পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
কৰ্মবীৰ চন্দ্ৰনাথ

 ১৯১৯ চনত পূজাৰ বন্ধত তেজপুৰৰ চতুৰ্থ আসাম ছাত্ৰ সম্মিলন বহে। অভ্যৰ্থনা সমিতিৰ কাৰ্যকাৰক সকলক দিহা পৰামৰ্শ দি চলাবলৈ চন্দ্ৰনাথ দুসপ্তাহমানৰ আগেয়ে তেজপুৰলৈ আহিব লগাত পৰিছিল। বৰদলৈ ডাঙৰীয়া তেতিয়া বিলাতত থকাত এচোচিয়েশ্যনৰ প্ৰধান সম্পাদকৰ ভাৰ তেওঁৰ ওপৰতে আছিল। সেই সময়ত আসাম এচোচিয়েশ্যনৰ কাম ইমান বেছি হৈছিল যে সম্পাদকৰ পক্ষে দীঘলীয়াকৈ অফিচৰ পৰা আঁতৰত থকা অসম্ভব আছিল। চন্দ্ৰনাথে আন উপায় নেদেখি সেই সময়ৰ নিমিত্তে এচোচিয়েশ্যনৰ অফিচকে তেজপুৰলৈ তুলি আনিলে আৰু এটা ঘৰ ভাড়া কৰি লৈ তাতে সপৰিবাৰে থাকি আসাম এচোচিয়েশ্যন আৰু ছাত্ৰ সম্মিলনৰ কাম যুগপৎ কৰিবলৈ ধৰিলে। সেইবাৰ ছাত্ৰ-সম্মিলনৰ সভাপতি আছিল আচাৰ্য প্ৰফুল্লচন্দ্ৰ ৰায়। চন্দ্ৰনাথৰ কাৰ্য-কুশলতা দেখি আচাৰ্যদেৱে ছাত্ৰমণ্ডলীক চন্দ্ৰনাথৰ অনুসৰণ কৰিবলৈ উপদেশ দিছিল।

 এই আগমনতেই চন্দ্ৰনাথ সস্ত্ৰীক পিতৃ গৃহলৈ গৈছিল আৰু দিন চেৰেক তাতে কটাই গুৱাহাটীলৈ উলটিছিল।

 পূৰ্বে কোৱা হৈছে গোৱালপাৰা সম্মিলনতে ‘আসাম এচোচিয়শ্যন’ আৰু ‘আসাম সাহিত্য সভা’ক তেজপুৰলৈ নিমন্ত্ৰণ কৰা হৈছিল। কিন্তু তাৰ পিছতে ৰায়বাহাদুৰ ফণিধৰ চলিহা বৰপেটালৈ গৈ তাৰ ৰাইজৰ মনত এটা জাতীয় জাগৰণৰ ভাব সুমুৱাই দিলে। এই নতুন উদ্দীপনা পাই সেই বছৰতে আসাম এচোচিয়েশন আৰু আসাম সাহিত্য সভা পাতিবলৈ বৰপেটাবাসী সাজু হ’ল আৰু এচোচিয়েশ্যন আৰু সাহিত্য সভাৰ সম্পাদকলৈ যথাৰীতি আবেদন পঠিয়ালে। বৰপেটীয়া ৰাইজৰ আগ্ৰহ দেখি তেজপুৰীয়াসকলে সেই বাৰলৈ দুয়োখন সম্মিলনকে এৰি দিবলৈ সম্মত হ’ল আৰু কাৰ্য-নিৰ্বাহক সভাৰ সিদ্ধান্ত মতে সম্পাদকসকলে বৰপেটীয়া ৰাইজক সম্মিলন আয়োজন কৰিবলৈ সংবাদ দিলে।

 চন্দ্ৰনাথৰ ঘৰুৱা আহুকাল সদায় থাকেই, সেয়ে বৰপেটা সম্মিলনৰ আগতে আৰু বেছি হৈছিল। আন জঞ্জালৰ উপৰিও তেওঁৰ এক