পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
কৰ্মবীৰ চন্দ্ৰনাথ

 সেই বছৰতে সংস্কৃত কাউন্সিল গঠিত হয়। যাতে কাউন্সিললৈ অনুপযুক্ত মানুহ নাযায়, তাৰ বাবে চেষ্টা কৰা চন্দ্ৰনাথে তেওঁৰ কৰ্তব্য বুলি বিবেচনা কৰিছিল। সেই উদ্দেশ্যেই তেওঁ তেওঁৰ ব্যৱসায় এৰি থৈ আসামৰ বহুত ঠাইত ঘাইকৈ গোৱালপাৰা, মঙ্গলদৈ আদি পিছ পৰা ঠাইত ঘূৰি তাৰ মানুহবিলাকৰ মনত ৰাজনৈতিক ভাবৰ ঢৌ তুলি দিয়ে, জাতীয়তাৰ মূল্য সকলোকে বুজাবলৈ সাধ্য অনুসৰি যত্ন কৰে। লগে লগে কেনে মানুহক কাউন্সিললৈ পঠিয়ালে দেশৰ আৰু দহজনৰ মঙ্গল হ’ব তাক পুঙ্খানুপুঙ্খৰূপে সকলোকে ফঁহিয়াই দেখুৱায়।

 তেজপুৰত তেওঁ নানা ঠাইত শাসন-সংস্কাৰৰ ব্যাখ্যা দি ফুৰিছিল, লগতে ৰাইজৰ হক ৰক্ষা কৰি চলিব পৰা ৰাইজৰ ভিতৰৰে এজন হৈ লাজ নোপোৱা প্ৰকৃত দেশহিতৈষী মানুহক কাউন্সিললৈ পঠিয়াবলৈ সকলোকে উপদেশ দিছিল। তেওঁ নিজেও তেজপুৰৰ পৰা কাউন্সিললৈ যাবলৈ ওলাইছিল আৰু সেই বাবে যত্নও কৰিছিল। চন্দ্ৰনাথৰ দেশহিতৈষণা আৰু নিঃস্বাৰ্থ সেৱাৰ ভাৱে ৰাইজক এনেকৈ মুগ্ধ কৰি থৈছিল যে তেওঁ কৃতকাৰ্য হ’ব বুলি বহুতে বিশ্বাস কৰিছিল।

 আসামৰ নানা ঠাইত শাসন-সংস্কাৰৰ উদ্দেশ্য বুজাই ঘূৰি ফুৰোঁতেই চন্দ্ৰনাথৰ মাতৃ-বিয়োগ হয়। পিতাকৰ দৰেই মাককো চন্দ্ৰনাথে মৃত্যুকালত শুশ্ৰূষা কৰিবলৈ, আনকি দেখিবলৈকে নাপালে। তেওঁ নগাঁৱত কোনো এখন সভাত বক্তৃতা দি থাকোতেই বিজুলী ডাকৰ বাতৰিত এই দুঃসংবাদ পায় আৰু সভাৰ কাৰ্য শেষ কৰি ঘৰমুৱা হৈ যাত্ৰা কৰে। মাতৃ-শ্ৰাদ্ধ শেষ নহয় মানে তেওঁ ককায়েকহঁতৰ লগতে আছিল, সেই কেইদিনো তেওঁ একেবাৰেই নিষ্কৰ্মা হৈ থকা নাছিল।

 আন সময়ত নহ'লেও তেতিয়া তেজপুৰীয়া ৰাইজে এজন প্ৰকৃত স্বদেশহিতৈষী ৰাজনীতিজ্ঞ নেতাৰ অভাৱ বৰকৈ অনুভৱ কৰিছিল। সঁচাকৈয়ে নিঃস্বাৰ্থভাৱে দেশৰ কাম কৰোঁতা মানুহ তেতিয়া তেজপুৰত এজনো নাছিল বুলিলেই হয়। এইবোৰ কাৰণত চন্দ্ৰনাথৰ বহুতো বন্ধুৱে তেওঁক তেজপুৰলৈ উঠি আহিবলৈ অনুৰোধ কৰে। তাতে সেইবাৰ