পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
কৰ্মবীৰ চন্দ্ৰনাথ।

পৰা অসমীয়া আৰু বঙালী ছাত্ৰই বেলেগ বেলেগ ঠাইত পতাৰ ব্যৱস্থা হ’ল। তেনে হোৱাৰ কাৰণ এই আগৰে পৰা বঙালীৰ বাৰোৱাৰী পূজাত কোনো কোনো অসমীয়াইয়ো যোগ দিছিল আৰু তাৰ লগত সংলগ্ন থকা বঙালীৰ ষ্টেজতে মাজে সময়ে অসমীয়াইয়ো বিশেষ বন্দবস্তত অভিনয় কৰিছিল। কিন্তু এবাৰ দুৰ্গাপূজাৰ সময়ত বঙালী সকলে পুৰ্বৰে পৰা নিৰ্দিষ্ট থকা দিনত অসমীয়াক অভিনয় কৰিবলৈ নিদি আন এদিন কৰিবলৈ দিলে। ইয়াতে অপমান বোধ কৰি পিছ বছৰত অসমীয়াই অ, ভা, উ, সা সভাৰ পৰা প্ৰকাণ্ড নামঘৰ থিয় কৰি তুলিলে আৰু লগতে বাণ থিয়েটৰৰ প্ৰতিষ্ঠা কৰিলে। অভিভাৱকসকলৰ প্ৰতি বঙালীৰ এই ব্যৱহাৰ দেখি অসমীয়া ছাত্ৰ সকলেও মনে মনে বঙালীৰ পূজাঘৰৰ পৰা আঁতৰি অ, ভা, উ, সা, নাম-ঘৰত পূজা পতাৰ ব্যৱস্থা কৰিলে। এই কাৰ্যত বঙালী ভদ্ৰলোক সকলে বিশেষৰূপে সন্ধিৰ প্ৰস্তাব কৰিছিল, কিন্তু ছাত্ৰসকল তাত মান্তি নহ'ল। যি কেইজন ছাত্ৰ এই আন্দোলনৰ প্ৰধান নেতা আছিল, তাৰ ভিতৰত চন্দ্ৰনাথো এজন।

 ১৯১০ চনতো আগৰ বাৰৰ দৰেই অসমীয়া ছাত্ৰই অসমীয়া নামঘৰত সৰস্বতী পূজা পাতিবলৈ আয়োজন কৰে। পূজাৰ দিনা ৰাতি ছাত্ৰসকলেই ‘মেঘনাদ বধ’ অভিনয় কৰিবলৈকো সাজু হয়। চন্দ্ৰনাথৰ গাত পূজাৰ আৰু দণ্ডিনাথৰ গাত থিয়েটৰৰ ভাৰ আছিল। পূজাৰ নিমিত্তে সেইবাৰ দুশমান টকা উঠিছিল।

 শুক্লা পঞ্চমীত সৰস্বতী পূজা, অমাবস্যাৰ দিনাই চন্দ্ৰনাথৰ পিতাক স্বৰ্গী হয়। চন্দ্ৰনাথে পিতাকৰ টান জ্বৰ হৈছে বুলি বাতৰি পাইছিল, কিন্তু সি যে এনে সাংঘাতিক হ’ব তেনে ভাব তেওঁৰ স্বপ্নৰো অগোচৰ আছিল।

 প্ৰতিপদৰ দিনা এঘাৰমান বজাত চন্দ্ৰনাথ ঘৰলৈ যাবলৈ ওলাল, তেতিয়াও তেওঁ পিতাকৰ মৃত্যু-বাতৰি পোৱা নাছিল। তেওঁৰ কোনো কোনো বন্ধুৱে যদিও এই বাতৰি পুৱাতে পাইছিল, তথাপি তাক ভাঙিবলৈ কোঁচ খাইছিল। হেড্‌ মাষ্টৰ ডাঙৰীয়াই