বিশ্বাস হেৰুৱাইছিল। তেতিয়া তেওঁৰ মনৰ গতি কেনে হৈছিল, শ্ৰীযুক্ত দুৰ্গানাথ বৰুৱালৈ লিখা তলৰ চিঠিখনৰ পৰা আভাস পাব পাৰি। এই চিঠি লিখিবৰ সময়ত তেওঁ পুৰীত শয্যাগত হৈ আছিল, চিঠিখন মুখেৰে কৈ আনৰ হতুৱাই লিখাইছিল:
তিলোত্তমাশ্ৰম
স্বৰ্গদ্বাৰ, পুৰী। ( ৰাতি)
২২।২।২২।
পূজ্যবৰেষু,
আপোনাৰ চিঠি পালো। আপোনাৰ চিঠিত আৰু গুণাভিৰ মুখে বাবুলৰ ফাটেক হোৱা খবৰ পাইছোঁ। আপোনালোকে বোধ- কৰোঁ সকলোৱে বেজাৰ কৰিছে। ময়ো সেই খবৰ পাই আনন্দ পোৱাৰ পূৰ্বে বৰদুলীত কংগ্ৰেছ কাৰ্যকৰী সভাৰ প্ৰস্তাৱবিলাক পাই স্তম্ভিত হৈছোঁ। অৱশ্যে এই সিদ্ধান্ত আকস্মিক ৰকমে হোৱা নাই। যোৱা নবেম্বৰৰ পৰা মহাত্মা গান্ধীৰ ‘ধৰ্মৰোগ’ (Religious mania) হৈছে। তেতিয়াৰে পৰাই মই কংগ্ৰেছৰ বৰ্তমান কাৰ্য সন্দেহ আৰু ভয়ৰ চকুৰে চাই আহিছোঁ। বৰদুলীৰ প্ৰস্তাৱবিলাকে আমাৰ জাতীয় গ্লানি আৰু অপযশ আনিলে। মহাত্মা গান্ধীয়েও স্বীকাৰ কৰিছে সেই প্ৰস্তাৱবোৰ ৰাজনীতি হিছাপে অজ্ঞতা আৰু যুক্তিহীনতা পৰিচায়ক, কিন্তু ধৰ্মৰ বিবেচনাত যুক্তিযুক্ত (Politically unwise and unsound but religiously sound) ভাৰতৰ জাতীয় মহাসভা ৰাজনৈতিক সভাৰূপে সভ্য জগতৰ ওচৰত পৰিচিত। আৰু এই ৰাজনৈতিক সভা-ক্ষেত্ৰত থিয় হৈ স্বাধীনতা লাভৰ কাৰণে ভাৰতবাসীয়ে উপযুক্ত আৰু ন্যায্যভাবে চেষ্টা কৰিছে বুলিয়েই জগতৰ সভ্য জাতিবিলাকে এই সভাৰ বৰ্তমান কাৰ্যপ্ৰণালী আৰু তাৰ ফললৈ সূক্ষ্মভাৱে লক্ষ্য কৰি আছে। গতিকে এনে এখন জাতীয়