ব। এই পুথিখনি তেওঁ অসমীয়া ভাষাৰ ওজা প্ৰাতঃস্মৰণীয় হেমচন্দ্ৰ বৰুৱাৰ নামত উছৰ্গা কৰিছিল।

 চন্দ্ৰনাথৰ আটাইকেইখন কিতাপেই গঠনমূলক। প্ৰবন্ধবিলাকৰ ভিতৰত প্ৰথম ছাত্ৰ-সম্মিলনৰ অভ্যৰ্থনা সমিতিৰ অভিভাষণখনিয়েই অতি সুন্দৰ আৰু মৌলিকতাপূৰ্ণ। আন প্ৰবন্ধ মাজে-সময়ে দুই- এটা ওলালেও চন্দ্ৰনাথৰ সৰহভাগ প্ৰবন্ধয়েই সমালোচনামূলক।

 চন্দ্ৰনাথৰ সমালোচনাৰ প্ৰবৃত্তি সৰু কালৰে পৰা আছিল আৰু ৺চন্দ্ৰনাথ বসুৰ দৰে নামজ্বলা সমালোচক হ’বলৈকো আশা ৰাখিছিল। স্কুলৰ ছাত্ৰ অৱস্থাতে শ্ৰীযুক্ত ৰঘুনাথ চৌধাৰীৰ সাদৰীৰ সমালোচনা লিখাৰ কথা ওপৰত কৈ অহা হৈছে। কলেজলৈ গৈয়েই ৰায়চাহেব দীনেশচন্দ্ৰ সেনৰ ‘বঙ্গভাষা আৰু সাহিত্য’ৰ যি সমালোচনা ‘উষা’ত উলিয়াইছিল, সি সঁচাকৈয়ে উটনুৱা বঙালী পণ্ডিতৰ মহাভুলৰ যোগ্য সমালোচনা হৈছিল। যদিও সংস্কৃত, প্ৰাকৃত বা বঙলা ভাষাত ভাল ব্যুৎপত্তি নথকাৰ বাবে, তেওঁ কেইটামান আভিধানিক ভুল কৰিছিল, তথাপি তাৰ পৰা মূল প্ৰবন্ধৰ কোনো ক্ষতি হোৱা নাছিল। সমালোচনা হিছাপে ইয়াৰ যথেষ্ট মূল্য আছে।

 ‘বাঁহী’ৰ সম্পাদকৰ লগত কৰা বাদ-প্ৰতিবাদত সমালোচনা স্বৰূপে যদিও বিশেষত্ব একো নাই, তথাপি তাত তেওঁৰ ‘হেমকোষ’ৰ লগত কেনে পৰিচয় আছিল তাৰ আভাস আছে। ‘বাঁহী’-সম্পাদকে এবাৰ [ ৮১ ] কৈছিল যে কিছুমান পাঠক আছে, তেওঁলোকে এহাতে ‘হেমকোষ’ আৰু এহাতে ‘বাঁহী’ লৈ ‘বাঁহী’ পঢ়িবলৈ যায়, কিন্তু তেখেতে ‘হেমকোষ’ৰ প্ৰভুত্ব মানিলেও “অটৰাৰ গুৰিৰ পৰা কটৰাৰ গুৰিলৈকে অলপো নেৰেঙোৱাকৈ” মিলি যাব নোখোজ। এই কথাৰ উত্তৰত চন্দ্ৰনাথে কৈছিল “হেমকোষ” হাতত লৈ কোনেও ‘বাঁহী’ পঢ়িবলৈ নাযায়, “হেমকোষ” গুলি-পিহি খোৱা মানুহো আসামত আছে।

 বাস্তৱতে চন্দ্ৰনাথে “হেমকোষ”ৰ এনেকৈ আলোচনা কৰিছিল যে শেহত ‘হেমকোষ’ চোৱাৰ আৱশ্যকতা প্ৰায় নোহোৱা হৈছিল। এই ঘটনাৰ পিছত কোনো কোনোৱে তেওঁক ‘হেমকোষ গুলি-পিহি খোৱা’ বুলিও জোকাইছিল।

 আখৰ-যোঁটনিত হেমচন্দ্ৰ বৰুৱা আৰু লম্বোদৰ বৰাৰ নিৰ্দিষ্ট বাটৰ এডালমান চুলিৰ আঁতৰে যাবলৈকো চন্দ্ৰনাথৰ দুৰ্ঘোৰ আপত্তি আছিল আৰু কোনোবা গ'লেও তেওঁ মাতি উঠিছিল। তেওঁলোকৰ ৰচনাৰ ওপৰত কোনোবাই হাত দিলে তেওঁ সহিব নোৱাৰিছিল। ৺লম্বোদৰ বৰাৰ আনন্দৰামৰ পাতনিখন অসমীয়া গদ্য ৰচনাৰ কেনে উৎকৃষ্টতম আৰ্হি তাক সকলোৱে জানে, কিন্তু ‘সাহিত্য-সংগ্ৰহ’ত তাৰ অঙ্গ-ক্ষত কৰা হৈছে। চন্দ্ৰনাথে এই পৰিবৰ্তনত মৰ্মান্তিক বেজাৰ পাইছিল, আৰু আসাম সাহিত্য সম্মিলনৰ তেজপুৰ অধিবেশনত অভ্যৰ্থনা সমিতিৰ সভাপতি স্বৰূপে যি অভিভাষণ পঢ়িছিল, তাত এই পৰিবৰ্তনৰ অতি তীব্ৰ অথচ যুক্তিযুক্ত সমালোচনা কৰি অসমীয়া সাহিত্যৰ গতি নিৰ্দেশ কৰিছিল।

 ভাষা সম্পৰ্কে চন্দ্ৰনাথৰ মত অতি উদাৰ আছিল। পঞ্চম ভাগ ‘উষা’ত প্ৰকাশ হোৱা বৰ্তমান অসমীয়া ভাষা নামৰ তেওঁৰ প্ৰবন্ধটো পঢ়িলেই এই কথাৰ গম পোৱা যায়। এই প্ৰবন্ধটো ১৯১৫ চনতে গুৱাহাটীৰ অ, ভা, উ, সা, সভাত পঢ়িবলৈ লিখা হৈছিল। প্ৰথমতে প্ৰবন্ধটোৰ নাম দিয়া হৈছিল “উজনি আৰু নামনিৰ অসমীয়া ভাষা”। কিন্তু জনচেৰেক সভাৰ মুখিয়াল সভ্যই আপত্তি কৰাত, পঢ়াৰ আগতে তাৰ কিছু পৰিবৰ্তন ঘটাই নতুন নামকৰণ কৰা [ ৮২ ] হ’ল। এই প্ৰবন্ধত তেওঁ কৈছিল “ঘৰুৱা মাত কথাৰে ভাষা পৰিপুষ্ট কৰিবলৈ হলে অসমীয়াৰ ভিতৰত অনৈক্য নুগুচে, কিয়নো পৃথিৱীৰ আন আন ঠাইৰ মানুহৰ দৰে আমাৰ অসমৰো এখন জিলাৰ মানুহৰ ভিতৰত কেইবাবিধৰো বেলেগ মাত-কথা শুনা যায়। নলবাৰী আৰু পলাশবাৰীৰ মানুহৰ মাত-কথা একে নহয়। তাৰ এঠাইৰ মাত-কথা বাদ দিলে সেই মাত কওঁতাসকলে এৰিব কিয়? ‘বাঁহী’-বান্ধৱৰ দলাদলিৰ মূলতো এয়ে নহয়নে?

