পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
কৰ্মবীৰ চন্দ্ৰনাথ


প্ৰাইভেট টিউটৰ (Private tutor) পাবা।”

 বৰুৱা ডাঙৰীয়াৰ উপদেশ মতে দুয়ো প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে, কিন্তু চন্দ্ৰনাথে ‘বন্তি’লৈহে প্ৰৱন্ধ পঠাইছিল। উষাত ওলোৱা তেওঁৰ প্ৰবন্ধবিলাকৰ ভিতৰত অকল ‘আনন্দৰাম বৰুৱা আৰু বঙলা ভাষা’ হে স্কুলত থাকোঁতে লিখা।

 ‘বন্তি’ত ওলোৱা প্ৰবন্ধৰ ভিতৰত বিশেষ উল্লেখযোগ্য— শ্ৰীযুক্ত ৰঘুনাথ চৌধাৰীৰ 'সাদৰী'ৰ সমালোচনাটো। স্কুলীয়া ছাত্ৰৰ কাপৰ পৰা এনে সুন্দৰ সমালোচনা ওলোৱাটো নিশ্চয় গৌৰৱৰ বিষয়।

 সেই কালত চন্দ্ৰনাথে শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ উপদেশ নোলোৱাকৈ কোনো সামান্য কামতো হাত নিদিছিল, আৰু তেখেতৰ প্ৰত্যেক কথাকে বেদ-বাক্যতকৈও বেছিকৈ মানিছিল। বৰুৱা ডাঙৰীয়াৰ লগত চন্দ্ৰনাথৰ প্ৰায় দিনৌ সাক্ষাৎ হৈছিল আৰু সেই বাবেই তেখেতৰ উপদেশ লবলৈ সুযোগ পাইছিল।

 চন্দ্ৰনাথৰ সাহিত্য গুৰু আছিল লম্বোদৰ বৰা। বৰা ডাঙৰীয়াৰ আনন্দৰামৰ পাতনিখন তেওঁৰ প্ৰায় মুখস্থ আছিল, আৰু তেওঁ সততে সেই আদৰ্শত ৰচনা কৰিবলৈ চেষ্টা কৰিছিল। ইংৰাজী স্কুলৰ প্ৰথম শ্ৰেণীত পঢ়োতে তেওঁ বৰা ডাঙৰীয়াৰ 'অসমীয়া ভাষাৰ আখৰ জোঁটনি’ নামক প্ৰবন্ধবিলাক পুৰণি ‘জোনাকী’ৰ পৰা লৈ কিতাপৰ আকাৰেৰে উলিয়াবলৈ যুগুত কৰিছিল, কিন্তু অৰ্থাভাবত সেই কাৰ্য হৈ নুঠিল। বৰা ডাঙৰীয়াৰ বিষয়ে কি জানি কিবা নতুন তথ্য আৰু অপ্ৰকাশিত গ্ৰন্থ বা প্ৰবন্ধ পোৱা যায় বুলি চন্দ্ৰনাথ বৰা ডাঙৰীয়াৰ গহপুৰৰ ঘাই ঘৰো পাই আহিল, কিন্তু তেওঁৰ উদ্দেশ্য সিদ্ধি নহ’ল।

 তৃতীয় বছৰৰ ‘উষা’ত স্বৰ্গীয় হৰিবিলাস আগৰৱালা ডাঙৰীয়াই লিখা বৰা ডাঙৰীয়াৰ এটি চমু জীৱন-চৰিত চিত্ৰেৰে সৈতে ওলাইছিল। ‘উষা’ৰ চিত্ৰ-সূচীত আছে- সেই চিত্ৰৰ দাতা শ্ৰীযুত পৰমানন্দ আগৰৱালা, এজন ছাত্ৰ আৰু সম্পাদক। এই ছাত্ৰজন আন কোনো নহয়,—চন্দ্ৰনাথ। হাতত ধন থকাহ’লে যে তেওঁ সম্পূৰ্ণ