পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্মবীৰ চন্দ্ৰনাথ

চন্দ্ৰনাথৰ বংশাৱলী চমুকৈ এই;

হৰিনাথ
ভগৱান
মণিৰাম (মঙ্গলু)
শম্ভুৰামবাপীৰামকৃষ্ণৰামসোমেশ্বৰদণ্ডিনাথনন্দিনাথ
মহেন্দ্ৰ
পদ্মকান্তহেমকান্ত
প্ৰেমানন্দযোগেশ্বৰনীলাম্বৰচন্দ্ৰনাথকণমলখু

 লাহে লাহে দণ্ডিনাথৰ পৰিয়ালত খাওঁতাৰ সংখ্যা বাঢ়ি আহিল, ডাঙৰ হৈ অহাৰ লগে লগে ল’ৰাহঁতকো পঢ়াশালিলৈ পঠিয়াব লগা হ’ল। এতিয়া আৰু আগৰ দৰে দিনৌ চাউল পাত কঢ়িয়াই নি খোৱা অসম্ভৱ হৈ উঠিল। অগত্যা ঘৰত সকলোৱে আলচ কৰি তেওঁক বছৰি তিনি কুৰি ভাৰ ধান দিবলৈ স্থিৰ কৰিলে। দণ্ডিনাথে সেই ধানখিনিকে লৈ সংসাৰ চলাবলৈ ধৰিলে আৰু ল’ৰাকেইটাকো যেনেতেনে অলপ লিখা-পঢ়া শিকাবলৈ মন মেলিলে।