 অসমীয়া ভাষাৰ ইচ্ছা তেওঁৰ সেৱকসকলে লিখিত ভাষাক কথিত ভাষাৰ পৰা আঁতৰাই উন্নত কৰক, তাক সংস্কৃত আৰু আন ভাষাৰ ভাৱব্যঞ্জক শব্দেৰে চহকী কৰি নানাবিধ বিজ্ঞান, দৰ্শন, বুৰঞ্জী, ৰাজনীতি, সমাজনীতি লিখিবৰ উপযুক্ত কৰক। তেতিয়াহ'লে অসমীয়া ভাষাই উজনি-নামনি সকলো ঠাইৰ অসমীয়া মানুহৰ মন তুষিব পাৰিব।”

 তেওঁ আকৌ কৈছিল— “আমাৰ নিজৰ আৰু পৰৰ ভাষাৰ শব্দ ‘হেমকোষ’ত নাথাকিলেও আৰু সংস্কৃতৰ পৰা ওলোৱা নহ’লেও লিখিলে অসমীয়া ভাষাৰ মঙ্গল হে অমঙ্গল নহয়। তদুপৰি আমাৰ অসমতে, বিশেষকৈ নামনি খণ্ডত কিছুমান এনে সুন্দৰ অৰ্থবাচক আৰু ভাবপূৰ্ণ শব্দ সাহিত্যত ঠাই নোপোৱাকৈ আছে যে তাত সকলো শুদ্ধমনা লোক মুগ্ধ হ’ব। সেইবোৰ শব্দ উদ্ধাৰ কৰি আমাৰ লিখা সাহিত্যত প্ৰচুৰ পৰিমাণে ব্যৱহাৰ নকৰাটো আমাৰ লিখক সকলৰ অন্যায় হৈছে। সোণতৰা, আদৰমালতী, আগুৰাণ, মহৰি, পেঁক, আপা, এইবোৰ শব্দ যে এতিয়াও কিয় আন্ধাৰত পৰি আছে আমি ভাবি নাপাওঁ।”

 ওপৰত টোকাৰ পৰা দেখা যায় তেওঁ কোনো এঠাইৰ মাত- কথাকে লিখিত ভাষা, কৰি আন ঠাইৰ মানুহক সেইটোকে গ্ৰহণ কৰিবলৈ বাধ্য কৰাৰ পক্ষপাতী নাছিল। গোটেই আসামৰ লোকসকলৰ উপযোগী এটা লিখিত ভাষাৰ আৱশ্যকতা তেওঁ বৰকৈ অনুভৱ কৰিছিল। এই আদৰ্শকে লৈয়েই তেওঁ সাহিত্য-সম্মিলন স্থাপনৰ [ ৮৩ ] নিমিত্তে পুনঃ পুনঃ চেষ্টা কৰিছিল, ‘চেতনা’ উলিয়াওতেওঁ এইটোৱেই তেওঁৰ ঘাই লক্ষ্য আছিল। গুৱাহাটীৰ অ, ভা, উ, সা, সভাও চন্দ্ৰনাথৰ ওচৰত ঋণী। যেতিয়া এই সভাৰ নাম প্ৰায় নুমাব লগা হৈছিল তেতিয়া তেওঁ সম্পাদকৰ ভাৰ লৈ তাক নতুন জীৱন দান কৰে। ১৯১৮ চনৰ মাৰ্চৰ পৰা ১৯২০ চনৰ নবেম্বৰ মাহলৈকে এই সভাৰ কাৰ্য তেওঁ সুচাৰুৰূপে সম্পন্ন কৰিছিল।

 চন্দ্ৰনাথ ‘চেতনা’ৰ সম্পাদক হ’লেও তাত বৰকৈ প্ৰবন্ধ লিখা নাছিল। কিন্তু যি দুই-এটা সম্পাদকীয় উক্তি প্ৰকাশ কৰিছিল তাৰ যথেষ্ট মূল্য আছিল।

 ৰাজনৈতিক আন্দোলনত সম্পূৰ্ণৰূপে যোগ দিয়াৰ পৰা চন্দ্ৰনাথৰ সাহিত্য-চৰ্চালৈ অৱসৰ নাছিল, তথাপি তেওঁৰ অন্তৰত সাহিত্য-প্ৰেমৰ অন্তঃস্ৰোত এদিনলৈকো বন্ধ হোৱা নাছিল।

 
সপ্তদশ অধ্যায়
শিক্ষা বিস্তাৰত চন্দ্ৰনাথ
 

 নিজ কষ্টেৰে শিক্ষা লাভ কৰি চন্দ্ৰনাথে সৰু কালৰেপৰা শিক্ষা-প্ৰচাৰৰ মোল বুজিছিল, লগৰীয়া ছাত্ৰক টানে-আপদে পৰাপক্ষত সাহায্য কৰিছিল। কলেজত পঢ়োতে নিজৰ দুৰৱস্থালৈ পাহৰি শিক্ষাৰ প্ৰতি বিশেষ অনুৰাগ থকা ছাত্ৰক সাহায্য কৰিবলৈ তেওঁ সদায় সাজু আছিল।

 বি, এ, পাছ কৰাৰ পিছৰ পৰা মেট্ৰিকুলেশ্যন পৰীক্ষাৰ ফল ওলালেই তেওঁ কোন কোন ভাল ল’ৰা খৰছৰ অভাৱত কলেজলৈ আহিব নোৱাৰে বা আহিও উলটিব লগাত পৰে, তাৰ তালিকা সংগ্ৰহ কৰিছিল আৰু নিজে নোৱাৰিলে আনক ধৰি-মেলিয়েই তেনে ছাত্ৰক সুবিধা কৰি দিবলৈ যত্ন কৰিছিল। ওকালতি পাছ কৰাৰ [ ৮৪ ] পাছত অৱস্থা বুজি তেনেকুৱা কোনো কোনো ছাত্ৰক বিশেষ বৃত্তি দিবৰ নিমিত্তে গবৰ্ণমেণ্টলৈকো লিখালিখি কৰিছিল আৰু কেতিয়াবা কেতিয়াবা তেনে আবেদনৰ ফলো ধৰিছিল।

 তেজপুৰ হাইস্কুলৰ পৰা কেনে ল’ৰা মেট্ৰিকুলেশ্যন দিবলৈ যায় আৰু তেওঁলোকৰ অৱস্থা কেনে তাৰ সংবাদ চন্দ্ৰনাথে পৰীক্ষাৰ আগৰে পৰা ৰাখিছিল, আৰু উপযুক্ত ল’ৰাৰ যাতে শিক্ষা বন্ধ নহয় তাৰ নিমিত্তে যথাসাধ্য চেষ্টা কৰিছিল।

 উত্তৰ গুৱাহাটীত ইংৰাজী স্কুল স্থাপন কৰোঁতে যিসকলে আউনিআটীয়া গোস্বামীৰ পিছত লাগিছিল তাৰ ভিতৰত চন্দ্ৰনাথো আছিল। কটন কলেজত ঠাই নাপাই বহুতো অসমীয়া ছাত্ৰ বিদেশলৈ যাব লগা হোৱাত চন্দ্ৰনাথে এখন দ্বিতীয় শ্ৰেণীৰ কলেজ স্থাপনৰ নিমিত্তে বৰকৈ যত্ন কৰিছিল। এই উদ্দেশ্যে আৰ্থিক সাহায্য বিচাৰি আউনিআটীয়া গোসাঁইৰ গাত বৰকৈ লাগিছিল আৰু বহুত দিনলৈকে তেখেতক পীড়াপীড়ি কৰি ফুৰিছিল, কিন্তু তেওঁৰ সেই চেষ্টাৰ কোনো ফল নহ'ল।

