পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
কৰ্মবীৰ চন্দ্ৰনাথ

যায়। যাওঁতে বাটতে তেওঁৰ জ্বৰ হয়। চন্দ্ৰনাথৰ লগৰীয়াসকলে তেওঁক কলিকতাৰ পৰাই উলটি আহিবলৈ উপদেশ দিছিল, কিন্তু তেওঁ নুশুনিলে। বোম্বাইত কংগ্ৰেছ কমিটিত যোগ দিয়াৰ লগে লগে চন্দ্ৰনাথ আৰু তেওঁৰ সহযাত্ৰীসকল মহাত্মাক আসামলৈ আনিবলৈ উঠি পৰি লাগিল। সেই সময়ত মহাত্মাক নিবলৈ সকলো প্ৰদেশৰ মানুহেই চেষ্টা কৰিছিল, কিয়নো হাজাৰ বক্তৃতাৰে যিটো কথা বুজাব নোৱাৰি, একমাত্ৰ মহাত্মাৰ আগমনেই তাক সকলোৰে মনত দকৈ সুমুৱাই দিব পাৰিছিল। যি সকল বিৰুদ্ধবাদী আছিল, তেওঁলোকো তেখেতৰ সন্মুখত নতজানু হবলৈ বাধ্য হৈছিল। সেই কাৰণেই আসামৰ নেতাসকল মহাত্মাক আনিবলৈ নেৰানেপেৰাকৈ লাগিল, মহাত্মাও আহিবলৈ মান্তি হ'ল।

 ১৯২১ চনৰ ১৮ আগষ্টৰ দিনা মহাত্মা গান্ধীয়ে শ্ৰীযুক্ত বাজাজ, মৌলানা মহম্মদ আলি, আৰু তেখেতৰ পত্নীৰে সৈতে হাজাৰ হাজাৰ মানুহৰ আন্তৰিক শ্ৰদ্ধা-প্ৰীতি আৰু আকাশ কঁপোৱা জয়ধ্বনিৰ মাজত গুৱাহাটীত পদাৰ্পণ কৰিলে। বোম্বাইত থাকোঁ‌তেই চন্দ্ৰনাথৰ জ্বৰ বেছি হৈছিল, এতিয়া সেই জ্বৰৰ গাৰেই মহাত্মাৰ পিছত ঘূৰিবলৈ ললে।

 গুৱাহাটীত দুদিন থাকি মহাত্মা তেজপুৰলৈ আহিল, চন্দ্ৰনাথ আৰু শ্ৰীযুক্ত তৰুণৰাম ফুকনো তেখেতৰ সহচৰ হ’ল। চন্দ্ৰনাথৰ তেতিয়া জ্বৰ টান হৈছিল। মহাত্মা আহি স্বৰ্গীয় হৰিবিলাস আগৰৱালা ডাঙৰীয়াৰ ঘৰত থাকিল, চন্দ্ৰনাথ মহাত্মাৰ পাদ-প্ৰান্তত পাটী পাৰি লৈ পৰি থাকিল।

 আবেলি সভা-মণ্ডপত মহাত্মাৰ পাদ-প্ৰান্তত বহি তেনে টান জ্বৰতো চন্দ্ৰনাথৰ গাত শক্তি সঞ্চাৰ হৈছিল আৰু সমবেত জন- মণ্ডলীক মহাত্মাৰ চমুকৈ পৰিচয় দি তেজী বক্তৃতা দিছিল।

 সভাৰ পৰা ঘূৰি অহাৰ পিছত তেওঁৰ জ্বৰ ক্ৰমশঃ বাঢ়িবলৈ ধৰিলে আৰু পিছদিনা কোনোমতেই পাটী এৰিব নোৱাৰাত পৰিল। সেই দিনা আবেলি মহাত্মাই স্বহস্তে বিদেশী বস্ত্ৰ দগ্ধ কৰি ৰাতিৰ