পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
কৰ্মবীৰ চন্দ্ৰনাথ


দিলে। তেতিয়া তেওঁৰ অৱসৰ ইমান কম আছিল যে মাকক থৈ আহিবলৈকো সময় উলিয়াব নোৱাৰি এটা ল’ৰা দি পঠিয়াই দিবলগাত পৰিছিল।

 চন্দ্ৰনাথে মাকক এই বাৰৰে দুবাৰ গুৱাহাটীলৈ নিছিল। প্ৰথমবাৰ নিছিল তেওঁৰ বিয়াৰ সময়ত।

 ওকালতি পাচ কৰি চন্দ্ৰনাথে গুৱাহাটীতে ব্যৱসায় আৰম্ভ কৰে। বহাগৰ পৰাই তেওঁ আদালতলৈ অহা-যোৱা কৰিবলৈ ধৰে, কিন্তু লাইচেন্স পাইছিল তাৰ ডেৰ মাহ কি দুমাহমানৰ পিছতহে।

 ইয়াৰ কিছু দিনৰ আগতে চন্দ্ৰনাথৰ শহুৰেকৰ পৰলোক হৈছিল। তাৰ পিছতেই কিবাকিবি ঘৰুৱা আহুকালৰ কাৰণে তেওঁ শহুৰেকৰ ঘৰ এৰি উজানবজাৰতে এটা ঘৰ ভাড়া কৰি আছিল। কিন্তু তাত তেওঁ বেছি দিন নাথাকিল, শুক্লেশ্বৰত এটা ঘৰ ভাড়ালৈ লৈ তেওঁ‌ৰ আশ্ৰয়ত থাকি পঢ়া ল’ৰাকেইটাৰে সৈতে সপৰিবাৰে তালৈ উঠি গ'ল। বি, এল, পাচ কৰোতে তেওঁ এই ঘৰতে আছিল।

 সেই বছৰ ‘আসাম এচোচিয়েশ্যন’ আৰু ‘আসাম সাহিত্য সভাৰ’ বাৰ্ষিক সম্মিলন গোৱালপাৰাত বহাৰ কথা আছিল। কিন্তু তাত বঙালীৰ প্ৰাধান্য থকাৰ নিমিত্তে ৰাইজৰ ভিতৰত এক মত স্থাপন কৰা বৰ কঠিন হৈ উঠে। তেতিয়া চন্দ্ৰনাথে গোৱালপাৰালৈ গৈ নানা ঠাইত ঘূৰি সৰ্ব্বসাধাৰণক তেওঁলোকৰ স্বাৰ্থ বুজাই দিছিল। তেওঁ সেই সন্মিলনৰ প্ৰধান আয়োজনকাৰী শ্ৰীযুক্ত ধৰ্মনাৰায়ণ ঘোষ, শ্ৰীযুক্ত কমলেশ্বৰ নাথ, শ্ৰীযুক্ত কীৰ্ত্তিনাথ বৰদলৈ প্ৰভৃতি সদাশয় পুৰুষসকলক যিমান পাৰে সাহায্য কৰিছিল। সম্মিলনৰ উদ্দেশ্যে অভ্যৰ্থনা সমিতি পাতোতেই অসমীয়া আৰু বঙালীৰ বিবাদৰ সূত্ৰ- পাত হয়। বিবাদৰ কাৰণ এই: সেই বছৰতে গোৱালপাৰাৰ পৰা কিছুমান মানুহে কোনো কোনো জমিদাৰৰ সাহায্য লৈ গোৱালপাৰা- খন বঙ্গদেশৰ অন্তভুৰ্ক্ত কৰিবলৈ আবেদন কৰিছিল, ‘আসাম এচোচিয়েশ্যনৰ' পৰা তাৰ প্ৰতিবাদ কৰাৰ কথা আছিল। এই কথা শুনি বঙালীসকলে কলে যদি সম্মিলনত গোৱালপাৰাক