পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
কৰ্মবীৰ চন্দ্ৰনাথ


বান্ধব আৰু বাঁহীৰ ভাষা সম্পৰ্কীয় কন্দলে এখন সাৰ্বজনীন কাকতৰ অভাব বৰকৈ জিলিকাই তোলে। আসাম-বান্ধব উলিওৱাৰ পৰাই এই বিবাদৰ সূত্ৰপাত হয় আৰু সেই কাৰণে আসাম-বান্ধৱৰ প্ৰধান পৃষ্ঠপোষকসকলে প্ৰবীন সাহিত্যসেবীসকলৰ অভিসম্পাত মূৰ পাতি ল’ব লগাত পৰে। চন্দ্ৰনাথৰ মূৰতো সেই অভিসম্পাতৰ এভাগ পৰিছিল আৰু সেই বাবেই তেওঁ কেনেকৈ এই বিবাদ নিৰ্মূল কৰিব পাৰি তাৰ উপায় সদায় চিন্তা কৰিছিল। তেওঁ ভাবি-চিন্তি ইয়াৰ দুটা উপায় পাইছিল। এটা সদৌ অসমীয়াৰ মাজত এখন সাহিত্য সম্মিলন স্থাপন আৰু আনটো সকলো বিষয়ৰ সাম্প্ৰদায়িকতা শূন্য এখন মাহেকীয়া আলোচনীৰ প্ৰচাৰ। প্ৰথম উপায়েৰে চেষ্টা কৰিবলৈ যাওঁতে কেনেকৈ ছাত্ৰ-সম্মিলনৰ উৎপত্তি হল, তাক ইতি-পূৰ্বেই কোৱা হৈছে, কিন্তু দ্বিতীয় উপায় হাতত লবলৈ তেওঁ তেতিয়াও সাজু হ’ব পৰা নাছিল। এই বিষয়ে চন্দ্ৰনাথ আৰু দণ্ডিনাথৰ ভিতৰত পৰামৰ্শ সদায় চলি আছিল।

  তেতিয়া ‘উষা' বন্ধ হৈছিল। দণ্ডিনাথে আন উপায় নেদেখি শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াকে আকৌ কাকতখন উলিয়াবলৈ খাটনি ধৰিলে। শ্ৰীযুক্ত সৰ্বেশ্বৰ বৰুৱা বি, এলে ও এই বিষয়ে যথেষ্ট চেষ্টা কৰিছিল। কিন্তু উষা-সম্পাদকে কলে যে তেখতৰ অৱসৰ নাই, কিন্তু খাটনি-ধৰোঁ‌তাসকলৰ এজনে চলাবলৈ গাত ল’লে তেওঁ প্ৰেছৰ সকলো সুবিধা কৰি দিবলৈ সম্মত আছে। কিন্তু তেওঁলোক সেই দায়িত্ব লবলৈ অনিচ্ছুক হ'ল। তেতিয়া এই কথা চন্দ্ৰনাথক জনোৱা হ’ল, চন্দ্ৰনাথে এটা সমিতি গঠিত কৰি সেই সমিতিৰ পৰা 'উষা’ উলিওৱাৰ কল্পনা কৰিছিল, কিন্তু সম্পাদক আৰু প্ৰেছ তেজপুৰত, সমিতি গুৱাহাটীত থাকিলে কাম সুকলমে নচলিব বুলি সেই সঙ্কল্প পৰিত্যাগ কৰিলে।

 ছাত্ৰ সম্মিলন স্থাপনৰ পিছতে শ্ৰীযুত সৰ্বেশ্বৰ বৰুৱা আৰু দণ্ডিনাথে আলোচনা কৰি স্থিৰ কৰে যে কটন কলেজৰ সেউতীখন ছপাই উলিয়ালেই সকলো উদ্দেশ্য সিদ্ধি হব। কাকতখনৰ সম্পাদক হ’ব