ওকালতি কৰি থকাৰ সময়তে এবাৰ তেজপুৰলৈ আহোঁতে চন্দ্ৰনাথে কেইবাজনো ভদ্ৰলোকৰ আগত কৈছিল, 'মই এতিয়া বুজিছোঁ, বাল্য বিবাহ সকলো অনৰ্থৰ মূল; সেই কাৰণে যদি ঈশ্বৰে মোৰ ছোৱালীটি ভালে ৰাখে, তেনেহ'লে যৌৱন অৱস্থা পোৱাৰ আগেয়ে কেতিয়াও তাইক বিয়া নিদিও, শ্ৰীযুক্ত তৰুণৰাম ফুকন, শ্ৰীযুত কনক চন্দ্ৰ কাব্যতীৰ্থ আৰু মই এই বিষয়ে প্ৰতিজ্ঞা কৰিলোঁ আৰু সকলোকে এই কথা জানিবলৈ দিছোঁ।'
এজন শ্ৰোতাই ক'লে, “আপোনালোকৰ সঙ্কল্পটো মনতে ৰখাই ভাল আছিল; যদিহে অৱস্থাৰ অনুৰোধত আন প্ৰকাৰ কাৰ্য কৰিব লগা হয়, তেতিয়া ইয়াৰ পৰা লাজ পাব লাগিব। আপোনালোকৰ সঙ্কল্প কাৰ্যত পৰিণত কৰি দেখুওৱাৰ আগলৈকে তাৰ প্ৰচাৰ নকৰাহে ভাল হ’লহেঁতেন।'
চন্দ্ৰনাথে ক'লে, ‘আমি আকৌ আপুনি কোৱা কাৰণতেই হে তাক প্ৰচাৰ কৰা উচিত বুলি ভাবিছোঁ। কিয়নো, তেতিয়া যেনে অৱস্থাতেই পৰোঁ, প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ বাধ্য হ’ম।'
এইদৰেই চন্দ্ৰনাথ লাহে লাহে সামাজিক উদাৰতাৰ পক্ষপাতী হৈ আহিছিল। অসহযোগ আন্দোলনৰ প্ৰধান পৃষ্ঠপোষক হৈ গাঁৱে- ভূঁয়ে ফুৰোঁতেও সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ গুচাবলৈ চেষ্টা কৰিছিল; মহাত্মাৰ উপদেশ মানি অস্পৃশ্যতা নিবাৰণৰ নিমিত্তে ৰাইজক বুজনি দিছিল। অকালতে কালৰ ভ্ৰুকুটিত নপৰাহ'লে নিশ্চয় তেও লাহে লাহে তাৰ সুফল ধৰালেহেঁতেন।
সাহিত্যত চন্দ্ৰনাথ
যদিও গ্ৰন্থকাৰৰূপে চন্দ্ৰনাথে বিশেষ নাম কৰিব পৰা নাছিল, তথাপি তেওঁ এজন প্ৰকৃত সাহিত্যসেৱী আছিল। আধুনিক অসমীয়া