সমললৈ যাওক

পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
কর্মবীৰ চন্দ্রনাথ


আখৰ জোঁটনিৰ পৰা আঁতৰি গৈছে, তাক দেখুওৱা আৰু সেই বিষয়ে তেখেতৰ মতামত শুনা। এতিয়া এই পৰিবৰ্তনে মোৰ উদ্দেশ্যকে নষ্ট কৰিলে। এই প্ৰবন্ধকে দেখি যদি বেজবৰুৱা ডাঙৰীয়াই নাইবা তেওঁৰ ফলীয়া কোনোবাই ‘উষা’, ‘বন্তি’ৰ ভুল ধৰি ‘হেমকোষ আৰু উষা’, ‘হেমকোষ আৰু বন্তি’, ‘হেমকোষ আৰু শ্ৰীযুক্ত পদ্মনাথ বৰুৱা’ নামেৰে তিনিটা প্ৰবন্ধ ‘বাহী’ত ছপাই দিয়ে তেতিয়া ‘উষা’- সম্পাদকে কেনেকৈ আত্মপক্ষ সমৰ্থন কৰিব?

 সি যি হওক, প্ৰবন্ধটো ‘হেমকোষ আৰু বাঁহী’ নামেৰেই উষাত ওলাল। এই প্ৰবন্ধত বেজবৰুৱা ডাঙৰীয়াৰ প্ৰতি বিস্তৰ কটুবাক্য প্ৰয়োগ কৰা হৈছিল, আৰু সেই বাবেই চন্দ্ৰনাথ বহুতো মানুহৰ বিৰাগভাজন হৈ পৰিল।

 স্কুলত পঢ়োতেই ৰাজহুৱা কামত বৰাই কৰি ফুৰাৰ বাবে তেওঁক বেয়া পোৱাসকলে বিদ্ৰূপ কৰি তেওঁক ‘পেট্ৰিয়ট’ উপাধিৰে ভূষিত কৰিছিল; এইবোৰ প্ৰবন্ধ ওলোৱাৰ পিছত ক্ৰিটিক (critic- সমালোচক) বুলি আৰু এটা নাম লগ লাগিল।

 এবাৰ তেজপুৰত আনন্দৰাম বৰুৱাৰ স্মৃতি-সভাত শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াই বক্তৃতাৰ মাজত কৈছিল, “বহুতে নাজানে যে আনন্দৰাম বৰুৱাই এখন অসমীয়া অভিধান লিখিবলৈ এখন প্ৰকাণ্ড বহীৰ প্ৰতি পিঠিতে একোটাকৈ মাথোন শব্দ লিখি তৰি লৈছিল, তেওঁৰ অকাল–মৃত্যু হোৱাত সি সম্পূৰ্ণ হবলৈ নাপালে। তেওঁৰ মৃত্যুৰ পিছত সেই বহীৰ কেইটামান ফলা পাত পাই শ্ৰীযুক্ত লক্ষ্মীনাথ বেজবৰুৱা আৰু মই কান্দি পেলাইছিলোঁ।

 চন্দ্ৰনাথে তেওঁৰ ‘আনন্দৰাম বৰুৱা আৰু বঙলা ভাষা’ নামৰ প্ৰবন্ধটোত এই কথাৰ উল্লেখ কৰিছিল। বেজবৰুৱা ডাঙৰীয়াই প্ৰথমতে একো কোৱা নাছিল, কিন্তু ‘হেমকোষ আৰু বাঁহী’ প্ৰবন্ধ ওলোৱাৰ পিছত তেখেতে তাৰ প্ৰতিবাদ কৰে। তাতে তেওঁ চমুকৈ এই মৰ্মে কৈ থয় যে আনন্দৰাম বৰুৱাই অসমীয়া অভিধান লিখা আৰু তাৰ ফলা পাত দেখি তেওঁ কন্দা দুয়োটা কথায়েই মিছা৷