 চন্দ্ৰনাথে নিজে সংস্কৃত নাজানিছিল, কিন্তু সংস্কৃত শিক্ষাৰ আৱশ্যকতা পিছত বৰকৈ অনুভৱ কৰিছিল আৰু নিজে ভালকৈ সংস্কৃত নিশিকাৰ বাবে অনুতাপো কৰিছিল। টোলবিলাকত যি প্ৰণালীত শিক্ষা দিয়া হয়, সি যে বৰ্তমান যুগৰ উপযোগী নহয়, তাক তেওঁ ভালকৈ হৃদয়ঙ্গম কৰিছিল। সেই কাৰণে তাৰ সংস্কাৰ কৰি বৈজ্ঞানিক উপায়েৰে সময়োপযোগীকৈ শিক্ষা দিয়াবলৈ তেওঁ যথেষ্ট চেষ্টা কৰিছিল। এই উদ্দেশ্যেই তেওঁ মুছলমানী শিক্ষাৰ (Mahomedan Education) ইন্সপেক্টৰৰ দৰে সংস্কৃত শিক্ষাৰ নিমিত্তেও ‘প্ৰভিন্সিয়েল চাৰ্ভিছ’ত এজন ইন্সপেক্টৰ হব লাগে বুলি ১৯১৬ চনৰ আসাম এচোচিয়েশ্যনত প্ৰস্তাৱ কৰিছিল, কিন্তু সেইমতে আজিলৈকে কাম নহ'ল।

 প্ৰায় প্ৰতি বছৰেই দৰঙৰ দুখীয়া অথচ ভাল ল’ৰাই ধনৰ অভাৱত পঢ়া বন্ধ কৰিব লগাত পৰিছিল, তাকে দেখি চন্দ্ৰনাথে [ ৮৫ ] দৰং ছাত্ৰ ভঁৰাল নামেৰে এটা ভঁৰাল খুলিবলৈ ইচ্ছা কৰিছিল, কিন্তু নানা কাৰণত কাম হাতত লোৱা নহ'ল।

 চন্দ্ৰনাথে শিক্ষা বিস্তাৰৰ নিমিত্তে নানা উপায় ভাবি খেপিয়াই ফুৰোঁতেই অসহযোগ আন্দোলনৰ ঢৌত পৰি সেই বিষয়ে খামোচ এৰি দিব লগাত পৰে। অসহযোগী হৈ তেওঁৰ পূৰ্বৰ সংস্কল্প এৰি কেনেকৈ জাতীয় বিদ্যালয় স্থাপন কৰিব, তাৰ চেষ্টাত লাগিল। অসহযোগৰ নীতি মতে চৰকাৰী বিদ্যালয়ৰ শিক্ষাত বাধা জন্মোৱা উচিত বুলি ভাবি তেওঁ ছাত্ৰসকলক আঁতৰাই আনিবলৈ যত্ন কৰিছিল। পূৰ্বে যি ছাত্ৰক তেওঁ সাহায্য কৰি স্কুল-কলেজত পঢ়াবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁলোককো শিক্ষা শেষ কৰিবলৈ উপদেশ দিছিল। তেওঁ ভাবিছিল সোনকালে স্বৰাজ লাভ হলে জাতীয় আদৰ্শত শিক্ষা বিস্তাৰ কৰিব, কিন্তু তেওঁৰ সপোন সপোনতে লয় পালে।

 মুঠতে ৰাজনৈতিক আন্দোলনৰ সফলতাৰ আশাৰে যিহকে কৰক দেশত সুশিক্ষাৰ প্ৰচাৰ কৰিবলৈ দুখীয়া বুদ্ধিমান ছাত্ৰক শিক্ষাৰ পোহৰলৈ আনিবলৈ তেওঁৰ একান্ত ধাউতি আছিল আৰু সেই ধাউতি পৰাপক্ষত কাৰ্যত পৰিণত কৰিবলৈ প্ৰাণটাকি যত্ন কৰিছিল। এনে কাৰ্যত তেওঁ জাতি বা বৰ্ণৰ পাৰ্থক্য মনত ৰখা নাছিল।

 
অষ্টাদশ অধ্যায়
ৰাজনীতিত চন্দ্ৰনাথ
 

 যদিও স্বদেশী আন্দোলনৰ সময়ৰে পৰা চন্দ্ৰনাথৰ মূৰত ৰাজনৈতিক আন্দোলনৰ বায়ু অলপ অলপ সোমাইছিল, তথাপি আসাম এচোচিয়েশনৰ সভ্য নোহোৱালৈকে তেওঁ তাত বিশেষভাৱে যোগ দিয়া নাছিল। কিন্তু স্কুলত থকাৰে পৰা তেওঁ ভৱিষ্যতে [ ৮৬ ] ৰাজনীতিক হোৱাৰ আশা ৰাখিছিল আৰু সেইকাৰণেই ৰাজনীতিজ্ঞ পুৰুষসকলৰ বক্তৃতা আৰু জীৱনী পঢ়ি তাৰ নিমিত্তে সম্বল গোটাইছিল। সেই কালত ৰাজনীতিৰ মৰ্ম তেওঁ নুবুজিব পাৰে, কিন্তু দেশৰ হকে কাম কৰিবলৈ, দহ জনৰ নিমিত্তে নিৰ্যাতন ভুগিবলৈ যে তেতিয়াৰে পৰা তেওঁ সাজু হৈছিল, তাত কোনো সন্দেহ নাই। হলিৰাম ঢেকিয়াল ফুকনৰ সাহস, পিয়লী ফুকনৰ নিৰ্ভীকতা তেওঁৰ আকাঙ্ক্ষাৰ বস্তু হৈ পৰিছিল আৰু সেই কাৰণেই ‘জীৱনাদৰ্শ’ পুথিখন ধন দি কিনিবলৈ নাপাই আন উপায়েৰেই সংগ্ৰহ কৰিছিল। অসমীয়া আৰু বঙালীৰ সংঘৰ্ষৰ মাজেদি তেতিয়াই তেওঁ অলপ গ্ৰাম্য ৰাজনীতি অভ্যাস কৰিছিল, ঘাইকৈ ৰায়চাহাব শ্ৰীযুত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ লগত ঘনিষ্ঠতা থকাৰ বাবে তেখেতৰ কাৰ্যকলাপ লক্ষ্য কৰিবলৈকো সূচল পাইছিল।

 কলেজত পঢ়োঁতে তেওঁ কংগ্ৰেছৰ বা-বাতৰি ৰাখিছিল আৰু ভাৰতীয় নেতাসকলৰ কাৰ্য-প্ৰণালীৰ আলোচনা কৰিছিল, লগে লগে ব্যৱস্থাপক সভাৰ গঢ়গতিও পৰ্যবেক্ষণ কৰিছিল। ৰায়বাহাদুৰ ৺ভুবন ৰাম দাস, আৰু মাননীয় মাণিক চন্দ্ৰ বৰুৱাৰ লগত ঘনিষ্ঠতা ৰাখি তেওঁলোকৰ ৰাজনৈতিক মতামতৰো ভাগ লৈছিল।

 আসাম এচোচিয়েশ্যনত যোগ দিয়াৰ পৰা তেওঁ আন সকলো বিষয়লৈ পিঠি দি আনকি, তেওঁৰ অতি প্ৰিয় সাহিত্য-চৰ্চাকো এৰি ঘাইকৈ ৰাজনীতি চৰ্চাতে কাল কটাইছিল। তেতিয়ালৈকে তেওঁ গবৰ্ণমেণ্টৰ সহযোগত দেশৰ কল্যাণ সাধন কৰাৰ সপক্ষেহে আছিল আৰু আৱশ্যক বুজি কেতিয়াবা স্বতন্ত্ৰভাৱে, কেতিয়াবা এচোচিয়েশ্যনৰ জৰিয়তে নানা বেমেজালিৰ কথা গবৰ্ণমেণ্টৰ গোচৰলৈ আনিছিল। নতুন শাসন সংস্কাৰ আসামৰ ভাগত নপৰিলতে তেওঁ আবেদন নিবেদন আৰু প্ৰতিনিধিৰ দ্বাৰা গবৰ্ণমেণ্টৰ সাহায্য লাভ কৰিবলৈ যত্ন কৰিছিল।

