গঠনৰ চেষ্টা কৰিবলৈ আৰু মাণিক বৰুৱা স্মৃতি ভঁৰালৰ নিমিত্তে ধন তুলিবলৈ তেওঁ স্কুলৰ পৰাও দুমাহৰ ছুটী ল'ব লগা হৈছিল বানপানীত বিপন্ন হোৱা মানুহৰ সাহায্যৰ নিমিত্তেও তেওঁ সংগ্ৰহৰ ভাৰ লৈছিল।
নবম অধ্যায়
উকীল চন্দ্ৰনাথ
প্ৰথম বছৰ— গোৱালপাৰাত কনফাৰেন্স
১৯১৮ চনৰ জানুৱাৰি মাহত চন্দ্ৰনাথে বি, এলৰ শেষ পৰীক্ষা দি তাত উত্তীৰ্ণ হয়। ঘৰুৱা আহুকালৰ বাবে তেওঁ আগৰ জুলাই মাহত পৰীক্ষা দিব নোৱাৰিলে। এইবাৰো পৰীক্ষাৰ সময়ত তেওঁ নিজঞ্জাল হ’ব পৰা নাছিল; তেওঁৰ গৃহিণীৰ নেৰা-নেপেৰা অসুখেই ঘৰুৱা জঞ্জালৰ ভিতৰত আটাইতকৈ প্ৰধান।
পৰীক্ষা দিয়াৰ পিছত চন্দ্ৰনাথ ঘৰলৈ আহি মাকক গুৱাহাটীলৈ লৈ যায়। তেতিয়াও তেওঁৰ গৃহিণী শয্যাগত আছিল। চন্দ্ৰনাথ গৈয়েই আকৌ নৰিয়াৰ শুশ্ৰূষাত লাগিব লগা হল। ইফালে স্কুলৰ ধৰা-বন্ধা দৈনিক কৰ্তব্য আছেই, তাতে আকৌ সৰস্বতী পূজা চলোৱাৰ ভাৰৰ তেওঁৰ কান্ধতে পৰিছিল। চন্দ্ৰনাথে এইবোৰ কাৰ্য যথাৱতে সমাধা কৰিও তাৰ ভিতৰতে যেনে তেনে সময় উলিয়াই মাকক গুৱাহাটীৰ তীৰ্থবিলাক দৰ্শন কৰালে। ইয়াৰ বাহিৰেও ঘৰুৱা আৰু ৰাজহুৱা নানা কামত তেওঁ সদায় মনোযোগ দিবলগা হৈছিল।
চন্দ্ৰনাথে মাকক বেছি দিন গুৱাহাটীত ৰখা নাছিল, কাৰণ গাঁৱতে থাকি বুঢ়া হোৱা মানুহক নগৰত ৰখা ঢিলা কাম নহয়। সেই দেখিয়েই তীৰ্থ-দৰ্শনৰ অন্তত চন্দ্ৰনাথে মাকক ঘৰলৈ পঠিয়াই