পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
কৰ্মবীৰ চন্দ্ৰনাথ

 ধৰ্মৰ সম্বন্ধেও আগ বয়সত তেওঁ‌ সমুলি ভবা নাছিল। আনে ধৰ্মৰ আলোচনা কৰিলেও তেওঁ তাত যোগ দিবলৈ ভাল নাপাইছিল আৰু তেনে কৰাটোক তেওঁৰ সময়ৰ অপব্যয় বুলিহে ভাবিছিল। মাজে সময়ে কৈছিল, 'ধৰ্মৰ কথা আলোচনা কৰি নিজৰ ভিতৰতে খৰিয়াল কৰাৰ প্ৰয়োজন নাই, যি যেনেকৈ চলি আছে চলি থাকক। সজ কাম কৰিব পাৰিলেই দহজনৰ উপকাৰ কৰিলেই ধৰ্ম সিজিব, বিদ্যাসাগৰো তেনে ধাৰ্মিক হে আছিল!'

 বি এ পঢ়াৰ সময়ত তেওঁ স্বামী বিবেকানন্দৰ বক্তৃতাৱলী পঢ়িছিল, এই পুথি পঢ়াৰ পিছত ধৰ্ম আৰু সমাজৰ আলোচনা সম্পৰ্কে তেওঁৰ মতৰ পৰিবৰ্তন ঘটিছিল।

 জীৱনৰ শেহছোৱাত চন্দ্ৰনাথ লাহে লাহে উদাৰ সামাজিক নীতিৰ পক্ষপাতী হৈ আহিছিল। ব্ৰাহ্মণ সভাৰ সম্পাদক হৈ তেওঁ যি নিয়মাৱলী প্ৰকাশ কৰিছিল, আৰু সেই নিয়মবোৰ গঢ়িবলৈ যেনে- ভাৱে যত্ন কৰিছিল তাতেই তেওঁৰ উদাৰতাৰ প্ৰথম চিন পোৱা গৈছিল। অকল সেয়ে নহয়, তেওঁ দিনে দিনে উদাৰ নীতিৰ অধিকতৰ পক্ষপাতী হৈ অহা দেখি কোনো কোনো সঙ্কীৰ্ণমনা নৈষ্ঠিক ব্ৰাহ্মণ তেওঁৰ ওপৰত বৰকৈ অসন্তুষ্ট হৈছিল। আন কি সেইবাবেই তেওঁ সেই সমাজৰ সম্পাদকৰ বাব এৰিবলৈ বাধ্য হৈছিল।

 যেতিয়া পেটেলৰ অসবৰ্ণ বিবাহ বিলৰ আন্দোলন লৈ ভাৰতৰ সকলো ঠাইতে সভা-সমিতি হয়, তেতিয়া গুৱাহাটীতো তেনে সভা পতা হৈছিল। কেইজনমান বিলৰ বিপক্ষ লোকে তেওঁলোকৰ মনোমত পণ্ডিত এজনক সভাপতি পাতি সমৰ্থক দলৰ মুখ বন্ধ কৰিবলৈ তলে তলে আয়োজন কৰিছিল। চন্দ্ৰনাথে তাৰ গম পাই আছিল। যেতিয়া তাকৰীয়া দলে উক্ত পণ্ডিতক সভাপতি পাতিবলৈ প্ৰস্তাৱ কৰিলে, সৰহীয়া দলৰ পৰা চন্দ্ৰনাথেও শ্ৰীযুক্ত তৰুণৰাম ফুকনক সেই বাব লবলৈ অনুৰোধ কৰিলে। তাৰ ফলত বিৰুদ্ধবাদীসকলৰ পৰাজয় হ’ল,সভাই পেটেলৰ বিল সমৰ্থন কৰিলে। চন্দ্ৰনাথে এই বিলৰ সপক্ষে আগ্ৰহেৰে যত্ন কৰিছিল।