দীৰ্ঘ জীৱন কামনা কৰাৰ একান্ত আৱশ্যক। ”
চন্দ্ৰনাথে উত্তৰ দিলে, “মই যে সেইটো নুবুজোঁ এনে নহয়, কিন্তু
কৰোঁ কি? চকুৰ আগতে কাম পৰি থাকিব, অথচ কৰোঁতা নাই,
মই কেনেকৈ চকু মুদি হাত সাবটি বহি থাকোঁ? ভৱিষ্যতৰ কথা
ভাৱি বৰ্তমান সুযোেগ এৰি দি আন্দোলনটো ব্যৰ্থ কৰোঁ কেনেকৈ?”
বন্ধুজনে ক'লে, আৰু যদি তাৰ বাবে তোৰ জীৱন বিপন্ন হয়, '
তেনেহ'লেওতো ব্যৰ্থ হ’ব পাৰে। ”
চন্দ্ৰনাথে ক'লে, “আগলৈ কি হ’ব ক’ব নোৱাৰোঁঁ, কিন্তু শৰীৰত
শক্তি থাকেমানে সম্মুখৰ কৰ্তব্য মই তেতিয়াও অৱহেলা কৰিব
নোৱাৰোঁ। ”
মুঠতে উঠি-লৰি ফুৰিবৰ শক্তি আছিল মানে চন্দ্ৰনাথে কাম
কৰিবলৈ এৰা নাছিল। শেহত গৈ যক্ষ্মা ৰোগে তেওঁৰ গাত বাহ ল'লে,
তেওঁৰ ক্ষীণকায় আৰু ক্ষীণ হৈ কঙ্কলাৱশিষ্ট হ’ল; হাজাৰ প্ৰতিবন্ধকেও
বিচলিত কৰিব নোৱাৰা চন্দ্ৰনাথে শয্যাৰ আশ্ৰয় গ্ৰহণ কৰিলে।
তেজপুৰত চন্দ্ৰনাথৰ আৰোগ্যৰ সমূলি আশা দেখা নগ'ল।
অগত্যা তেওঁৰ চিকিৎসাৰ নিমিত্তে কলিকতালৈ গল। তাত বহুতো
ধন ভাঙি চিকিৎসা কৰালে কিন্তু তাৰ পৰা কোনো ফল নহ'ল।
কলিকতাত আৰোগ্যৰ কোনো আশা নেদেখি এই বাৰ তেওঁ পুৰীমুৱা
হল। সাগৰৰ জল-বায়ুৰ গুণত কিবা উপকাৰ হয় বুলি তাতে কিছু
দিন থাকিবলৈ স্থিৰ কৰিলে, চিকিৎসাও চলিয়েই থাকিল। তেতিয়া
তেওঁৰ লগত তেওঁৰ গৃহিণী, শ্ৰীযুত গিৰিশ চন্দ্ৰ শৰ্মা, শ্ৰীমান গুণাভিৰাম
শৰ্মা আৰু তেওঁৰ জেঠেৰিয়েক শ্ৰীযুত শিশিৰ কুমাৰ বৰুৱা আছিল।
অৱশ্যে আটাইকেইজনেই গোটেইখিনি দিন থকা নাছিল। এই সময়তো
ঔষাধাদিত বহুত টকা খৰছ হৈছিল, কিন্তু ফল পূৰ্বৰ দৰেই হ'ল।
যদিও কাহত তেজ ওলোৱা আদি উপসৰ্গ অলপ কমিছিল, তথাপি
অত্যাধিক অগ্নিমান্দ্য হোৱাত তাত থকা টান হৈ উঠিল। সেই কাৰণেই
শ্বিলঙলৈ যোৱাৰ ঠিক কৰি পুৰীৰ পৰা উলটি আহিল। এই কালৰ
ভিতৰত ৰোগৰ যন্ত্ৰণাতকৈও কাম কৰিবলৈ অক্ষম হোৱাৰ বাবে
পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৬৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
কৰ্মবীৰ চন্দ্ৰনাথ