 ‘পঞ্জাবৰ হত্যাকাণ্ড’, ৰাওলাট ‘বিল’ আদিয়ে গবৰ্ণমেণ্টৰ প্ৰতি বহুত মানুহৰ আস্থা কমাই দিছিল। তেতিয়াও চন্দ্ৰনাথে গবৰ্ণমেণ্টৰ [ ৮৭ ] ওচৰতে তাৰ সুবিচাৰ বিচৰাৰ বাহিৰে আন কোনো উপায়ৰ কথা ভবা নাছিল। আমোলাতন্ত্ৰৰ শাসনত ভাৰত দিনক দিনে হীনবীৰ্য হৈ আহিছে বুলি তেওঁ বিশ্বাস কৰিছিল আৰু তাৰ প্ৰতিকাৰৰ নিমিত্তে আন্দোলন-আলোচনাৰ আৱশ্যকতাও অনুভৱ কৰিছিল। কিন্তু তেনে আন্দোলন কেনেভাৱে চলোৱা উচিত তাক তেওঁ নিজে স্থিৰ কৰিব পৰা নাছিল। তথাপি সৰ্বসাধাৰণৰ মাজত এটা ৰাজনৈতিক ঢৌ তুলি দিব পাৰিলে সিয়েই সময়ত গুণ দিব বুলি তেওঁ অনুমান কৰিছিল।

 বঙ্গদেশ আদিৰ ৰাজনৈতিক নেতাসকলতকৈ পশ্চিম ভাৰতৰ নেতাসকলক চন্দ্ৰনাথে বিশেষভাৱে শ্ৰদ্ধা কৰিছিল। বঙ্গীয় নেতা- সকলৰ ওপৰত তেওঁৰ সমূলি বিশ্বাস নাছিল, তেওঁলোকক ভাবপ্ৰবণ আৰু ব্যক্তিগত স্বাৰ্থৰ বশ বুলিয়েই তেওঁ ধৰি লৈছিল। নৌৰজী, গোখলে আৰু তিলকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা সৰু কালৰে পৰা আছিল। মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাত বন্দী হোৱাৰে পৰা চন্দ্ৰনাথৰ আদৰ্শ হৈ উঠিছিল; তেতিয়াৰে পৰা তেওঁ মহাত্মাৰ মত নিৰ্বিবাদে গ্ৰহণ কৰিছিল।

 যেই সেই কাৰ্যতে চন্দ্ৰনাথ উগ্ৰ আছিল, ৰাজনীতি ক্ষেত্ৰতো উগ্ৰপন্থী হোৱাৰহে সম্ভাৱনা আছিল। নিজ কাৰ্যোদ্ধাৰৰ নিমিত্তে আগছোৱাত তেওঁ কূটনীতিৰ আশ্ৰয় লবলৈকো বেয়া নাপাইছিল। তেওঁ তেনে কোনো ফন্দীৰ বিৰুদ্ধে ক’লে তেওঁ এনেকৈ উত্তৰ দিছিল : “সঁচা-মিছা উদ্দেশ্য লৈ বিচাৰ কৰিব লাগে। ধৰ এজনী গাভৰু বাধ্য হৈ এখন হাবিৰ মাজেদি যাব লগা হ’ল, গম পাই কেইটামান গুণ্ডাই তাই পিছ ললে। বিপদৰ সম্ভাৱনা দেখি তেতিয়া তাই হাবিত সোমাল আৰু এজন ক্ষীণকায় সন্ন্যাসীক দেখা পাই আশ্ৰয় ভিক্ষা কৰিলে। সন্ন্যাসীয়ে আন উপায় নেদেখি পঁজা এটাৰ চুকত তাইক সুমুৱাই থৈ ধ্যানত বহিল। অলপ পাছতে গুণ্ডাকেইটাই সন্ন্যাসীৰ ওচৰ চাপি তেওঁক সেই গাভৰুৰ কথা সুধিলে। সন্ন্যাসীয়ে দেখিলে সঁচা কথা ক'লে তেওঁ তাইক ৰক্ষা কৰিব নোৱাৰে। অগত্যা [ ৮৮ ] আন এফাললৈ আঙুলিয়াই এইফালেই গ'ল বুলি ক'লে। সেই মতেই গুণ্ডাকেইটা গুচি গ'ল আৰু গাভৰুৱেও ৰক্ষা পালে। এতিয়া মোৰ মতে সন্ন্যাসীৰ মিছা কথা সঁচাতকৈও বহুতো ওপৰত। এনে বিধৰ প্ৰবঞ্চনা বা মিছা কথাত দোষ যি নায়েই বৰং সঁচা কোৱাতকৈও বেছি পুণ্য হয় বুলিহে মই ভাঁবো। ব্যক্তিগত স্বাৰ্থ নাথাকিলে কোনো দোষে ছুব নোৱাৰে।”

 অসহযোগ আন্দোলনত যোগ দিয়াৰে পৰা চন্দ্ৰনাথে মহাত্মাৰ আদেশৰ বাহিৰে আন সকলো পৰিত্যাগ কৰিলে। তেওঁ এনেভাৱে মহাত্মাৰ অনুগামী হৈ পৰিছিল যে কোনোৱে বিদ্ৰূপ কৰি আৰু কোনোৱে প্ৰশংসা কৰি তেওঁক অসমীয়া গান্ধী নাম দিছিল।

 যদিও চন্দ্ৰনাথে মহাত্মাৰ শিষ্যত্ব গ্ৰহণ কৰি তেওঁৰ আদেশ আখৰে আখৰে পালন কৰিছিল, তথাপি স্থায়ীভাৱে সেই নীতি পালন কৰিব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন তাক ডাঠি ক’ব নোৱাৰি। কাৰণ কোনো আন্দোলনৰ মৃদুগতি তেওঁ ভাল নাপাইছিল। তেওঁৰ মতে আন্দোলন বুলিলেই ধান খেৰৰ জুইৰ দৰে ধম ধম কৰে জ্বলাই দিয়া উচিত। হয় সি সকলো দহি নিয়ক, নহয় নিজে নিজে এখন্তেক জ্বলি নুমাই যাওক। সেই দেখিয়েই মহাত্মাৰ কাৰ্য প্ৰণালীৰ পৰিবৰ্তন তেওঁ ভাল নাপাইছিল। যেতিয়া মহাত্মাই অস্পৃশ্যতা নিবাৰণকে তেওঁৰ কাৰ্য তালিকাৰ প্ৰথম শাৰীলৈ তুলিছিল, তেতিয়া চন্দ্ৰনাথ বৰ সন্তুষ্ট হোৱা নাছিল। তথাপি মহাত্মাৰ আইন অমান্যৰ ফলাফললৈ হেঁপাহৰ চকুৰে চাই আছিল। এনেতে চৌৰিছৌৰাৰ হত্যাকাণ্ড সংঘটিত হ’ল। মহাত্মাই তেওঁৰ প্ৰস্তাৱিত কাৰ্য স্থগিত কৰিবলৈ বাধ্য হ’ল। বৰদুলীৰ প্ৰস্তাৱ মতে স্থিৰ হ’ল যে যেতিয়ালৈকে সকলো মানুহক আধ্যাত্মিক আদৰ্শত গঢ়ি তুলিব নোৱাৰি তেতিয়ালৈকে সঙ্ঘবদ্ধভাৱে আইন অমান্য কৰিবলৈ যোৱা বৃথা, সেই কাৰণে তেনে আয়োজন স্থগিত ৰাখি সকলো গঠনমূলক কাৰ্যত লাগি যোৱা উচিত। বৰদুলীৰ সিদ্ধান্তত চন্দ্ৰনাথৰ ধৈৰ্য হেৰাইছিল, আনকি তেওঁ মহাত্মাৰ ওপৰতো কিছু পৰিমাণে [ ৮৯ ] বিশ্বাস হেৰুৱাইছিল। তেতিয়া তেওঁৰ মনৰ গতি কেনে হৈছিল, শ্ৰীযুক্ত দুৰ্গানাথ বৰুৱালৈ লিখা তলৰ চিঠিখনৰ পৰা আভাস পাব পাৰি। এই চিঠি লিখিবৰ সময়ত তেওঁ পুৰীত শয্যাগত হৈ আছিল, চিঠিখন মুখেৰে কৈ আনৰ হতুৱাই লিখাইছিল:

