যি অৱশিষ্ট আছিল, তাৰেই চন্দ্ৰনাথৰ গুৱাহাটীলৈ যোৱা অহাৰ খৰছ চলিল।
সেই বাৰৰ পোন প্ৰথম মেট্ৰিকুলেশ্যন পৰীক্ষাত চন্দ্ৰনাথ প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল। কিন্তু যদিও চন্দ্ৰনাথে বৃত্তি পাব বুলি শিক্ষক, ছাত্ৰ সকলোৰে ডাঠ বিশ্বাস আছিল, তথাপি পৰীক্ষাৰ আগতে হোৱা আহুকালবিলাকৰ নিমিত্তে তেওঁ বৃত্তি লাভ কৰিব নোৱাৰিলে।
ষষ্ঠ অধ্যায়
কটন কলেজত
স্কুলত থাকোঁতেই চন্দ্ৰনাথ কেনেকৈ সময়ে সময়ে ধনৰ অভাৱত পৰিছিল, তাক ওপৰত কোৱা হৈছে। মেট্ৰিকুলেশ্যনত উঠি তেওঁ কি কৰিব কি নকৰিব, একোকে ঠিক কৰিব নোৱৰাত পৰিল। চন্দ্ৰনাথৰ এটা দস্তুৰ আছিল— তেওঁ যেনে কি অভাবত নপৰক, পৰাপক্ষত কাকো জানিবলৈ নিদিছিল। আন কি, ধনৰ অভাৱত স্কুল এৰিব লগা হওঁতেও দুই-এজন বিশিষ্ট বন্ধুৰ বাহিৰে আন সকলোৱে তেওঁক ধনী মানুহৰ ল’ৰা বুলিহে ভাবিছিল। চন্দ্ৰনাথৰ সাজ-পাৰ বা লাহ-বিলাহ দেখি মানুহে তেনেকৈ ভাবিছিল বুলি ভাবিলে ভুল কৰা হ'ব, কাৰণ তেওঁৰ তেনে আড়ম্বৰ কেতিয়াও নাছিল। মাথোন নিজে কষ্ট ভোগ কৰিও সজ কামত হাতৰ মুঠি মুকলি কৰি দিছিল, তাকে দেখিয়েই লগৰীয়াবিলাকে তেওঁৰ আৰ্থিক অৱস্থা টনকিয়াল বুলি বুজিছিল।
মেট্ৰিকুলেশ্যন পৰীক্ষাত উঠি চন্দ্ৰনাথে কলেজলৈ যাবলৈ মন মেলিলে। কোনোমতে অ’ৰ-ত’ৰ পৰা টকা কেইটামান যোগাৰ