পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
কর্মবীৰ চন্দ্রনাথ


 চন্দ্ৰনাথে কিন্তু তাৰ একো সাল-সলনি নকৰি আলমাৰীত ভৰাই থলে। কিছুমান দিনৰ মুৰত তাক বিচাৰি দেখা গ'ল চিন্তা আৰু আন আন অপ্ৰকাশিত প্ৰবন্ধৰে সৈতে সি উঁ‌ইৰ অনুগ্ৰহত একেবাৰেই ধূলি হৈ আছে। মুঠতে এই দুখন কিতাপ প্ৰকাশ যি নহ'লেই, তাৰ অস্তিত্বও নৰ’ল।

 এনেকৈয়ে কলেজৰ পঢ়া আৰু সাহিত্য-চৰ্চাৰ দুয়োটাতে সমানে সুখ্যাতি আৰ্জি ১৯১২ চনত চন্দ্ৰনাথ আই, এ পৰীক্ষালৈ সাজু হ’ল। এইবাৰো পৰীক্ষাৰ সময়ত তেওঁৰ এটা ডাঙৰ আহুকাল গ'ল।

 আই, এ, পৰীক্ষা আৰম্ভ হবলৈ মুঠেই অলপ দিন বাকী, এনেতে শ্ৰীযুত দণ্ডিনাথ কলিতাৰ ৰেমিটেণ্ট জ্বৰ হ’ল। দণ্ডিনাথ তেতিয়া উজান বজাৰৰ শ্ৰীযুক্ত লক্ষ্মীপ্ৰসাদ বৰুৱাৰ ঘৰত তেওঁৰ সহ- পাঠী শ্ৰীযুক্ত কালীপ্ৰসাদ বৰুৱাৰে সৈতে থাকি কটন কলেজৰ প্ৰথম বাৰ্ষিক পঢ়িছিল আৰু অকল বৃত্তিৰ টকাৰেই খৰছ চলাব নোৱাৰাত চন্দ্ৰনাথে তেওঁৰ শহুৰেকৰ ঘৰতে সুবিধাজনক বন্দৱস্তত এটা প্ৰাইভেট টুইশ্যনৰ যোগাৰ কৰি দিছিল। এই জ্বৰৰ সময়ত যদিও বৰুৱা আৰু তেওঁৰ ঘৰৰ সকলোৱে পৰিয়ালৰে এজনৰ দৰে তেওঁৰ শুশ্ৰুষা কৰিছিল, তথাপি চন্দ্ৰনাথ তাতেই সন্তুষ্ট হ’ব নোৱাৰিছিল। তেওঁ নিজে কবিৰাজৰ ঘৰলৈ অহা-যোৱা কৰি দৰব-পাতি আনিছিল আৰু ডাক্তৰ লগাওঁতেও নানা প্ৰকাৰ শুশ্ৰূষা কৰিছিল। এনেকৈ নৰিয়াৰ ওচৰলৈ অহা-যোৱা কৰোঁতে চন্দ্ৰনাথে পৰীক্ষাৰ নিমিত্তে পঢ়িবলৈ সমূলি আজৰি নাপাইছিল অথবা আজৰি পালেও নিশ্চিন্ত মনে কিতাপত মনোযোগ দিব নোৱাৰিছিল। আনকি, পৰীক্ষাৰ কেই- দিনৰ নিমিত্তেও শ্ৰীযুত ভূমিধৰ শৰ্মাক বিশ্বনাথৰ পৰা মতাই নি নৰিয়াৰ ওচৰত থৈহে তেওঁ পৰীক্ষা দিবলৈ গৈছিল। মুঠতে পৰীক্ষাৰ সময়ত তেওঁৰ কিতাপৰ লগত বিশেষ সম্পৰ্ক নোহোৱাৰ দৰে। নিজৰ স্বাৰ্থ লৈ পিঠি দি এনেভাৱে বন্ধুৰ প্ৰতি কতৰ্ব্য কৰোতা কেইজন?