 

 তিলোত্তমাশ্ৰম
স্বৰ্গদ্বাৰ, পুৰী। ( ৰাতি)
 ২২।২।২২।

 

পূজ্যবৰেষু,

 আপোনাৰ চিঠি পালো। আপোনাৰ চিঠিত আৰু গুণাভিৰ মুখে বাবুলৰ ফাটেক হোৱা খবৰ পাইছোঁ। আপোনালোকে বোধ- কৰোঁ সকলোৱে বেজাৰ কৰিছে। ময়ো সেই খবৰ পাই আনন্দ পোৱাৰ পূৰ্বে বৰদুলীত কংগ্ৰেছ কাৰ্যকৰী সভাৰ প্ৰস্তাৱবিলাক পাই স্তম্ভিত হৈছোঁ। অৱশ্যে এই সিদ্ধান্ত আকস্মিক ৰকমে হোৱা নাই। যোৱা নবেম্বৰৰ পৰা মহাত্মা গান্ধীৰ ‘ধৰ্মৰোগ’ (Religious mania) হৈছে। তেতিয়াৰে পৰাই মই কংগ্ৰেছৰ বৰ্তমান কাৰ্য সন্দেহ আৰু ভয়ৰ চকুৰে চাই আহিছোঁ। বৰদুলীৰ প্ৰস্তাৱবিলাকে আমাৰ জাতীয় গ্লানি আৰু অপযশ আনিলে। মহাত্মা গান্ধীয়েও স্বীকাৰ কৰিছে সেই প্ৰস্তাৱবোৰ ৰাজনীতি হিছাপে অজ্ঞতা আৰু যুক্তিহীনতা পৰিচায়ক, কিন্তু ধৰ্মৰ বিবেচনাত যুক্তিযুক্ত (Politically unwise and unsound but religiously sound) ভাৰতৰ জাতীয় মহাসভা ৰাজনৈতিক সভাৰূপে সভ্য জগতৰ ওচৰত পৰিচিত। আৰু এই ৰাজনৈতিক সভা-ক্ষেত্ৰত থিয় হৈ স্বাধীনতা লাভৰ কাৰণে ভাৰতবাসীয়ে উপযুক্ত আৰু ন্যায্যভাবে চেষ্টা কৰিছে বুলিয়েই জগতৰ সভ্য জাতিবিলাকে এই সভাৰ বৰ্তমান কাৰ্যপ্ৰণালী আৰু তাৰ ফললৈ সূক্ষ্মভাৱে লক্ষ্য কৰি আছে। গতিকে এনে এখন জাতীয় [ ৯০ ] মহাসভাই হঠাৎ ‘ৰাজনীতি মতে অযুক্তিকৰ (politically unsound and unwise) কাম এটা কৰি সভ্য জগতত আজি ভাৰতক কি ৰূপে পৰিচিত কৰিব তাক ভাবি চাবলগীয়া।

