তাহানি ৺লম্বোদৰ বৰাৰ বিয়োগত জোনাকীয়ে কৈছিল, “বৰা ডাঙৰীয়াৰ মৃত্যুত আসামে এটা চিন্তা কৰা মূৰ, এখন কথা কোৱা মুখ আৰু এটা কাম কৰা হাত হেৰুৱালে।” আজি চন্দ্ৰনাথৰ সম্পৰ্কেও এই কথা নিৰহ-নিপানীকৈ খাটে। বাস্তৱতে চন্দ্ৰনাথৰ মৃত্যুত আসামৰ ৰাজনৈতিক আকাশ মেঘাচ্ছন্ন হৈ পৰিল, কৰ্মবীৰৰ মহাপ্ৰয়াণত কৰ্মৰ সোঁত মন্থৰ হৈ আহিল, গোটেই আসাম জুৰি শোকৰ বিননি উঠিল।
চন্দ্ৰনাথ অসমীয়াৰ বৰ আদৰৰ আছিল; সেই কাৰণেই প্ৰত্যেক জিলাত, প্ৰতি মহকুমাত শোকাকুল জনমণ্ডলীয়ে শোক-সভা পাতি তেওঁৰ গুণ কীৰ্তন কৰিছিল, সন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই তেওঁৰ আত্মাৰ সদগতিৰ নিমিত্তে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। সাহিত্য- সেৱীসকলে কাকতে-পত্ৰই তেওঁৰ জীৱনীৰ আলোচনা কৰি, তেওঁৰ স্মৃতিত কবিতা লিখি শোকাচ্ছ্বাস প্ৰকাশ কৰিছিল। বাতৰি কাকতে এই শোক-সংবাদ সকলোকে বিলাই দি একো টুপি তৰ্পণৰ চকুলো সংগ্ৰহ কৰিছিল।
চন্দ্ৰনাথ আজি নাই, কিন্তু তেওঁৰ অদৃশ্য শক্তিয়ে চিৰকাল অসমীয়াৰ মাজত কাম কৰি থাকিব, জন্মভূমিৰ নিঃস্বাৰ্থ সেৱকক বাট দেখুৱাই দিব আৰু সদায় অমৰণ-অভগন হৈ অসমীয়াৰ স্মৃতি-পটত বিৰাজ কৰিব।
ঘৰুৱা জীৱন আৰু চৰিত্ৰ
চন্দ্ৰনাথৰ ঘৰুৱা জীৱনৰ চমু আভাষ ওপৰত দি অহা হৈছে। নিম্ন প্ৰাইমাৰী পাছ কৰাৰে পৰা চন্দ্ৰনাথৰ ঘৰৰ প্ৰতি প্ৰবল টান অলপ অলপকৈ কমি আহিছিল। পিছত এনে হ'লগৈ যে দীঘলীয়া বন্ধৰ সময়তো তেওঁ দুই-এদিন মাথোন ঘৰত থাকি বাকীখিনি দিন