 কংগ্ৰেছ ধৰ্মসম্বন্ধীয় সভা নহয়, সেই কথা মহাত্মা গান্ধীয়ে ভালকৈ জানে। অথচ ই আজি প্ৰায় দুকুৰি বছৰ ইংৰাজ কৰ্মচাৰীসকলৰ ওচৰত আমাক ডাঙৰ কৰা, আমাক শিক্ষা দিয়া, আমাক সৰহীয়া বেতনৰ চাকৰি দিয়া ইত্যাদি নীচ স্বাৰ্থপৰতাৰ সুৰেৰে কান্দি ইয়াৰ প্ৰকৃত স্বভাৱৰ পৰিচয় দি আহিছে। গতিকে এই কংগ্ৰেছৰ 'আসন খন' মহাত্মা গান্ধীয়ে কেনেকৈ আৰু কি মন্ত্ৰেৰে নিচেই অলপ সময়ৰ ভিতৰতে ধৰ্মৰ বেদী কৰি তুলিব খুজিছে, কব নোৱাৰোঁ। যদি এই অসহযোগ আন্দোলন সম্পূৰ্ণ আধ্যাত্মিক আৰু ধৰ্মবিহিত আন্দোলনেই হয় তেনেহ'লে তেওঁ সেই কথা গুৰিতে প্ৰকাশ কৰা নাছিল কিয়? কলিকতা কংগ্ৰেছত তেওঁ নিজে দাঙি ধৰা অসহযোগ প্ৰস্তাৱ আৰু নাগপুৰ কংগ্ৰেছত শ্ৰীযুত চিত্তৰঞ্জন দাসে কৰা অসহযোগ প্ৰস্তাৱ এহালিচা ঠাই জোৰা হ'লেও তাত ‘ধৰ্মবিহিত' (religious) শব্দটোৰ প্ৰয়োগ হোৱা নাই। নাগপুৰ কংগ্ৰেছত যেতিয়া বহুত বাক্য-যুদ্ধৰ পিছত কংগ্ৰেছত উদ্দেশ্যৰে সংশোধন প্ৰস্তাৱ মহাত্মা গান্ধীয়ে তোলে তাত তেওঁ সকলো বৈধ আৰু শান্তিময় উপায়েৰে ভাৰতবাসীৰ দ্বাৰা স্বৰাজ লাভ’ (attainment of swaraj by the people of India by all legitimate and peaceful means) নুবুলি ‘সকলো ধৰ্মবিহিত আৰু আধ্যাত্মিক উপায়েৰে’ (by all religious and spiritual ways) বোলা নিতান্ত উচিত আছিল, তেতিয়া- হলে কি জানি জাতীয় মহাসভা এই দৰে পথভ্ৰষ্ট আৰু লক্ষ্যভ্ৰষ্ট হ'বলগা নহ'লহেঁতেন। তেওঁৰ বক্তৃতাবোৰৰ কিছুমান কথা বৰ পৰিষ্কাৰ। যেনে— ‘অসহযোগ শুদ্ধিকাৰ্য’, ‘অহিংসাই অসহযোগ’ (Non-cooperation is a process of purification- Non- violence is non-cooperation.)। ভাৰতবাসীক পবিত্ৰ কৰিবলৈ আৰু অহিংসা ধৰ্ম দীক্ষিত কৰিবলৈ ইংৰাজ গবৰ্ণমেণ্টৰ [ ৯১ ] লগত অসহযোগ কৰাৰ কোনো আৱশ্যক নাছিল আৰু তেওঁ এতিয়া ভাৰতবাসীক যি স্বাধীনতা দিব খুজিছে; সেই স্বাধীনতা পাবলৈ গবৰ্ণমেণ্টৰ লগত যুঁজিবৰো একো আৱশ্যক নাছিল। মহাত্মা গান্ধীয়ে নিজে ১৯১৯ চনলৈকে গবৰ্ণমেণ্টৰ লগত সম্পূৰ্ণ সহযোগ কৰি আহিছে, কিন্তু তেওঁ সদায় স্বাধীন, কাৰো অধীন নহয় বুলি মোৰ বিশ্বাস। ময়ো যি দিনাৰে পৰা ছাম্‌লাটো পেলাই মহাত্মাৰ পদধূলি লৈ বাহিৰ হৈছে, সেই দিনাৰ পৰা মই স্বাধীন বুলি সকলে সভা-সমিতিত স্পষ্টকৈ কৈ আহিছোঁ। যি ঈশ্বৰপৰায়ণ, যাৰ খোৱা-পিন্ধাৰ চিন্তা নাই, ল’ৰা তিৰোতাৰ মোহত যি আৱদ্ধ নহয়, ধন-ঐশ্বৰ্য, পদ- গৌৰৱলৈ যাৰ আকাঙ্ক্ষা নাই, যি লোকৰ অনিষ্ট নকৰে কিন্তু ইষ্ট কৰিবলৈ ইচ্ছুক, যাৰ আইন ভঙ্গৰ দণ্ডলৈ ভয় নাই, সেই ভাৰতবাসীয়েই স্বাধীন। মহাত্মা গান্ধীয়ে ভাৰতবাসীকো সেইভাৱেই স্বাধীন কৰিব খোজে। মোৰ মনেৰে এই স্বাধীনতা যুদ্ধখন, আমোলা তন্ত্ৰৰ লগত নাপাতিলেও চলিলহেঁতেন। এই যুদ্ধত নমাই কংগ্ৰেছক ব্যতিব্যস্ত নকৰা হ'লেই ভাল আছিল। ইয়াৰ কাৰণে খিলাফৎ পঞ্জাবৰ হত্যাকাণ্ড আৰু চৰকাৰী ‘কৰ্মচাৰীৰ’ অত্যাচাৰ-উপদ্ৰৱৰ গড়িলা লবৰ একো আৱশ্যক নাছিল। পঞ্জাবৰ মানুহক বুজাবলৈ বিশেষ সুবিধা এই আছিল যে, দিল্লীৰ হত্যাকাণ্ডৰ সময়ত স্বামী শ্ৰদ্ধানন্দ যেতিয়া বন্দুকৰ আগত থিয় হ’ল তেতিয়া শিখ সৈন্যৰ হাতৰ পৰা বন্দুক খহি পৰিল, পঞ্জাবীসকলক ক’লেই হলহেঁতেন যে চোৱাঁ, স্বামী শ্ৰদ্ধানন্দ সন্ন্যাসী, অহিংসা ধৰ্মেৰে তেওঁৰ বুকু বন্ধোৱা, সেই দেখি তেওঁৰ আগত বন্দুক খহি পৰিল, আৰু তোমালোক কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য পৰিপূৰ্ণ মানুহ, সেই বাবে জেনেৰেল ডায়াৰে পাঁচ মিনিটতে তোমালোকৰ ১৪০০ শ মানুহকে যমপুৰীলৈ পঠিয়ালে, সেই দেখি তোমালোক সকলোৱেই চেষ্টা কৰা শ্ৰদ্ধানন্দ হবলৈ। তোমালোক সকলোৱেই যেতিয়া স্বামী শ্ৰদ্ধানন্দ হ’বা, তেতিয়া আৰু “বিপক্ষৰ” গুলিয়ে তোমালোকক নিবিন্ধা হ’ব আৰু তেওঁলোকে তোমালোকক স্বাধীন কৰি দি বিদায় মাগিব। [ ৯২ ]  মুঠতে মহাত্মা গান্ধীয়ে আৰু কংগ্ৰেছৰ কাৰ্যকৰী কমিটিয়ে যি ‘আধ্যাত্মিক আৰু ধৰ্মবিহিত' উপায়েৰে স্বৰাজ লাভ কৰিব খোজে সেই দৰে স্বৰাজ লাভ কৰিবলৈ তেত্ৰিছ কৌটি ভাৰতবাসীক তেত্ৰিছ কোটি বছৰ লাগিব।

  মই যোৱা পাঁচ-ছয় বছৰ মহাত্মাৰ কাৰ্য আৰু উপদেশ অনুসৰণ কৰি আহিছোঁ‌; তেখেতৰ প্ৰতি শ্ৰদ্ধা-ভক্তিত মই কাৰো পিছ পৰা নহওঁ। এতিয়াও ভগৱানে বৰ্তমান কাৰাবাসৰ পৰা মুক্তি দিলে ব্যক্তিগতভাৱে তেখেতৰ কাৰ্য আৰু হুকুম মানি চলিব পাৰিম। কিন্তু কোনো দেশৰ বা ঠাইৰ প্ৰতিনিধি স্বৰূপে মই কেতিয়াও তেখেতৰ বৰ্তমান প্ৰস্তাৱবোৰ সমৰ্থন কৰিব নোৱাৰোঁ‌। আৰু কাম কৰিব পৰা অৱস্থাত থকা হলে এই সম্বন্ধে অসমৰ হৈ মই মাত মাতিলোঁ‌হেঁতেন। এতিয়া এই মত মই ব্যক্তিগতভাৱেহে প্ৰকাশ কৰিছোঁ‌।

 বাবুলৰ (শ্ৰীযুত শিশিৰ কুমাৰ বৰুৱা) ফাটেকত মোৰ আনন্দও নাই, বেজাৰো নাই। বোধ কৰো তেওঁ ‘এ’ শ্ৰেণীৰ ফাটেকিয়ালৰ ('A' Class Prisoner) ভিতৰত পৰিব। তেতিয়াহ'লে ঘৰৰ পৰা আহাৰ-পাতি, কাপোৰ-কানি, কিনি দিব পাৰিব। মোৰ মনেৰে তেওঁক যদি গুৱাহাটীতে ৰখা হয়, ঘৰৰ পৰা আহাৰ দিয়া আৰু তেওঁ খোৱা উচিত। বৰদুলীৰ প্ৰস্তাৱৰ পিছত দেশৰ বৰ্তমান অৱস্থা আৰু আন্ধাৰ ভৱিষ্যৎ অতি দকৈ ভাবি চাই মই এই কথা কৈছোঁ‌। আপুনি তেওঁক দেখা কৰি ক'লে খাবলৈ ৰাজী হ’ব পাৰে।

 গুৱাহাটীত যদি কংগ্ৰেছ কাগজখন এতিয়াও ওলাই আছে, তেন্তে এই চিঠিৰ এটা ‘নকল’ (Copy) তাত প্ৰকাশ কৰিবলৈ। দিব পাৰে। মোৰ গা আজি দুদিন বৰ বেয়া, জ্বৰ ১০০ৰ কম হোৱাই নাই, ভৰি ফুলা আৰু বিষ আজি বৰকৈ বাঢ়িছে। খোজ দিব নোৱাৰি। আপোনাৰ গা বেয়া বুলি লিখি আছে; তাৰ লগত মন বেয়া নকৰিব। আশা কৰোঁ, সোনকালেই ঈশ্বৰে চকু মেলি চাব। সোণহঁতৰ খবৰ আজি পাম বুলি ভাবিছিলোঁ‌। [ ৯৩ ] বোধ কৰোঁ কাইলৈ পাম। আইৰ গা কেনে আছে লেখিব। ইতি

 

সেৱক

শ্ৰী চন্দ্ৰনাথ

 

 ওপৰৰ চিঠিখনত চন্দ্ৰনাথৰ ৰাজনৈতিক মতামতৰ আভাস পোৱা যায়। কিন্তু সেই মতামত কেনে আৰু তেওঁৰ কাৰ্য-প্ৰণালীয়েই বা কেনে, তাৰ মীমাংসা কৰাৰ ভাৰ আমাৰ ওপৰত নহয়, ৰাজনীতিক সকলে তাৰ আলোচনা কৰি থাকক। আমি মাথোন ইয়াকে ক’ব পাৰোঁ যে বৰ্তমান আসামত যি ৰাজনৈতিক আন্দোলনৰ সোঁ‌ত বোৱা দেখা যায়, সি ভালেই হওক বা বেয়াই হওক, ঘাইকৈ চন্দ্ৰনাথৰ প্ৰাণান্তক পৰিশ্ৰম আৰু অক্লান্ত দেশ-সেৱাৰ ফল।

 
উনবিংশ অধ্যায়
চন্দ্ৰনাথৰ বিশেষত্ব
 

 চন্দ্ৰনাথ একেলগে সাহিত্যিক, ৰাজনৈতিক, শিক্ষা আৰু সাম্য প্ৰচাৰক। তেওঁ নিজে দৰিদ্ৰ হৈও সততে দুখীয়াৰ দুখ দূৰ কৰিবলৈ যত্ন কৰিছিল। সুকীয়া হিছাপে ধৰিলে প্ৰত্যেকটো বিষয়তে তেওঁৰ সমনীয়া আৰু তেওঁতকৈও ডাঙৰ কৰ্মী বহুত ওলাব, কিন্তু একে জন মানুহতে একেলগে ইমানবোৰ গুণ সচৰাচৰ অসমীয়াৰ মাজত পোৱা নাযায়। তথাপি এইবোৰ কাৰ্যত তেওঁৰ বিশেষত্ব পোনপটিয়ে বৰ বেছি বুলি ক’ব নোৱাৰি। তেওঁৰ প্ৰধান বিশেষত্ব হৈছে মূৰ পুতি কাম কৰাত। লেজুত ধৰি বল নিদিয়া অভ্যাস তেওঁৰ জীৱনত কেতিয়াও নাছিল। অৱস্থা যেনে প্ৰতিকূলেই হওক, তেওঁ যি কাম। এবাৰ কৰিম বুলি আগবাঢ়ে তাক নকৰাকৈ কেতিয়াও নেৰে। ইচ্ছাশক্তি আৰু অজেয় মনোবল তেওঁৰ প্ৰধান অস্ত্ৰ আছিল। [ ৯৪ ] ৰাজহুৱা কামৰ বেলিকা তেওঁৰ শক্তি দহ গুণ বাঢ়িছিল। বাস্তৱতে অসমীয়াৰ ভিতৰত ৰাইজৰ কামত প্ৰাণপাত কৰিবলৈ যদি কোনোবা সদায় সাজু আছিল, দহজনৰ মঙ্গলৰ নিমিত্তে নিজৰ অমঙ্গল মাতি আনিবলৈ যদি কোনোবা আগ বাঢ়িছিল, তেনেহলে তেওঁ চন্দ্ৰনাথ। সেই মূৰ্ছাৰোগগ্ৰস্ত পুনঃ পুনঃ সংজ্ঞা-বিলুপ্তা চন্দ্ৰনাথৰ পত্নীৰ কাতৰ দৃষ্টি আৰু পীড়িতা শিশুকন্যাৰ ৰোগ-শয্যা দেখি চন্দ্ৰনাথৰ দীঘল হুমুনিয়াহ ওলাব পাৰে, কিন্তু দেশৰ কাম,— ৰাইজৰ কাম বন্ধ থাকিব নোৱাৰে।

 চন্দ্ৰনাথে নিজে পাটীত পৰি ছটফটাব লাগিছে, ডাক্তৰে নাড়ী চাই ঔষধৰ ব্যৱস্থা কৰিছে, বন্ধু-বান্ধবে শুশ্ৰূষা কৰিছে, হঠাৎ দেশৰ আহ্বান আহিল, আৰু কি চন্দ্ৰনাথ পাটীত পৰি থাকিব পাৰে! যায় প্ৰাণ যাওক, কিন্তু জাতীয় যজ্ঞ পণ্ড হব নোৱাৰে। চন্দ্ৰনাথৰ নতুন শক্তি আহিল, কাৰ্য শেষ নহয় মানে ৰোগেও পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। আকৌ হাত-মুখ ধুই চন্দ্ৰনাথ খাবলৈ বহিছে, আগত ভাত বাঢ়ি দিয়া হৈছে, হঠাৎ বাতৰি আহিল – কোনো এঠাইত তেওঁৰ উপস্থিতিৰ একান্ত আৱশ্যক, মুহূৰ্ততে চন্দ্ৰনাথ বাহিৰ হ’ল, বঢ়া ভাত বঢ়াতে থাকিল। এয়েই চন্দ্ৰনাথৰ বিশেষত্ব। দেশৰ মঙ্গলৰ বাবে অবিশ্ৰাম কাম কৰিলেও তেওঁক এলাহ বা ভাগৰে ছুব নোৱাৰে, আহাৰ বা নিদ্ৰাৰ অভাৱে কাতৰ কৰিব নোৱাৰে। চন্দ্ৰনাথৰ সঙ্কল্প আছিল— কাম কৰাঁ‌, কাম কৰাঁ, সমস্ত দেশৰে সৈতে তোমাৰ সত্তা এক কৰি কাম কৰাঁ। কাম শেষ নহয় মানে বিশ্ৰাম ল’ব নোৱাৰাঁ‌, নিজৰ ল'ৰা-তিৰুতা, ঘৰ-দুৱাৰৰ কথা ভাবিব নোৱাৰাঁ, ক্লান্ত হৈ শয্যা গ্ৰহণ কৰিব নোৱাৰা। তোমাৰ কৰ্তব্য শেষ কৰি বিশ্ৰাম ল’বা; কাম নৌ শেষ হওঁতেই যদি মৃত্যু ঘটে, সিও ভাল, তথাপি আধা কৰাকৈ এৰিব নোৱাৰা। চন্দ্ৰনাথৰ এনে কৰ্মনিষ্ঠাই আনকি, সেই সময়ৰ তেজপুৰৰ পুলিচ চুপাৰিন্টেণ্ডেণ্ট চাহাবকো মুগ্ধ কৰিছিল। এতিয়াও তেওঁ অসমীয়াক চন্দ্ৰনাথৰ স্মৃতি ৰক্ষাৰ উদগনি দিবলৈ এৰা নাই। [ ৯৫ ]  চন্দ্ৰনাথৰ দৰে অক্লান্ত কৰ্মী আসামত নাছিল, নাই আৰু নহব। মুঠেই চাৰে বত্ৰিশ বছৰ জীৱিত থাকি চন্দ্ৰনাথে যিমানখিনি কাম কৰি গ'ল, দীৰ্ঘজীৱন লাভ কৰিও সিমান কাম কৰা বহুতৰ পক্ষে অসম্ভৱ হ’লহেঁতেন। এই বিষয়ত উনত্ৰিশ বছৰীয়া লম্বোদৰ বৰাৰ লগত মাথোন চন্দ্ৰনাথৰ তুলনা হয়।

 মুঠতে চন্দ্ৰনাথক কৰ্মসমষ্টি বা মূৰ্তিমান কৰ্ম বুলি ক'ব পাৰি। এনে কৰ্মবীৰৰ বিয়োগত আজি অসম জননী বিষাদমলিনা হৈছে, সহস্ৰ কণ্ঠৰ পৰা বিষাদৰ ৰাগিণী উঠি অসম আকাশ কালিমাময় কৰিছে, বন্ধু হৃদয়ৰ ছিন্ন তন্ত্ৰীত কৰুণ ৰাগিণী ধ্বনিত হৈছে।

চন্দ্ৰনাথে কাৰ্যতঃ দেখুৱালেঃ

ধনানি জীৱিতঞ্চৈৱ পৰাৰ্থে প্ৰাজ্ঞ উৎসৃজেৎ।
সন্নিমিত্তে বৰং ত্যাগো বিনাশে নিয়তে সতি॥

 
[ ৯৬ ]

ওপৰঞ্চি

 গ্ৰন্থকাৰলৈ চন্দ্ৰনাথে লিখা খনচৰেক চিঠিৰ টোকা।

(ক)

 দুখীয়া ছাত্ৰৰ শিক্ষাৰ সম্পৰ্কেঃ⸺
৯।১১।১৭

(১)

 শ্ৰীমান বাপাৰামৰ বিষয়ে তোমালোকেই কিবাকিবি কৰিব পাৰিবা আৰু কৰিবা বুলি ভাবিছোঁ। ইতিপূৰ্বে কিবাকিবি সংকেত দি লোচনলৈ (শ্ৰীযুত লোচন চন্দ্ৰ বৰুৱা) লেখিছোঁ আজি শ্ৰীযুত মহাদেৱ দাদালৈ লিখিছোঁ। মোৰ পৰা হ’ব পৰা কামৰ ভিতৰত এইটোকে মই আশা দিব পাৰোঁ অৰ্থাৎ মই যদি কলিকতালৈ যাব পাৰোঁ,— অৱশ্যে ফেব্ৰুৱাৰিৰ আগেয়ে কেতিয়াও নোৱাৰোঁ— আৰু তেতিয়া যদি মহাত্মা ভোলা বৰুৱাক তাত লগ পাওঁ, তেন্তে তেওঁৰ পৰা বাপাৰামৰ মাহিলি সহায় টকা- চেৰেক আদায় নকৰাকৈ মই নেৰোঁ। বি বৰুৱা চাহাবৰ লগত মোৰ অলপ পৰিচয় আছে আৰু তুমি জানা এনে কাৰ্যত মোৰ চেষ্টা এতিয়ালৈকে বিফল হোৱা নাই। মোৰ পৰা এয়ে হ’ব পাৰে। এতিয়া তোমালোকে তেওঁক মাহে ৭্‌ টকা বৰঙণিৰ দিহা কৰি কলেজলৈ পঠাব পাৰিলে ভাল। তেওঁ পঢ়িব নোৱাৰিলে মই যে কিমান কষ্ট পাম তাক কি কম। হোষ্টেলত অতি টানি মানি চলিলে ২২্‌ টকাত হ’ব। ভৰ্তি হওঁতে হোষ্টেলত এমাহৰ খোৰাকিৰে সৈতে ধৰি ৪৬্‌ টকা লাগিব। বৃত্তি ৪ মাহৰ পাবনে ছমাহৰ পাব ঠিক হোৱা নাই, সেই কথা মই গুৰিলৈ⸻ হোষ্টেল ১৪ তাৰিখেহে খুলিব, গতিকে ১৩ তাৰিখে⸻ হোষ্টেলত থকা ল’ৰা অহা উচিত। শ্ৰীমান কুমদ আগধৰিও আহিব পাৰে। তুমি বাপাৰাম আৰু কুমদক এইবোৰ কথা ক’বা বুলি আশা ৰাখিলোঁ।

(২)

 ধৰণীধৰ ভূঞা এতিয়ালৈকে অহা নাই, নাহেনেকি? কিয় নাহে? আহিলে ভাল আছিল। অমাৰ তেজপুৰৰ শ্ৰীমান প্ৰমদাভিৰাম দাস আৰু শ্ৰীযুত কমলা ভট্টাচাৰ্যৰ ভায়েকৰ পুতেকো এইবাৰ পাছ কৰি কলেজত ভৰ্তি হৈছে।

 বাপাৰামৰ এটা দিহা লগাই দিছে। অনাৰেবোল এম, চি বৰুৱাৰ জোঁৱায়েক শ্ৰীযুত কালিৰাম বৰুৱা মৌজাদাৰৰ ঘৰত [ ৯৭ ] থাকি পঢ়িব। মৌজাদাৰে খোৱা খৰচটো দিব আৰু বাপাৰামে তেওঁৰ ল’ৰা দুটাৰ তত্ত্বাৱধান ল’ব। কথাটো বেয়া হ’লনে বাৰু? অৱশ্যে মোৰ খাটিৰ এৰাব নোৱাৰিহে কালিৰাম বৰুৱাই গাত লৈছে। কুমুদক সম্প্ৰতি হোষ্টেলতে থৈছোঁ।

(খ)

  বন্ধু প্ৰীতিৰ নমুনাঃ⸺
Gauhati,
3-9-17.

My dear Dandi,

 I met Sj. Ratna (Ratnakanta Barkakati) who gave —— the depressing news of your continued illness, —— could have given me more pain to know that ———suffering from rheumatic pain. I am very anxious for it. Please let me know how you are at the present moment. I have asked Gopali (Captain Hem Chandra Barua M.B.) who has gone to Jorhat x x to come down to Tezpur and to see you.

 If you are still laid up and your illness is not of an easy nature we must see our way to get you down at Calcutta for treatment. I write all these on the strenght of the information given me by Sj. Ratna Barkakati; I hope, however, to hear that you are cured of all these. Please keep me informed from time to time.

* * *

Gauhati,
18-3-17

(গ) নানা বিষয়ক

My dear Dandi,

 It is a pity that you do not think it worth your while to write to me now and then. I have taken two months’ leave to travel in upper Assam and [ ৯৮ ] Goalpara and to stay some days at home. I have a wish to travel through all the important places of | this valley with several objects:⸺ the organisation of the said Literary conference and realisation of subscription for M.C. Barua Memorial are main. I had to leave this place ten days. before this, had not our venerable Rai Bahadur (i. e. Rai Bhuban Ram Das Bahadur ) fallen seriously ill. and had I not to attend him leaving all other things behind.

* * *

Back from Upper Assam, I shall pass a few days at Tezpur when I shall thurst the question of starting a Darrang student's Fund. I hope you are breathing a literary breath daily.
Yours sjcncerely,
Chandranath.

শ্ৰীযুত লোচনচন্দ্ৰ বৰুৱালৈ চন্দ্ৰনাথে লিখা এখন চিঠিৰ টোকা মিজিকাজান।
৭।৫।২০

* * *

মোৰ Honest আৰু Sincere opinion এই যে ৰিফৰ্ম কাউন্সিললৈ যাব নোৱাৰিলে সমগ্ৰ অসমৰ বিশেষকৈ, কৃষক সম্প্ৰদায়ৰ ক্ষতি হ’ব।

* * *

 ১২ তাৰিখৰ সভাত মই উপস্থিত থাকিব নোৱাৰিম। Foreign Settlers বিলাকৰ সম্বন্ধে গৱৰ্ণমেন্টে যি হয় এটা কৰিব লাগে, নহ'লে দেশৰ বৰ দুৰ্দিন আৰু দুৰ্দশা হ’ব, আমাৰ জাতীয়তা নাথাকিব আৰু চীফ কমিশ্যনাৰৰ Recall সম্বন্ধে আলোচনা কৰিবলৈ Extraordinary general meeting অৰ অৱশ্যক। খাগৰাবাৰী ফাৰ্মৰ সম্বন্ধে যি সকল বিষয়াই তলে তলে চাহাব কোম্পানিৰ লগত contract কৰি প্ৰজাৰ ইমানবোৰ টকা খৰচ কৰিলে তাৰ বাবে কোন দায়ী, সেই বিষয়ে সুধিব লাগে।
আশীৰ্বাদক
শ্ৰীচন্দ্ৰনাথ

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )